হেল্ল’- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য
:হেল্ল’ ছাৰ! গুডমৰ্ণিং! মই গেটৱেল হেল্থকেয়াৰ কোম্পানীৰ পৰা অনিতাই কৈছিলোঁ।
:হয়, কওকচোন।
:ছাৰ, আশা কৰিছোঁ আপুনি আৰু আপোনাৰ পৰিয়াল নিশ্চয় কুশলে আছে। আমাৰ কোম্পানীয়ে আগবঢ়োৱা বিভিন্ন শেহতীয়া অফাৰৰ বিষয়ে আপোনাক জনাবলৈ ফোন কৰিলোঁ, অলপ সময় কথা পাতিব পাৰিমনে আপোনাৰ লগত?
:অলপ সময় নহয়, দিনটো কথা পাতিব বিচাৰিলেও পাৰিব। মোৰ হাততো বিশেষ একো কাম নাই, ময়ো ঘৰত ঘোঁৰাৰ ঘাঁহ কাটি আছোঁ, আপুনিও মোৰ সমানে সমানে ঘাঁহ কাটিব পাৰিব।
:মই অতিশয় দুঃখিত ছাৰ আপুনি ঘোঁৰাৰ ঘাঁহ কাটি থকা বুলি জানিব পাৰি। বেয়া নাপালে আমাৰ কোম্পানীৰ নতুন অফাৰকেইটা জনাওঁ নেকি আপোনাক?
:ঘোঁৰাৰ ঘাঁহ কটা কিবা নতুন সঁজুলি আহিছে যদি আপুনি জনাব পাৰে, নহ’লে বেছি ঘাঁহ থকা জেগাৰ কিবা খবৰ আছে যদি দিব পাৰে, হেল্থকেয়াৰ অফাৰ মোক নালাগে, ঘোঁৰাৰ ঘাঁহৰ কিবা অফাৰ আছে যদি মোক জনাব পাৰে।
:মই দুঃখিত ছাৰ, আমাৰ কোম্পানীয়ে ঘোঁৰাৰ ঘাঁহ সম্বন্ধীয় একো ব্যৱসায় নকৰে। আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিবা সমস্যা থাকিলে মই সহায় কৰিব পাৰিম। আমাৰ কোম্পানীৰ নতুন প্ৰডাক্টকেইটাৰ কথা আপোনাক জনাব পাৰিম নেকি ছাৰ?
:স্বাস্থ্য ভালেই আছে মোৰ, এতিয়াও দুজনী ঘোঁৰাৰ ঘাঁহ দৈনিক কাটিব পৰা হৈ আছোঁ, আৰু এজনী নতুন ঘোঁৰা আনিম বুলি ভাবি আছোঁ এইকেইদিনতে। তুমি ঘোঁৰা আৰু ঘাঁহৰ কিবা প্ৰডাক্ট থাকিলে মোক জনোৱা, মই দিনটো ফ্ৰি আছোঁ।
:ক্ষমা কৰিব মহাশয়, আমাৰ কোম্পানীয়ে একমাত্ৰ মানুহৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰডাক্টহে বনাই। ঘোঁৰা বা ঘাঁহৰ কোনোধৰণৰ প্ৰডাক্ট নাই বৰ্তমান আমাৰ ওচৰত।আপুনি বেয়া নাপালে মই আমাৰ কোম্পানীৰ নতুনকৈ ওলোৱা মাল্টি মিনাৰেল আৰু ভিটামিন সম্পৰ্কে আপোনাক জনাব পাৰিম নেকি?
:জনাবা বাৰু ভিটামিনৰ কথা, মই এনেও ভিটামিন ভালেই পাওঁ। কথা হ’ল মোৰ ঘোঁৰাকেইজনী চম্ভালিব পৰা কিবা ভিটামিন আছে নেকি তোমালোকৰ?
:মই দুঃখিত মহাশয়,আমাৰ কোম্পানীয়ে ঘোঁৰাৰ ভিটামিনৰ বেপাৰ নকৰে, মানুহৰ বাবে প্ৰয়োজনীয় ভিটামিনৰহে ব্যৱসায় কৰে।
:আচ্ছা বাৰু, ভিটামিন মই ল’মেই তোমাৰ পৰা।সন্ধিয়ালৈ ফ্ৰি আছা নেকি তুমি?
:ক্ষমা কৰিব মহাশয়, মই আপোনাক সেইবিষয়ে জনাব নোৱাৰিম।
:একো নাই, লাজ কৰিব নালাগে, আনঅফিচিয়েলি জনোৱা মোক। সন্ধিয়া তোমাক লগ ধৰি ভিটামিনো কিনিম আৰু এবাৰ লগ পোৱাও হ’ব, কিজানি মই বিচাৰি থকা তৃতীয়জনী ঘোঁৰা তুমিয়েই। গুৱাহাটীত মুকলিকৈ লগ কৰিবলৈ দিগদাৰ পালে শ্বিলঙলৈ যাম ফুৰিবলৈ, দুৰাতি একেলগে থাকি আহিম, ফুৰাও হ’ব।
:ঘাহ কাটিবলৈ বেলেগ দলনি বিচাৰি ল’বি তই, অভদ্ৰ৷
একে উশাহতে কথাখিনি কৈ ডায়েলাৰৰ পৰা ফোনটো ডিচকানেক্ট কৰি দিলে অনিতাই। খঙত ঘামি গ’লেও নিজৰ খঙৰ বৰ্হিপ্ৰকাশ হ’ব নিদিলে অনিতাই। সিহঁতে কাম কৰা ফ্ল’ৰটোত সিহঁতৰ টিম লিডাৰজন ঘূৰিয়েই থাকে সিহঁতৰ মাজত, সেইজনে তাইৰ খঙ উঠা দেখিলে আকৌ এবাৰ তাই এইমাত্ৰ কৰা ফোন কলটোৰ অনুসন্ধান কৰা হ’ব, তাই কি ভুল কৰিলে সেইবোৰৰ ওপৰত হাজাৰটা প্ৰশ্ন কৰা হ’ব। দৈনিক এনেকুৱা ধৰণৰ মানুহ দুই তিনিজনৰ লগত তাইৰ কথা বতৰা হৈয়েই থাকে। সময়ৰ খৰচ আৰু মুখচুপতিৰ বাহিৰে একো লাভ নহয় তাইৰ। পৰাপক্ষত কোম্পানীয়ে দিয়া ক্লায়েণ্ট লিষ্টখনৰ পৰা তাই বিচাৰি বিচাৰি ভাল যেন লগা মানুহকে ফোন কৰে কিন্তু আধাতকৈও বেছি এনেকুৱা ধৰণৰ অসভ্য মানুহেই ওলায়। দিনটোৰ কাম শেষ কৰি যেতিয়া সন্ধিয়ালৈকে তাই বুজি উঠে যে তাই দিনটোত কৰা কামৰ প্ৰায় আধাহে উপযুক্ত বুলি ধৰা হ’ব তেতিয়াই মনটো বেয়া লাগে। দিনটোৰ দৰমহাৰ আধা তাই নাপাব বুলি বুজি উঠিলেই গোটেই দিনটোত তাইৰ সময় নষ্ট কৰি অসভ্য আচৰণ কৰা সেইবোৰ গ্ৰাহকৰ ওপৰত খং উঠে, তথাপিও নিজকে নিজে সান্তনা দিয়ে যে কাৰোবাৰ জীয়াই থকাৰ উৎসবোৰ কাৰোবাৰ বাবে মুখচুপতিৰ সমলো হ’ব পাৰে।
অনিতাৰ ওচৰতে বহা তাইৰ সহকৰ্মী মনিকাই বহুদিন বুজাইছে তাইক খং নকৰিবলৈ। খঙ কৰিলে তাইৰ নিজৰে লোকচান। দুগুণ সময় খৰচ হয়, অভদ্ৰ গ্ৰাহকজনৰ লগত কথা পতা সময়খিনিৰ লগতে তাইৰ মুড ঠিক হ’বলৈকো সমানেই সময়ৰ প্ৰয়োজন।এনেকুৱা লম্পট চৰিত্ৰৰ মানুহ বহুত আছে ছোৱালীৰ মাত শুনিলেই যিবোৰৰ মনৰ ভিতৰত লুকাই থকা অসুৰৰ চৰিত্ৰটো বাহিৰ ওলাই আহে। মনিকাৰ অনুৰোধতে অনিতাই গ্ৰাহকজনৰ প্ৰফাইলটো আকৌ এবাৰ উলিয়াই চালে তাইৰ লগত থকা ডাটাবেচৰ পৰা।
বিচিত্ৰ বৰুৱা, বিজনেছমেন,গণেশগুৰি।
:এইজন দেখোন বিখ্যাত ব্যৱসায়ী, মোৰ ফ্লেটৰ ওচৰতে এইজনৰ প্ৰকাণ্ড দালান এটাও আছে, নাথাকে বাৰু তাতে।
মনিকাই কোৱাতহে অনিতাই মানুহজনৰ বিষয়ে জানিব পাৰিলে। অৱশ্যে কাকতে পত্ৰই তাই মানুহজনৰ বিষয়ে আগতে কৰবাত পঢ়া যেন লাগিল।
ধনী মানুহ হ’লে কি হ’ব তাৰ স্বভাৱ লম্পটৰ দৰে, ফোন কৰোতেই অচিনাকি ছোৱালী এজনীক নৈশযাপনৰ প্ৰস্তাৱ দিয়া মানুহ সি। ডাইলাৰত নাম্বাৰটো ডায়েল কৰি অনিতা সাজু হ’ল পৰৱৰ্তী ফোনকলটো কৰিবলৈ।সন্মুখত থকা আইনাখনত নিজৰ মুখখন এবাৰ চাই ল’লে, আইনাত মুখখন বাৰে বাৰে চাই থাকিলেও কিবা এটা আত্মবিশ্বাস পোৱা যায়, মুখত ফুটি উঠা খং ৰাগ, হতাশাৰ ছাঁ লুকুৱাই পৰৱৰ্তী গ্ৰাহকজনৰ লগত তাই নতুন উদ্দ্যমেৰে কথা বতৰা পাতিব লাগিব, এতিয়ালৈকে দিনটোত এটাও প্ৰডাক্ট বেচিব পৰা নাই তাই আজি।
ছমাহ হ’ল অনিতাৰ এইটো কামত যোগদান কৰাৰ, কামটো কৰি ভালেই লাগিছে তাইৰ। হেল্থকেয়াৰ প্ৰডাক্টবোৰ ভাল সিহঁতৰ কোম্পানীটোৰ, চাহিদা আছে বজাৰত, মাথো দাম তুলনামূলকভাবে অলপ বেছি।মাজে মাজে দুই এজন গ্ৰাহকৰ পৰা এনেকুৱা অসৎ প্ৰস্তাৱ পোৱাৰ বাহিৰে বেলেগ একো অসুবিধা নাই।ৰাতিপুৱা দহটাৰ পৰা সন্ধিয়া ছয় বজালৈকে কাম কৰিব লাগে। এনেকুৱা গ্ৰাহকৰ লগত কথা পাতিলেই তাইৰ খঙে মূৰত ধৰে, যিমান পাৰে সোনকালে নিজকে সংযত কৰি ফোনকলটো ডিচকানেক্ট কৰে যদিও পৰৱৰ্তী গ্ৰাহকজনৰ লগত কথা পাতিবলৈ নিজকে প্ৰস্তুত কৰিবলৈকে যথেষ্ঠখিনি সময়ৰ প্ৰয়োজন হয়।কষ্ট হয় এইবোৰ সময়ত নিজকে সংযত কৰিবলৈ, ধৈয্যৰ বান্ধ খুলি যায় কেতিয়াবা কেতিয়াবা তাইৰ।মনিকাই সাহস দিয়ে তাইক, বহুবোৰ কথা শিকাইছেও তাইক কেনেদৰে গ্ৰাহক এজনক ফোনতেই আগ্ৰহী কৰাব পাৰি বস্তু এটা কিনিবলৈ। গ্ৰাহকজনৰ মনত বস্তুটোৰ প্ৰতি উৎসুকতা সৃষ্টি কৰিব পাৰিলেই হ’ল, বাকী বিক্ৰীৰ কামখিনি প্ৰায় নিজে নিজেই হৈ যায়।কেতিয়াবা কিছুমান গ্ৰাহক অলপ সন্দিহান হ’লে তিনি চাৰিবাৰমান ফোন কৰাৰ পিছত হ’লেও আগ্ৰহ দেখুৱাই। এনেদৰে কথা পাতোঁতে বহু গ্ৰাহকৰ লগত তাইৰ আন্তৰিকতাও গঢ় লৈছে। সেইদিনা এজন গ্ৰাহকে সিহঁতৰ অফিচলৈকে আহি গৈছিল তাইক মিঠাইৰ টোপোলা দিবলৈ তেখেতৰ চাকৰিত প্ৰমোচন হোৱাৰ পিছত। অফিচৰ পৰা মানা কৰা আছে যদিও বহুকেইজন গ্ৰাহকৰ লগত তাইৰ ব্যক্তিগত ফোন নাম্বাৰো আছে। ভাল বেয়া দুয়োধৰণৰ মানুহেই থাকে দুনীয়াত, ইমান চিন্তা কৰাৰ কি দৰকাৰ। গ্ৰাহকৰ মনত সিহঁতৰ প্ৰডাক্ট সম্পৰ্কে উৎসুকতাৰ সৃষ্টি কৰাটোৱেই তাইৰ কাম, তাইৰ সফলতা তাতেই নিৰ্ভৰ কৰিব। লম্পট স্বভাৱৰ মানুহ যেন অনুভৱ হ’লে আঁতৰি থকাই মঙ্গল।
দিনটোত বৰ বিশেষ ফোন কৰা নহ’ল সেইদিনা তাইৰ, টিম লিডাৰজনক কৈ অলপ সোনকালেই ঘৰলৈ উভতি আহিল, গা মন দুয়োটাই ভাল লাগি থকা নাই তাইৰ।বাৰে বাৰে বিচিত্ৰ বৰুৱা বোলা সেই মানুহজনৰ শ্বিলঙত নৈশযাপন কৰিবলৈ দিয়া প্ৰস্তাৱটো মনত পৰিবলৈ ধৰিলে। খঙত অস্থিৰ হৈ যায় তাই কথাটো মনত পৰিলে। অকলশৰে থাকে তাই পেয়িঙ গেষ্ট হিচাবে গুৱাহাটীত। মন বেয়া লাগিলে মাজে মাজে মনিকাক ফোন কৰে, কেতিয়াবা সন্ধিয়া দুয়োজনী একেলগে চিনেমা চাবলৈকো যায়। মনিকা নিজৰ বয়ফ্ৰেণ্ডৰ লগত লিভ টুগেদাৰ কৰে, ধনী ল’ৰা তাইৰ বয়ফ্ৰেণ্ডজন, কিবা ব্যৱসায় কৰে। ফোনটোত মনিকাৰ নাম্বাৰটো ডায়েল কৰিও কাটি দিলে তাই, মন নগ’ল আজি ফোন কৰিবলৈ। কিমান আৰু নিজৰ অস্থিৰতা হতাশাৰ ছবিখন মনিকাৰ আগত দাঙি ধৰিব। পিছৰ দুদিনো অফিচলৈ নগ’ল তাই, গা বেয়া বুলি ছুটি লৈ ৰূমতে সোমাই থাকিল দিনটো। এতিয়াও তাইৰ কাণত বিচিত্ৰ বৰুৱাৰ প্ৰস্তাৱটো বাজি থাকে।
অফিচ যাবলৈ সাজু হৈ এবাৰ মনিকাক ফোন কৰি লোৱাটো ভাল হ’ব বুলি ভাবিলে তাই, দুদিন অফিচত নাই, বছৰ মুড কেনেকুৱা হৈ আছে যোৱাৰ আগতে এবাৰ জানি লোৱাটো ভাল হ’ব বুলি ভাবিয়েই ফোনটো লগালে। বাৰে বাৰে ৰিং হৈ আছে কিন্তু ফোনটো ৰিচিভ কৰা নাই মনিকাই। আগতে কেতিয়াও তাইৰ ফোন নধৰাকৈ নাথাকে মনিকাই। যি হয় হ’ব, বছে গালি দিলেও দিব বুলি অনিতাই অফিচলৈ বুলি ৰিক্সা এখনত উঠিল। অফিচত সোমোৱাৰ লগে লগে পিয়নজনে আহি তাইক বছে মাতিছে বুলি কৈ গ’ল।অনুমান কৰিছিলেই তাই এইটোৱেই হ’ব বুলি, একেলেঠাৰীয়ে দুদিন ছুটী লোৱা বাবে এতিয়া এঘণ্টা বছৰ গালি হজম কৰিব লাগিব, এই মনিকাজনীয়ে ফোনকলটো উঠোৱা হ’লে ভাল আছিল। ভয়ে ভয়ে দুৱাৰখন খুলি বছৰ কেবিনটোলৈ সোমাই গ’ল। যোৱাৰ আগতে নিজৰ টেবুলত থকা আইনাখনত মুখখন চাই গ’ল তাই। এই কাৰবাৰটোৱে তাইক আত্মবিশ্বাস যোগাই সদায়ে। বছৰ সন্মুখত দুজন মানুহ বহি আছে, মানুহদুজন সিহঁতৰ অফিচৰ নহয় বুলি তাই নিশ্চিত।চেহেৰা পাতিয়ে এজনক পুলিচৰ মানুহ যেনেই লাগিছে তাইৰ, অন্যজনক ধৰিব পৰা নাই।
:অনিতা, এখেত মি: হাজৰিকা, এডিচনেল এচ পি, স্পিচিয়েল ব্ৰাঞ্চ আৰু এখেত মি: বিচিত্ৰ বৰুৱা, ৰিনৌন বিজনেছমেন।
মূৰৰ পৰা ভৰিলৈকে ভালদৰে এবাৰ চাই ল’লে তাই বৰুৱা বোলাজনক। কাণত আকৌ বাজিবলৈ ধৰিলে,
“শ্বিলঙলৈ যাম দুয়ো, দুৰাতি কটাই আহিম৷”
খঙত কঁপিবলৈ ধৰিলে অনিতা।
: কি হ’ল আপোনাৰ, মানুহজনী কঁপিব ধৰিছে যে?
মি: হাজৰিকাৰ মাতত তাইৰ সম্ভিত ঘূৰি আহিল।
:এই অভদ্ৰ মানুহজনে মোক অশ্লীল প্ৰস্তাৱ দিছিল ফোনত যিটো কাৰণত যোৱা তিনিদিন ধৰি মই আনকি ভালদৰে শুৱও পৰা নাই। মই সৰু চাকৰি কৰিব পাৰোঁ, কিন্তু আত্মসন্মান আছে মোৰ। মি:বৰুৱা, আপোনাৰ পৰিয়ালৰ মানুহবোৰে গম পাই নে নাপাই যে আপুনি এজন লম্পট চৰিত্ৰৰ লোক। অচিনাকি ছোৱালীক আপুনি শ্বিলঙত নৈশযাপনৰ বাবে লগ ধৰে।
:এইজনী নহয় মি: হাজৰিকা
বৰুৱাই মূৰ নোতোলাকৈয়ে ক’লে হাজৰিকাক।
:বাৰু মি: চৌধুৰী, আপোনাৰ এইটো ক’ল চেণ্টাৰত কাম কৰা আটাইবোৰ ছোৱালীৰ ফটোবোৰ দেখুৱাওকচোন বৰুৱাক, অইন কোনোবাও হ’ব পাৰে যিহেতু পৰহি সন্ধিয়া বৰুৱাক ফোন কৰোঁতে প্ৰথমেই বৰুৱাৰ ষ্টাইলতেই সুধি লৈছিল,সন্ধিয়ালৈ ঘোঁৰাৰ ঘাঁহ কাটিব মন আছে নেকি বুলি?
অনিতাই কাম কৰা ক’ল চেণ্টাৰটোৰ মেনেজাৰ মি: চৌধুৰীয়ে নিজৰ ড্ৰয়াৰৰ পৰা ফাইল এটা উলিয়াই বিচিত্ৰ বৰুৱাৰ ফালে আগবঢ়াই দিলে। এফালৰ পৰা ফাইলটো লুটিয়াই গৈ থাকিল বিচিত্ৰ বৰুৱাই, শেষ হোৱাৰ পিছত মূৰ জোকাৰিলে সেইবোৰত থকা এজনীও ছোৱালী নহয় বুলি।
:মই যাব পাৰোঁঁ নে বাৰু ইয়াৰ পৰা বাহিৰলৈ, এনেকুৱা অভদ্ৰ মানুহৰ সন্মুখত থিয় হৈ থকাৰ মোৰ ইচ্ছা নাই৷
:যাব পাৰে আপুনি? মি: বৰুৱা হানি ট্ৰেপিঙৰ জালত ফচিছে। কাজিৰঙাৰ হোটেলৰ পৰা বৰুৱাৰ গাড়ী, ডিঙিৰ সোনৰ চেইন, নগদ ধন এইবোৰ লৈ ৰাতিয়েই পলাইছে দলটো। এজনী ছোৱালীয়ে বৰুৱাক ফোন কৰি অকলশৰে মাতিছিল তালৈকে। তদন্তৰ বাবে দৰকাৰ হ’লে আপুনি পিছলৈকো থানালৈ আহিবলগীয়া হ’ব পাৰে।
:থানালৈ যিমানবাৰ যাব লাগে সিমানবাৰেই যাম, মাথো এই লম্পটটোক মোৰ সন্মুখত নানিব ভৱিষ্যতে, স্বভাৱ হিচাবে উপযুক্ত শাস্তিয়েই পাইছে সি৷
খঙত কথাখিনি কৈ অনিতা বছৰ কেবিনটোৰ পৰা ওলাই আহি নিজৰ টেবুলত বহিল। আকৌ এবাৰ আইনাখন চাই ল’লে তাই। নিজৰ মুখখন দুই তিনিবাৰ বেকাবেকি কৰি অভিব্যক্তিৰ প্ৰকাশভঙ্গী চাই ল’লে।আত্মবিশ্বাস বাঢ়ে এনেকুৱা কৰি থাকিলে তাইৰ৷ মনিকা অফিচ অহা নাই, ছুটী লৈছে আজি। সন্ধিয়া অফিচৰ পৰা ওলাওঁতেই মনিকাৰ সম্ভাব্য ফোনকলটো আহিল তাইৰ তাত। পেৰাডাইজ এপাৰ্টমেণ্টৰ সপ্তম মহলাত থকা মনিকাৰ ফ্লেটলৈ বুলি লিফ্টৰ চুইচটো দবালে তাই, মনিকাৰ ফ্লেট পাওঁতে প্ৰায় আঠমান বাজিয়েই গৈছিল।
দৰজাখন খুলিয়েই মনিকাই সাৱটি ধৰিলে তাইক।ৰূমটোৰ সোঁমাজত থকা টেবুলখনত স্কটছ আৰু ৱাইনৰ বটল, গিলাছ চাৰিটা সাজু। ভিতৰৰ পৰা মনিকাৰ বয়ফ্ৰেণ্ড ৰাজীৱ ওলাই আহিল।
:ছ’, হুৱেৰ ইজ দ্যা হানী বিহাইণ্ড দ্যা ট্ৰেপিঙ?
অনিতাই সুধিলে। বাথৰূমত গা ধুই আছে তাই, মনিকাই উত্তৰ দিলে।
:ফৰ্চুনাৰখন ডিমাপুৰত বেচিলোঁ সাত লাখ টকাত।চেইনডালো এক লাখতে দি দিলোঁ, বুঢ়াৰ লগত নগদ ধনো প্ৰায় ষাঠি হাজাৰমান আছিল, কুল মিলাকে আঠ লাখ ষাঠি হাজাৰ প্ৰফিট। হোটেলৰ ৰূমত অলপমান এনাষ্টেচিয়া খৰচ হৈছে বুঢ়াক নিশাটোৰ বাবে বেহুচ কৰাৰ নামত।
ৰাজীৱে এফালৰ পৰা কৈ গ’ল। দুইমিনিটমান পিছতে বাথৰূমৰ পৰা ওলাই আহিল অনিতা আৰু মনিকাৰ বিশ্বস্ত সহযোগী ৰীতা। চাৰিটা গিলাছত স্কটছ চাৰিপেগ বনালে ৰাজীৱে।
:চীয়েৰ্ছ ইন দ্যা নেম অফ থৰকি ইনচান বিচিত্ৰ বৰুৱা৷
চাৰিটা গিলাছ শূন্যতে ইটোৱে সিটোক খুন্দিয়ালে।
: সেইবাবেই মই সদায় কৈ থাকোঁ তোমালোকক, গ্ৰাহকৰ মনত প্ৰডাক্ট সম্পৰ্কে উৎসুকতাৰ সৃষ্টি কৰাটোৱেই মেইন কাম তোমালোকৰ, বাকীখিনি মই চম্ভালি ল’ম।
ৰাজীৱে পেগটো গলাধকৰণ কৰি ক’লে। ভেনিটি বেগটোৰ ভিতৰত থকা সৰু আইনাখনত অনিতাই আকৌ এবাৰ নিজৰ মুখখন চাই ল’লে। আত্মবিশ্বাস বাঢ়ে তাইৰ আইনাত মুখখন বাৰে বাৰে চাই থাকিলে।
☆ ★ ☆ ★ ☆
11:17 am
দাদা বঢ়িয়া লাগিল
11:20 am
অশেষ ধন্যবাদ।
11:56 pm
বাপৰে সঞ্জীৱ সাংঘাতিক লিখিলা হে! চুপাৰ্ব এজ অলৱেজ। ??
11:38 am
বাপৰে……শেষটো তামাম ।
11:38 am
ধন্যবাদ বৰঠাকুৰ।
11:51 am
সঞ্জীৱ, পঢ়িলোঁ। ভাল লাগিল। তুমি অলপ সঘনাই লিখা কৰা হে। মাহত এটা নহয়, বেছিকৈ
11:54 am
ধন্যবাদ দাদা।চেষ্টা কৰিম লিখিবলৈ।
11:51 am
সঞ্জীৱ, পঢ়িলোঁ। ভাল লাগিল। তুমি অলপ সঘনাই লিখা কৰা হে। মাহত এটা নহয়, বেছিকৈ
11:58 am
তামাম টুইষ্ট দিলা হে শেষত, বঢ়িয়া লাগিল
12:32 pm
অশেষ ধন্যবাদ দাদা।
1:17 pm
বঢ়িয়া লাগিল সঞ্জীৱ৷ মানে ফাটাফাটী৷ এইবাৰৰ ৱান অৱ ডা বেষ্টেেই হব৷
1:23 pm
ধন্যবাদ দাদা।
1:19 pm
টুইষ্টতো ভাল লাগিল
1:24 pm
অশেষ ধন্যবাদ।
1:27 pm
ফালি দিছা হে ভাই
2:25 pm
ধন্যবাদ দাদা।
2:04 pm
বহুত বহুত ভাল লাগিল ।
2:25 pm
ধন্যবাদ দাদা।
2:48 pm
Web series type twist disappointed dekhun
3:34 pm
তাকেই ট্ৰাই কৰিছিলো।
3:22 pm
বাপৰে, সাংঘাটিক টুইষ্ট দেখোন। বিৰাট ভাল লাগিল।
3:35 pm
ধন্যবাদ বাইদেউ।
3:27 pm
ৱাহ! One of the best. বিৰাটেই ভাল হৈছে
3:35 pm
অশেষ ধন্যবাদ।
4:10 pm
মজা লিখিলাহে সঞ্জীৱ, শেষৰ টুইষ্টটো চমকপ্ৰদ, keep writing
6:07 pm
ধন্যবাদ দাদা।
10:50 pm
ফালি দিছাহে ভাই৷ঝাটকাটো ভাল লাগিল শেষত৷
11:55 pm
ধন্যবাদ দাদা।
12:16 am
হেহ ! ধাৰাম্ কে বাগৰি গ’লোঁ .. কি টুঁইষ্ট , তামাম লাগিল ৷
9:04 am
অশেষ ধন্যবাদ।
12:46 am
ক’ৰ পৰা কলৈ লৈ গ’ল হে !!!
কি টুইষ্ট!!! ৱাহ ওস্তাদ ৱাহ।
9:04 am
অশেষ ধন্যবাদ।
9:05 am
যা তা টুইষ্ট দেখোন! তামাম। লিখি থাকিবা সঞ্জীৱ।
11:56 am
অশেষ ধন্যবাদ দাদা।
10:16 am
কি এৰিলে এইটো দাদা। সাংঘা বুলি কলো ।
11:56 am
অশেষ ধন্যবাদ দিম্পল।
3:41 pm
বঢ়িয়া?
4:55 pm
অশেষ ধন্যবাদ।
4:33 pm
খুব ভাল লাগিল।
2:13 am
বহুত ভাল লাগিল..
10:34 pm
অশেষ ধন্যবাদ।
2:35 pm
সাংঘাটিক টাৰ্ণ এণ্ড টুইষ্ট দেখোন। প্ৰথমতে বোলো পাৰ্থই এইটো দুখ ভৰি দাস্তান ল’লে কিয় বা সঞ্জীৱদাই লিখিলে কিয় বুলি ভাবি ভাবি পঢ়ি থাকোতে শেষত মানে কথমপিহে নপৰাকৈ থাকিলোঁ। তামাম লিখিলেহে সঞ্জীৱদা মুঠতে তামাম।
10:34 pm
অশেষ ধন্যবাদ।