অথশ্ৰী প্ৰেংক ভিদিওৰ কথা- সম্পূৰ্ণা গৌতম
“বেংগলোৰৰ পৰা সোনকালে গুছি আহ। মই মৰাৰ আগতে তোৰ বিয়াখন চাই যাব পাৰিলেই শান্তি আৰু।”
-“আকৌ বিয়াৰ কথাকেই ক’লি। এইবোৰ নক’বিচোন আইতা। কিয় বাৰে বাৰে বিয়াৰ কথা কৈ থাক? কিয় বুজি নাপাৱ, মই…”, কথাষাৰ শেষ কৰিবলৈ নাপাওঁতেই আইতাকে আকৌ ক’লে-
“আমাৰ সেই ভূপেনৰ ল’ৰাটোও বেংগলোৰতে থাকে নহয়। আমি কথা আগবঢ়াব খুজিছোঁৱেই। তোৰ কিবা ক’বলগীয়া আছে নেকি?”
-“কোন ভূপেন?”
-” ভূপেন আক’। কেলেই সেই যে ভূপেন…, মালতীৰ ককায়েকৰ আগৰজনী ঘৈণীয়েকৰ মাহীয়েকৰ ল’ৰা। সেই ভূপেনৰে ল’ৰাটো। বৰ ভাল বুলি শুনিছোঁ। তোৰ লোকেচনতে, তাতেই.. সেই বেংগলোৰতে থাকে, মদ-পানীতো বাদেই তামোল এখনো নাখায়। তাতে কিবা কোম্পানী এটাত ইঞ্জিনিয়াৰ। ইনকামো ভাল। তাক তোৰ ফোন নাম্বাৰটোও দিছোঁ। তোলৈ ফোন কৰিলে ভালকৈ কথা পাতিবি দেই।”
-“উফ্ আইতা। মোলৈ তই দৰা চাব নালাগে নহয়। মই মুছলিম ল’ৰা এটা ভালপাওঁ। মাহঁতক কৈ দিবি কাইলৈ আমাৰ নিকাহ্।”
ৰূপালী ২২ বছৰীয়া হ’ল বুলিনো এনেকৈ বিয়াৰ পিছত লাগি থাকিব লাগেনে? তাই এনেই বেংগলোৰলৈ আহি ইঞ্জিনিয়াৰিং পঢ়ি আছেনে বাৰু? তাতে আকৌ এইটো লাষ্ট চেমিষ্টাৰ। কিমান পঢ়িবলৈ আছে! এইবোৰতে তাইৰ খং উঠে। চাকৰি, ঘৰ, গাড়ী.. নিজে সকলো কৰি লৈ, তাইৰ নামটোৰেই যেতিয়া তাইক চিনি পোৱাৰ বাবে যথেষ্ঠ হ’ব, তেতিয়াহে তাই বিয়াত বহিব। ঘৰত আগতেই কৈ থৈছে তাই। তাৰপিছতো আইতাকে বিয়াৰ কথা কৈ থকাৰ কি যুক্তি আছেনো? খঙতে ফোনটো কাটি উঠি মোবাইলটো চাইলেণ্ট কৰি তাই পাকঘৰত সোমাল। ৰাতিপুৱাই এচাইনমেণ্ট দুখন অনলাইন চাবমিট কৰি উঠি অকনমান আজৰি হৈ আইতাকলৈ ফোন কৰিছিলহে। আইতাকেও আকৌ বিয়াৰ কথাকে ক’লে।
আগদিনাৰে থৈ দিয়া বাচনকেইটা ধুলেহে তাইৰ ৰাতিপুৱাৰ খানা ৰান্ধিব পৰা হ’ব। এতিয়া খৰধৰকৈ কামখিনি কৰি আজৰাই তাৰপিছত আকৌ কলেজলৈ যাবলৈ আছেই। এই সময়ত ফোন আহিলে একো কাম নহ’ব। সময়ৰ কাম সময়ত নহ’লে ৰূপালীয়ে বৰ দিগদাৰ পায়। এইকেইদিন ৰাতি এচাইনমেণ্ট বনাই থাকোঁতে ভালকৈ খোৱাও হোৱা নাই আৰু শোৱাও হোৱা নাই। অকলে অকলে কাম কৰি খোৱাও বৰ অশান্তি। বাইজনীও গা বেয়া বুলি দুদিনমান অহা নাই। ঘৰৰ কাম কেইটা সোনকালে কৰি আজৰি হ’বৰ কাৰণেই কেতিয়াবা বিয়াৰ কথা মনলৈ নহাকৈ নাথাকে তাইৰ। এজনতকৈ দুজনে কৰিলে নিজলৈ অলপ সময়ো উলিয়াব পাৰি। এনেকুৱা ক্ষেত্ৰত কেতিয়াবা লিভিং টুগেদাৰৰ কথাও তাইৰ মনলৈ আহে। পিছে তাই নিজৰ সিদ্ধান্তত অটল। গতিকে কাৰো সৈতে আজিলৈকে হিয়া দিয়া নিয়া কৰা নাই। তাইৰ মতে প্ৰেম-পীৰিতিত সোমাই কাজিয়া কৰি সময় পাৰ কৰিবলৈ সময় নাই। লগৰ সোপাই ফোনত খনে-খনে কাজিয়া কৰা তাই দেখিয়েই আহিছে।
“উফ্!! কেনেকৈ যে ফোনটোতে লিপিট খাই থাকিব পাৰে এই পেনপেনীয়া প্ৰেমিক-প্ৰেমিকা সোপা!”
সেয়ে ৰূপালীয়ে তাইক কোনোবাই বেছিকৈ বিয়াৰ কথা সুধি থাকিলে চিধাই কৈ দিয়ে- “মুছলিম ল’ৰা ঠিক হৈ আছে, দৰা বিচাৰিব নালাগে।”
ঘৰৰ সকলোৰে মৰমৰ ৰূপালী। পূজাৰী ঘৰৰ বংশৰ ১৩ জনীয়া ল’ৰাৰ মাজৰ একমাত্ৰ ছোৱালী। এতিয়া তায়ো ভালপাবলৈ পালে মুছলিম ল’ৰা! হাতত সময়ো নাই, কাইলৈ নিকাহ! ফোনটো কাষৰ টেবুলতে থৈ আইতাকে চাদৰৰ আঁচলেৰে মুখখন ঢাকি ধৰিলে যদিও হিয়াৰ আৱেগখিনি ঢাকিব নোৱাৰি হুক্ হুকাই কান্দি উঠিল।
-“কি হ’ল মা?” কাষৰে বেচিনত দাঁত ব্ৰাছ কৰি থকাৰ পৰাই জোনাকে সুধিলে। কিবা এটা শংকা যেন বুজি পটাপট মুখখন কুলি কৰি ধুই মাকৰ কাষলৈ আহিল। মুখখন ঢাকি কান্দি থকা মাকৰ হাত দুখন নিজৰ হাতলৈ আনি আকৌ সুধিলে- “তাই কাৰোবাক পছন্দ কৰি থৈছে নেকি অ’? তই কান্দিছ কিয় মা?”
চাদৰৰ আঁচলেৰে চকুপানীখিনি মুচি তেওঁ থোকা-থোকি মাতেৰে কোনোমতে মাতটো দিলে- “শেষ…, শেষ কৰিলে অ’ তাই.. আমি ভবাটোৱেই হ’ল। বেংগলোৰলৈ গৈ তাই..”
বাকীখিনি ক’বলৈ যেন শক্তিয়েই নোহোৱা হৈ গ’ল তেওঁৰ। হুক্-হুক্ কৈ কান্দি তেওঁ জোনাকক সাৱটি ধৰিলে।
-“অ’ মা, কি ক’লে কচোন। এনেকৈ কিয় কান্দিছ?”
জোনাকে ইফালে সিফালে চাই নীলিমাক ৰূমত নেদেখি অলপ চিঞৰি মতাদিয়েই মাতিলে
-“হেৰা, ক’ত আছা? মালৈ পানী এগিলাচ লৈ আনাচোন।”
ৰাতিপুৱাৰ চাহৰ যোগাৰ কৰি থকা নীলিমাই উফৰি অহা দুই-এটা কথা পাকঘৰৰ পৰাই শুনি আছিল। ৰূপালীৰ কিবা এটা হৈছে বুলি শংকা কৰিয়েই গেছটো ফটাফট অফ কৰি দি পানী এগিলাচ লৈ তেওঁ শাহুৱেকৰ হাতত দিলেহি।
-“হেৰি, কি হৈছেনো? ৰূপালীলৈ ফোন কৰা শুনিছিলোঁ, কিবা হ’ল নেকি? মায়ে কিয় কান্দিছে? ফোনটো আকৌ লগাওকচোন, কি হৈছে সোধক।”- শেষৰফালে নীলিমাৰ মাতটো অলপ থোকা-থোকি হৈয়ে ওলাল।
একমাত্ৰ নাতিনীয়েক ৰূপালীৰ কাইলৈ নিকাহ। আইতাকে কথাটো কেনেকৈ হজম কৰে। পানী গিলাচ ঘোঁট-ঘোঁটকৈ একে উশাহতে গিলি তেওঁ মাটিলৈ চাই দীঘল হুমুনিয়াহ এটা এৰি ক’লে- “কালিলৈ হেনো তাইৰ নিকাহ। ল’ৰা মুছলমান।”
কথাষাৰ শুনি, থিয় হৈ থকা ঠাইতে নীলিমা বহি পৰিল। জোনাকৰ যেন উশাহেই বন্ধ হৈ যাব। মুখখন মেলি তেওঁ মাকলৈ একেথৰে চাই থাকিল। তাৰপিছতে টিঙিচকৈ খংটো উঠি আহিল। লগালগ তেওঁ ৰূপালীলৈ ফোন লগালে। তাই ফোন নাই উঠোৱা। এবাৰ দুবাৰকৈ বাৰে বাৰে তেওঁ ফোন দায়েল কৰি থাকিল।
-“ফোনটো বাজিয়েই আছে। তাই এবাৰো উঠোৱা নাই।”
জোনাকে ফোনটো কাষতে থকা চোফাত থেকেচা মাৰি থৈ দি খঙতে ল’ৰা কেইটাক চিঞৰি চিঞৰি মাতিলে-
-“ৰূপক, নীল, পুষ্প, পলাশ, দিগন্ত.. ক’ত আছ? বেগেতে আহচোন।”
অকস্মাতে তেনেকৈ চিঞৰি মতা শুনি পুষ্প আৰু পলাশে পাবজি খেলি থকাৰ পৰা খৰধৰকৈ দৌৰি আহিল। নিজৰ ৰূমত দৰ্জা বন্ধ কৰি টিকটক বনাই থকা দিগন্তও মাকৰ শাৰীখনেৰে সৈতেই জোতা-পুতি খাই দৌৰি আহিল। পিছে পিছে দিগন্তৰ কেমেৰামেন বিশালো আহিল। হাতত পাউদাৰ টেমা আৰু গুলি থোৱা চাৰ্ফৰ ফেন এসোপা।
-“নীল ক’ত?”
-“প্ৰেংক ভিদিও শ্বুটিং কৰিবলৈ পাৰ্কলৈ গ’ল।” দিগন্তই ক’লে।
-“কৰ, এইসোপাকে কৰ তহঁতে।” মুখত মেক আপ আৰু শাৰী পিন্ধা ৰূপত দিগন্তক দেখি জোনাকৰ খং দুগুণে বাঢ়ি গ’ল। দিগন্তৰ কাষতে থকা বিশাললৈ তেওঁৰ চকু যাওঁতেই বিশালে বৰদেউতাকৰ খং দেখি মূৰ তল কৰি থাকিয়েই লগালগ হাতত লাগি থকা পাউদাৰ আৰু চাৰ্ফবোৰ ধুবলৈ বেচিন পালেগৈ।
-“ডেকা ল’ৰাসোপা ঘৰতে বাপেৰৰ মূৰত টাক্কা মাৰি খাই আছহঁত? পাবজি খেল, য়ু টিউব কৰ, টিকটক বনা.. তহঁতে এনেকৈয়ে আমাৰ মূৰবোৰ খাই শেষ কৰহঁত।”
-“তাকে ক’বলৈ মাতিছিল যদি নামাতিব দেই যাওঁ, আধৰুৱাকৈ এৰা পাবজিত গুলী ফুটাবলৈ পাওঁ।”
-কথাষাৰ কওঁতে পুষ্পই ৰক টাইপত সুৰ লগাই ধেমালি কৰি ক’লে।
বৰদেউতাক আৰু বৰমাকৰ কথাত প্ৰায়ে সি এনেকৈয়ে কয়। ডিগ্ৰী পাছ কৰি উঠি APSC পৰীক্ষাৰ কাৰণে সি ঘৰতে তৈয়াৰী কৰি আছে। আমনি লাগিলেহে পাবজি খেলে। কিন্তু ঘৰত থাকিলে ল’ৰাবোৰে গালি শুনিবই লগা হয়। এইবোৰ গালি শুনি শুনি সি এতিয়া অভ্যস্ত হৈ গৈছে। সেয়ে গালিবোৰ এখন কাণেৰে শুনি সিখনেৰে উলিয়াই দিয়ে। কেতিয়াবা ধেমালিতে এনেকৈ ওলোটা-পোলোটা উত্তৰো দি দিয়ে।
-“যা খেলগৈ যা.. খাই থাক আমাৰ মূৰকেইটা.. তহঁত গোটেই ল’ৰাকেইটাই চোবাই চোবাই খা। তহঁতক ইমান কষ্ট কৰি এই দিন দেখুৱাবলৈকে পঢ়ুৱালোঁ… দোকান খুলি দিলোঁ… বিজনেচ কৰিবলৈ দিলোঁ… ভাড়াঘৰ কৰি দিলোঁ…।” খঙতে ফোঁপাই ফোঁপাই তেওঁ অনৰ্গল কৈ গ’ল। -“তাৰ বিনিময়ত এই গাধ কেইটাই য়ু টিয়ুব কৰে, শাৰী পিন্ধি টিকটক বনাবলৈ যায়। না দোকানত বহে, না নিজে কিবা কাম কৰে। কামৰ মাজত কৰে যদি শাৰী পিন্ধি পিন্ধি টিকটক বনায়… য়ু টিউবত কাহিনী বনায়… । হিজৰা জন্ম হ’ল আমাৰ বংশত এইগাল… হিজৰা…।” খঙৰ ভমকত তেওঁ আৰু জোৰকৈ চিঞৰি গালি পাৰিলে। তাৰপিছত অলপ ৰৈ আকৌ ভোৰভোৰাই ক’লে- “ইফালে সেইজনীয়ে তাত লীলা খেলা আৰম্ভ কৰি দিছে। এইবোৰ কৰিবলৈকে এই খাই গাহৰিসোপা জন্ম হ’ল আমাৰ বংশত?” শেষেই নহ’ব যেন গালিবোৰ।
বৰদেউতাকৰ খঙাল ৰূপ দেখি পলাশে লাহেকৈ ক’লে-
-“অ’ বৰ্ত্তা, ক’ত ভৰাই থৈছিল এইসোপা? আমাক মাতি অানি একেদিনাই এইখিনি উজাৰিবলৈ কিহে পালে? কাইলৈৰ কাৰণে দুটামান গালি ৰাখকচোন।”
-“তহঁতৰ ভনীয়েৰে কালিলৈ নিকাহ পাতিছে। টিকট বুক কৰ… ওলা এতিয়াই।” কথাটো কৈয়ে তেওঁ খঙতে ৰূমলৈ গপগপাই উঠি গ’ল।
পুষ্পই খিক খিকাই হাঁহি দিলে- “মই বিশ্বাস নকৰোঁ বৰ্ত্তা, এই পাগলীজনীয়ে এনেই টেনচন দিছে আপোনালোকক।”
সি ক’বলৈহে পালে, হঠাতে গালত কাটৌপকৈ এটা কাণতলীয়া চৰ পৰি গ’ল। চৰ পৰা কাণখনত দীঘলীয়া টিঙটিঙনি শব্দ এটাও হ’বলৈ ধৰিলে। চকুৰ সন্মুখত ধোঁৱা ধোঁৱা যেন দেখি পুষ্প তৎভৎ খাই গ’ল। চকুৰে হঠাতে দেখি যোৱা সৰিয়হ ফুলবোৰৰ মাজত কিবাকৈ বৰমাক আৰু আইতাকৰ মুখখন ভাঁহি উঠিল।
“কোনে বা মাৰিলে এইচাট!”- ভাবি থাকোঁতেই আৰু এচৰ সিখন গালটো পৰিল।
-“মই, বাপেৰে মাৰিছোঁ। এইফালে চা।”
পৰিস্থিতি বিষম দেখি পলাশে ভয় খাই মাকৰ মাৰ দেখি তিলে বেত মেলাৰ নিচিনাকৈ নীলহঁতক মাতিবলৈ পাৰ্কলৈ দৌৰ মাৰিলে। ইফালে দুটাকৈ পূৰ্ণহতীয়া কাণতলীয়া চৰত পুষ্পৰ মাত-বোল নোহোৱা হৈ থাকিল। সি গালদুখন হাতদুটাৰে ধৰি থাকি বাপেকলৈ চাই থাকিল।
-“বেঙে মুতা গৰুৰ নিচিনাকৈ কি চাই আছ? যা গৰু.., সোনকালে টিকট কৰগৈ। আমি পাৰিলে আজিয়েই যাম।
-“কেইটা কৰিম?”
-“৭ টা কৰ। বৰ্ত্তা-বৰমাৰ, মই, মাৰ, সৰু খুড়াৰ দুটাৰো। অ’ ৰ…, ৯ টা কৰ। ৰূপক গ’লে সি দাদাহঁতক চম্ভালিব পাৰিব। বাহিৰা কথাবোৰ আৰু অনলাইন কামবোৰো সি জানে। তহঁত গাধকেইটাৰ মাজৰ পৰা নীল আৰু আকাশকো ধৰ। বয়-বস্তু দাঙিবলৈ শকত-আৱত আটিল জীম যোৱা মানুহ এটাও লাগে। হিজৰাকেইটাৰ টিকট কৰিবলৈ দৰকাৰ নাই। তহঁত গাহৰিকেইটাৰ চোৱা-চিতা কৰিবলৈয়ো কোনোবা দুটামান থাকিব লাগিব নহয়। আনলাকী থাৰ্টিনৰ দল চাল্লা! আমাৰ ইয়াতে জন্ম পালে.. গাধৰ পালটো।”
বাপেকে কথাখিনি কৈ সিফাল মূৰ কৰোঁতেই পুষ্পই গাধৰ নিচিনাকৈ হেকেলিয়াবলৈ ধৰিলে- “ঘেঁচ্যু.. ঘেঁচ্যু.. ঘেঁচ্যু..।”
ৰূমলৈ যাবলৈ লোৱা দেউতাকে ঘূৰি আহি পুষ্পক আকৌ এপাট পূৰ্ণহতীয়া কাণতলীয়া চৰ সোধাই দিলে- “অকমান মানুহৰ নিচিনাও হ.. গাধ।”
খঙতে দাঁত কৰচি মিচিককৈ হাঁহি মাৰি সি মূৰ দুপিয়ালে- “হ’ব দেউতা।”
তাৰ মুখখন দেখি এইবাৰ খঙৰ মাজতো বাপেকৰ হাঁহি উঠো উঠো হ’ল। তেওঁ হাঁহিটো কোনোমতে কণ্ট্ৰল কৰি ৰূমলৈ গ’ল – “কি যে হ’ব এই গৰুকেইটাৰ!”
পুষ্প, পলাশ আৰু নিকুঞ্জ- ইহঁত তিনিওটালৈ দেউতাক হিচাপে মানুহটোৰ এনেও চিন্তা। পুষ্পই বাৰু APSC ৰ কাৰণে পঢ়ি আছে। কিন্তু বাকীকেইটা? একোতে মন নাই সিহঁতৰ।
ভায়েকৰ দুযোৰা টুইন ল’ৰা। চাৰিওটা আকৌ চ’ছিয়েল মেডিয়াৰ পোক। নীল আৰু দিগন্ত থাকে য়ু টিউব আৰু টিকটকত। আকাশ আৰু বিশাল থাকে সিহঁতৰ কেমেৰামেন হৈ। আনফালে মাজু আৰু সৰু ভায়েকৰ ল’ৰা কেইটাই হায়াৰ চেকেণ্ডেৰী পৰীক্ষা দিব। পিচে হোৱাটচ্ এপ আৰু ফেচবুকে সিহঁতক কোন দিশে নিয়ে একো ঠিক নাই। বেছিভাগ সময় চ’ছিয়েল মেডিয়াত থকা গাধকেইটাৰ ভিদিওত সিহঁত হিৰো হৈ ওলায়। চুলিত ৰামধেনুৰ ৰঙৰ সমাহাৰেৰে সিহঁত কেইটাক হিৰো যেন দেখাতকৈ ভূত যেনহে দেখি।
ৰূপালীৰ ককায়েক ৰূপকে আঁতৰৰ পৰাই কথাবোৰ চাই থাকিল। সি APDCL ত চাৰ্টাৰ একাউণ্টেট হিচাপে সোমোৱা দুদিনহে হৈছে। তাৰ পিচে ইচ্ছা আছিল এল পি স্কুলৰ শিক্ষক হোৱাৰ। গোটেই কেইটা টেট পৰীক্ষা পাছ কৰি হাইস্কুলৰ অংকৰ মাষ্টৰ হোৱা এপইণ্টমেণ্ট লেটাৰখন পায়ো অকল মাক দেউতাকৰ ইচ্ছাৰ বাবেই সি শিক্ষকতা নকৰিলে। কমাৰ্চত পঢ়ি এই লাইনটো ল’বলৈ দেউতাকে দিয়া পৰামৰ্শৰেই সি আগুৱাই গৈ থাকিল। এনেকৈ ঘৰুৱা কিবা কাজিয়া হ’লে চালি জাৰি চাই সি সদায় শেষত মাত দিয়ে। সেয়ে তাৰ কথাও ৰয়। ভায়েকহঁতেও তাক গুৰু মানে। দেউতাক-মাক, খুড়াক-খুড়ীয়েকহঁতৰ আটাইৰে মৰমৰ সিহঁত দুটাই- ৰূপক আৰু ৰূপালী।
সন্ধ্যা ৭.৩০ টা মান বজাত বেংলোৰত থকা ৰূপালীৰ দৰ্জাৰ কাষৰ কলিং বে’লটো বাজি উঠিল।
ৰূপালীৰ ৰূমটো বিশেষ ডাঙৰ নহয়। দুটাই ৰূম। আগফালৰ ৰূমত এখন সৰু বিছনা। তাতে লেপটপটো লৈ তাই কাম কৰে। বহিবলৈ প্লাষ্টিকৰ চকী চাৰিখন আৰু টেবুল এখন। এইটো ৰূমৰে একেলগে এটাচ্দ হৈ থকা পাকঘৰটো। ইটো ৰূমৰ বিছনাখন অকমান ডাঙৰ। তাৰ কাষতে দুটা আলমাৰি- এটা কিতাপৰ আৰু সিটো কাপোৰৰ।
ৰূপালীয়ে পাকঘৰত খানা বনাই আছিল। কলিংবেলটো তেতিয়াই বাজিল। পাকঘৰৰ কামত তাইৰ লগত একে ক্লাছৰে ৰাজিয়াও লাগি দিছে। ৰাজিয়াৰ ভায়েকো সিহঁতৰ লগতে পঢ়ে। সিও আহিছে। সিহঁতৰ কলেজৰ বাকী থকা গ্ৰুপ-এচাইনমেণ্টৰ কামবোৰ সি আগফালৰ ৰূমত থকা বিছনাতে বহি কৰি আছে। টাইপিঙত তাৰ হাতখন খৰ। এচাইনমেণ্টৰ প্ৰায়খিনি কাম শেষেই হৈছেগৈ। ডাটা ইণ্টাৰপ্ৰিটেচনখিনি কৰি লৈ ফটাফট কাম শেষ কৰি ৰাজিয়াহঁতো ঘৰলৈ যাব লাগে। অকলশৰীয়া ৰূপালীক অলপ সহায় কৰি নিদিলে এচাইনমেণ্ট চাবমিট কৰোঁতে আগৰ বাৰৰ নিচিনাকৈ আকৌ দেৰি হ’ব বুলি আজি দুয়োটা বায়েক-ভায়েকক ৰূপালীয়ে আজিয়েই খৰধৰকৈ মাতি আনিছে। সিহঁতেও এচাইনমেণ্টৰ তাড়নাত পৰি ৰূপালীৰ ঘৰলৈ সহায় কৰি দিবলৈ আহিছে। গৌৰৱ আৰু সুদিপাকো ৰূপালীয়ে আজিয়ে মাতি থৈছে। সিহঁতো অহাৰ কথা। সিহঁত দুটা ৰূপালীৰ সৈতে একেটা বিল্ডিঙৰে বেলেগ এটা ৰূমত একেলগে লিভিং ৰিলেশ্বনশ্বিপত থাকে। গতিকে দেৰিকৈ অাহিব বুলি আগতেই ৰূপালীক কৈ থৈছিল।
কলিং বেল বজা শুনি ৰূপালীয়ে পাকঘৰৰ পৰাই আমানক দৰ্জাখন খুলি দিবলৈ ক’লে-
“যা না খোল দে, গৌৰী অউৰ সুদি হোংগে।”
খুটুককৈ দৰ্জাখনৰ হুকটো খুলি দি কোন আহিছে নোচোৱাকৈয়ে আমান আকৌ লেপটপত কাম কৰাত লাগি গ’ল।
দৰ্জা খোল খোৱাৰ লগে লগেই ৰূপালীৰ ঘৰৰ মানুহ গপগপকৈ সোমাই আহিল।
হঠাতে ৰূমলৈ সোমাই অহা অতসোপা মানুহৰ ভৰিৰ গুমগুমনি শুনিহে আমানে মূৰ ওপৰ কৰি চালে। কপালত চন্দনৰ ফোঁট লোৱা বগাকৈ ওখ মানুহটোৱে তালৈকে ট-টকৈ চাই থকা ৰূদ্ৰ মূৰ্ত্তি দেখি আমানে লেপটপটো আঁতৰাই থৈ ৰূপালীক বহি থকাৰ পৰাই চিঞৰি মাতিলে-
-“ৰূপল, কোই আয়া হে। বিন্দিৱালা হে..। তেৰে ঘৰ সে হোগা। গুচ্চে মে লগতা হে।”
ঘৰৰ মানুহৰ চাদেন ভিজিটৰ কথা শুনি ৰূপালী পাকঘৰৰ পৰা ওলাই আহিল। তাইৰ অকণো আচৰিত নালাগিল। আগতেও এনেকৈ চাদেন চাৰপ্ৰাইজ পাইছে। তাইৰ ভাল লাগিল। ততাতৈয়াকৈ পাকঘৰৰ পৰা বাহিৰলৈ আহিয়েই দেউতাকে আমানক টৰ-টৰকৈ চাই থকা দেখিলে। ঘৰৰ অতসোপা মানুহ একেলগে হঠাতে অহা দেখি তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল।
ইফালে নিকাহৰ খং মাৰ যোৱাৰ আগতেই ৰূপালীৰ ৰূমত বিছনাতে ল’ৰা এটা বহি থকা দেখি দেউতাকৰ খং দুগুণ চাৰিল।
-“কোন এইটো?” চকু টেলেকা কৰি ৰূপালীক দেউতাকে খঙেৰে আমানলৈ আঙুলি টোৱাই সুধিলে।
-“পাপা, এয়া আমান। আমাৰ লগৰে।”
এইবাৰ বাপেকে কিবা কোৱাৰ আগতেই মাকে আগবাঢ়ি আহি ৰূপালীক চুলিকোছাত টান মাৰি ধৰিলে।
-“অ’ কাইলৈ এইটোৰ লগতে তাৰমানে তোৰ নিকাহ? এইবুলি মাকে তাইক জোৰকৈ চুলিঘটা এটা দিলে।
-“আইও মা, নহয় ঔ! মানুহৰ আগতে কেলে চুলিত ধৰিছ? কৈ আছোঁ ৰ.. চোন।”
বাহিৰত হুলস্থূল শুনি ৰাজিয়াও পাকঘৰৰ পৰা ওলাই আহিল। ৰূপালীক তাই যি দৃশ্যত দেখিলে, তাতেই তাইৰ হাত-ভৰি কঁপিবলৈ ধৰিলে। তাই লাহেকৈ আমানৰ কাষলৈ গৈ ফুচ্-ফুচাই ক’লে- “চল ভাই য়হা চে। চল নিকল লেতে হে, পতা নহি ক্যা চল ৰহা হে। গৌৰৱ কো ভী মনা কৰ দে। পতা নহি হামাৰা ক্যা হোনে ৱালা হে।”
ৰূপালীয়ে একো টলকিবই নোৱাৰিলে। লগৰীয়াৰ আগতো বৰ লাজ পালে।
ৰূপক আগবাঢ়ি আহি মাকৰ হাতৰ পৰা ৰূপালীৰ চুলিকোচা লাহে লাহে এৰুৱাই দিলেহি।
-“কি হ’ল তোমালোকৰ? তাইক এনেকৈ কিয় চুলিত ধৰিছা? মানুহ আছে ঘৰত।”
-“দেখিছোঁ নহয় মানুহ।.. তাইৰ হ’ব লগীয়া ফাপৰে ধৰা পৈয়েৰটোক। এইয়া কৰিবলৈকেহে তাইক বেংগলোৰলৈ আহিবলৈ দিছিলোঁ? নাক-কাণ সৱ কাটিলে তাই।”
আকাশে ৰূপালীক মাকৰ কাষৰ পৰা আঁতৰাই আনি চকীত বহুৱালেগৈ।
-“মই এইক একো নোসোধোঁ, তহঁতেই কথাপাত।”
ওলাই অহা চকুপানীখিনি হাতেৰে মোহাৰি লৈ দেউতাকে ভায়েকহঁতকে দায়িত্ব দিলে।
-“লিভিং টুগেদাৰত থকা কেইবছৰ হ’ল?” মাকে খঙতে প্ৰায় চিঞৰিয়েই সুধিলে।
ৰূপকে লাহেকৈ ৰূপালীক সুধিলে- কি হৈছে এইবোৰ? ভালকৈ কচোন।”
ৰূপালীয়ে লগৰবোৰৰ আগত লাজ পাই খঙতে ফোঁপাই ফোঁপাই গালি পাৰি ক’লে – “বাৰে বাৰে কৈ আছোঁ বিয়াৰ কথা নক’বি। তহঁতে নুবুজ। ধেমালি বুলি ভাৱ? ধেমালি কৰিলে বুজি নাপাৱ? এনেকৈ মানুহৰ আগত চুলিত ধৰিছ?”
কথা বাঢ়ি যোৱা দেখি নীল আগবাঢ়ি আহিল। বৰদেউতাকক কাষৰে চকীখনত বহুৱাই লৈ ভিতৰৰ পৰা পানী এগিলাচ দি ল’লে। ৰজিয়ালৈ চাই সি আৰু কেইগিলাচমান পানী আনিবলৈ ইংগিতেৰেই ক’লে-“প্লিজ চিচ্টাৰ, ইফ ইউ ড’ণ্ট মাইণ্ড…।” আমান আৰু ৰাজিয়া দুইটাই ট্ৰে এখনত ১০ গিলাচমান পানী লৈ আহিল।
-“বৰ্ত্তা, আপোনালোকে তাইক আৰু গালি পাৰিব নালাগে। কথাখিনি শুনি লওকচোন কি হৈছে।”
সৰু ৰূমটোৰ সৰু বিছনাখনত ৰূপালীৰ ঘৰৰ মানুহবোৰ বহিবলৈ ঠাই নোহোৱাই হৈছে। ৰাজিয়া আৰু আমানে লেপটপ আৰু কাগজ-পত্ৰবোৰ অলপ সামৰি দি বহিব পৰাকৈ ঠাই অকণ উলিয়াই দিলে।
আমানলৈ চাই ৰূপকে সুধিলে- “আমান। ৰাইট?.. কব সে য়হা হো.. আই মিন ৰূপালী কে সাথ?”
আমানে ভয়ে ভয়ে ৰূপকলৈ নোচোৱাকৈয়ে উত্তৰটো দিলে
-“য়হী বস আধা ঘণ্টা পেহলে সে।” সি আকৌ ক’লে -“ৰাজিয়া ভী হে য়হা.. মেৰি বেহেন”। ৰাজিয়ালৈ চাই সি আকৌ ক’লে-“ৰাজিয়া বতানা ইনকো।”
-“হা.. ৱ’.. হম… য়হা… এক্সুৱেলি এচাইনমেণ্ট বনা ৰহে হে।” এইবাৰ তাই ৰূপালীলৈ চাই ক’লে- “আৰে বতানা ৰূপল, হমে ক্যা দেখ ৰহি হে? তেৰে ঘৰ কে লোগ হে.. তু চম্ভাল.. হমে ক্যুঁ ফঁচা ৰহি হে। আৰে…. বতানা য়াৰ..।”
ৰূপালীয়ে দীঘল উশাহ এটা লৈ ল’লে। তাৰপিছত লাহে লাহে কথাবোৰ আৰম্ভ কৰিলে
-“মা, পাপা, তোমালোকে ইমান দিন মোক বুজি নাপালানে? মই মোৰ কেৰিয়াৰতকৈ আগত একোৱেই ৰখা নাই। আগতেই কৈছিলোঁ দেখোন। এতিয়াও মই বিয়াৰ কথা অলপো নাই ভবা। যেতিয়ালৈ মোৰ নিজৰ একো চাকৰি নহয়, মই বিয়া নহওঁ। আৰু এইটো মোৰ ফাইনেল কথা। তাৰ পিছৰ কথাটো হ’ল, বাইজনীৰ গা বেয়া। চাৰিদিন হ’ল। অহা নাই। মই ইয়াত অকলে কাম কৰোঁতে এচাইনমেণ্টৰ কাম সময়মতে নহ’ব পাৰে। কেনেবাকৈ মোৰ কাৰণেই সকলোৰে এচাইনমেণ্ট ৰৈ যাব পাৰে। সেইকাৰণে আমি আজি গোটেইকেইটা লগ হৈ এচাইনমেণ্টৰ কামবোৰ কৰি আছিলোঁ। অৱশ্যে… আমি… আচলতে… কালিলৈহে ৰাজিয়াৰ ঘৰলৈ গৈ এচাইনমেণ্টৰ কাম কৰাৰ কথা আছিল। কিন্তু আমাৰ এই প্লেনিঙটোত টুইষ্ট এটা আহি গ’ল।”
কথাখিনি কৈ ৰূপালী অকণমান ৰ’ল। এইবাৰ সঁচা কথাটো ক’বলৈ লৈ ভয়তে তাইৰ ডিঙিটো শুকাই যোৱা যেন হ’ল। টেবুলত ৰাজিয়াই থৈ দিয়া পানীৰ গিলাচ এটা লৈ এঢোকা পানী খাই ল’লে। তাৰ পিছত এইবাৰ তাই লাহে লাহে কথাকেইটা আকৌ আৰম্ভ কৰিলে। খুড়াকক বুজোৱাৰ নিচিনাকৈ খুব ধীৰে ধীৰে চিন্তা কৰি কৰি সাৱধানে কৈ গ’ল-
-“কথাখিনি অকণমান মন দি শুনিবচোন দেই খুড়া। কথাটো হ’ল য়ু টিউব বহুতৰে থাকে। কিন্তু চলাব জানিলে আৰু ভাল বস্তু আপলোড কৰিলেহে মানুহে চাই ভালপায়। চাই ভাল পালে চাবস্ক্ৰাইব কৰে। নীল আৰু দিগন্তহঁতে বৰ আশাৰে য়ু টউবত কামবোৰ কৰি আছে। সিহঁতৰ চাবস্ক্ৰাইবাৰো ডেৰ লাখৰ ওপৰ চুইছেগৈ। সকলোৰে মনৰ মাজত কিবা এটা হোৱাৰ বা কিবা এটা কৰাৰ হেঁপাহ থাকে। মই যেনেকৈ নিজে চাকৰি কৰাৰ আগতে বিয়াৰ কথা ভবাই নাই, মোৰ মনত যেনেদৰে নিজৰ ভৰিত থিয় হোৱাৰ হেঁপাহ আছে, তেনেকৈ নীল, আকাশ, বিশাল আৰু দিগন্তৰো আছে। সেই হেঁপাহবোৰক গালি পাৰি পাৰি জোৰকৈ দমন কৰি পেলোৱাটো ভাল কথা জানো কওঁকচোন?” অলপ ৰৈ তাই দেউতাক আৰু খুড়াকলৈ চাই আকৌ ক’লে- “অ’ পাপা, চ’ছিয়েল মেডিয়াৰেও পইচা আহে। য়ু টিউব আৰু টিকটকত ফেমাচ হৈ যাব পাৰিলে পইচা বহুত আহে জানানে বাৰু পাপা? টেলেণ্ট থাকিলে মানুহে নিজে খাবলৈ জোৰাটো বাদেই তাতকৈ বেছিকৈহে আৰ্জি ল’ব পাৰে। বহুত ল’ৰা ছোৱালীয়ে আজিকালি এইবোৰ কৰিয়েই ভাল ইনকাম কৰি আছে। গাড়ী, ঘৰ সব কৰিব পাৰিছে। আজিকালি দিনবোৰ সলনি হৈছে। আপোনালোকে অলপ বুজি পাবলৈ চেষ্টা কৰকচোন খুড়া।”
অলপ সময় ৰৈ তাই আকৌ ক’লে -“এতিয়া এটা কথা ক’ম, আপোনালোকে কিন্তু কোনেও খং নকৰিব, প্লিজ…।” আমাৰ এচাইনমেণ্টৰ কাম কাইলৈ হোৱাৰ কথা আছিল। কিন্তু আজিয়েই আমানহঁতক বেলেগ এটা কথাতহে খৰধৰকৈ মাতি দিলোঁ। আমান, ৰাজিয়া, গৌৰৱ আৰু সুদীপা-আমি গোটেইবোৰে একেটা গ্ৰুপতে এচাইনমেণ্ট কৰিছোঁ। আমানৰ লগত মোৰ একো চলি থকা নাই। আপোনালোকে মোক অকণো ভুল বুজিব নালাগে। ৰাতিপুৱা আইতাই ফোন কৰোঁতে খঙতেহে মুখেৰে ওলাই গ’ল মুছলিম ল’ৰা ভালপাওঁ বুলি। ফোনটো চাইলেণ্ট কৰি থৈ মই পাকঘৰৰ কামবোৰ কৰি কিবা এটা খায়েই খৰধৰকৈ কলেজলৈ গুছি গ’লোঁ। দুটা ক্লাছৰ পিছতহে পাপাই কৰা ফোনৰ মিছকল এসোপামান পালোঁ। মিছকল দেখি লগালগ পাপালৈ ফোন কৰিবলৈ লওঁতেই নীলে মোক ফোন কৰিলেই আৰু ঘৰত ৰাতিপুৱা সময়ত কি কি ঘটনা ঘটি গ’ল সব ক’লে।” কথাখিনি কৈ তাই আৰু এঢোক পানী খাই ল’লে। মাক দেউতাকহঁতে এটাও মাত নিদিয়াকৈ তাইক কথাখিনি ক’বলৈ দি থাকিল। খংটোও ইতিমধ্যে লাহে লাহে কমিয়েই আহিছিল। পানীঢোক গিলি উঠি অলপ ৰৈ তাই আকৌ ক’লে-
-“মা, পাপা আৰু খুড়া, এতিয়া এটা কথা ক’ম। নীলে মোক আজিৰ ঘটনাটো কণ্টিনিউ কৰিবলৈ বুদ্ধি দিলে, তাৰ প্ৰেংক ভিদিওত বোলে এইটো টপিকে বহুত চাবস্ক্ৰাইবাৰ বঢ়াব। তাক সহায় কৰিবলৈ মোৰো মন গ’ল। সেইকাৰণে মই সদায় ক্লাছত লগ পাই থকা আমান আৰু ৰাজিয়াহঁতক আজিয়েই মাতি দিলোঁ। আপোনালোকক দেখুৱাবলৈ মালা দুডালো কিনি থৈছিলোঁ। সেইয়া চাওঁক, বিছনাত, গাৰুৰ কাষতে আছে। পিছে আমানহঁতক গোটেই কথাটো ক’বলৈ পোৱাৰ আগতেই আপোনালোক আহি পায়েই গ’লহি। সেইফালে চাওঁকচোন, আপোনালোকৰ সন্মুখত থকা সেই বাস্কেটটোৰ ওপৰটো…, কেমেৰা এটা লুকুৱাই থোৱা আছে। এইটো আমি কিটাই প্ৰেংক কৰিলোঁ।”
ৰূপকে লগে লগে কৈ উঠিল- “ইহঁতে এনেকুৱা কিবাকে কৰিছে বুলি মই অনুমান কৰিছিলোঁৱেই। মিছামিছি ইমান বেয়াকৈ তাইক গালি পাৰি, চুলিত ধৰি অত্যাচৰ কৰিব নালাগে নহয়। অলপ ধৈৰ্য্য ধৰিবও লাগে।”
কথাটো শুনি মাকে লগে তাইক সাৱটি ধৰি চুমা কেইটামান খালে। খুড়ীয়েকেও গালে-মুখে মৰম কৰি তাইক সাৱটি ধৰিলে-
“মই জানিছিলোঁ, ৰূপাই কেতিয়াও এনেকুৱা কাম নকৰে।” মাকে বুকু ফিন্দাই ক’লে।
বৰদেউতাকে নীললৈ অভিমানী চাৱনিৰে চাই ইফালে মূৰ কৰি ক’লে-
-“হ’ব দে। তহঁতৰ যি মন যায় তাকে কৰিবি। মাত্ৰ লক্ষ্যভ্ৰষ্ট নহ’বি আৰু সন্মান হানিকৰ একো কাম নকৰিবি।”
এইবাৰ ৰূপালীলৈ চাই তেওঁ বহাৰ পৰা আগবাঢ়ি আহি ক’লে-
“শংকৰ আজানৰ দেশত হিন্দু মুছলিম বুলি কথা নাই। যাৰ লগতে বিচাৰ বিয়া হ’বি। কিন্তু যি ধৰ্মৰে নহওঁক, ল’ৰাটো কিন্তু গোড়া হ’ব নালাগিব। সেইটো মনত ৰাখিবি।”
খুড়াকেও লাহেকৈ মাত দিলে- “অঁ মাজনী, ভগৱানে মানুহহে বনাইছে ধৰ্ম নাই বনোৱা নহয়। কৰ্মইহে ধৰ্ম।” এইবাৰ তেওঁ নীল অাৰু আকাশলৈ চাই খঙতে ক’লে-“ঘৰলৈ গৈ পাই ল। প্ৰেংক বনাবলৈ আহে.. চাল্লা হিজৰা গাধসোপা আমাৰ ঘৰতে জন্ম পালে।” এইবুলি তেওঁ আকাশক কাণচেপা এটা দিলে।
-“অ’ দেউতা, কেমেৰাত সৱ উঠি আছে, মানুহৰ চকুত মই হিৰো, এৰি দিয়া।”
আকাশৰ ইমেজ নষ্ট হোৱা দেখি গোটেইসোপাই হাঁহিবলৈ ধৰিলে।
ৰাজিয়া আৰু আমানে একো নুবুজিলে। তথাপিও সবেই হঁহা দেখিয়েই হাঁহিলে।
নীলে কেমেৰাৰ আগলৈ আগবাঢ়ি আহি ডাইলোগ মাৰিলে,
-“অগৰ কিচি পিকচাৰ কি এণ্ডিং হেপ্পি এণ্ডিং নহি হুৱা, ট’ পিকচাৰ অভী বাকী হে মেৰে দোস্ত।”
☆ ★ ☆ ★ ☆
5:33 pm
ভাল লাগিল
7:08 am
পঢ়ি চোৱাৰ বাবে ধন্যবাদ। ?
6:57 am
সুন্দৰ
7:10 am
পঢ়ি চোৱাৰ বাবে ধন্যবাদ?
9:01 pm
ভাল লাগিল।
9:15 pm
সুন্দৰ
9:16 pm
মজা, বহুত ভাল লাগিল ।