কাক-বিষ্ঠা- উচ্চজিৎ দশগিৰী
মাত্র দুটা চুবুৰী থকা প্ৰান্তৱৰ্তী গাঁওখনৰ এটা চুবুৰিৰ পঞ্চাশটা পৰিয়ালে ‘বৃন্ধ্য’ ধৰ্ম আৰু আনটো চুবুৰিৰ আঠচল্লিশটা পৰিয়ালে ‘উতাণ্ড’ ধৰ্ম পালন কৰে।
গৃহস্থৰ বাপেকৰ শ্ৰাদ্ধ উপলক্ষে বৃন্ধ্য ধৰ্মৰ মানুহবোৰৰ এঘৰত ভোজ পাতিছে। পিছ চোতালত চৌকাৰ ওপৰত ডাঙৰ কেৰাহীত আঞ্জা উতলি আছে। বতাহত বিয়পি পৰা মলমলীয়া গোন্ধেই কয় ৰান্ধনি পাগত উঠা। গাঁৱৰ সকলো বৃন্ধ্যধৰ্মীয়ে চোতালত শাৰী পাতি বহিছে আৰু বিভিন্ন কথা পাতি খাবলৈ ৰৈ আছে।
হঠাৎ কাউৰী এটা উৰি আহি উতলি থকা আঞ্জাত বিষ্ঠা ত্যাগ কৰিলে। ৰান্ধনিয়ে হুৱা-দুৱা লগালে। গৃহস্থ দৌৰি আহিল। কথা শুনি সকলো বিপাঙত পৰিল। আঞ্জা ৰন্ধা প্ৰায় শেষ হৈছিলেই। বয়োজ্যেষ্ঠসকলক গৃহস্থই এই আঞ্জা পেলাই দিব লাগে নে নালাগে সুধিলে।
বৃন্ধ্য সমাজৰ বুঢ়া মানুহ এজনে ক’লে – ‘বলা, আমি আমাৰ ঈশ্বৰ-পূজাৰীক সুধি আহোঁ’।
ভোজ খাবলৈ অহা মানুহবোৰ বৃন্ধ্য-পূজাৰীৰ ওচৰ পালে। তেওঁ ৰাইজৰ কথা শুনি বৃন্ধ্যতত্বখন খুলি ল’লে। পিছে কাক-বিষ্ঠা পৰিলে আঞ্জা খাব লাগে নে পেলাব লাগে বৃন্ধ্যতত্বৰ ক’তো লিখা নাই।
বৃন্ধ্য-পূজাৰীয়ে ৰাইজক আধাঘণ্টা যি য’ত আছে তাতে ৰ’বলৈ কৈ ঘৰৰ আগ-দুৱাৰ মাৰি দিলে। ৰাইজে ভাবিলে বৃন্ধ্য-পূজাৰীয়ে আঞ্জাত কাউৰীৰ বিষ্ঠা পৰা সমস্যাৰ সমাধান বিচাৰি ঘৰৰ ভিতৰত একান্ত সমাধিত বহিছে।
ৰাইজ চোতালত ৰৈ থাকোঁতে বৃন্ধ্য-পূজাৰীয়ে গায়ে-মূৰে কাপোৰ মেৰিয়াই পিছ দুৱাৰেদি মনে মনে ওলাই গৈ সিটো চুবুৰিৰ উতাণ্ড-পূজাৰীৰ ঘৰ পালেগৈ আৰু উতাণ্ডসকলে কাউৰীৰ বিষ্ঠা পৰিলে আঞ্জা খায়নে নাখায় সুধিলে। উতাণ্ড পূজাৰীয়ে বেছ কিছু সময় ভাবি বিজ্ঞৰ দৰে ক’লে- ‘নাই, আমি নাখাওঁ’।
আধাঘণ্টা পিছত বৃন্ধ্য-পূজাৰীৰ ঘৰৰ আগ-দুৱাৰ খোল খালে।
অপেক্ষাৰত সমস্ত বৃন্ধ্য ৰাইজলৈ চাই তেওঁ অভিজ্ঞ জ্ঞানীৰ দৰে ক’লে – ‘সমাধিত বহি মই গম পালোঁ যে উতাণ্ডসকলে আঞ্জাত কাক-বিষ্ঠা পৰিলে নাখায়। গতিকে আমি বৃন্ধ্যসকলে খাব পাৰোঁ। বৃন্ধ্যদেৱৰ আশীৰ্বাদত সেয়া সুস্বাদু হৈ পৰিছে৷’
বৃন্ধ্যসকল হাঁহিমুখে গৃহস্থৰ ঘৰৰ চোতাল পালে। ভোজ খাই উঠি মানুহবোৰে কোৱাকুই কৰি ফুৰিছে যে সিদিনা ভোজৰ আঞ্জাৰ সোৱাদ স্বৰ্গীয় হৈছিল।
☆ ★ ☆ ★ ☆
1:46 pm
বঢ়িয়া লাগিল উচ্চ
3:49 pm
বৰ ভাল লাগিল
4:17 pm
বঢ়িয়া লাগিলে
12:45 am
অতি উচ্চ খাপৰ ব্যংগ। ভাল লাগিল পঢ়ি
10:51 pm
সুন্দৰ, বহুত ভাল লাগিল ।