ফটাঢোল

বুদ্ধিৰ জলঙাৰে : বিজু বুঢ়াগোহাঁই

অইন দিনাৰ দৰেই শ্ৰেণীকোঠালৈ সোমাই গ’লোঁ। মই গুৱাহাটীৰ নিম্ন প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী। চতুৰ্থ শ্ৰেণীৰ এটা শাখাত অসমীয়া আৰু ইংৰাজী পঢ়াও। প্ৰথমে অসমীয়াৰ পিৰিয়ডটো কৰোঁ আৰু তাৰপিছত ইংৰাজীৰটো কৰোঁ। সেইদিনাও একেদৰেই কৰিম বুলি আৰম্ভ কৰিলোঁ। কিন্তু প্ৰথম পিৰিয়ডটো শেষ হোৱাৰ আগে-আগে ছাত্ৰ-ছাত্ৰীসকল এজনৰ পিছত এজনকৈ বাহিৰলৈ যাবলৈ অনুমতি বিচাৰি মোৰ কাষলৈ আহিল। মই সাধাৰণতে প্ৰথম পিৰিয়ডত কাকোৱেই বাহিৰলৈ যাবলৈ নিদিওঁ। কিন্তু সেইদিনা অলপ বেলেগেই কাৰবাৰ, যাবলৈ নিদিলে হেনো পেনতেই ওলাব। সেয়ে ময়ো যাবলৈ দিলোঁ। প্ৰথমে দুজন-দুজনকৈ আঠজনমান গ’ল। ময়ো ৰেহ-ৰূপ চাওঁ বুলি দিলোঁ যাবলৈ, দেখিলোঁ গোটেইকেইজনেই গ’ল ইংৰাজীৰ পিৰিয়ড আৰম্ভ হোৱাৰ আগতেই। তেনেতে বে’ল বাজিল, সিহঁতক ইংৰাজীৰ কিতাপ-বহী উলিয়াবলৈ দি ক’মন-ৰূমলৈ গ’লোঁ ৰেজিষ্টাৰখন থৈ আহিবলৈ। তিনিমিনিটমান ৰৈ আকৌ আহিলোঁ শ্ৰেণীকোঠালৈ, আহি আচৰিত হৈ পৰিলোঁ। একেবাৰে কিতাপ-বহী আগত লৈ শান্ত-শিষ্ট হৈ বহি আছে। ভালেই পালোঁ। অলপ সময় অন্ততঃ শান্তিত পঢ়াবলৈ পাম। তেনেকৈ অলপ সময় কিবা কিবি কৰিবলৈ দিলোঁ, কৰিলে। তথাপিও কথা-বতৰা নাই, হৈ-হাল্লা নাই। মোৰ মনতো কিন্তু এইবাৰ অলপ কিবা এটা বেয়া লাগিল। সিহঁতক সুধিলোঁ, ‘কি হ’ল? মাত-বোল নাই যে? কোনেও একো কোৱাও নাই দেখোন।’

নাই, সিহঁতৰ তেতিয়াও মাত নাই। তাৰ মাজতে ছাত্ৰী এজনীয়ে কিতাপখন দেখুৱাই আগদিনা পঢ়াই থৈ যোৱা পাঠটো পঢ়ি শুনালে। মই নোকোৱাকৈয়ে পঢ়িলে। বোলো আজি ৰাইজ দেখোন শেনৰ এজাত, কথা কি! সুধিলেও নকয়। আনদিনা হোৱা হ’লে ইটোৱে মাৰিছে, তাই চিকুটিছে, সি বেয়া কথা কৈছে বুলি কেইটা যে গোচৰ আহিল হয়! সেইদিনা কিন্তু একেবাৰে চুপ-চাপ।
গোচৰবোৰ আহিলে বেয়া পাওঁ, খং উঠে, কিন্তু সেইদিনা আকৌ বেয়া লাগিছে। তথাপিও পিৰিয়ডটো কৰি আছোঁ। প্ৰধান শিক্ষয়িত্ৰী বাইদেউক সুধিলোঁগৈ যে মই ক’মন ৰূমলৈ যাওঁতে সিহঁতক কিবা কৈছিল নেকি বুলি। তেৱোঁ‌ একো নাই কোৱা বুলি কৈ ‘কি হৈছেনো’ সুধিলে। ময়ো ক’লোঁ। তেওঁ‌ক কওঁতে আন এগৰাকী বাইদেৱে শুনি আছিল। তেওঁ খুউব হাঁহিলে। মই আচৰিত হৈ তেওঁক হঁ‌হাৰ কাৰণ সুধিলোঁ। তেওঁ তেতিয়া ক’লে, ‘তুমি পাহৰিলা নেকি?’

মই আচৰিত হৈ চাইয়ে আছিলোঁ‌।

তেওঁ‌ আকৌ ক’লে, ‘তুমি যে কালি কৈছিলা সিহঁতক ইংৰাজী পিৰিয়ডত কেৱল ইংৰাজীত হে কথা পাতিব পাৰিব। সেইকাৰণে সিহঁতে কথাই নাই পতা।’

এইবুলি কৈ বাইদেউগৰাকীয়ে আকৌ হাঁহিবলৈ ধৰিলে। কথাটো মনত পৰাত মই আৰু প্ৰধান শিক্ষয়িত্ৰী বাইদেৱেও হাঁহিবলৈ ধৰিলোঁ‌। হয়তো আগদিনাখন ময়েই কৈছিলোঁ যে তোমালোকৰ যিমান কথা পাতিবৰ মন যায়, পাতিবা। কিন্তু অসমীয়াত নহ’ব ইংৰাজীৰ পিৰিয়ডত ইংৰাজীতেই কথা পাতিব লাগিব। যদি নাপাতা মই কিন্তু প্ৰধান শিক্ষয়িত্ৰী বাইদেউক কৈ দিম। ময়ো ইমান পাহৰিব লাগেনে বুলি সোমাই আহিলোঁ শ্ৰেণীকোঠালৈ। এইবাৰ কিন্তু মোৰ সিহঁতলৈ চাই হাঁহিও উঠিছে। মনতে ভাবিলোঁ, ‘থাকচোন কিমান দেৰি নো কথা নপতাকৈ থাকিবি। আজি নাপাতিলেও কাইলৈটো পাতিবিয়েই।’

মই আকৌ কিবা এটা লিখিবলৈ দিলোঁ। তেনেতে ছাত্ৰী এজনীয়ে আহি মোক বাহিৰলৈ যোৱাৰ অনুমতি বিচাৰিলে। মই বোলো অসমীয়াত নহ’ব, ইংৰাজীত কোৱা। তাই নকয়। ময়ো নাচোৰবান্দা, ইংৰাজীত ক’লেহে যাবলৈ দিম। তাইক আকৌ ক’লোঁ যে, ভুল হ’লেও হ’ব, চেষ্টাতো কৰা। তাই তেতিয়া ঘেঁহাই-ঘেঁহাই ক’লে,
‘মিছ ইউ আৰ বাথৰূম গৌ।’

☆ ★ ☆ ★ ☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    মৰমে লাগে

    Reply
  • Upasana Deka

    বহুত ভাল লাগিল পঢ়ি। পোৱালি বোৰৰ কাম বোৰ বৰ মৰম লগা।

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • Sadananda Bhuyan

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *