অথঃ অনলাইন ক্লাছ সম্বাদ : শ্ৰী খনিন্দ্র ভূষণ মহন্ত
ক’ৰণাৰ প্রভাৱত লক-ডাউনে অনা অনাকাংক্ষিত বন্ধত আমাৰ গতানুগতিক শিক্ষা-ব্যৱস্থাত যতি পৰিল। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোতে তলা। তেনেতে ওপৰ মহলৰ পৰা নির্দেশ আহিল: ‘অনলাইন ক্লাছ’ কৰাব লাগে। কেনেকৈ কি ব্যৱস্থা কৰিম, সেয়া সম্পূর্ণ নিজৰ। দিনৰ দিনটো শুই-বহি থকাৰ অভ্যাস তেনেকৈ নাই বাবেই নেকি, লাহেকৈ আমনি লাগিবলৈ লৈছিল। গতিকে কৰি ভালপোৱা কামটোত ব্যস্ত থাকিবলৈ পোৱাত ভালেই পালোঁ। সেইখিনিলৈকে সকলো ঠিকেই আছিল। মূল গণ্ডগোলবোৰ আৰম্ভ হ’ল পাছতহে।
লক-ডাউনৰ এই সময়ছোৱাত ‘অনলাইন ক্লাছ’ৰ নামত আহৰণ কৰা কেইটামান সোণসেৰীয়া অভিজ্ঞতা তলত উল্লেখ কৰিলোঁ-
স্নেপশ্বট ১ : ফোন নম্বৰ সংগ্রহ
‘অনলাইন-ক্লাছ’ৰ বাবে প্রয়োজনীয় প্রাথমিক উপাদানটোৱেই মোৰ হাতত নাই। ফোন নম্বৰবোৰ। হেড-ছাৰক ‘হৈ যাব’ বুলি ক’লোঁ হয়, কিন্তু হ’ব কেনেকৈ! এই কথাটো ভাবি-ভাবি দুটা দিন বর্বাদ কৰি দিলোঁ (অঁ, ‘ৱেব-চিৰিজ’ চাইছোঁ, সেইটো বেলেগ কথা)। নাই। একো উত্তৰ নাই। ইফাল-সিফাল কৰি থাকোঁতেই কথা এটা মনত পৰিল। কিছুদিন আগতে ছাত্রী এজনীয়ে তাইৰ বিয়ালৈ নিমন্ত্রণ কৰিবলৈ ফোন কৰিছিল। তাইৰ ভায়েকতো মোৰে ছাত্র। গতিকে কিবা এটা ‘মেনেজ’ হোৱাৰ আশা দেখিলোঁ।
ছাত্রীলৈ ফোন কৰি সৌজন্যমূলক দুটা কথা পাতি তাইৰ ঘৰৰ ফোন নম্বৰটো ল’লোঁ। ঘৰৰ নম্বৰলৈ ফোন কৰি অভিভাৱকক কথাটো বুজাই দিলোঁ যে তেওঁৰ পুতেকৰ চিনাকিখিনিৰ যিমানৰ ফোন নম্বৰ আছে, মোক যাতে দয়া কৰি হোৱাটচ্-এপত দিয়ে। ‘অনলাইন ক্লাছ’ কৰোৱা হ’ব বাবে লাগে। আধাঘণ্টা মানৰ ভিতৰতে তেখেতে সাতটা নম্বৰ যোগাৰ কৰি দিলে। সেইকেইটা নম্বৰলৈ ফোন লগাই একেখিনি কথাকে এফালৰ মুখস্থ মতাদি মাতি গ’লোঁ।
শ্রেণীটোত ৪৬জন ছাত্র-ছাত্রী। ইজন-সিজনৰ পৰা গোটাই মেলি মোৰ হাতত মুঠেই ৩৯টা নম্বৰ গোট খালে। কিন্তু হোৱাটচ্-এপ গ্রুপ খুলিবলৈ লৈ দেখিছোঁ তাত কেৱল ৩৩জনহে আছে।
‘ডিজিটেল ইণ্ডিয়া’ত থাকিও যে সকলোৱে স্মার্টফোন ব্যৱহাৰ নকৰে মই পাহৰি গৈছিলোঁ।
স্নেপশ্বট ২ : নম্বৰ বিভ্রাট
ছাত্র-ছাত্রীসকলৰ হাতত গাইগুটীয়াকৈ মোবাইল ফোন থাকিব বুলি ভবাটো মূর্খামি। অৱধাৰিতভাৱে তেওঁলোকে মাক, দেউতাক, ককায়েক, বায়েক আদিৰ নম্বৰ দিছে। ঘৰৰ কথা, মিলাই লৈছে তেনেকৈ বুলি ভাবি ল’লোঁ।
গোট খুলিলোঁ। লগে-লগে Good Morning friends বুলি লিখা ফটো, নাইবা ভগৱানৰৰ GIF, হাঁহি উঠা ভিডিঅ’, জোনবাইৰ সৈতে আকাশ এখনত Good Night লিখা ফটো আদিৰে মোৰ ‘গেলাৰী’ ভৰি পৰিল। বাৰম্বাৰ মানা কৰাৰ পাছতো সেইটো কমাব পৰা নাই।
দুদিন গ’ল। মই মন কৰিলোঁ, মুঠ ছাত্র-ছাত্রীৰ আধাতকৈ কেইজনমানহে ‘এক্টিভ’। বেছিখিনিলৈ ‘মেচেজ ডেলিভাৰ’ নহয়েই। থকাখিনিৰো কেইজনমানে ক্লাছৰ সময়ত ‘হাঁ’, ‘হুঁ’ একোকে নামাতে। সন্দেহ এটা জাগিল। এদিন ক্লাছ শেষ কৰি ক্লাছত ‘ইন-এক্টিভ’ নম্বৰ এটাত ফোন কৰিলোঁ।
: হেল্ল’
: অমুক আছেনে?
: মই অমুকৰ গাঁৱৰে। কওকচোন।
: সি ক্লাছ কৰা নাই যে!
: মই নাজানিম ছাৰ। তাক সন্ধিয়া সুধিমগৈ।
: হ’ব বাৰু।
বেলেগ এটা নম্বৰত ফোন লগালোঁ।
: হেল্ল’
: অমুক আছেনে? মই সিহঁতৰ মহন্ত ছাৰে কৈছোঁ।
: আছে ৰ’ব। তাক দিম নেকি?
: নালাগে বাৰু। সি অনলাইন ক্লাছ কিয় কৰা নাই? গ্রুপত ‘এড’ কৰি থৈছোঁ দেখোন!
কি ক’ম ভাবি নাপালোঁ।
ইয়াৰ পাছৰ ফোনবোৰ কাৰোবাৰ মোমায়েকৰ জীয়েকে উঠালে, কাৰোবাৰ ঘৰৰ ওচৰৰ দোকানীজনে…।
স্মার্টফোন থাকিল বুলিয়েই সকলোৱে নেট পেক ভৰায়েই বুলি ভবাটো জানো শুদ্ধ? নিজকে সুধি চালোঁ। উত্তৰত এটা হুমুনিয়াহৰ বাদে একো নাহিল।
স্নেপশ্বট ৩ : Zoom appৰ বিহু
ছাত্র-ছাত্রীৰ সংখ্যালৈ লক্ষ্য ৰাখি সকলোৱে কৰোৱাৰ দৰে আগতে কাহানিও নাম নুশুনা Zoom App ডাউনল’দ কৰি ল’লোঁ। Meeting এখন ‘এৰেঞ্জ’ কৰি লিংকটো ক্লাছৰ হোৱাটচ্-এপ গ্রুপটোত দি দিলোঁ। সিহঁতক বুজায়ো দিলোঁ কেতিয়া লিংকটোত ‘ক্লিক’ কৰি সোমাব পাৰিব। গ’ল কথা গুচিল। দুপৰীয়া ভাতসাঁজ খাই ঘোঁৰা বাগৰ মাৰি আছিলোঁ। বাজিল ফোনটো। দেখিলোঁ, ছাত্র এজনৰ নামত ‘চেভ’ হৈ থকা নম্বৰ এটা।
: নমস্কাৰ ছাৰ।– অভিভাৱকৰ মাত।
: নমস্কাৰ। কওকচোন।
: ছাৰ আপোনাৰ মোবাইলটোৰ পৰা গ্রুপত কিবা-কিবি মেচেজ আহিছে।
: (কিবা এটাই যেন ধমহকৈ মাৰিলে! গিৰিপকৈ উঠি বহিলোঁ।) কি মেচেজ? চাওঁ ৰ’ব।
ফোন কাটি হোৱাটচ্-এপ খুলি দেখিছোঁ একো নাই। আকৌ ওলোটাই ফোন লগালোঁ। সেইবাৰ পুতেকে কৈছে, “ছাৰ, দেউতাই আপুনি দিয়া Zoom ক্লাছৰ লিংকটোকে বেলেগ বুলি ভাবিছিল।”
পাছদিনা ক্লাছ আৰম্ভ কৰিবলৈ সাজু হ’লোঁ। কিন্তু ছাত্র-ছাত্রী পাঁচজনমানহে আছে। গ্রুপত মেচেজ দি সুধিলোঁ, “কি হ’ল, কোনো নাই যে?” বেছিসংখ্যকেই “ছাৰ Connect হ’ব পৰা নাই” বুলি ক’লে। লাগিল কেণা। যঁজি যুঁজি ওলিয়ালোগৈ, ‘পাচৱর্ড’ত 0(শূন্য)ৰ ঠাইত o লিখি আছে। ক’ৰপৰা হ’ব? তাৰ পাছতো কাৰোবাৰ যদি ভিডিঅ’ অহা নাই, কোনোবাই ‘মিউট’টো আঁতৰাব পৰা নাই।
ক’ৰণাৰ কৃপাত ৰাইজে বিহু পাতিব নোৱাৰিলে কি হ’ল, Zoomত ক্লাছ কৰা আৰু কৰোৱাসকলে ভালকৈয়ে দেখি গৈছে। বিশেষকৈ আমাৰ দৰে যাৰ ইণ্টাৰনেটৰ গতি কাছখুজীয়া, তেওঁলোকেতো দেখিছেই দেখিছে।
স্নেপশ্বট ৪ : ক্লাছৰ মাজৰ ইটো-সিটো
দুপৰীয়া একমান বাজিছে। ক্লাছ শেষ হ’বলৈ বেছি সময় নাই তেতিয়া। ইতিমধ্যে পঢ়াই শেষ কৰা কথাখিনিৰ পুনৰীক্ষণ চলাই আছিলোঁ। তেনেতে ছাত্রী এজনীয়ে কৈ থকা কথাৰ ‘বেকগ্রাউণ্ড’ত বাজি উঠিল, “অ’ আইজনী, দুটা হুইচেল মাৰিলে গেছৰ ষ্টভটো বন্ধ কৰি দিবি।”
স্বাভাৱিকতে তাই অপ্রস্তুত হৈছিল। মই কথাটো পাতলাই দিলোঁ, “একো নাই। সৱৰে ঘৰতে এনেকুৱা হৈয়েই থাকে।” সেইখিনি নক’ৰিলে লগৰবোৰে যে তাইক জোকাব, মই খাটাং। অৱশ্যে মই কোৱাৰ পাছতো জোকাইছে যদি মই নাজানোঁ।
আন এদিনৰ কথা। তেতিয়ালৈ মই ‘মিউট’ কৰিব পাৰি বুলি জনা নাই (এনেও এইবোৰত মই কেঁচা)। পঢ়াই থাকোঁতে কাৰোবাৰ ঘৰত কথা পতাৰ শব্দ ভাহি আহি আছিল। ইমান মন দিয়া নাই। ঘৰত সেইবোৰ তেনেই সাধাৰণ কথা। লাহে-লাহে হাঁহিবোৰৰ প্রাৱল্য বাঢ়ি আহিল। উপায় নাপাই কাৰ ঘৰত কি হৈছে সুধিলোঁ। লাজ-লাজকৈ ছাত্র এজনে ক’লে, “ছাৰ, আমাৰ ঘৰতে। মাহঁতৰ গোটৰ মিটিং হৈ আছে। সকলোৱে মাস্ক পিন্ধি আহিছে ছাৰ, সামাজিক দূৰত্বও মানিছে।”- মই নোসোধাকৈয়ে সি ক’লে।
এইবাৰ ময়ো হাঁহি ৰখাব নোৱাৰিলোঁ।
শিক্ষাৰ বাবে পৰিৱেশ লাগে। কথাটো সকলোৱে বুজেনে?
☆ ★ ☆ ★ ☆
2:39 pm
বৰ ৰসালকৈ লিখিলা। ভাল লাগিল
2:56 pm
বহু কামৰ বিষয় ক’বলৈ সহজ, কৰিবলৈহে টান৷ অভিজ্ঞসকলে বুজে৷ ভাল লাগিল লেখাটো৷
3:40 pm
সুন্দৰ লিখিলে ।
4:38 pm
ভাল লিখিছে | একে অভিজ্ঞতা অৰ্জন কৰি থৈছো|
7:06 pm
বাস্তৱ সত্য ,সুন্দৰ