ফটাঢোল

লকডাউন পদ্য : শংকৰ শৰ্মা

(১)
কৰ’নাৰ ভয়ত সঘনাই ধুই আছোঁ হাত
কথাটো গম পাই ঘৈণীয়ে লগালে মাত
হাত ধোৱাৰ চলতে
বাচনখিনিও ধুই আনা বেগতে
খাব খুজিছা যদি আজি দুপৰীয়াৰ ভাত।

 

(২)
মাস্ক পিন্ধি ঘূৰি আছে শ্ৰীমতী মোৰ
কথাটো ভাবিয়েই আনন্দ লাগিল ঘোৰ
লিপষ্টিকৰ খৰছ কমি গ’ল
টকা কিছু ৰাহি হ’ল
সেয়ে লকডাউন বঢ়াবলৈ কৰিলোঁ‌ হাতযোৰ।

 

(৩)
ব’হাগত পাতিম বুলি ভাবিছিলোঁ‌ বিয়া
চাৰিওফালে লকডাউন ভাঙি গ’ল হিয়া
শহুৰৰ নাম গোপাল
মোৰে পুৰা কপাল
ফোনতে কইনাৰ লগত চলাই আছোঁ হিয়া-দিয়া-নিয়া।

(৪)
লকডাউন নামানি ওলাই গ’ল ৰমনী
বাটতে পুলিছে পাই কৰি দিলে ‘বহনি’
ছিঙি দিলে পিঠিৰ ছাল
পত্নীয়ে বোলে হায়ৰে কপাল!
চাবলৈহে গৈছিল সি, খুলিছে নেকি সুৰাৰ বিপনী!

 

(৫)
বিহু বুলি তাই খুলি থৈছিল হৃদয়ৰ জপনা
বিহু নাহিল আহি গ’ল ক’ৰোণা
ঢোল-পেঁ‌পা-টকা
মন তাইৰ উকা
মনেশ্বৰে যে দিব নোৱাৰিলে তাইক এইবাৰ গহনা।

 

(৬)
গৃহবন্দী হোৱাৰ বাবেই দাড়ি-চুলি হ’ল ভোবোকাৰ
চিনিবই নোৱাৰি সিয়েই যে ভবেন কৰ্মকাৰ
বাহিৰত থকা পুতেক আহি
সুধিলে তাকেই কাঁহি কাঁহি
ককা, দেউতা ক’লৈ গ’ল লগাই দিলে হাঁ‌হাকাৰ।

 

(৭)
লকডাউনত সৃষ্টি হ’ল ঢেৰ শিল্পী-সাহিত্যিক
আমাৰ গাঁঁ‌ৱৰ ৰহিলাইও কবিতা লিখিলে ফেণ্টাষ্টিক
গান গাই, ভিডিঅ’ বনাই
ছোচিয়েল মিডিয়া গ’ল ৰজনজনাই
পেন্সনৰ বাবে এপ্লাই কৰিলেহে কথা হ’ব সাংঘাতিক।

☆ ★ ☆ ★ ☆

4 Comments

  • শৰৎ মহন্ত ।।নগাঁও ।।

    হাঃ হাঃ
    ভাল লাগিল ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা

    Reply
  • ৰশ্মি ৰেখা

    খুব সুন্দৰ।

    Reply
  • Sadananda Bhuyan

    অতি সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *