ফটাঢোল

পঞ্চপদী : হেমেন ডেকা

(১)
মানুহৰ বিলৈ দেখি হেৰায় মুখৰ মাত
তথাপিও একাংশৰ কথা নালাগে গাত
এৰিব নোৱাৰে ঘূৰা-ফুৰা
আপদত হয় দিশহাৰা
সংক্ৰামক ক’ৰোনাৰ নেদেখে শীতল হাত!

 

(২)
সেপঢুকি থকাতকৈ বোলে ভাল খাই মৰা
চোৰাং বজাৰত অৱশ্যে দাম কিছু চ’ৰা
লক্ ডাউন জীৱন
সিবিধত আসক্ত মন
ৰাইডাঙৰ মাৰত দৌৰে ছিঙি তৰানৰা!

 

(৩)
ক’ৰোনাৰ কেনে কালান্তক কোপ
কিমানে কৰিছে কলপ্ কলপ্
কলিকালৰ কালনেমি
কিংকৰ্তব্যবিমূঢ় কৰ্মী
কৰতলত কালসৰ্পৰ কূপ!

 

(৪)
য’তে ত’তে কিলবিলাই প্ৰাণঘাতী ক’ৰোনা
যুঁজ জিকাৰ প্ৰান্তে প্ৰান্তে কত পৰিকল্পনা
যুযুধান দেখোঁ শত-সহস্ৰ স্বাস্থ্যকৰ্মী
যমে নেচায় কোন ধৰ্মী কোন অধৰ্মী
জীৱন থৌকি-বাথৌ,সাৱধানতাই সান্ত্বনা৷

☆ ★ ☆ ★ ☆

3 Comments

  • HEMANTA KAKATI

    বহুত সুন্দৰ হেমেন!

    Reply
  • Sadananda Bhuyan

    আপোনাৰ পঞ্চপদীৰ তুলনা নাই ।

    Reply
  • পৰীস্মিতা দাস

    বহুত ভাল লাগিল দাদা ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *