চেকেণ্ড হেণ্ড প্ৰেমপত্ৰ- দিম্পল কলিতা
আমি যিমানেই আধুনিক হৈ আহিছোঁ লাগিলে তথাপিও কিন্তু প্ৰেমৰ ক্ষেত্ৰখনত সেই বগা কাগজৰ চিয়াঁহীৰ আৱেগৰ শব্দবোৰৰ এক সুকীয়া পৰিচয় আছে। মোবাইলৰ কিপেইডত ভাল পোৱাৰ প্ৰকাশখিনি কৰিবলৈ যিমান সহজ তাতকৈ অধিক কঠিন এখন উকা কাগজত শব্দবোৰেৰে প্ৰেমৰ প্ৰকাশ কৰা৷ এতিয়াৰ গুড মৰ্নিংৰ পৰা ৰাতি শুই যোৱাৰ সময়ত দিয়া চুমাৰ চিম্বলটোৰ মেছেজটো সকলো যেন তেনেই সহজলভ্য। প্ৰতিটো বিষয়, প্ৰতি সময়ৰ খবৰ প্ৰিয়জনৰ ওচৰত। কিবা যেন ভাললগাৰ মাজতো কিবা ভাল নলগা৷ অলপ দূৰত্বৰ প্ৰয়োজন আছে যি দূৰত্ব চিঠিয়ে দিছিল সেই সময়বোৰত প্ৰেমক৷
সঁচা কথা ক’বলৈ গ’লে মই প্ৰেমপত্ৰ ভাল লিখোঁ। বহুত আৱেগ ঢালি লিখিব পাৰোঁ৷ গাঁৱৰ বহুত প্ৰেমিক-প্ৰেমিকাৰ অমৰ প্ৰেমৰ শক্তি মই লিখা প্ৰেমপত্ৰবোৰেই। কেতিয়াবা চিংৰা কেতিয়াবা পেপচি , কেতিয়াবা পৰঠা-ঘুগুনি এনেকুৱা দুই এবিধ খাদ্য ভেটি দিয়েই সিহঁতবোৰে জীৱনৰ প্ৰথমখন চিঠি মোৰ পৰা লৈ গৈছিল। সদায় চিঠিখন গ্ৰাহকজনৰ ওচৰত তুলি দিয়াৰ সময়ত নিজকে জন্ম-কুণ্ডলী গণনা কৰা গণক যেনেই ফিল এটা হৈছিল। যেন বহুত ডাঙৰ দায়িত্ব এটা শেষ কৰিলোঁ। বেলেগৰ মনৰ কথাবোৰ নিজে লিখি আনক এক কৰাটো সদায় এক চেলেঞ্জৰ দৰে হৈছিল। আৰু প্ৰতিবাৰেই যেন কোনোবাখিনিত সফল হৈছিলোঁ। সিহঁতৰ মুখত হাঁহি ওলমিছিল সেইপিনৰ পৰা পোৱা চিঠিৰ উত্তৰত আৰু এই প্ৰেমৰ ক্ষেত্ৰখনত মই নিজে আকৌ পিছপৰি আছিলোঁ। ভাল বহুবাৰ বহুতকে লাগে বহু ঠাইত। কিন্তু ভাল লগাবোৰ তেনেকৈ ভাল লগা হৈয়ে ৰৈ যায়। নিজৰ মনৰ ভিতৰৰ সাহসটো আনিবলৈ বেছি সময় লাগিল যদিও এদিন টঙালি বান্ধিলোঁ৷ মানে মই প্ৰেমত পৰিলোঁ। লগৰ এজনক এখন চিঠি হাতত তুলি দিলোঁ৷ চিঠিখন সিহঁতৰ ঘৰৰ ওচৰৰ ছোৱালী এজনীক দিব লাগে। ছোৱালীজনীৰ সৈতে মোৰ বিশেষ চিনাকি নাছিল। হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দি উঠি সদায় যেতিয়া ৰাস্তাত বহিছিলোঁ আড্ডা দিবলৈ আৰু সেই দিনবোৰত প্ৰতিদিনে তাই স্কুলৰ পৰা ঘৰলৈ যাওঁতে মোৰ সন্মুখেৰে পাৰ হৈছিল৷ তাইৰ লগতে বহুত ছোৱালী আমাৰ সন্মুখেৰে পাৰ হৈছিল যদিও কিন্তু অকল তাইহে মোৰ পচন্দৰ। কাৰণ তাইৰ চকুৰ এটা মিঠা আৰু লাজুকীয়া হাঁহিয়ে সদায় মোক মোহিত কৰিছিল। যেতিয়া তাইৰ ঘৰৰ ঠিকনা পাইছিলোঁ; সেই ঠিকনাটো আছিল মোৰ লগত একেলগে পঢ়া দিগন্তৰ ঘৰ কাষৰ চুবুৰিটো । যেন সকলো নিজৰ; তাই নিজৰ, দিগন্ত নিজৰ, চুবুৰিটো চিনাকি৷ সকলো যেন মই বিচৰা ধৰণেই হৈছে৷ দিগন্তক মাত দিলোঁ আৰু ছোৱালীজনীৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰিলোঁ৷
: ভাল ছোৱালী, বৰ ভদ্ৰ, পঢ়া-শুনাতো ভাল৷ মই চেষ্টা কৰি চাব পাৰোঁঁ৷ আমাৰ লগত তাইৰ আৰু ঘৰখনৰ বহুতেই ভাল সম্পৰ্ক৷
সেই সাহসতে জন্ম হৈছিল মোৰ প্ৰথমখন নিজস্ব প্ৰেমপত্ৰৰ৷ দিগন্ত পোষ্টমেন আৰু মই প্ৰেমিক। হৃদয়ৰ সৰ্বোচ্চ উজাৰি শব্দৰ মায়াজাল বান্ধি তাইৰ সৌন্দৰ্য্যক বৰ্ণনা কৰি দিলোঁ তাৰ হাতত অৰ্পণ কৰি মোৰ প্ৰথমখন প্ৰেমপত্ৰ৷ বন্ধৰ দিনত দহ বজালৈ শুই থকা মইজনে এতিয়া ৰাতিপুৱা আঠ বজাত উঠিবলৈ ল’লোঁ। কাৰণ তাই স্কুল যোৱা সময়খিনিও মোৰ চকুৱে হেৰুৱাব খোজা নাই৷ সময়বোৰ দৌৰিছিল দিগন্তক লগ পালে সোধোঁ- পোষ্টমেনৰ কাম কিমান আগবাঢ়িছে। গধূলি তাৰ ঘৰৰ ওচৰত আড্ডা দিবলৈ যোৱা হ’লোঁ। তাক চিংৰা,ঘুগুনিৰ ভেটি দিয়া আৰম্ভ কৰিলোঁ আৰু সি সদায় কোৱাৰ দৰে কৈছিল সুবিধাটো পোৱা নাই ৰহ। তোৰ কথা তাইৰ কাণত বাৰু পেলাইছোঁ৷ তাই হাঁহিছে লাজে লাজে। মনটো আকৌ চঞ্চল হৈ পৰে। বইল কণী এটাও তাক খাবলৈ জোৰ কৰোঁ।
এনেকৈ সময় ছয় মাহ পাৰ হৈছিল৷ মই কলেজীয়া জীৱন আৰম্ভ কৰিলোঁ। লাহেকৈ মোৰ ধৈৰ্য্যৰ সীমা ছিঙিল৷ গাঁৱৰে অইন এজনী ছোৱালী ভাল লগা হৈ পৰিল। ভাল লাগিল মানে মই কনফাৰ্ম প্ৰেমতো পৰিলোঁ। সদায় কলেজ যাওঁতে মই উঠা বাছখনত তায়ো উঠে। সদায় যেন তাই নতুন হৈ পৰে মোৰ ওচৰত। কেতিয়াবা তিতা চুলি কেতিয়াবা খোপা বান্ধে। কলেজ পোৱা দুটা ষ্টপেজৰ আগত তাই নামে। এটা নাম থকা ইনষ্টিটিউটত কম্পিউটাৰ শিকি আছে৷ তাইক আগতে বহুবাৰ দেখিছোঁ যদিও ইমান ধুনীয়া বুলি অনুভৱ কেতিয়াও কৰা নাছিলোঁ। মোৰ ওচৰৰ ভণ্টি এজনীৰ ঘৰলৈ আগতে তাই বহুত আহিছিল। তেতিয়াতো তাই ইমান মৰম লগা নাছিল। চাগে আকৌ প্ৰেম হ’ল মোৰ। এইবাৰ যিহেতু পোষ্টমেন মোৰ ওচৰৰ ভনী গতিকে বিশেষ চিন্তা নাছিল। আকৌ এবাৰ সৰ্বোচ্চ উজাৰি এখন প্ৰেমপত্ৰ লিখিলোঁ৷ নিৰাশ নহ’লোঁ এইবাৰ সকলো মই ভবাৰ দৰে হ’ল চিঠি পৰিল সঠিক ঠিকনাত। ৰিজাল্টৰ অপেক্ষাত মই….
সেইকেইদিনতে এটা চিন্তাই মূৰত সোমালে। যদি সেই আগৰজনীকো পেণ্ডিঙ চিঠিখন লগৰজনে দিয়ে। তেতিয়া কি হ’ব? চিন্তাই বাহ লোৱাটো স্বাভাৱিক। কাৰণ এটা সময়ত এখন গাঁৱৰে দুজনী ছোৱালীক ভাল পাব পৰাকৈ মই ইমান অভিজ্ঞ নাছিলোঁ৷
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে পোষ্টমেন বন্ধুক সোনকালে লগ পাওঁ আৰু চিঠি ৰিটাৰ্ণ কৰি আনিব পাৰোঁ। আৰু ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। দুদিন পিছতে তাক লগ পালোঁ। মই সকলোখিনি কথা কোৱাত সি অলপ সকাহ পালে। আৰু সিয়ে সেইদিনা মোক ঘুগুনিৰ দোকানখনলৈ আগুৱাই লৈ গ’ল৷ কণী ঘুগুনিৰ বিল দি মোক কৈছিল প্ৰেমপত্ৰখন ইমান দিন পেণ্ডিঙ হৈ ৰোৱাৰ আচল কাৰণটো।
: চিঠিখন মই কেতিয়াবাই দিছোঁ৷ কিন্তু তাইক নহয় বেলেগ এজনীক৷ মই তোৰ চিঠিখন পঢ়ি ইমান ভাল পালোঁ সেইখন মই নিজৰ প্রিয়জনীক দি দিলোঁ৷ চিঠিখনত লিখাৰ দৰেই ময়ো তাইক সদায় ৰাস্তাত দেখিছিলোঁ স্কুললৈ যাওঁতে। চিঠিখনত লিখাৰ দৰে মোৰজনীয়েও সদায়েই বেণী গুঠি গৈছিল৷ গতিকে নিজক বিচাৰি পালোঁ তোৰ শব্দৰ মাজত৷ তই মোক বেয়া নাপাবি তোৰ বাবে আজি মই তাইক পালোঁ। তই চিঠিখনত যদি ইতি D বুলি নিলিখি তোৰ সম্পূৰ্ণ নামটো লিখিলি হয় তেতিয়া মোৰ বাবে অসুবিধা হ’ল হয়৷ কিন্তু এইখিনিও মিলি থাকিল।
ঘৰলৈ উভতিলোঁঁ৷ নিৰাশ হৈছিলোঁ মাত্ৰ লোকচানৰ দিশটোত কাৰণ তাক ৭-৮ দিনৰ চিংৰা,ঘুগুনিৰ ঠাইত মই মাত্ৰ এদিনতে সন্তুষ্ট হ’ব লাগিল৷ সময়বোৰ পাৰ হ’ল নতুন চিঠিখনৰো উত্তৰ আজিলৈ নাহিল। বহুত দিন পিছত ভণ্টিক এদিন সোধোঁতে কৈছিল । তাই ভন্টিক বোলে কেতিয়াবাই কৈছিল । ভন্টীয়ে মই কষ্ট পাম বুলি কোৱা নাছিল মোক ৰিজেক্ট কৰাৰ কাৰণটো।
তাই কৈছিল,
“তোমাৰ দাদাই মোতকৈ বহুত বেছি ভাল ছোৱালী পাব।আৰু এনেও মই ইমান ওচৰলৈ বিয়া নহওঁ বুলি ক’বা দাদাক৷ ”
10:45 am
heart touching
10:47 am
চিঠি লিখা সময়বোৰেই ভাল আছিল৷ উত্তৰ নহা লৈকে বুকুৰ ঢিপ ঢিপনিবোৰ…..
বাকী জুই হৈছে৷৷ ৷
11:00 am
পাৰ কৰি অহা সময়বোৰলৈ মনত পৰিল।ভাল লাগিল দিম্পল…
11:25 am
বৰ দুখ লাগিল।
11:29 am
চিঠিখন পঢ়ি ভাল লাগিল।
পুৰণি দিনৰ স্মৃতিবোৰ যেন আকৌ ঘুৰি আহিব।??
12:31 pm
Sithi likhi ketiao pua ni..apunar likhonitu prhi sithir major premor abegkhini onuvb krilu.vl lgil
12:33 pm
এইটো যে সঁচা খাটাং।?
1:03 pm
ফালি দিলি অ’ সোনটো
1:33 pm
??
Val lgil …
1:42 pm
একদম অন্তৰ চুই ফালি চিৰি গ’ল অ’
1:44 pm
এনেকৈয়ো ভাগেনে সপোন ……. বেয়াই লাগিল লৰাটোলৈ ……. তামাম দিম্পল
1:51 pm
হাঁহি উঠিল, কিন্তু সমবেদনাও উপজিছে। একেবাৰে মন চুই যোৱা শাৰীটো হ’ল ‘একে সময়তে দুজনীক ভাল পাব পৰাকৈ ইমান অভিজ্ঞ নাছিলোঁ।’ দিনে দিনে অভিজ্ঞতা বাঢ়ি যাবলৈ শুভেচ্ছা থাকিল।
2:48 pm
ভাল লাগিল দেই । আৰু চেষ্টা কৰি যোৱা ।
3:43 pm
হাততে থকা ফোনটোলৈ প্রিয়জনৰ পৰা ফোন ,মেছেজ আহিলেও ইমান মাদকতা নাই যেন অনুভৱ হয় । কেতিয়াও নিলিখে বুলি জানিয়ো মনৰ সঁচা অনুভৱেৰে পূৰ্ণ এখন চিঠিৰ অপেক্ষাত ৰোৱা হয় ।
* ধেমেলীয়া হ’লেও লিখাখিনি ?
6:10 pm
দুখ লাগিল অলপ। বঢ়িয়া লিখিছা
8:00 am
সমবেদনা ?
8:11 pm
দুখন চিঠি লিখিবলৈ প্ৰয়োজন হোৱা কাগজ কলম আৰু লগতে বন্ধুৱে চিঠিখন দিবলৈ খৰচ কৰা টকাকেইটা পানীত পৰিল।দুখ লাগিল। ?কিন্তু ভাল লিখিছা দেই।
11:23 pm
ইস্ বৰ দুখ লাগিল অ। দিগন্তই মূল ইয়াক দিব লাগে মজাটো।
6:29 pm
এসময়ত ময়ো বহুত বন্ধুক প্ৰেমপত্ৰ লিখি দিছিলোঁ । কিন্তু নিজৰ বাবে এখনো লিখিবলৈ আহৰি নাপালোঁ । কাৰণ মই সেইসময়ত বহু বেছি দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিলোঁ ।
1:48 am
Last r line tu. Hahi mrilu
4:12 pm
চেষ্টাৰ অসাধ্য একো নাই পোণাকন
6:08 am
এএএএএ মজাাআআআআ
10:31 pm
ভাল লিখিছা দেই৷
7:08 pm
বহুত ধুনীয়া লাগিল দাদা ।
7:14 am
বুকু ফাটি গল লেখাটো পঢ়ি।