ফটাঢোল

MISS ৰ বাহাদুৰী – দেৱভূষণ

ছোৱালীবিলাকে নামৰ আগত যে মিছটো লগায়, সেইটো কিন্তু কম বাহাদুৰীৰ বস্তু নহয় দেই৷ কিছুমান ঠাইত বৰকৈ নকয় এইভাগ শব্দ৷ গতিকে কোনোবাই কোৱা শুনিলে মানুহে অলপ আচহুৱা যেন পায়৷ গতিকে মিছটো বেলেগ কিবা হৈ পৰাৰো সম্ভাৱনা নথকা নহয়৷

সঁচা ঘটনা এটা৷ এবাৰ আমাৰ ঘৰলৈ মামাৰ ঘৰৰ ওচৰৰ ল’ৰা এজন আহিছিল৷ কাষৰ ঘৰলৈ ফুৰাবলৈ লৈ গৈছিলোঁ৷ মানুহঘৰত দুজনী ছোৱালী আছিল৷ কথা-বতৰা হ’ল ঘৰৰ মানুহৰ লগত৷ ডাঙৰ ছোৱালীজনী ওলালহি আলহীৰ আগত৷ ল’ৰাজনে ছোৱালীজনীক সুধিলে, ” তোমাৰ নামটো কি?”
“মিছ টুমণি দত্ত” – ছোৱালীজনীয়ে মিচিকিয়াই ক’লে৷
“মিস্কুমণি? বৰ ধুনীয়া নাম দেই৷”
“নহয় নহয়৷ টুমণি টুমণি। মিছ টুমণি দত্ত।”

Making Confusion

তেনেকুৱা কাহিনী এটা মাই কৈছিল৷ মাজুলীৰ ঘটনা৷ আমাৰ মাৰ পেহীয়েকে ছোৱালী এজনীক নামটো সুধিছিল৷ মাৰ পেহীয়েক বয়সীয়াল মানুহ৷ গতিকে মিছ ফিছবোৰ নাজানে ভালকৈ৷
ছোৱালীজনীয়ে উত্তৰ দিছিল ” মিছ পপী…”
“আই ঐ দেহি ! নিষ্পাপী? বৰ ভাল নাম”
( একেবাৰে নিষ্পাপ তাৰমানে )
পাছত ছোৱালীজনীয়ে বুজাই ক’লে যে তাইৰ নাম পপীহে৷ মিছ পপী৷ নামৰ আগত ছোৱালীবোৰে মিছ বুলি কয়৷

Miss – মানে হেৰুৱা

এহ! হ’ব দিয়ক একো নাই৷ হেৰুৱা বুলি কোৱা হয়েই যেতিয়া প্ৰকৃত নাম হেৰুৱাই বেলেগ নাম পোৱাটোনো কি ডাঙৰ কথা হে! পিছে Mister (মিছ্টাৰ) লিখিলেও দেখোন তাঁৰ নাইকিয়া যেন লাগে৷ কি যে আৰু!

ধিনিকি ধিনদাও
ধিনিকি ধিনদাও
ফে… টে… ক

*****

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *