ফটাঢোল

জোখ (অণু গল্প) – উৎপল জোনাক হাজৰিকা

“তই তাইক মনৰ কথা খুলি কোৱা হ’লে তাইৰ কোলাত থকা মৰম লগা কেঁচুৱাটোৰ বাপেক তই হ’লিহেঁতেন৷” চিগাৰেটডালত প্ৰয়োজনতকৈ বেছি জোৰে হোপাটো মাৰি জয়ন্তই ভোৰভোৰালে৷
ভালপোৱাৰ নীলা চাদৰখন লেটিয়াই লোৱা সীমান্তই মিচিকিয়াই হাঁহি জয়ন্তলৈ চালে৷
“তাই যে সুখী সেই সুখতে ময়ো সুখী৷ মোৰ ওচৰত থাকি তাই দুখ পালে মই জানো সুখত থাকিব পাৰিলোহেঁতেন?”
*****

 

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *