পৰিৱৰ্তন- মণিষা কাকতি
লাহে লাহে কথাটো সকলোৰে নজৰত পৰিবলৈ ধৰিলে। কেইদিনমানৰপৰা কিবা এটা যেন সলনি হৈছে। হাবি-বন, হাৱা-পানী নলা-নৰ্দমা, ৰাস্তা-ঘাট সকলোবোৰে যেন নতুনকৈ প্ৰাণ পাই উঠিছে। চিৰবৈৰী মনুষ্যৰ ভিৰবোৰ ক্ৰমাৎ নাইকিয়া হৈ আহিছে। আগে পিছে নঘটা এক অদ্ভুত পৰিৱৰ্তন পশু-পক্ষীজাকৰ চকুৰ আগত ঘটিবলৈ ধৰিছে। ইয়াৰ কাৰণ কি কোনেও নাজানে। যুগ যুগ ধৰি মনুষ্যৰ স্বাৰ্থপৰতাৰ বলি হৈ অহা জন্তুবোৰে পাহৰি পেলাইছিল স্বাধীনতাৰ সোৱাদ। চৰাই-চিৰিকতিয়ে নিজকে কেতিয়াও ইমান মুকলিমূৰীয়া অনুভৱ কৰা নাছিল। চাৰিওফালে এক নতুন, ভাললগা ধৰণৰ পৰিবেশে মনবোৰ আলোড়িত কৰিছে। এয়াই নেকি চাৰি বছৰ আগেয়ে সকলোৰে মুখে মুখে শুনিবলৈ পোৱা ‘পৰিৱৰ্তন’? এয়াই নেকি বহু প্ৰতিক্ষীত ‘অচ্ছে দিন’? কিছুমানৰ মতে ‘এশ শতাংশই হয়’, কিছুমানৰ মতে ‘মুঠেই নহয়’। কিছুমানৰ আকৌ ‘হ’বও পাৰে’, ‘নাজানো পাই’ ধৰণৰ গা এৰা দিয়া মন্তব্য। কথাবোৰ খোলাখুলিকৈ জাহিৰ কৰাৰপৰা নিজকে নিলগাই ৰাখিলে যদিও সকলোৰে মনবোৰ সুদুত্তৰ বিচাৰি খু-দুৱাই থাকিল।
অৱশেষত, পক্ষীৰৱ, খেক্-খেক্, বে-বে, হোৱা-হোৱা, টোৰ্টোৰ্, এক কথাত ক’বলৈ গ’লে দেশৰ পশু-পক্ষীজাকৰ বু-বু বা-বা গৈ ৰজাঘৰীয়াৰ কাণত পৰিল। শীঘ্ৰে ৰাজধানীস্থিত পাৰ্টীৰ মূল হোতাকেইজনৰ মাজত ৰুদ্ধদ্বাৰ বৈঠক বহিল। সিদ্ধান্তমৰ্মে ততাতৈয়াকৈ ৰাজ্যৰ হেড অফিচসমূহলৈ প্ৰয়োজনীয় নিৰ্দেশাৱলী প্ৰেৰণ কৰা হ’ল। প্ৰযুক্তিবিদ্যাৰ সুৰক্ষাগত সুৰুঙাৰ প্ৰতি লক্ষ্য ৰাখি ৰজাঘৰীয়া টেকেলা শেন চৰাইয়ে নিজেই এই দায়িত্বভাৰ কান্ধ পাতি ল’লে। যথাসময়ত, যথাস্থানত বাৰ্তা উপস্থিত হ’ল – “daawat at same place at same time: urgent।”
খবৰ পোৱা মাত্ৰকে নিৰ্দিষ্ট স্থানত আই-টি টিমৰ সমূহ ৰাজ্যিক হেড লগালগি হ’ল। পাৰ্টীৰ লিডাৰ নীলাম্বৰ শিয়ালে সকলোকে সম্ভাষণ জনাই আৰম্ভ কৰিলে।
: এই সুযোগ আমি ল’বই লাগিব। টিমৰ পোৱালি, ছানাহঁতক কামত লগাই দে। টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপত উৰাবাতৰি উৰুৱাই দে। সকলোৰে মনত এই কথাটো সুমুৱাই দে যে ‘অচ্ছে দিন’ আহি গ’ল। নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি চৰকাৰে দেশলৈ ‘অচ্ছে দিন’ৰ সোঁত বোৱালে। ইলেকচনো মূৰৰ ওপৰত। আমাৰ বাবে এয়াই সোণালী সুযোগ। এই সুযোগ হাতৰপৰা পিচলি যাবলৈ দিব নোৱাৰি। চেনেল, বাতৰিকাকত, নিউজ পৰ্টেল আদিত ভুৱা বাতৰি এৰি দে। মুঠতে সকলোকে ভাবিবলৈ বাধ্য কৰা যে এয়াই সত্য। এই পৰিৱৰ্তনৰ মূলতে হৈছে আমাৰ চৰকাৰ, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হাতত লোৱা পশু-পক্ষীহিতৈষী আঁচনিৰ ভয়তে মনুষ্যজাতি ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য হৈছে।
: কিন্তু ছাৰ, এই পৰিৱৰ্তন অকল আমাৰ দেশতে হোৱা নাই। গোটেই পৃথিৱী এই পৰিৱৰ্তনৰ সাক্ষী হৈছে। তেনেস্থলত ইয়াৰ মূলতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বুলি পশু-পক্ষীজাকক কেনেকৈ পতিয়ন নিয়াম?
অসমৰ আই-টি হেড পদ্মপাণি হাতীয়ে প্ৰশ্ন কৰিলে।
: গুড অৱজাৰভেশ্যন। চা, প্ৰধানমন্ত্ৰীয়ে যে ষাঠিখনৰো অধিক দেশ ভ্ৰমণ কৰিছে, সেইবোৰ কি অকল ৰেকৰ্ড কৰিবলৈকে বুলি ভাবিছ নেকি? নহয়। ৰাজনৈতিক, কূটনৈতিক লাভালাভ ইয়াৰ লগত জড়িত হৈ আছে। বিদেশত তেওঁৰ জনপ্ৰিয়তা কোনোগুণে কম নহয়। In fact, he is an influncial animal. দেশ কি সমগ্ৰ বিশ্বৰ পশু-পক্ষীজাকৰ মংগলাৰ্থে তেখেতে দিন-ৰাত এক কৰিছে। যোগ দিৱসৰ কথাই ধৰি ল। অকল আমিয়েই যোগ নকৰোঁ। বিদেশতো বহুত পশু-পক্ষীয়ে দৈনিক যোগভ্যাস কৰে। প্ৰধানমন্ত্ৰীৰ প্ৰভাৱৰ বলতেই এয়া সম্ভৱ হৈছে। তেনেস্থলত ‘পৰিৱৰ্তন’ মামুলি চীজ। বাকী টেকনিকবোৰটো তহঁতে জানই। কথাবোৰত কেনেকৈ মছলা সানিব লাগে। কেনেকৈ তিলটোকে তালটো কৰিব লাগে। So, go for it. All the best!
সকলোৱে দৰকাৰী পইণ্টবোৰ নোট ডাউন কৰিলে আৰু এৰাএৰি হ’বলৈ সাজু হ’ল। এতিয়া কামৰ সময়। Time for action.
: অ’ আৰু এটা কথা। কুকুৰৰপৰা এলাৰ্ট থাকিব লাগিব। বিৰোধী দলতো ইহঁতৰ সংখ্যাই অধিক। ইহঁতৰ গাত ৰাষ্ট্ৰদোহৰ লক্ষণ আছে। ইতিহাস প্ৰমাণ আছে, অতীজৰেপৰা ইহঁতে আমাৰ প্ৰধান শত্ৰু মানুহক সহায় কৰি আহিছে। মানুহৰ লগত মিতিৰালিৰ সুবিধা লৈ আমাৰ পৰিকল্পনাত ব্যাঘাত জন্মাব পাৰে। ব্লাডী ট্ৰেইটৰ। আৰু এই বান্দৰমখাকো কোনেও লাইটলী নল’বি। ইহঁতৰ মাজৰ প্ৰখৰ বুদ্ধিমানকেইটাইতো বিৱৰ্তন নে চিৱৰ্তন হৈ মানুহ হ’লগৈ। একতাও কি চাবি বেইমানসৱৰ!
নীলাম্বৰে সকলোকে সতৰ্ক কৰি দিলে।
: তোমালোকৰ মাজৰ কাৰোবাৰ হয়তো কুকুৰ আৰু বান্দৰৰ লগত সদ্ভাৱ থাকিব পাৰে। সেইটো বেলেগ মেটাৰ। Don’t take it personally।
সতৰ্কবাণীৰ লগতে হাঁহি হাঁহি উক্ত কথাখিনিও যোগ কৰিলে। এইকণ ৰাজনীতি নীলাম্বৰৰ তেজত আছে।
: নাই ছাৰ, নিশ্চিন্ত থাকক। ইহঁতক কেনেকৈ হেণ্ড’ল কৰিব লাগে আমি জানো। আৰু একতাৰ কথা বাদেই দিয়ক ছাৰ। ছ’চিয়েল মেডিয়াত ইহঁতৰ একতা দেখিয়েই থাকোঁ। মানুহতকৈয়ো অধম ইহঁত। শূন্য শিষ্টাচাৰ। নিজৰ জ্ঞান জাহিৰ কৰাৰ ধান্দাত থাকে অনবৰতে। আমাক ভক্ত, দালাল বুলি হাঁহে। একত্ৰিত হৈ কাম কৰিলেতো ইমানদিনে আমাৰ মুখা খুলিবই পাৰিলেহেঁতেন। আমাক গালিও পাৰিব, আকৌ আমি বনোৱা মিম্, প’ষ্ট, ফেক ভিডিঅ’বোৰ শ্বেয়াৰ কৰি কৰি আমাৰ কামো সহজ কৰিব। ছাৰ, ইহঁতকৈ খাটিখোৱা, অনপঢ়-গৱাৰ পশু-পক্ষীজাকেই ভাল।
গুজৰাটী লল্লন লায়’নে উত্তৰ দিলে।
: ছাৰ, LoyalDogৰ কথা কি ভাবিছে? কেনেকৈ হেণ্ড’ল কৰিব? দেশজুৰি ‘পৰিৱৰ্তন’ৰ আঁৰত কাৰ হাত আছে, এই ৰহস্য ভেদ কৰিবলৈ সিহঁতেও যে তলে তলে কাম আৰম্ভ কৰি দিছে মই খাটাং। অৰ্ডাৰ পালেই ফেক এনকাউণ্টাৰ চেনকাউণ্টাৰ….
পাৰ্টী লিডাৰৰ পিএছঅ’ ভগন ভোবোলাই ভালৰি লগাবলৈ নীলাম্বৰক উদ্দেশ্যি ক’লে।
[LoyalDog হৈছে এটা নেশ্যনেল নিউজ চেনেল। ষ্টিং অপাৰেচন কৰি বহু ৰথী-মহাৰথীক ধৰাশায়ী কৰিছে। ইয়াৰ মালিক হৈছে কালু কুত্তা। যৌৱনকালছোৱা মানুহৰ পুলিচ বিভাগত কাম কৰাৰ অভিজ্ঞতাৰে মানুহক বুজি পায়। বৰ এটা পচন্দ নকৰিলেও চৰকাৰী পক্ষৰ দৰে মানুহক ঘৃণা নকৰে। চাকৰিকালত দুই-এজন ভাল মানুহৰ সংগও লাভ কৰিছে। সহাৱস্থান আদৰ্শত বিশ্বাসী। এই আদৰ্শৰ বাবেই তেওঁ চৰকাৰৰ মূৰৰ কামোৰণি। পাৰ্টী লিডাৰ নীলাম্বৰ শিয়ালে চকুপাৰি দেখিব নোৱাৰে।]
: না না, এই সময়ত এইবোৰ লাফৰা নালাগে। হাই কমাণ্ডে যিটো অৰ্ডাৰ দিছে প্ৰথমে সেইটোত ধ্যান দে।
মূৰ খজুৱাই খজুৱাই কিছু বিৰক্তিৰে নীলাম্বৰে ক’লে।
: Dismissed। এতিয়া সকলো নিজ নিজ কামত লাগহক যা।
নিৰ্দেশৰ সুৰত কথাখিনি কৈ ভগন ভোবোলাই শিঙেৰে টক্ টক্ শব্দ কৰিলে। বন্ধ দুৱাৰ খোল খালে আৰু সকলো কোঠালীৰপৰা বাহিৰ ওলাল। ভিতৰত থাকিল মাথো নীলাম্বৰ শিয়াল আৰু ভগন ভোবোলা। তেনেতে নীলাম্বৰ শিয়াল আৰু ভগন ভোবোলা দুয়ো একেলগে কঁপি উঠিল। ভাইব্ৰেশ্যন ম’ডত থকা দুয়োৰে মোবাইল দুটা ভে-ভেকৈ বাজিবলৈ ধৰিলে। দুই ছেকেণ্ডৰ বাবে কাৰোবাৰ লগত কথা পাতি চিন্তিত মুখেৰে দুয়ো ফে’চবুক খুলিলে।
এটা সৰু ভিডিঅ’। কোনোবা ‘জি গাহৰি’য়ে আপলোড কৰিছে। বোকাত লেতুসেতু হৈ কিবা কৈ আছে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। নিউজফীডত অকল সেইটোকেই দেখিবলৈ পোৱা গৈছে। পশু-পক্ষীজাকে হাজাৰৰ ঘৰত শ্বেয়াৰ কৰিছে। ভলিউমটো বঢ়াই দিয়াত শুনিবলৈ পোৱা গ’ল,
: মানুহবোৰ মোৰ ভয়ত বাহিৰলৈ ওলোৱা নাই। মোৰ গাত থকা ভাইৰাছেৰে আক্ৰমণ কৰি সিহঁতক ধৰাশায়ী কৰি দিছোঁ। সেয়ে বেটাহঁত এতিয়া ভয়তে ঘৰত সোমাই আছে। কেইদিনমান আগতে মোক ধৰি-বান্ধি মানুহৰ পৰীক্ষাগাৰলৈ লৈ যোৱা হৈছিল। তাত মই বেহুচ হোৱাৰ ভাও ধৰি সকলো শুনি আছিলোঁ। মোৰ দেহত থকা ভাইৰাছবিধৰ নাম কৰুণা নে কৰৌনা কিবা। বহুত শক্তিশালী। দ্ৰুতগতিত বিয়পে। যেনে, এটা মানুহৰপৰা দুটা, দুটাৰপৰা চাৰিটা, চাৰিটাৰপৰা আঠটা… এনেকৈ। জমনি কথাটো হ’ল যে ইয়াক মাৰিবলৈ মানুহৰ হাতত একো উপায় নাই। সেয়ে সিহঁত এতিয়া ঘৰৰ ভিতৰত বন্দী আৰু আমি বাহিৰত মুকলি। স্বাধীনচিতীয়া। গতিকে ‘পৰিৱৰ্তন’ৰ আচল কাৰণ ময়েই।
ভিডিঅ’ দেখি নীলাম্বৰ আৰু ভগনে মূৰে-কপালে হাত দিলে। কি ভাবিছিল, কি হ’ল। চুৱৰৰ বাচ্চাই সকলো পৰিকল্পনা, কষ্ট পানী কৰি পেলালে।
After two days…
“পৰিৱৰ্তন’ কাণ্ডৰ নায়ক জি গাহৰি ওৰফে গোবিন্দ গাহৰিক সোধ-পোছৰ বাবে গ্ৰেপ্তাৰ কৰাৰ আঠচল্লিশ ঘণ্টাৰ পিছত আন এক বিগ ব্ৰেকিং নিউজ পোহৰলৈ আহিছে। আমাৰ চেনেলে নিজাববীয়াকৈ কৰা অনুসন্ধানৰপৰা গম পোৱা গৈছে যে গাহৰিৰ লগতে বাদুলীৰো এই ‘পৰিৱৰ্তন’ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। দৰাচলতে বাদুলীৰ এৰেহা খোৱাৰ ফলতহে গাহৰিৰ দেহলৈ ভাইৰাছবিধ প্ৰৱেশ কৰে আৰু তাৰপৰা মানুহৰ দেহলৈ সংক্ৰমিত হয়। অৱশ্যে এই সংক্ৰমণ গাহৰিৰ মাংস খোৱাৰপৰা হোৱা নাই বুলি অনুসন্ধানত প্ৰমাণিত হৈছে। কিন্তু লুভীয়া মানুহে খোৱাৰ উদ্দেশ্যৰেই যে গাহৰিৰ কাষ চাপিছিল সেয়া নিঃসন্দেহে সত্য। গতিকে, সাধাৰণভাৱে ক’বলৈ গ’লে, মূলতঃ এজন জহুদ মানুহৰপৰাই ই সমগ্ৰ পৃথিৱীৰ মানৱকুলৰ মাজত বিয়পি পৰে।”
LoyalDog চেনেলত সন্ধিয়াৰ প্ৰাইম টাইম নিউজ বাজি আছে। ‘গাহৰি কাণ্ড’ক বিৰোধী পক্ষৰ ষড়যন্ত্ৰ বুলি ভুৱা প্ৰচাৰ চলাই পূৰ্বৰ পৰিকল্পনাক কাৰ্যকৰী কৰাৰ যি অলপ-অচৰপ চাঞ্চ আছিল সেয়াও চুৱাচেলেকা কুকুৰ চেনেলে বৰ্বাদ কৰিলে। টিভিৰ পৰ্দাত দৃষ্টি নিবদ্ধ নীলাম্বৰ শিয়ালে মনতে ভোৰভোৰাই এঢোক মদ গলাধঃকৰণ কৰিলে।
☆ ★ ☆ ★ ☆
1:54 pm
ৱাহ, তামাম ইমেজিনেচন। খুব ভাল লাগিল মনিষা
6:00 pm
তামাম মনিষা! চুপাৰ চে ওপৰ!
7:51 pm
বহুত ভাল লাগিল মনিষা। এক্সেলেণ্ট
2:19 pm
তামাম ব্যংগ ৰস ৰচনা ।
3:15 pm
কল্পনা ???
1:27 pm
Thank you all ?