স্বাৰ্থপৰ কামনা, মৃত্যু-গায়ত্ৰী গোস্বামী অধ্যাপক
:বুজিছা মানুহবোৰ স্বভাৱজাত স্বাৰ্থপৰ হয়েই। কিন্তু এই পৃথিৱীখন স্বাৰ্থপৰ মানুহেই ধ্বংস কৰিছে বোলা কথাষাৰ বৰ শুদ্ধও নহয়। কাৰণ…
বুলি কৈ উশাহটো দুবাৰমান জোৰেৰে টানি ল’লে হস্পিতালৰ ২৬ নং বেডত পৰি থকা বৰখুটি গাঁৱৰ গাঁওবুঢ়াই। গাঁওবুঢ়াৰ অৱস্থাটো কাষৰ ২৫ নং বেডৰ পৰা দেখি মোৰো বৰ দুখ লাগিল, মানুহজনে উশাহবোৰ কালিতকৈ আজি বেছি টানি-টানি লৈছে, কি হয়গৈ ঠিক নাই, মনটো গোন্ধালে। তেওঁৰ স্বাগতোক্তিৰ দৰে অৰ্নগল কৈ থকা কথাবোৰ শুনি প্ৰথম দুদিনমান বৰ আমনি লাগিছিল যদিও যোৱা দুদিনমানৰ পৰা লাহে লাহে শুনি কিবা এটা ভাল লগা হৈ আহিছে, যেন কিবা এটা নতুনকৈ শিকিছোঁ।
তেওঁ পুনৰ ক’বলৈ আৰম্ভ কৰিলে,
:কাৰণ কি জানা বোপাই, স্বাৰ্থপৰ বাবেই আমি ইমান কৰ্ম কৰোঁ, স্বাৰ্থ লাগিবই, বিনা স্বাৰ্থত কলিযুগৰ মানুহে একো কৰিবই নোৱাৰে, নিষ্কাম কৰ্ম্মযোগ সাধাৰণ মানুহৰ পৰা আশা কৰিব নোৱাৰি বাবেই আমি প্ৰতিজনেই স্বাৰ্থপৰ। কিন্তু কি জানা বোপা এই স্বাৰ্থৰ বিস্তৃতি আৰু পৰিসৰে কিমান দূূৰ সামৰি লয় সেয়াহে আচল কথা। এতিয়া চোৱা, স্বাৰ্থৰ ‘স্ব’ ই যদি অকল নিজকহে সামৰে তেওঁ হয় স্বাৰ্থী, যদি পৰিয়ালক সামৰে তেওঁ পৰিয়াৰ্থী আৰু যদি গোটেই সংসাৰক সামৰে তেওঁ পৰমাৰ্থী। গতিকে তোমাৰ স্বাৰ্থৰ বিস্তৃতিয়েই তোমাক কৰি তুলিব পাৰে পৰমাৰ্থী কিম্বা স্বাৰ্থপৰ।
কথাবোৰে মোক শেলে বিন্ধাদি বিন্ধে মাজে-মাজে। মোক হয়তো তেওঁ সমাজ-হৈতেষী পৰমাৰ্থী ইত্যাদি বুলি ধৰি লৈছে কিন্তু মই কি সেয়া মইহে জানোঁ।
মোৰ জীৱনে প্ৰথম উশাহ লৈছিল এখনি ভিতৰুৱা গাঁৱৰ এটি উৰুখা পঁজাত। অৱশ্যে,এঘৰ উদাৰ মনৰ মানুহৰ সহায়ত আৰু মগজুৰ ঘিউকণৰ জোৰত মেট্ৰিকত ৰাজ্যৰ ভিতৰতে স্থানলাভ কৰাত ভাগ্য-ৰবি সলনি হৈ পৰিল। চকুৰ পচাৰতে এনেকৈয়ে এদিন ভৰি থ’লোঁগৈ সাত সাগৰৰ সিপাৰে বিশ্বই সমীহ কৰা গৱেষণাগাৰত গৱেষক হিচাপে। দিনক ৰাতি কৰি, ৰাতিক দিন কৰি মই আগবাঢ়িলোঁ মোৰ অনুজীৱৰ জটিল ৰাসায়নিক বিশ্লেষণৰ গৱেষণাত। কিয় নাজানোঁ, মানৱকূলৰ কল্যাণ সাধন কৰাৰ উদ্দেশ্যেতকৈ মোৰ মূল লক্ষ্য আছিল বেছিকৈতকৈয়ো বেছি ধন ঘটাহে, অৱশ্যে মোক ধন অকল মোৰ পাৰ্থিৱ সুখৰ বাবেই নহয়, মোৰ “স্ব” তাতকৈ অলপ বহল পৰিসৰৰ আছিল, মোৰ এসাঁজ খাই এসাঁজ নোখোৱাকৈ থকা আই বোপাই বাই-ভনীৰ লগতে গোটেই বছৰজুৰি বোকাপানী গচকি জীৱন পাৰ কৰা গাঁঁওখনৰ প্ৰতিজন দৰিদ্ৰক এটি স্বচ্ছল জীৱনৰ সন্ধান দিবলৈ লাগে ধন। দৰিদ্ৰতাই কোঙা কৰা জীৱন, লঘোণীয়া পেটৰ জ্বালা মোতকৈ বেছি কোনে বুজিব! কিন্তু, সকলো মোৰ দৰে ভাগ্যশালী নহয়। সকলোৰে কপালত মোৰ দৰে আশীৰ্বাদপুষ্ট এখনি হাতৰ পৰশ নাথাকে নহয়। সেয়ে মোৰ জীৱনৰ পণ আছিল যিমান পাৰি সিমান ধন সোনকালেই গোটাই মোৰ ঘৰখনক, মোৰ গাঁঁওখনক চকুত লগাকৈ সলাই পেলাম।
ইতিমধ্যেই মোৰ গৱেষণাৰ প্ৰপঞ্চই এটা বিশেষ মহলত খলকনি তুলিবলৈ সক্ষম হৈছিল আৰু তাৰ ফলস্বৰূপে এদিন মোৰ মেইলত আহিল এটি অভাৱনীয় প্ৰস্তাৱ। এটি বিখ্যাত ৰহস্যময় গৱেষণাগাৰে মোক নিমন্ত্ৰণ জনালে মোৰ কল্পনাৰ সীমাৰ বাহিৰৰ মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকৰ সহযোগী হিচাপে। কি কিয় কেনেকৈ চিন্তা কৰাতকৈ মোৰ বিবেকক ইতিমধ্যে ধনৰ অংকই কাবু কৰি পেলাইছিল। ইমান সহজেই ইমান বৃহৎ পৰিমাণৰ ধন, তাতকৈ মোক মোৰ গাঁৱৰ সমৃদ্ধিৰ সপোনটোৱে হেঁচা মাৰি ধৰিলেহি। চকুৰ আগতে আহল-বহল পকী ৰাস্তা, ঘৰে ঘৰে বিজুলী বাতি, পানী, সু-বৃহৎ এখন হস্পিতাল, থলুৱা উদ্যোগ, আন্তৰ্জাতিক মানদণ্ডৰ বিদ্যালয়ৰ সপোন দেখিবলৈ ধৰিলোঁ মই। সন্মতি প্ৰদান কৰি কম দিনৰ ভিতৰতে উৰা মাৰিলোঁ মোৰ গন্তব্যস্থান সেই গৱেষণাগাৰলৈ।
“ছাৰ, অকণমান চাব।” গায়ে-মূৰে সুৰক্ষা কবচ পিন্ধা চিষ্টাৰগৰাকীৰ কোমল মাতষাৰে মোক অতীতৰ দিনৰ পৰা বৰ্তমানলৈ টানি আনিলে। কিবা এবিধ দৰব মোক খুৱাই তাই ল’ৰা-ল’ৰিকৈ কাষৰ ৰোগীজনৰ ওচৰলৈ গৈ বেডখনত ওলোমাই থোৱা চেনিটাইজাৰ বটলটোৰ পৰা হেচাঁ মাৰি অলপ চেনিটাইজাৰ সানি ল’লে গ্লভ্চ পিন্ধা হাতখনত। এইকেইদিন মানুহ দেখিবলৈকে নোপোৱা হ’লোঁ, দেখিছোঁ মাত্ৰ মূৰৰ পৰা ভৰিলৈকে পিপিই কিটেৰে ঢাক খোৱা কিছু ভগৱানৰূপী অৱয়বক, যি দিন ৰাত একাকাৰ কৰি আমাৰ প্ৰাণকেইটা ৰক্ষা কৰাত লাগি আছে। আৰু মই…
মই পুনৰ নিজৰ অতীতলৈ গমন কৰিলোঁ…
নতুন গৱেষণাটো আচলতে নামতহে গৱেষণাগাৰ আছিল, প্ৰকৃততে সেইয়া আছিল দেশখনৰ নেতৃত্বত চলা এটা জৈৱিক অস্ত্ৰৰ গোপন অস্ত্ৰাগাৰ, য’ত ইতিমধ্যে জনা-নজনা কিছুমান অনুজীৱৰ চৰিত্ৰৰ সালসলনি ঘটাই তাক জৈৱিক অস্ত্ৰ হিচাপে নিৰ্মাণ কৰাৰ কুচকাৱাজ চলাই থকা হৈছিল।
কথাবোৰ জানি প্ৰথমতে মোৰ গাৰ নোম ডাল ডাল হৈছিল যদিও মোৰ বেংকৰ একাউণ্টত চুক্তি অনুসৰি নব্বৈ শতাংশ ধন সোমাই পৰিছিল, সেই ধনৰ ভৰত মই নিশ্চুপ হৈ ৰৈছিলোঁ। ধনৰ পৰিমাণে মোৰ বিবেকক বন্ধকীত ৰাখিলে খুব সহজেই। নিজৰ কঁপি উঠা অন্তৰাত্মাক নিজেই প্ৰত্যয় জন্মালোঁ… এয়া আন একো নহয়, মাত্ৰ এটা গৱেষণা আৰু এই গৱেষণাৰ ফলাফল অনন্তকাল ইয়াতে দেশৰ সুৰক্ষা কবচ হৈ সঞ্চিত হৈ ৰ’ব।
কাষৰ ২৬ নং বেডৰ ৰোগীজনক ইতিমধ্যে মুখত অক্সিজেন মাক্স লগাই দিয়া হৈছে, যাৰ বাবে তেওঁ আৰু মোৰ কথোপকথন ইমানতে শেষ হৈছিল। কোঠাটোত আটাইবোৰ বেডৰ পৰা কেঁকনি-গেঙনি শুনি আছিলোঁ মই, তথাপি মোৰ নিজৰ মৃত্যুভয়ে মোক কোঙা কৰিব পৰা নাই, বৰঞ্চ মই যেন হাতজোৰ কৰি ঈশ্বৰক মনে মনে প্ৰাৰ্থনা কৰিছোঁ তৎকালীন মৃত্যুৰ, এই আত্মশ্লাঘাৰ পৰা চিৰমুক্তিৰ, বন্ধকীত থোৱা বিবেকৰ আৰ্তনাদৰ পৰা পৰিত্ৰাণ।
বেডখনত এটি প্ৰস্তৰ মূৰ্তিৰ দৰে ৰৈ ৰৈ অতীত ৰোমন্থনৰ বাদে মোৰ ওচৰত কৰিবলৈ একো নাছিল। মনে মনে থিৰাং কৰিছিলোঁ, ভেণ্টিলেছন ব্যৱস্থা মই পৰিহাৰ কৰি পোনপটীয়াকৈ মৃত্যুযাত্ৰা কৰিম। মোৰ দৰে পাপীষ্ঠ, বিবেচনাশূন্য জ্ঞানীমূৰ্খ, স্খলিত, সমাজ হৈতেষীৰ মূখা পিন্ধা দুৰ্ধৰ্ষ ভণ্ড এটাৰ সলনি আন কোনোবাই পাওক এই ভেণ্টিলেছনৰ চিকিৎসা ব্যৱস্থা।
অতীতৰ সেই ভ্ৰান্ত সুখৰ দিনত মোৰ প্ৰাণৱন্ত সহযোগত সেই অনুজীৱৰ বিৱৰ্তন ঘটোৱা হৈ গৈছিল। মোকো তেওঁলোকে সসন্মানেৰে চিৰদিন মুখ বন্ধ ৰখাৰ প্ৰতিশ্ৰুতিত বাকী থকা দহ শতাংশ ধন দি বিদায় দিছিল আৰু ময়ো সেই গৱেষণাৰ ফচলৰ কথা মনৰ পৰা জাৰি-জোকাৰি পেলাই মোৰ পুৰণি সপোনটো বাস্তৱ ৰূপ দিবলৈ আহি নিজৰ মৰমৰ গাঁওখন পাইছিলোঁহি৷
প্ৰথমতেই মোক পুনৰ গাঁৱৰ ঘৰখনত পায় গোটেই অঞ্চলটোত আনন্দৰ বন্যা বৈ গ’ল। সম্বৰ্ধনাৰ জোৱাৰ উঠিল, তাতে মোৰ ধনৰ বিনিয়োগত মোৰ পৰিকল্পনা মতে চলিবলৈ লোৱা কামবোৰৰ বাবে গোটেইখন ধাক ফুটি উঠিল। পিছে মোৰ এই বদান্যতাৰ আঁৰত লাহে লাহে মই নজনাকৈয়ে গাঁওখনৰ এজন এজনকৈ হস্পিতালৰ বেডত উঠিলগৈ। গোটেইখন হৈ চৈ লাগিল, এটা নতুন ভয়ংকৰ সোঁচৰা ভাইৰাছে গোটেইখন তল ওপৰ কৰি পেলালে। মোক কিন্তু কোনেও সন্দেহৰ চকুৰে নাচালে, তাৰ সলনি ময়ো এদিন আক্ৰান্ত হোৱাৰ দুঃখত ৰাইজে নামঘৰলৈ শৰাই শলিতা আগবঢ়াই আশু-আৰোগ্য কামনাহে কৰিলে। দহৰ কথা চিন্তা কৰা মোৰ দৰে এজনো কালান্তক ভাইৰাছৰ বলি হোৱাত দুই একে আনকি ঈশ্বৰৰ ওপৰতে আঙুলি তুলিলে। মোৰ স্বাৰ্থপৰতাত নতুন প্ৰলেপ পৰিল সমাজ হৈতেষীৰ।
তেওঁলোকে ক’ত বুজিব ক’ত কেতিয়া কি হৈ গ’ল, স্বয়ং ময়েই এই মুহূৰ্ত্তত ভাবি পোৱা নাই কৰ পৰা কি হ’লগৈ…! মনত পৰিল ভীষ্মক শৰশয্যাত কৃষ্ণই কোৱা কথাষাৰ, “জ্ঞান থাকিলেই যথেষ্ট নহয়, তাৰ সুপ্ৰয়োগৰ বাবে উপযুক্ত মাত্ৰাত অনুভৱো থাকিব লাগিব।”
এতিয়া এই অহৰহ বিবেক দংশনৰ পৰিত্ৰাণ পাবলৈ মোক মৃত্যু লাগে, মৃত্যু, মৃত্যু লাগে, মই মাথোন মৃত্যুৰ অপেক্ষাত…জানো এয়াও মোৰ স্বাৰ্থপৰ কামনা, তথাপি বিচাৰিছোঁ মাথো মৃত্যু।
8:58 pm
হৃদয়ষ্পৰ্শী লেখা৷
7:56 am
অশেষ ধন্যবাদ
7:53 pm
সুন্দৰ লিখনি ।
8:11 am
অশেষ ধন্যবাদ
9:20 pm
অতি সুন্দৰ লেখা..
8:11 am
অশেষ ধন্যবাদ
9:14 am
ভাল লাগিল
8:11 am
আন্তৰিক ধন্যবাদ