স্বপ্নভংগ- নীলাক্ষি কাকতি
ক্ৰিং ক্ৰিং…মোবাইলটো বাজি বাজি কাট খাই গ’ল৷ তিনি নম্বৰবাৰ বাজিবলৈ আকৌ আৰম্ভ হৈছিল৷
: ঐ দিগন্ত ..(গালি) সেইডালে ৰাতিপুৱাই ৰাতিপুৱাই বখলিয়াই আছে৷ নধৰ কিয় বেং? দেওবাৰেও শান্তিত শুবলৈ নাপাওঁ৷ অসীমে সিখন বিচনাৰ পৰা চিঞৰি মাত দিলে৷
চৰম বিৰক্তিত চকু দুটা মোহাৰি দিগন্তই খেপিয়াই আধামেলা চকুৰে ফোনটো ধৰিলে৷ কিন্তু মোবাইলৰ স্ক্ৰীনত নামটো দেখিয়েই কাৰেণ্ট লগা মানুহৰ দৰে একেজাঁপে বিচনাৰ পৰা উঠি সি থিয় দিলে৷
: হেল্লো প্ৰতীক্ষা৷ গুডমৰ্ণিং৷
তাৰ মুখত প্ৰতীক্ষাৰ নামটো শুনি অসীমেও কাণ দুখন ঠিয় কৰি দিলে৷
: গুডমৰ্ণিং দিগন্ত৷ বেয়া নাপাবা দেই৷ ৰাতিপুৱাই তোমাক ডিষ্টাৰ্ব দিলোঁ৷ মানে কথা এটাৰ কাৰণেহে তোমাক ফোন কৰিলোঁ৷ কি কৰি আছিলা?
: নাই নাই৷ কিহৰ ডিষ্টাৰ্ব? মই মানে…মই ব্যায়াম কৰি আছিলোঁ৷
: অ’৷ খুব ভাল অভ্যাস দেই৷ মই আকৌ আবেলিহে জীমলৈ যাওঁ৷ তুমি সেইকাৰণে ইমান ফিট ন?
: নাই…হেঃ হেঃ! কৰোঁ আৰু অলপ ব্যায়াম৷ এতিয়া অলপ নেমুপানী খাব লৈছোঁ৷
: হুহ৷ নেমুপানী! নেমু দুমাহ ধৰি দেখাই নাই৷ লেভেল চা তাৰ৷
বিৰবিৰাই মাত দিলে অসীমে৷
: কোৱাচোন কিয় ফোন কৰিলা?
দুয়োখন হাতেৰে সেৱা কৰা ভংগীত অসীমক মনে মনে থাকিবলৈ কৈ দিগন্তই প্ৰতিক্ষাক সুধিলে৷
: মানে মই দুদিনমান জ্বৰৰ বাবে কলেজ যাব পৰা নাই৷ তোমাৰ ইক’নমিক্সৰ থাৰ্ড পেপাৰৰ ৰয় ছাৰে দিয়া নোটচ্খিনি আছেনে?
: আছে৷ কিয় তোমাক লাগিব নেকি?
: আছে ন? বেয়া নোপোৱা যদি মোক দিব পাৰিবা নেকি?
: কি যে কথা কোৱা আৰু তুমি? নিশ্চয় দিম৷ কাইলৈ কলেজতে দিম৷
: নহয় মানে৷ মোৰ আৰু বেলেগ পেপাৰৰ নোটচ্ অলপো লিখিব লগা আছে৷ মোক তুমি যদি বেয়া নোপোৱা তোমাৰ ৰুমৰ এড্ৰেচটো দিয়ানা৷ মই গৈ নোটচ্খিনি লৈ আহিম৷ তোমাৰ কিবা অসুবিধা হ’ব নেকি?
: না…না…নাই কি অসুবিধা হ’ব? আহিবা৷ মই নতুন বজাৰৰ স্বাদ হোটেলৰ সন্মুখৰ গলিটোত ভাৰা কৰি থাকোঁ৷ ঘৰৰ মালিকৰ নাম ৰাজেন মহন্ত৷ ঘৰ নং -১২৷
: ধন্যবাদ দেই৷ মই দুঘণ্টা মান পিছতে আহিম৷
: দু…দুঘণ্টা!
: কিয় কি হ’ল? এতিয়াতো দহ বাজিব হ’লেই৷
: নাই নাই একো প্ৰব্লেম নাই৷ মই মানে গা পা ধুই অলপ পূজা কৰোঁ যে৷ তাৰপিছত আকৌ অলপ জুচৰ লগত ফ্ৰুট চালাড খাওঁ৷ ন’ প্ৰব্লেম৷ দুঘণ্টাত চব হৈ যাব৷
: আগতে চানি লিয়নিৰ ফটোকেইখন বেৰৰ পৰা আঁতৰাই ল৷ কিমান পূজা পাতল কৰ’ দেখিলেই তাই বুজিব৷ অসীমে মাত দিলে৷
: অ’কে৷ মই দুঘণ্টা পিছত গৈ আছোঁ৷ কথা এটা কওঁ দেই৷ তুমি যে ইমান বেছি ভাল মই ভবাই নাছিলোঁ৷
: বাই৷
‘উফ’ বুলি কৈ সি বিছনাখনতে পৰি গ’ল৷ তাৰপিছত সি বিশেষ এটা ভংগীৰে নাচিবলৈ আৰম্ভ কৰিলে৷
: ঐ তোৰ হ’ল কি? আমাৰ গাঁৱত মানুহে বীৰা লম্ভিলে এনেকুৱা কৰে বুলি কয়৷
অসীমে ক’লে৷
: ঐ প্ৰতীক্ষা আহিব বে৷ নোটচ্ ল’বলৈ৷
: কি কৱ? চাল্লা তোৰ দিনেই ভাল৷ কিন্তু তই যে ইমান তাইৰ আগত লেবেল ফালিলি এতিয়া কি কৰিবি? পূজা ক’ত কৰ বে তই? চানি লিয়নী আৰু জেকলিনৰ ফটো দুখনত নে? বেটা সি ফ্ৰুইট চালাড খায়! তোৰতো লাইনে লাগিল কিবা এটা৷ মোক যে ৰিংকিয়ে পাট্টাই নিদিয়ে বে৷ শান্তিত আজি শুবও নাপালোঁ৷ ইফালে ৰাতিপুৱাৰ পৰাই এই মালিকটোৱে ফুল ভলিউমত টিভিদাল লগাই থ’ব৷ সন্ধিয়াও একেই৷ এবাৰ ৰামায়ণ,ল এবাৰ মহাভাৰত৷ এখনত মাইকী কিডনেপিংৰ লাফৰা এখনত আকৌ মাটিবাৰীৰ ঝেং৷
: ঐ সেইবিলাক বাদ দে ভাই৷ মোৰ আজি সপোন ফলিয়াব যেন লাগিছে৷ চা বে আমি তাইৰ বাস্তৱৰ লগত লাইন চলি থকা বুলি ভবা নাছিলোঁ নে? যদি কিবা থাকিল হৈ তাই তাক নোটচ্ খুজিলে হয়৷ তাই কাক খুজিলে? মোক৷ প্লিজ ভাই৷ হেল্প কৰ৷ টকা অলপ দে৷ বিস্কুট, কেক যি পাওঁ কিবা অলপ আনোঁ৷
: ****( গাত জোৰ অহা গালিটো দি ) সি বেটাই লিলিমাই কৰিব মই টকা দিব লাগে৷ মোক তই এনেয়ো দুই বটল বিয়েৰৰ টকা ধাৰ মাৰিবলৈ আছে৷ আগতে দি ল৷
: প্লিজ প্লিজ ভাই৷ অলপ টকা দে৷ তোৰ ধাৰো মাৰিম৷ তোক এক্সট্ৰাকৈ ৰজনী দুপেকেটও খোৱাম৷ আজি মাত্ৰ মোৰ সন্মানটো ৰক্ষা কৰ৷
: হ’ব যা৷ মুখ ধু আগতে৷ তই বজাৰ কৰগৈ৷ মই ৰুমটো চাফা কৰোঁ৷ আৰু শুন তোৰ দুটা জাঙিয়া নোধোৱাকৈ চকীখনতে পৰি আছে৷ বাথৰুমত থৈ আহ৷ লগতে খালী হোৱা তিনিটা বিয়েৰৰ বটল পাকঘৰৰ গেচ ষ্টোভতোৰ ওচৰতে আছে৷ পলিথিন এটাত ভৰাই যাওঁতে ডাষ্টবিনত পেলাই দিবি৷ নহ’লে যি জুচ খাৱ বুলি যি লেবেল দিলি তাই দেখিলে পামযোৱা বেলুনৰ দৰে ফুচ হ’ব৷
: আহ৷ তইহে মোৰ ভাই৷ হ’ব দে৷ মোক টকা দে৷ বজাৰ কৰোঁ৷ অলপ বেছিকৈ দিবি৷ ফাণ্টাৰ বটল এটাও আনিম৷ ৰ আগতে পোষ্টাৰ দুখন লুকাই থওঁ৷ জাঙিয়া দুটা ক’ত থকা বুলি কৈছিলি?
: হু ল টকা৷ চাবি কিন্তু৷ টকা দিওঁতে যেন কেৰমেৰ নকৰ৷ নহ’লে প্ৰতীক্ষাৰ ফোন নম্বৰ মোৰ লগতো আছে৷
: ধেই৷ মই তোক আৰু তেনে কৰিম নে? অ’ আই ৰ৷ বিয়েৰৰ এটা বটলত তলত অলপ আছে বে৷ দেচোন শেষ কৰোঁ৷
****
: টিং টং…
কলিংবেলটোৰ শব্দ শুনাৰ লগে লগেই দিগন্ত জাঁপ মাৰি উঠিল৷ সি যেন সেই সময়খিনিৰ অপেক্ষাতেই আছিল৷ অসীমো স্থানীয় অভিভাৱকৰ ওচৰলৈ গ’ল৷ আঃ! আজি কেৱল সি আৰু প্ৰতীক্ষা৷ বেৰৰ গজালত ওলোমাই থোৱা সৰু আইনাখনত চুলিখিনি আকৌ এবাৰ চাই অলপ ঠিক কৰি ল’লে৷ তাৰপিছত দুৱাৰখনৰ ফালে সি আগবাঢ়িল৷ লগে লগে খুলি দিলে আকৌ তাই তাইৰ বাবেই ৰৈ থকা বুলি ভাবিব পাৰে৷ আৰম্ভণিতে অলপ সজাগ নহ’লে তাই তাক পাতল বুলিও ভাবিব পাৰে৷ কিন্তু…
: মহি খুৰা আপুনি?
দৰ্জাৰ সিটো মূৰে মহিৰাম খুৰা৷ দিগন্তহঁতৰ গাঁঁৱৰ ঘৰখনৰ প্ৰতিৱেশী৷ ওচৰৰ যদিও নিজৰ খুৰাকতকৈ কোনো গুণে কম নহয় দিগন্তহঁতৰ বাবে৷ মানুহজন অন্তৰৰ পৰা বৰ ভাল৷ পিচে এটাই বদ অভ্যাস৷ কথা বৰ বেছি কয় লগতে বঢ়াই কয়৷ গাঁঁৱত সকলোৱে মহিৰামৰ কথাক দহেৰে হৰণ কৰি শুনিব লাগে বুলি কয়৷
: অঁ সোণটি৷ মই৷
মহিৰামে দিগন্ত ঘৰত মতা নাম সোণটি বুলি মাতে৷
: মানে গুৱাহাটীলৈ আহিছিলোঁ ডাক্তৰক দেখুৱাবলৈ আমাৰ বগীৰামৰ পুতেকৰ লগত৷ তাৰ বোলে ফাঁচীবজাৰত কাম আছে৷ ময়ো সেইটো সুৰুঙাতে তোৰ খবৰ এটা লৈ যাম বুলি আহিলোঁ৷ বাপেৰৰ পৰা তোৰ ৰূমৰ ঠিকনাটো ললোঁ৷ হেৰি নহয় তোৰ মুখখন ক’লা পৰিছে যে? তোৰ গাটো বেয়া নেকি? খোৱা বোৱা ভালকৈ নকৰ নেকি?
: না…না…নাই৷ খুৰা ভিতৰলৈ আহক৷ গা ভালেই আছে৷ মানে চব কৰিব লাগে যে৷ হঠাতে আপোনাক দেখিলোঁ যে৷ সেয়ে অলপ আচৰিত হলোঁ৷ ঘৰত ভালনে?
: ভাল ভাল৷ তহঁতৰো ঘৰত ভাল৷ পিচে তোৰ লগত যে আৰু এজন থকা বুলি কৈছিলি? ক’ত?
: অ’ তাৰ নাম অসীম৷ আজি দেওবাৰ যে৷ সি তাৰ লোকেল গাৰ্জেনৰ ঘৰলৈ গৈছে৷
: এহ৷ মই বৰ বেয়া পাওঁ দেই এইবোৰ কথা৷ একেলগে থাক৷ তোকো লগত লৈ যাব লাগে৷ তইনো সিহঁতৰ ঘৰৰ ভাত খাই ঢুকুৱাবি নে?
টিং টং…
কলিংবেলৰ শব্দ শুনি দিগন্তৰ বুকুৱে ধান বনাদি বানিবলৈ ধৰিলে৷ ইফালে খুৰা সিফালে নিশ্চয় প্ৰতীক্ষা৷ চাল্লা কপালতে শনিয়ে পাৰ্টি কৰি থাকিলে কোনেনো কি কৰিব পাৰে?
: অ’ দিগন্ত মই৷ অলপ দেৰি হ’ল ন?
প্ৰতীক্ষাই দৰ্জাৰ সিটো মূৰৰ পৰা ক’লে৷
: আহা৷ সুমাই আহা৷
তাৰ মুখখন ইতিমধ্যে সাপে খুটা মানুহৰ দৰে নীলা পৰিছে৷
: কোনোবা আহিছে নেকি?
তাই সুধিলে৷
: অ সোণটি এওঁ কোন?
তাইক মূৰৰ পৰা ভৰিলৈ লক্ষ্য কৰি মহিৰামে সুধিলে৷
: খুৰা এওঁ প্ৰতীক্ষা৷ মোৰ লগত একে ডিপাৰ্টমেণ্টৰ৷ অলপ নোটচ্ লিখিবলৈ আছিল৷ সেয়ে নিবলৈ আহিছে৷
: ভাল ভাল৷ পঢ়া শুনা কৰিব লাগে৷ আইজনী তুমি ক’ত থাকা? ঘৰত কোন কোন আছে?
: খুৰা মোৰ ঘৰ ইয়াৰ পৰা তিনি কিলোমিটাৰ মান দূৰত৷ আনন্দ নগৰত৷ ঘৰত মা দেউতা আৰু ভাইটি আছে৷
: দেউতাই কি কৰে তোমাৰ?
: দেউতা আমাৰ সদৰ থানাৰ অ’চি৷
: বাপৰে বহুত টকা তেন্তে৷ পুলিচত কাম কৰা মানুহৰতো লাঠি ঘূৰালেও টকা আহে বুলি কয়৷
: খুৰা পানী খাব নেকি?
মহিৰামৰ কথাত প্ৰতীক্ষাই অলপ বেয়া পোৱা যেন অনুভৱ কৰি দিগন্তই কথা সলাবলৈ যত্ন কৰিলে৷
: খাম খাম৷ পানী এগিলাচ দে৷ তাৰ আগতে মোক বাথৰুমটো দেখাই দে৷ বুজিছা মাজনী বয়স হ’ল নহয়৷ অলপ দূৰ্বল হৈছোঁ৷ ডাক্তৰক দেখুৱাবলৈ আহিছিলোঁ৷ পেটটো কামুৰি থাকে৷ গেচৰ সমস্যা৷ বায়ু ওলায়ে থাকে৷ কি কৰিম আৰু৷ ঠেং-হাত নোহোৱা বস্তু৷ ক’তনো ধৰি ৰাখিবা? গাঁৱলীয়া দৰৱ খালোঁ৷ কামত নিদিলে৷ ৰাতিপুৱাৰে পৰা তিনিবাতিমান চাহ খালেহে পায়খানা হয়৷
: হয় খুৰা৷
অলপ লাজ লাজকৈ বেকাকৈ হাঁহি এটা মাৰি ওঁঠটো কামুৰি তাই মাত দিলে৷
: খুৰা এইফালে আহক৷ এইটো বাথৰূম৷
লাজতে মুচকচ যাওঁ যাওঁ অৱস্থা দিগন্তৰ৷ কি ভাবিছিল কি হ’ল৷ কলেজত যে কেনেকুৱা হাঁহিব সকলোৱেই! প্ৰতীক্ষাইনো নোকোৱাকৈ থাকিবনে? মাহঁতেও খুৰা আহিব বুলি ফোন এটা কৰিব নোৱাৰেনে?
: এয়া এতিয়াহে ভাল লাগিছে৷ মুখখন ধোৱাৰ পিছত৷ সোণটি গামোচা এখন দে৷
: এয়া লওক খুৰা৷
টাৱেল এখন দি দিগন্তই এবাৰ প্ৰতীক্ষাৰ ফালে চালে৷ তাই মোবাইলত ব্যস্ত৷
: হেৰি নহয় সোণটি৷ এইখন বৰ কেচেমাকেচেম গোন্ধাইছে অ! ভালদৰে নুধুৱ নেকি? বাথৰুমতো দুটা জাঙিয়া পৰি আছে৷ গেঞ্জী পৰি আছে৷ বাথৰুমটোও বৰ বেয়া গোন্ধাইছে৷ এইবোৰ তলত পিন্ধা বস্তু৷ ভালদৰে চাফা কৰি নুধুলে চালৰ অসুখ হ’ব৷
: খুৰা…মানে পানী নাছিল৷
মূৰটো ঘূৰাই পৰি যাব যেন লাগিল তাৰ৷ ৰাতিপুৱা দিয়া গোটেই লেবেলখিনি যেন মিঃ ইণ্ডিয়াৰ দৰে অদৃশ্য হৈ গ’ল৷ কি কুক্ষণত যে ভৰি দিছে!
: বুজিছা মাজনী৷ আমি ইয়াক মৰমতে সোণটি বুলি মাতোঁ৷ একেবাৰে সৰুতে ইয়াৰ বৰ ঘাঁ-ফোঁহা হয়৷ এবাৰ তাৰ তপিনাতে দুটা মস্ত ডাঙৰকৈ ফোঁহা উঠিল৷ পেন-চেন একো পিন্ধিব নোৱাৰে৷ কান্দি থাকে৷ মই তাক গাঁৱলীয়া দৰব দি দি ঠিক কৰিছিলোঁ৷ দুমাহ তাক সৰু গামোচা এখন পিন্ধাই ৰাখিছিলোঁ৷ সোণটি তোৰ দাগবোৰ এতিয়াও আছেই হ’বলা!
: দিগন্ত মোৰ দেৰি হৈছে৷ নোটচ্খিনি দিয়াচোন৷
তাই যেনেতেনে হাঁহিটো ৰখাই তাক ক’লে৷
: অ’ অ’ ময়ো তাকেই ভাবি আছিলোঁ৷ নোটচ্খিনি এয়াা লোৱা৷
উশাহ বন্ধ হ’বলৈ যোৱা পৰিস্থিতি এটাৰ পৰা যেন সি ঘূৰি আহিল৷
: ধন্যবাদ দিগন্ত৷ মই নোটচ্খিনি লিখিয়েই তোমাক দি দিম৷ খুৰা আপোনাক লগ পাই বৰ ভাল পালোঁ৷ বৰ সৰল আপুনি৷ আকৌ লগ পাম৷
: ৰ’বা ৰ’বা৷ সোণটি ছোৱালীজনীক কিবা অকণ নুখুৱাকৈ পঠাবিনে? তোৰ পাকঘৰটোত দেখোন একোৱেই নাই কিবা বিস্কুটৰ টোপোলা এটাহে দেখিলোঁ৷ বাথৰুমলৈ যাওঁতে চাই গলোঁ৷ ঘৰৰ পৰা টকা কমকৈ পঠাইছে নেকি? ফলমূল খাবি৷ এনেয়ো তই ফলমূল খাই সৰুৰে পৰা বেয়া পাৱ৷ অ’ কথাৰ মহলাতে এই বেগটো দিবলৈ পাহৰিছোঁ৷ খুৰীয়েৰে দুটামান পিঠা আৰু বাৰীৰ নেমু দুটামান তোলৈ দি পঠাইছে৷ তই বোলে মাৰক দুমাহমান নেমু কিনা নাই বুলি কৈছিলি?
: নাই খুৰা দিগন্তইটো ফ্ৰুইট চালাদো খাই৷ নেমু চৰবতো খাইছে বুলি মোক ফোনত কৈছে আজি৷ চিন্তা নকৰিব খুৰা৷ আমি আছোঁ নহয়৷ তাৰ খা-খবৰবোৰ আমি লৈ থাকিম৷
মুখখন টিপি টিপি তাই ক’লে৷
: অঁ খুৰা নেমু আনিছিলোঁ৷ আজি শেষ হ’ল৷ আজিকালি ফলমূল খাওঁ৷ এয়া লোৱা প্ৰতীক্ষা৷ খুৰীয়ে বনোৱা পিঠা৷
ষ্টিলৰ থাল এখনত পিঠা দুখনমান দি সি যেনেতেনে মাতটো উলিয়াই ক’লে৷
: ৰ’বা মই চাহ বনাওঁ৷ তুমি এইখিনি খাই থাকাচোন৷
: তুমি কষ্ট কৰিব নালাগে দিগন্ত৷ মই চাহ এনেয়ো নাখাওঁ৷ মোৰ হ’ল দিয়া৷ খুৰীৰ হাতৰ পিঠাও খালোঁ৷ খুৰা বহক দেই৷ আপুনি যত্ন ল’ব নিজৰ৷ আহোঁ৷ বাই দিগন্ত৷ অসীমক মই অহা বুলি ক’বা৷
: বাই৷
উদাসীন ভাৱে সি তাইক বিদায় দিলে৷
: হেৰি নহয় সোণটি৷ ছোৱালীজনী বৰ অমায়িক যেন লাগিছে৷ দেখাতো বৰ মৰমলগা৷ ঘৰৰ মানুহবোৰ কেনেকুৱা অ’? হওঁতে মোৰো সম্পত্তি কম নাই দেচোন৷ আমাৰ ৰতনৰ কাৰণে এইক চাব পাৰি নেকি বাৰু? বৰ মিলিব অ’৷
ডিঙিত কিহবাই সোপা মাৰি ধৰা যেন লাগিল দিগন্তৰ৷ মাতটো নুফুটা হ’ল দেখোন তাৰ!
: সোণটি কি হ’ল? একো নামাত যে?
☆ ★ ☆ ★ ☆
5:44 pm
হে হৰি! সব চেটেপ কৰি দিলে এই খুৰাই!
তামাম নীলাক্ষী৷ বিৰাট ভাল লাগিল৷
6:02 pm
হাঃ হাঃ! খুৰা কি বস্তু আছিল। দিগন্তৰ প্লেন বৰ্বাদ কৰি নিজৰ পুতেকৰ বাবে ছোৱালী ঠিক কৰিলে। বঢ়িয়া
8:08 pm
হাঃ হাঃ। খুৰা মানে ওফৰাজেং হৈ ওলালহি। বেয়া ফালিলে খুৰাই।
ভাল হাঁহিলোঁ দেই।
10:07 pm
বঢ়িয়া , মজা লাগিলে
10:11 pm
Val lagil porhi ba..hahilu bohut..
10:29 pm
খুড়াজনে সকলো আশাত চেচাপানী ঢালিলে । মজা লাগিল পঢ়ি ।
10:59 pm
হাঃ হাঃ হাঃ মজ্জা দেই।
11:17 pm
হাঃ হাঃ ??
11:24 pm
এনেকুৱা খুৰাকবোৰেই বিপদ ঘটাই।
বঢ়িয়া লাগিল।
11:29 pm
মজা! বেচেৰা দিগন্ত! সৱ শেষ৷
1:33 am
বা বহুত ভাল লাগিল
9:35 am
হাঃ হাঃ বেচেৰা দিগন্তটোৰ মুখখন ভাবিয়ে বেয়া লাগিছে দেই ।খুড়াই সকলো শেষ কৰি দিলেল।
5:03 pm
নীলাক্ষি বা মজা লাগিল দেই ? ? ? ??
7:18 pm
সকলোকে অশেষ ধন্যবাদ ৷
9:25 pm
বঢ়িয়া দেই?