দাগ অচ্ছে নেহী হে-ধূৰ্জ্জটি কাকতি :
: দৰা কেইটাত যাব ঔ?
: দৰাটো সদায় দহটাতেই যায়, কিন্তু ওলাওঁতে ওলাওঁতে চাৰে এঘাৰ মান বাজেই, তাৰ আগত দৰা কেতিয়াও ওলাব নোৱাৰে৷
পল্লৱৰ প্ৰশ্নৰ উত্তৰত গৌতমে নিৰুদ্বেগভাৱে ক’লে৷
মই, পল্লৱ, গৌতম আৰু ভাস্কৰ আমি চাৰিটা একেখন গাড়ীতে যাম, দৰাৰ লগত৷ বিয়া আমাৰে বন্ধু ৰাজীৱৰ৷ আমি তিনিটা গাড়ীতে ৰৈ আছোঁ৷ ভাস্কৰ বিয়াঘৰৰ ভিতৰত আছে৷ তাৰ কথাটো অৱশ্যে মিছাও নহয়৷ অসমৰ দৰা আৰু ভাৰতীয় ৰেল একেই৷ লেট হ’বই ! কাৰণটো কি কিন্তু কোনেও ক’ব নোৱাৰে৷ দৰা সদায় দহ বজাতেই যোৱাটো ঠিৰাং হয়৷ কিন্তু কোনোদিন দহ বজাত ওলাব নোৱাৰে৷
আমিও গাড়ীত বহি দৰা যোৱাৰ আগৰ আটাইতকৈ প্ৰয়োজনীয় কামটো কৰি আছোঁ, বিলাতী সোমৰস পান৷ পল্লৱে ভাল গাড়ী চলায়, গতিকে ইমান চিন্তা নাই৷ বিয়াবোৰত মূল কথা আকৌ যাবলৈ ভাল গাড়ী এখন বিচাৰি পোৱা৷ ভাল মানে গাড়ীখন নহয়, চালকজন ভাল৷ যাৰ ওপৰত বিশ্বাস কৰিব পাৰি সকলোকে আকৌ বিশ্বাস কৰিব নোৱাৰি৷ ডিঙিৰে দুটা পেগ যোৱাৰ পাছত সিংঘমৰ দৰে গাড়ী চলাব খোজে, বিবাহ যাত্ৰীৰ পৰা কেতিয়া শৱ যাত্ৰী কৰি তোলে একো ঠিক নাই৷ গতিকে নিৰ্দ্দিষ্ট গাড়ীখন ঠিক কৰি লোৱাটো বৰ প্ৰয়োজনীয়৷
গাড়ীত পেগকেইটা বাকী আছে গৌতমে৷ অৰ্জুনৰ যেনেকৈ আন্ধাৰতো বাণৰ লক্ষ্য ভ্ৰষ্ট নহৈছি, গৌতমৰো এন্ধাৰ হ’লেও পেগ বাকিলে পেগৰ লক্ষ্যভ্ৰষ্ট নহয়৷ প্ৰত্যেক গিলাচত ঢলা পৰিমাণ সম্পূৰ্ণ সঠিক থাকে৷ প্লাষ্টিকৰ গিলাচত একটোপো নেপেলোৱাকৈ বাকিব পৰাটোও কিন্তু এটা কলা৷ সি এইটোত একেবাৰে পৰিপক্ক। তাৰ ওপৰত মই সুৰাদেৱতাৰ কিবা আশীৰ্বাদ আছে যেনেই পাওঁ৷
: তহঁতৰ হ’ল নে নাই?
ভাস্কৰে আহি মাত লগালেহি। ভাস্কৰক দেখি সাক্ষাৎ অভ্যৰ্থনা অনুষ্ঠানৰ চ্যুট টাই পৰিহিত দৰাটো যেন লাগিল। নতুন পেণ্ট, ছাৰ্ট আৰু দামী জোতা৷ অৱশ্যে সি দৰাৰ ঘৰৰে মানুহ, মোমায়েকৰ পুতেক৷ তাৰ যোগেদিয়ে আমি ৰাজীৱক চিনি পাওঁ বাৰু৷ সি আমাৰ লগত যাব, বাকী ককায়েক, বৌৱেক, মাকহঁত বেলেগকৈ যাব৷ মই তাক সুধিলোঁ,
: তই যে একেবাৰে দৰা টাইপ ওলালি?
পল্লৱে টেপেচকৈ মাত লগালে,
: আজি ময়ুৰী আহিব নহয় বিয়ালৈ, তাকো পৰিয়ালৰ সৈতে, তাইৰ মাক-বাপেকক ইম্প্ৰেছ কৰিবলৈকে ই ইমান চ্চালত উলাইছে৷
ময়ুৰী ভাস্কৰৰ ফেচবুক ফ্ৰেইণ্ড৷ পল্লৱৰ আকৌ ফেমিলি ফ্ৰেইণ্ড, ওচৰৰে৷ মাক দুয়োগৰাকীও বান্ধৱী৷ আমি জনাত ময়ুৰীৰ লগত ভাস্কৰৰ ইনবক্সত অলপ কথা-বতৰাও হয়। ময়ুৰী আকৌ কইনাৰ মাহীয়েকৰ ছোৱালী৷ ছোৱালীজনী ধুনীয়া। চিংগলো বোলে৷ এই বিয়াখন ঠিক হোৱাৰ পাছত ইঘৰে সিঘৰলৈ যাওঁতে ভাস্কৰে লগ পাই কথা বতৰাও পাতিছে হেনো। ভাস্কৰৰ ময়ুৰীক বিয়া পতাৰ অলপ মন আছে বুলি ধৰিব পাৰিছোঁ৷ ময়ুৰীৰ কথা বোলে ঘৰৰ মতে বিয়া হ’ব, মানে ল’ৰাজনক ঘৰে পচন্দ কৰিলেহে বিয়া হ’ব৷ ভাস্কৰক অপচন্দ কৰিবলগীয়া বাৰু একো নাই৷ চাকৰি বাকৰি ভাল, দেখাতো ভাল৷ কামবোৰো সম্পূৰ্ণ কেলকুলেটিভলি ভাবি শুনি কৰে, আবেগত উটি ভাঁহি যোৱা নহয়৷
: সেইকাৰণে তাই আজি এক পেগো খোৱা নাই ন?
: অ’, চিনাকি কৰাই দিলে গোন্ধ পালে কি হ’ব, ইমেজ বেয়া নহ’ব নেকি?
মোৰ প্ৰশ্নৰ উত্তৰত ভাস্কৰে ক’লে৷ অৱশ্যে ভাস্কৰে তেনেকৈ নেখায়ো, খুব কমেই খায়৷ তাকো বেলেগে খোৱালেহে৷ আমাৰ দৰে নহয়, নিজে কিনি খোৱাৰ ৰেকৰ্দ চাগৈ তাৰ নায়েই৷ মোৰতো সন্দেহ হয় সি নিজৰ বেচেলৰ পাৰ্টিৰ দিনাও বেলেগকে খোৱাবলৈ ক’ব৷ অৱশ্যে ছোৱালী ঘৰে ভালেই পাব, এনেকৈ মদপানী নোখোৱা ল’ৰা এটা পালে৷ মই তাক ক’লোঁ,
: ময়ুৰীৰ লগত তোৰ যদি বিয়া ঠিক হয় তই কিন্তু ভালকৈ বেচ্চেলৰ পাৰ্টি এটা দিব লাগিব, কনজুচামি নকৰিবি৷
: চিন্তা নকৰিবি ভাল পাৰ্টি এটা পাবি৷
ভাস্কৰে বৰ প্ৰশান্তিৰে ক’লে৷ জীৱনত খুব কমেইহে পাৰ্টিৰ কথা ভাস্কৰে এনেকৈ কয়৷ বুজিলোঁ বিয়া ঠিক হ’লে সঁচাকৈ পাৰ্টি পাম৷ হানড্ৰেড পাইপাৰৰ তলততো কোনো কাৰণতেই নামানোঁ৷ বিয়া বাৰু ঠিক নোহোৱাৰ কাৰণো নাই, এনে ল’ৰা এটা পালে বিয়া দিবই।
ধুৰুম-ধাৰাম ব’ম ফুটাৰ শব্দ আহিল৷ বুজিলোঁ দৰা যাবলৈ হৈছে৷ এনেতে গৌতমে মাত লগালে,
: This bombs are so fu## waste of money. লগতে এনভাইৰেমেণ্টেল পলিউচন৷
বিলাতী সুৰা আৰু ইংৰাজী শব্দ হেনো একেলগে থাকিব নোৱাৰে, পেটত সুৰা সোমালে ইংৰাজী চিধা বাহিৰ ওলায়৷ গৌতমৰ ক্ষেত্ৰত এইটো কথা অলপ বেছিয়েই মিলে বাৰু৷ পেটত বিলাতী সোমোৱাৰ লগে লগে ভুলে-শুদ্ধই ইংৰাজী লগালগ বাহিৰ হ’বই!
: ব’ল ব’ল, তোৰ ফিলোচফি পাছত শুনিম, এতিয়া ব’ল৷
পল্লৱে কথাটো কৈ কৈ গাড়ী ষ্টাৰ্ট দিলে। কইনাঘৰলৈ মাত্ৰ আধা ঘণ্টাৰ বাট, বেছি দূৰ নহয়৷ আমি কইনাঘৰ পালোঁ, দৰাও নামিল৷ আমিও গাড়ীখন ৰখাবলৈ ভাল ঠাই অকণমান বিচাৰিলোঁ৷ বিচাৰি বিচাৰি ঠাই অকণ পালোঁ কোনোমতে। কেৱল বেক কৰিবলৈ যাওঁতে দেখিলোঁ পাছফালে অলপ দাউন, নলা এটা আছে৷ মই বেকটো চাবলৈ নামিব খুজোঁতেই ভাস্কৰে মাত দিলে,
: ৰ ৰ মই চাই দিছোঁ, নহ’লে থৰক-বৰককৈ গৈ তই নিজেহে নলাত সোমাবি৷
এনেও বাৰু ভাস্কৰে বাকীবোৰে খালে সেইটো জহায়েই যে সি নৰমেল আছে সৱ দায়িত্ব সিয়েই ল’ব৷ তাতে বৰষুণ দি অলপ পিচল হৈ আছে, ৰিস্ক নোলোৱাই ভাল হ’ব৷ গতিকে একো নক’লোঁ৷ তাকেই যাবলৈ দিলোঁ৷ সি নামি গৈ বেক চাই পিচুৱাই আহ আহ বুলি দাইৰেকচন দিয়াত লাগিলে৷ তেনেতেই ধপ কে শব্দটো শুনিলোঁ৷ ভাবিলোঁ গাড়ীখন পৰিলেই নেকি গাঁতত! নামি দৌৰি গৈ চাওঁ দাইৰেকচন দিওঁতে দিওঁতে ভৰি পিচলি গৈ ভাস্কৰ হে নলাত সোমাল৷ তাৰ হাতত ধৰি আমি টানি আনিলোঁ৷ বেচেৰাৰৰ আঁঠুলৈকে নলাৰ ক’লা বোকা৷ দামী চিকচিকিয়া জোতা নলাৰ লেতেৰা ক’লাপানীত সোমাই অৱস্থা বেয়া হৈ গৈছে৷ সেইটো অৱস্থাৰে তাক লৈ বিয়া ঘৰত সোমালে বাকী মানুহ দৌৰি পলাব৷ তাক আনি গাড়ীতে বহালোঁ, সি নিজৰ জোতা খুলি দিলে৷ সেই অৱস্থাৰে সি কোনোমতেই বিয়া ঘৰত সোমাব নোৱাৰে৷ সোমালেও পেণ্ট নিপিন্ধাকৈ সোমাব লাগিব৷ বেচেৰাৰ দুখতে চকু পানী ওলাওঁ ওলাওঁ৷ আমি ক’লোঁ
: চিন্তা নকৰিবি গাড়ীতে বহ, পেণ্টটোও খুলি থ৷ তোক ভাত আমি ইয়াতে আনি দিম৷
সিও ক’লে নাযাওঁ ইয়াৰ পৰা। আনকি মাক-বাপেকে মতাৰ পাছতো সি গাড়ীৰ পৰা নামি নাহিল। বেচেৰা নামিবওনো কেনেকৈ সেইটো ৰূপেৰে৷ তাক গাড়ীতে থৈ আমি ভিতৰলৈ গ’লোঁ। নিজে খাই-বৈ কইনা ঘৰৰ দুজনমান আত্মীয়ৰ আগত তাৰ দুৰ্দশাটো ক’লোঁ আৰু প্লেট এখনত খাদ্য আনি গাড়ীতে দিলোঁ৷ দৰাৰ মামাকৰ পুতেক যেতিয়া কোনেও একো আপত্তি নকৰিলে৷ আমিও তাৰ খোৱা শেষ কৰিয়েই তাক লৈ সোনকালে ঘূৰি আহিলোঁ৷ বেচেৰাৰ ময়ুৰীকো লগ পোৱা নহ’ল আৰু মাক বাপেকৰ লগত চিনাকি হোৱাৰ আশাও পূৰণ নহ’ল৷ এনেও বাৰু আজি গ’লেও পেণ্ট নিপিন্ধাকৈ চিনাকি হ’ব লাগিল হয়৷ বাৰু যি হ’ল হৈ গ’ল! এইবোৰৰ কাৰণে আৰু সময় বহুত আছে৷
ঘৰ পাই আহি বিছনাত পৰি একান্তমনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে অতি শীঘ্ৰেই ময়ুৰী আৰু ভাস্কৰৰ বিয়াখন ঠিক হয়। আমিও এটা বঢ়িয়া বেচ্চেলৰ পাৰ্টি পাম৷ ৰাতিটো তাকে ভাবি ভাবি টোপনি যোৱাত সপোনতো ভাস্কৰে দিয়া বঢ়িয়া বেচ্চেলৰ পাৰ্টি এটাই দেখিলোঁ৷ ৰাতিপুৱা মোবাইলৰ ৰিঙত সাৰ পাই দেখিলোঁ পল্লৱৰ ফোন৷ মই ভাবিলোঁ পুৱাই পুৱাই ইয়াৰ কি হ’ল! ফোন ধৰাত সিটো মূৰৰ পৰা সি ক’লে,
: কেচ এটা হৈ গ’ল নহয়, মাক পুৱাই পুৱাই ময়ুৰীৰ মাকে ফোন কৰিছিল। ক’লে বিয়াখন ভালেই গ’ল৷ কিন্তু ভাস্কৰ বোলা দৰাৰ মামাকৰ পুতেকটো বোলে মস্ত মদাহী৷ দৰাৰ লগত আহোঁতেও ইমানেই মদ খাই আহিছে যে গাড়ীৰ পৰা নামি চিধা নলাত পৰিলে, ভাত খাবলৈকো উঠি আহিব নোৱাৰিলে৷ কাপোৰ-কানি খুলি গাড়ীতে শুই আছিল৷ ময়ুৰীৰ ফেচবুক ফ্ৰেইণ্ড বোলে সি৷ মই তাইক গালি দিছোঁ এনে এটা ল’ৰাক ফেচবুকৰ ফ্ৰেইণ্ডলিষ্টত ৰখাৰ কাৰণে। আপোনাৰ ল’ৰাটোকো তাৰ পৰা অলপ দূৰত থাকিবলৈ দিব। এইবোৰ ল’ৰাই নিচাতে কেতিয়া কি ঘটনা কৰে কোনো ঠিক নাই।
মোৰ মনৰ পৰাও সপোনত দেখা সেই বেচ্চেলৰ পাৰ্টিত ফূৰ্তি কৰা দৃশ্যবোৰ লাহে লাহে ধোঁৱা হৈ উৰি যাবলৈ ধৰিলে৷
1:26 pm
ধেত তেৰি! যেতিয়া দিন বেয়াা হয়, সঁচাকে বেয়া হয়৷ তামাম লাগিল কাহিনীটো৷
7:31 pm
ধন্যবাদ
1:50 pm
ভাস্কৰে বিয়া পাতিলেনে নাই পিছে? বঢ়িয়া লাগিল কাহিনী
7:32 pm
পাতিলে, খালি বেলেগক
2:45 pm
Hahaha….eitu kintu tammam asil…. sob durdokha Bhaskorore hoi
7:30 pm
যত দোষ ভাস্কৰ ঘোষ
2:55 pm
হা হা হা। বঢ়িয়া লাগিল পঢ়ি
3:55 pm
বেচেৰা ভাস্কৰ !!! তাৰ কিজানি সপ্তমত শনি বহি আছে |
কৰুণ সমাপ্তি হ’লেও বেছ ভাল লাগিল পঢ়ি | ??
7:30 pm
ৰাহুও বেয়া
4:21 pm
হা হা হা, এইটো মই ভৱা ভাস্কৰটোৱেই হ’ৱ, মজ্জা লাগিল পঢ়ি
7:29 pm
সিয়েই
4:34 pm
ইচ বেচেৰাটো
7:29 pm
হেহে
5:00 pm
মজা লাগিল
7:28 pm
সকলোকে ধন্যবাদ পঢ়া কাৰণে
9:07 pm
কাহিনীটো ভাল লাগিল
6:57 pm
ধন্যবাদ
11:52 am
বেচেৰা ভাস্কৰ।মজা লাগিল।
6:58 pm
ধন্যবাদ
12:41 pm
বেচ্চেলৰ party খাৱ পালেনে ?
6:57 pm
কত পাম আৰু 🙁
1:38 pm
তামাম, বহুত মজা লাগিল ।
6:54 pm
ধন্যবাদ
3:07 pm
Val lagil dada..
6:55 pm
ধন্যবাদ দেই ভন্টি
3:08 pm
ভাল দুখলগা জমনি
6:55 pm
সাৱধান হবা সেইকাৰণে
4:51 pm
বঢ়িয়া লাগিল ? ? ?
6:58 pm
ধন্যবাদ
5:18 pm
কাকতি ফালি দিছা দেই….
বঢ়িয়া …??
6:56 pm
হাহা হা, ধন্যবাদ
8:07 pm
নিজে বিয়া খাবলৈ গৈ থকাৰ নিছিনাহে লাগিল৷এনেকুৱা বহুত কাহিনী আছে বিয়া খাবলৈ যোৱাৰ৷
4:44 pm
কমন ফিলিং এইটো
8:27 pm
বেচেৰাটোলৈ সঁচাই বহুত বেয়াই লাগিল..
4:44 pm
Hehe
11:30 pm
পঢ়োতে বহুত হাঁহিলোঁ ৷ কিন্তু শেষত অলপকৈ দুখহে লাগি গ’ল৷
4:45 pm
Thanks