ফটাঢোল

ভোগালীৰ বজাৰ- পৰীস্মিতা গগৈ

“হেৰা শুনিছানে? বোলো মোনাখন লৈ আহা বেগেতে, বজাৰ বহিছে বুলি শুনিছোঁ‌ সাউৎকৈ গৈ দুই এপদ যি পাওঁ‌ লৈ আনোঁ‌। কি ঠিক আকৌ বা কেতিয়া খোলে!”

“কি বজাৰ যোৱাৰ কথা কৈ থাকেহে। দেখা নাই মানুহ ওলালেই কেনেকৈ পুলিচে পিটিছে, কাণত ধৰাই উঠ বহ কৰাইছে। আৰু সেইদিনা বন্ধ দিয়াৰ আগে আগে বজাৰ কৰিছিলহে। ফ্ৰিজত পাচলিয়ে নধৰা হৈ আছে।”

“এহ থোৱাহে। বিনা কাৰণত ওলালেহে পুলিচে ধৰিছে। মইতো প্ৰয়োজনতহে যাবলৈ ওলাইছোঁ‌। আৰু পাচলিহে আছে, মাছ পুঠি দুটামান আছে জানো! তুমিয়েচোন কোৱা মাছ অকণ নহ’লে পেটলৈ ভাত নাযায়। আৰু লাও খাও লাও খাও কৰি থকা নাই জানো। একো নহয়, দিয়া মোনাখন।” প্ৰায় টানি অনাৰ দৰেই বৰুৱাই বৰুৱানীৰ হাতৰ পৰা মোনাখন লৈ গে’টৰ ফালে ওলাই গ’ল।

আজি এসপ্তাহেই হ’ল চৰকাৰে দোকান পোহাৰ সব বন্ধ কৰি দিয়াৰ। কিবা বোলে অচিন ভাইৰাছ এটাই সমগ্ৰ বিশ্বকে লেটিয়াই পেলাই মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। খুব সোনকালেই ই ইজনৰ দেহৰ পৰা সিজনৰ দেহলৈ সংক্ৰমিত হয় বাবে এনেকৈ সকলো বন্ধ কৰি চৰকাৰে ইয়াক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে। যদি কোনোবা সংক্ৰমিত হৈ আছে তেওঁ ঘৰত থাকিয়েই চিনাক্ত হ’ব আৰু আন মানুহৰ সংস্পৰ্শলৈ নাহিলে বেমাৰবিধ বিয়পিও নপৰিব। কিন্তু এইবোৰ কথা বৰুৱাই নুবুজে। বৰুৱাৰ কথা হ’ল, কাৰোবাৰ বেমাৰ হ’ব তাৰ বাবে তেওঁলোক ঘৰত সোমাই কিয় থাকিব! তেওঁ ঘৰত থাকিলেই যেনিবা খাবলৈতো পাব লাগিব। খোৱা বস্তুৰ দোকানবোৰ বন্ধ কৰিলে খাব কি? আৰু এনেকৈ সপ্তাহ সপ্তাহ ঘৰত সোমাই থকা কি ধেমালিৰ কথা নেকি? তথাপি আজি এসপ্তাহে তেওঁ ঘৰতে বন্দী হৈ আছে। ক’লৈকো ওলোৱা নাই। খালি গলিৰ ৰাস্তাটোত চুবুৰীয়া হাজৰিকা আৰু চলিহাৰ লগত কিছু সময় মৰ্ণিং আৰু ইভিনিং ৱাক কৰিছিল। অৱশ্যে সেয়াও সুখকৰ তথা স্থায়ী হৈ নুঠিল। চলিহাৰ পুতেক জীয়েকে ধমকি দিলে, এনেকৈ আড্ডা দি টহল দিয়াৰ ভিডিঅ’ ফেইচবুকত দি মানুহৰ গালি খোৱাম। বচ, সেইদিনাৰ পৰা সেয়াও বন্ধ। সঁজাত চৰাই সোমাই থকাৰ দৰে চটফটাই আজি অলপ মুকলি আকাশৰ তললৈ ওলোৱাৰ যি সুবিধা পাইছে তাক বৰুৱাই এৰে কি দৰে। সেয়ে বজাৰ কৰাৰ অজুহাত লৈয়ে ওলাই গ’ল বাহিৰলৈ।

শাক-পাচলিৰ বজাৰত বিৰ দি বাট নোপোৱা অৱস্থা। কাষৰ মাছ-মাংসৰ বজাৰতো একেই অৱস্থা। মানুহবোৰে বস্তু কিনিবলৈ হেতা-ওপৰা কৰিছে। তেনেতে পুলিচৰ গাড়ী এখন আহি সকলোকে শাৰী পাতি বজাৰ কৰিবলৈ আদেশ দি গ’ল। মানুহবোৰেও ততাতৈয়াকৈ এজনৰ পিছত এজন থিয় দি ৰ’লগৈ। পুলিচৰ লাঠীৰ কোব খোৱাৰ ভয় আৰু টিভিৰ বাতৰিত মুখ ওলোৱাৰ ভয়ত সকলোৱে শাৰী পাতিবলৈ লৰা-ঢপৰা কৰিলে। বৰুৱাই এই সুযোগ অথলে যাবলৈ নিদিলে। সাউৎকৈ চাপৰি গৈ দুই নম্বৰত ৰৈ থকা মানুহজনৰ পিছফালে থিয় হৈ দিলেগৈ। পাচলিখিনি লৈ এইবাৰ মাছৰ বজাৰলৈ গ’ল। মাছৰ বজাৰৰ সতেজ জীয়া মাছবোৰ দেখি কি ল’ম কি নল’ম লাগিলে। বহুদিন জীয়া কাৱৈ খাবলৈ পোৱা নাছিলেই। কাৱৈ আধা কিলো লৈ এইবাৰ জীয়া বৰালীটোলৈ চকু গ’ল। বৰুৱানীৰ আকৌ বৰালী মাছ বৰ প্ৰিয়। ডেৰ কেজি ওজনৰ বৰালীটোও বৰুৱাও থাউকতে কিনি পেলালে। এসপ্তাহ নোলোৱাকৈ দকচি খাম বুলি ভাবি বজাৰৰ পৰা ওলাবলৈ লওতেই চকু পৰিল পাহাৰৰ জনজাতি তিৰোতাজনীৰ ওচৰত থকা বাঁ‌হৰ সজাকেইটালৈ। তপিনা চুচৰি থকা হাঁ‌হকেইটা দেখিয়ে হাই প্ৰেচাৰ থকা বৰুৱাৰ জিভা লকলকাই উঠিল। এহ উঠিলে উঠিব প্ৰেচাৰ বুলি আটাইতকৈ নোদোকা হাঁ‌হটোকে বান্ধি কুন্ধি লগত লৈ যোৱা মোনাখনত ভৰাই ল’লে।

“এহ বজাৰ বেছিয়ে হ’ল। এইখন দাঙি অতদূৰ যাব লাগিব এতিয়া। স্কুটাৰখনো অনা নহ’ল। গাড়ী লৈ আহিলে পুলিচে ধৰিব বুলি। ছেহ!” বৰুৱাই গৰম আৰু ভাগৰত ভোৰভোৰাই উঠিল। তেনেতে তেওঁৰ পকেটৰ ফোনটো বাজি উঠিল।

“অ কোৱা। কি হ’ল?”

“ক’ত আছে?”

“যাবলৈ ওলাইছোঁ‌।”

“বজাৰ কৰা হৈয়ে গ’ল নেকি?”

“হ’লেই ধৰা। কিয় কি হ’ল? কিবা লগা বস্তু আছে নেকি?”

“অ হেৰি কৰিবচোন। আহোঁতে গেলা-মালৰ দোকানত সোমাই ময়দা আধা এক কিলো, পাউদাৰ গাখীৰ এপেকেট, চেনী আধা কেজি লৈ আহিবচোন।”

“কিয় হে আকৌ বোলে থায়ৰড থকা বাবে তুমি ময়দা নোখোৱাই। ডাক্তৰেও মানা কৰি থৈছিলচোন। আৰু গাখীৰ তাজা কাৰ্টন হিচাপত মই নিয়ে থৈছোঁ‌। আকৌ কিয় লাগে।”

“এহ আপুনি বৰ কেপকেপাই থাকে। আনিব বুলিছো আনিব। মই লালমোহন বনাম। মোৰোতো আমনি লাগিছে সোমাই সোমাই। আৰু চলিহানীহঁ‌তেও বিধে বিধে মিঠাই বনাই ‘লকডাউন টাইমপাচ’ বুলি ফেইচবুকত দিছে। ময়ো দিম। আনিব কিন্তু কৈ দিছোঁ‌।”

কৈয়ে বৰুৱানীয়ে ফোনটো কাটি দিলে। বৰুৱাই ভাবি ওৰ উলিয়াব পৰা নাই বৰুৱানীনো আনকালে ক’ত ইমান বাহিৰ ওলাই সোমাই ফুৰিছিল যে এতিয়া ঘৰত সোমাই আমনি লাগিছে। তেওঁৰ কথাটো বেলেগ। চাকৰি কৰা মানুহ। দিনটোত অফিচ, বজাৰ, পাৰ্টি কৰি ঘূৰি ফুৰা মানুহ। পাৰ্টি কথাটো মনলৈ অহাৰ লগে লগে তেওঁৰ ভীষণ পিয়াহ লাগিল। গলটো শুকাই কৰ্কৰাই মৰা যেন লাগিল। এটুপি নধৰা আজি এসপ্তাহেই হ’ল। ক’ৰ এসপ্তাহ লাষ্ট অফিচৰ পাৰ্থৰ বাৰ্থ ডে’তে ধৰা। বাৰ্থ ডে’ হোৱাও আজি এমাহেই হ’বৰ হ’ল। কিবাকে অকণ গোটাব পৰা হ’লেও। বৰুৱাই ডিঙি মেলি মেলি ওচৰ পাজৰৰ দোকানকেইখনলৈ চাবলৈ ধৰিলে। বৰুৱাৰ ভাগ্য সুপ্ৰসন্ন আছিল। তেওঁৰ মতি গতি লক্ষ্য কৰি থকা হাঁ‌হ বেচা তিৰোতাগৰাকীয়ে মাত দিলে,

“দাদা কিবা লাগে নেকি?”

“হু। মানে?”

“লাগে যদি কওক। আছে মানুহ আনাই দিম।” বৰুৱাই চকু দুটা সৰু কৰি সুধিলে,

“লোকেল নেকি? লোকেল যদি নালাগে।”

“এহ আপুনি নাম কওক। কি খাব?”

“অফিচাৰ…..”

“হৈ যাব।” তাই মোবাইলত নাম্বাৰ এটা টিপি কাৰোবাক নামটো কৈ এটা আনিবলৈ ক’লে। তিনি মিনিটমানৰ পিছতে যুৱক এজনে বাতৰি কাককত মেৰিয়াই অনা বস্তুটো মোনা এখনৰ পৰা উলিয়াই তিৰোতাগৰাকীৰ ইংগিতত তেওঁলৈ আগবঢ়াই দিলে। বৰুৱায়ো প্ৰায় থাপ মাৰি মোনাটোত ভৰাই ল’লে।

“তিনিশ দিয়ক।” দাম শুনি বৰুৱা উচপ খাই উঠিল।

“কি কোৱাহে! এশ আশী টকাৰ বস্তুটো তিনিশ লাগে।”

“উপায় নাই। ইমান ৰিস্ক লৈ আনি দিছোঁ‌।”

উপায়ন্তৰ হৈ থেহো নেহোকৈ তিনিটা এশ টকীয়া নোট ল’ৰাটোৰ হাতত গুজি দি তেওঁ লালমোহনৰ বাবে বৰুৱানীয়ে কোৱা বস্তুকেইবিধ বিচাৰি গেলামালৰ দোকানত সোমালেগৈ।

সন্ধিয়া হাঁ‌হৰ ড্ৰাই ফ্ৰাই টুকুৰাকেইটাৰ লগত ৰঙীন পানীয়খিনি চিপ চিপকৈ মাৰি বৰুৱাই টিভিত দেশৰ কৰোণাক্ৰান্তৰ খবৰ চাই আছে। বৰুৱানীয়ে পাকঘৰত লালমোহন বনাবৰ বাবে চেনীৰ চাচ্চনি বনাই আছে। এনেতে এটা বিশেষ বাতৰিত বৰুৱাৰ চকু স্থিৰ হ’ল। ৰিপোৰ্টাৰজনে ব্ৰেকিং নিউজ দিছে, “এইয়া আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিক্ৰম বসুমতাৰী নামৰ জনজাতীয় ল’ৰা এজনৰ দেহত পোৱা গৈছে ক’ভিড১৯ পজিটিভ। যুৱকজনৰ বাসগৃহৰ সদস্যসকলক কোৱাৰেণ্টাইন কৰিছে লগতে সমগ্ৰ অঞ্চলটোক স্বাস্থ্যবিভাগে কণ্টেইণ্টমেন এৰিয়া ঘোষণা কৰিছে। জানিবলৈ পোৱা মতে যুৱকজনৰ মাতৃয়ে আজি চৰকাৰে খুলি দিয়া ছয়মাইলস্থিত বজাৰত হাঁ‌হ, মুৰ্গী বিক্ৰী কৰিছিল।” বৰুৱাৰ মূৰৰ ওপৰেৰে জীউ ওলাই যোৱা যেন লাগিলে। বুকুৰ অস্বাভাৱিক ঢপঢপনি বাঢ়ি গ’ল।

“অ হেৰা শুনিছানে। অ সুমলা, সুমলা অ’। মই মৰিলোঁ। মৰিলোঁ মই বুজিছানে।”

বৰুৱানীয়ে পাকঘৰত লালমোহনকেইটা চাচ্ছনিত দিছিলহে মাত্ৰ। বৰুৱাৰ চিঞৰ শুনি একপ্ৰকাৰ দৌৰি আহি বৰুৱাৰ বুকুখন পিহি পিহি সুধিলে,

“কি হ’ল। কৈ হৈছে আপোনাৰ?”

“হেৰা হাঁ‌হ অনা মানুহজনীক কুৱেৰেণ্টাইন কৰিছে আৰু এই বটল অনা ল’ৰাটোৱে বোধহয় তাইৰ পুতেক। পজিটিভ পোৱা ল’ৰাটোৰ মুখখন বটল আনি দিয়া ল’ৰাটোৰ সৈতে একেই দেখিছোঁ‌। ঠিকেইতো ল’ৰাটোৰ হাতত দুটা ষ্টাম্প দেখা যেন পাইছিলোঁ। সুমলা অ। অ সুমলা। পুলিচৰ ভয়ত লৰালৰি কৰোঁতে ভালকৈ মন দিবলৈ নহ’লে নহয়। হে হৰি! মোৰো যদি বেমাৰটো ওলাই কি হ’ব। মানুহক কি ক’ম মই। ক’ৰ পৰা আহিল বুলিম। খোৱাৰ কাৰণেই মৰিলোঁ‌ বুলি ক’ব এতিয়া মোক। হে ভগৱান! ৰক্ষা কৰা প্ৰভু। প্ৰভু অ’!”

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিল পৰী?

    Reply
    • পৰীস্মিতা

      ধন্যবাদ দেই

      Reply
  • Sadananda Bhuyan

    বহুত বঢ়িয়া লাগিল ।

    Reply
    • পৰীস্মিতা

      ধন্যবাদ জনালোঁ আপোনাক।

      Reply
  • HEMANTA KAKATI

    তামাম পৰিস্মীতা, কভিদ নহলেও ভয়তে মৰিব সেইটো৷
    বাকী বেচেৰাই ১৮০ ৰ বস্তু তিনিশ দি ও ললে৷

    মজা লিখিলা

    Reply
    • পৰীস্মিতা

      ধন্যবাদ কাকতিদা

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *