ফটাঢোল

ভূত- লুনা বৰা

– অই, বিপিন দাই, আজি পাঁচ দিনৰ দিনাও দেখোন একো নাই , বাৰ বাজি গ’ল, ব’ল যাওঁগৈ।

– যাম ৰ, আৰু অলপ সময় ৰওঁ।

আন্ধাৰতে খুড়াক, ভতিজাক তিনিওজনে ৰাস্তাটোৰ কাষৰ নলাটোত নিঃশব্দে পৰি থাকিল।

পহৰাদাৰ এওঁলোক। গাঁৱৰে বৰুৱাৰ ঘৰখনত বোলে ভূতে লম্ভিছে। ভূতো এনে মানে, কোন ফালৰ পৰা আহি আক্ৰমণ কৰে ধৰিবই পৰা নাই। গাঁওখনৰ একোণত থকা বৰুৱাৰ ঘৰটোত কিবা হ’লে, বাকীবোৰ মানুহ আহি পায়হি মানে অলপ সময় লাগে। এনেও আঁতৰত, তাতে ভূত। এতিয়া আৰু মানুহে বাট নোলোৱা হ’ল সেইফালে। কথাবোৰ শুনাৰ লগে লগে অলপ সাহসী যেন দেখুওৱা মানুহ কেইজনে আহি দিনৰ ভাগতে খবৰ লৈ, কিবা কিবি আশ্বাস দি যায়। ভূতলৈ ভয় নকৰো বুলি যিমান দম্ভালি মাৰিলেও, নিজৰ ঠাইখনতে ভূতে অত্যাচাৰ কৰা বুলি শুনিলে, বুকুত সকলোৰে অলপ হ’লেও ধান বানে।

ঘটনাবোৰ আৰম্ভ হোৱা এসপ্তাহমানহে হৈছে। ৰাতি এঘাৰ মান বজাৰ পৰা, ক’ৰ পৰা উৰি আহি বৰুৱাৰ ঘৰত মাটি চপৰা, শিল গুটি, পাথৰ গুটি পৰেহি কোনেও নাজানে। কেতিয়াবা টিঙত, কেতিয়াবা বেৰত, কেতিয়াবা চোতালত। ফৰ্মূঠিবোৰ অহাৰ কোনো নিৰ্দিষ্ট দিশ নাই। দুদিন মান কোনোবা বদমাচৰ কাম বুলি বৰুৱাই ওলাই গৈও চালে, চিঞৰি ভয় দেখুৱাই গালি দুটামানো দিলে। নাই, কোনো ভয় নাই। দিনত চোতালত পৰি থকা মাটি চপৰা বা পাথৰবোৰ চাইও একো ধৰিব পৰা নাই। এদিনটো ভিতৰৰ পৰা চিঞৰি থাকোঁতে, জুনুকা পিন্ধা খোজ চোতালৰ পৰা ঘূৰি গ’ল, তেতিয়াহে ভূতৰ কথা সকলোৰে মনলৈ আহিল।

ভূতৰ উপদ্ৰৱৰ লগে লগে বৰুৱাৰ ঘৰৰ মানুহৰ টোপনি নোহোৱা হ’ল। কোন সময়ত আহি মাটি চপৰা বা শিল গুটি বা জুনুকা পিন্ধা খোজ পৰে চোতালত ঠিক নাই। মানুহঘৰৰ অৱস্থা দেখি গাঁৱৰ সকলো কথাতে আগভাগ লোৱা  পঞ্চলিশ পাৰ কৰা ডাং বৰলা বিপিন কাইয়ে গাঁৱৰ ডেকা সোপাৰ সৈতে মিলি ঠিক কৰিলে যে তেওঁলোকে পাল পাতি পহৰা দিব। সাহস দিবলৈ প্ৰত্যেকটো পালতে বিপিন কাই থকাটো খাটাং হ’ল। তথাপিও দুজন মানে সোধে

– অই বিপিন কাই, ভয় নালাগিব নে? যদি সঁচা ভূত হয়..!

– তই ভূত বিশ্বাস কৰ তাৰ মানে? এইবোৰ একো নাই বুইছ, ভয় নকৰিবি। মই লগত থাকিম নহয়। মোৰ পৰা ভূত দূৰতে পলায়। লগত হাথিয়াৰ ল’ম নহয়, কেটেপা আৰু বাটলু গুটি।

তেতিয়াৰপৰাই পাল পাতি গাঁৱৰ ডেকা দুজন আৰু বিপিনকাই ৰাতি দহ বজাৰ পৰা এটা মান বজালৈ পহৰা দিব ধৰিছে। বৰুৱাৰ ঘৰৰ কাষেৰে যোৱা শুকান নলাটোতে আটাইকেইজন লুকাই থাকে। মাজে মাজে খোজ কাঢ়ি ইফালে-সিফালে চাই আকৌ সোমায় থাকে নলাটোত।

পাল পাতি পহৰা দিয়াৰ চাৰিদিন পাৰ হ’ল। চাৰিদিনত এদিন হে পাথৰ এটা পৰিছিল। তাকো বিপিন কাইয়ে খেদি যোৱাত, সেইদিনা আৰু বেলেগ পাথৰ নপৰিল। আজি পাঁচ দিনত পাল পৰিছে, বিপিন কাইৰে দুজন ভতিজা আৰু লগত বিপিন কাই।

আটাইকেইজন বৰুৱা ঘৰৰ কাষেৰে যোৱা শুকান নলাটোত পেট পেলাই পৰি আছে। নিশা বাৰ বাজি গ’ল, একো শব্দ নাই….

– ব’ল অ’ দাই, টোপনি ধৰিছে।

– ৰহ চোন।

– তই থাক দাই, আমি যাওঁ।

– ৰহ তেতিয়াহ’লে, আৰু চাঞ্চ নাপাবও পাৰোঁ…

এইবুলি কৈ বিপিন কাইয়ে কান্ধত ওলোমাই থোৱা কেটেপাৰ গুটিৰ বেগটোৰ পৰা পাথৰ কেইটামান উলিয়াই বৰুৱাৰ ঘৰৰ টিঙলৈ বুলি মাৰি পঠিয়ালে।

টাং, টাং, টাং, থক্…

লগে, লগে বিপিন কাইয়ে মুখেৰে হৈ, হৈ বুলি চিঞৰি খেদি যোৱাৰ দৰে দৌৰ মাৰিলে। বাকী দুটাই বেঙা লাগি চাই থাকিল  ডাং বৰলা খুড়াকৰ কাণ্ড কাৰখানা। অলপ পিছতে খুড়াক ঘূৰি আহে…

– ব’ল এতিয়া।

– এইবোৰ কি দাই?

– পোতক।

– কিহৰ?

– ……..

– ক আকৌ কিহৰ পোতক।

– কাকো নক’বি কিন্তু। কিছুদিনৰ আগৰ কথা। বৰুৱাৰ ঘৰতে বহি কথাৰ মহলা মাৰি আছিলোঁ। ঘৰতে থকা, বিয়া নোহোৱা ভনীয়েকজনীয়ে চাহ দিলেহি। ছোৱালীজনী ভাল লাগে। মোৰ প্ৰায় সমবয়সীয়া। কিয় জানো বিয়া নহ’ল…. তাইৰ কথা ওলোৱাত একো নভবাকৈয়ে মই বৰুৱাৰ আগত কিবা অলপ ভাল লগাকৈ কৈ পেলালোঁ। সি মোৰ দৰে ভূতটোৰ লগত ছোৱালী দিয়াতকৈ ঘৰতে ৰাখিম  বুলি ক’লে। ভূত যেতিয়া ভূতৰ উপদ্ৰৱটো অলপ সহ্য কৰিবই লাগিব ন।

হাতত থকা পাথৰ এটা দেখুৱাই কয়,

– টাউন ৰ পৰা অনা পাথৰ, গাঁৱত নাপালোঁ। মাটি চপৰাবোৰো সিখন গাঁৱৰ নৈৰ পাৰৰ। হিঃ,  হিঃ…

– আৰু জুনুকা…

– আমাৰ ভটুৱা যে, তাৰ আগ ঠেং দুটাত জুনুকা বান্ধি দিলে যি লয়লাস খোজ অ’……

– পহৰাৰ দ্বিতীয় দিনা বেলেগ মানুহৰ আগত কেনেকৈ পাথৰ মাৰিলি?

– লগত থকা দুটা টোপনিয়াইছিল আকৌ। ব’ল এতিয়া ঘৰত শুই থাকোঁগৈ। কাইলৈ ৰাতি আকৌ আহিব লাগিব মই……ভূত খেদিবলৈ…

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *