সিংহৰ পতন- ৰঞ্জিত কুমাৰ শৰ্মা
‘লকডাউন’ৰ দিনকেইটাত কাপোৰ ধুই, বাচন ধুই, ঘৰ সাৰি-মচি লেবেজান হোৱা মানুহজনে ইয়াৰ প্ৰতিবাদ কৰাৰ কথা ভাবিলে৷ কিন্তু কৰে কেনেকৈ? পত্নীক মুখেৰে কোৱাৰ সাহস থকা হ’লেতো এইবোৰ বন উকটিবই নালাগিলহেঁতেন৷ ‘লকডাউন’ৰ প্ৰতিটো দিন প্ৰায় একেদৰেই পাৰ হৈছে তেওঁৰ৷
মে’ মাহৰ প্ৰথমটো দেওবাৰ৷ নিশা টোপনি নহাত মানুহজনে কিতাপ এখনকে হাতত তুলি ল’লে৷ কিন্তু কিতাপখন হাতত লোৱাৰ লগে লগে পত্নীৰ ধমক-
‘এতিয়া কিতাপ মেলি লৈ পণ্ডিত হ’ব নালাগে৷ স্কুল-কলেজত থকা সময়ত ভালদৰে পঢ়িলে মান্ধাতা যুগৰ গাড়ীখনতে আজি বাৰ বছৰে উঠিব ফুৰিব লগা নহ’লহেঁতেন৷ সেইখনত উঠিলে লোকচক্ষুৰ পৰা মোৰ নাক লুকুৱাবলৈ ঠাই বিচাৰিব লগা হয়৷’
পত্নীৰ কথাখিনিয়ে মানুহজনৰ মনত বিশেষ ৰেখাপাত কৰিব নোৱাৰিলে৷ এনেবোৰ কথা শুনি থকাই হয়৷ মানুহজনে কিতাপখন হাততেই ৰাখিলে৷ বিছনাত উঠি পত্নীৰ পুনৰ নিৰ্দেশনা–
‘এতিয়া শুই থাকক, পুৱা বহুত কাম আছে৷’
কিতাপখন বুকুৰ কাষলৈ চপাই লৈ মানুহজনে পত্নীক ক’লে–
‘চকুত টোপনি ধৰা নাইহে৷ তুমি শুই থাকাচোন৷ মই এনেই কিতাপ এখনত চকু ফুৰাওঁ৷ তেতিয়া টোপনি ধৰিব যেন পাওঁ৷ বেছি পলম নহয় দিয়া, টোপনিৰ ভাৱ আহিলেই বিছনাত উঠিম৷’ কথাখিনি কৈ মানুহজনে আনখন হাতেৰে পাংখাখনৰ গতিবেগ অলপ বঢ়াই দিলে৷ শোৱনিকোঠাৰ টিউব লাইটটো নুমাই দি কম পোহৰৰ নীলা ৰঙৰ লাইটটো জ্বলাই দিয়াৰ পিছত তেওঁ কিতাপখন হাতত লৈয়েই আলহী বহা কোঠাটোত সোমাল৷ পাংখাখন চলিবলৈ দি মানুহজনে ছোফাত বহি কিতাপখন মেলি ল’লে৷ কিন্তু কিতাপত তেওঁৰ মন নবহিল৷ বিভিন্ন ভাৱত বুৰ গ’ল মানুহজন৷
কি আছিল তেওঁ? আৰু এতিয়া কি হ’ল? মহন্ত বংশৰ ‘সিংহ’ আজি ‘মেকুৰী’ হ’ল কিয়? এনেকৈ নহ’ব! পুৰুষ পুৰুষৰ দৰে হ’ব লাগে৷ ঘৰ পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা, বাচন ধোৱা আদি কামবোৰ পুৰুষে কিয় কৰিব? সন্মানৰ প্ৰশ্ন আছে৷ ইজ্জতৰ প্ৰশ্ন আছে৷ কাকতি, দত্ত, শইকীয়া, ভট্ট বা মেধিয়ে কৰে কৰক, তেওঁ কিয় কৰিব৷ ন’ নেভাৰ৷ নকৰে, নকৰে, নকৰে৷ লোকে শুনিলে কি ক’ব? তেনেকুৱা হ’লে অফিচত তেওঁ ভাগৱতী, বৰা, কলিতাহঁতক ‘আজি কি ৰান্ধিলে’ বা ‘কাপোৰকেইখন তিয়াই থৈয়েই আহিলে, নে ধুবলৈ সময় পালে’ বুলি কেনেকৈ সুধিব? নাই, কাইলৈৰ পৰা মহন্তৰ পোৱে তিৰোতাৰ কাম নকৰে৷ পত্নীক কৈ দিব৷ কিন্তু কেনেকৈ ক’ব? পাৰিব জানো? চৌধুৰী বংশৰ সুপ্ত জ্বালামুখীক মুখ খোলাৰ সুযোগ দিয়া মানেই উদ্গীৰণ! কিন্তু ক’বতো লাগিবই৷ মুখামুখিকৈ ক’ব নোৱাৰিলেও কিবা প্ৰকাৰে হ’লেও বুজাই দিব লাগিব যে ”লাও ডাঙৰ হ’লেও পাতৰ তল”, “হাজাৰ হ’লেও সেই সংখ্যা বাৰশতকৈ কম”৷ মহন্ত বংশৰ এটা নাম আছে৷ সেই নাম বদনাম হ’বলৈ দিব নোৱাৰি৷ মহন্তৰ পো পুৰুষ, কাপোৰ কিয় ধুব? মজিয়া কিয় মচিব? জ্বালামুখীৰ উদ্গীৰণ হয় যদি হওঁক, কিন্তু প্ৰভুত্ব এৰি দিব নোৱাৰি৷ সামন্তবাদ বৰ্তি থাকিবই লাগিব৷ সামন্তবাদ কায়েম ৰহেগা, অলবত ৰহেগা৷ সামন্তবাদী নহ’লে শাসক হ’ব নোৱাৰি৷ শোষিত থাকিব লাগিব৷ যি মহন্ত বংশৰ পৰিয়ালৰ বাবে সমাজত সুকীয়া আসন আছিল, যি মহন্ত বংশৰ পৰিয়ালৰ আগত আনে মূৰ দোৱাইছিল, কোনোৱেই মূৰ দাঙি কথা নকৈছিল; সেই মহন্ত বংশৰ পো হৈ তেওঁ ৰাজহাড় বেঁকা কৰিব কিয়? এই ভাৱবোৰ মনলৈ অহাৰ লগে লগে মহন্তই নিজকে ৰজাৰ আসনত বহাৰ দৰে অনুভৱ কৰিলে৷ অহংকাৰে তেওঁৰ সিৰা-উপসিৰা ফুলাই তুলিলে৷ সিংহাসনৰ পৰা ৰজা উঠাৰ ভাৱ-ভংগীৰে থিয় হ’ল মহন্তৰ পো৷ কিন্তু তেনেকৈ উঠোতে তেওঁৰ হাতৰ পৰা কিতাপখন থেপেককৈ মজিয়াত পৰি গ’ল৷ মুহূৰ্ততে মহন্তৰ ভাৱত আউল লাগিল৷ তেনে সময়তে বিছনাত মহন্তনীয়ে দুটামান কাহ মাৰিলে৷ পত্নীয়ে সাৰ পোৱা বুলি ভয় কৰি ততাতৈয়াকৈ মহন্তই কিতাপখন হাতত তুলি লৈ আকৌ ছোফাখনতে বহি পৰিল৷ অলপ আগলৈ অহংকাৰে ফুলাই ৰখা মহন্তৰ শৰীৰৰ সিৰা-উপসিৰাবোৰ বায়ু ওলাই যোৱা সৰ্প বেলুন যেন হোৱাত মহন্তৰো বল-বীৰ্য ফুচ হৈ গ’ল৷ পুৰুষত্বৰ ধ্বজা উৰুৱাই অহা মহন্ত বংশৰ উত্তৰাধিকাৰী এইজন মহন্তৰ চিন্তাত যতি পৰিল৷ ‘কি কৰা যায়’ এনে এটা প্ৰশ্নবোধক ভাৱেৰে তেওঁ কিতাপখন মেলি ল’লে৷ কিন্তু তেতিয়ালৈ পঢ়াৰ ইচ্ছা বা মনোযোগ কোনোটোৱেই নোহোৱা হৈ পৰিল৷ তাৰ মাজতে পাত লুটিয়াই থাকোঁতে হঠাৎ এটা পাতৰ এটা অংশত তেওঁৰ চকু ৰৈ গ’ল৷ তেওঁ পঢ়িলে–
‘পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰং তপঃ…’
হঠাৎ মহন্তৰ ‘ইউৰেকা’ ‘ইউৰেকা’ বুলি চিঞৰি দিবলৈ মন গ’ল৷ কিন্তু তেনে কৰিলে শুই থকা শহুৰৰ ঘৰৰ সুপ্ত জ্বালামুখী জাগ্ৰত হৈ পৰিব পাৰে বুলি ভয় কৰিয়েই আমাৰ মহন্ত বংশৰ পোই তেনে নকৰিলে৷ কিন্তু তেওঁৰ ‘ডিমাগ কি বট্টি’ জ্বলি উঠিল৷ ছোফাৰ পৰা উঠি মহন্তই কিতাপ থকা আলমীৰাটোৰ কাষলৈ গ’ল৷ তাতেই বেৰত আঁউজাই থোৱা আছিল এখন বগা বোৰ্ড৷ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা মহন্ত দম্পতীৰ একমাত্ৰ কন্যাৰ বাবে বোৰ্ডখন কিনি অনা হৈছিল৷ মহন্তই মেজৰ পৰা মাৰ্কাৰ কলমটো উলিয়াই আনি বোৰ্ডখনত লিখিলে– ‘পতি ধৰ্ম পতি স্বৰ্গ পতিহি পৰং তপঃ…৷’ ইয়াৰ পিছত মহন্তই বোৰ্ডখন শোৱনি কোঠাটোৰ এনে স্থানত বেৰত আঁউজাই থ’লে যে পুৱাই উঠিয়েই যাতে পত্নীৰ চকু তাত পৰে৷ পঢ়িবলৈ লোৱা কিতাপখন আৰু মাৰ্কাৰডাল যথাস্থানত সামৰি থৈ মহন্তই বিছনাত উঠিল৷ ‘পিতা’ৰ স্থানত ‘পতি’ লিখি হৰ্ষ মনেৰে তেওঁ টোপনি গ’ল৷
পিছদিনা পুৱা মহন্তই আনদিনাতকৈ কিছু পলমকৈ সাৰ পালে৷ ‘বেলা দুপৰলৈ শুই থাকক’, ‘ইমান ধদুৱা মানুহ দেখা নাই’– সাধাৰণতে পত্নীৰ মুখেৰে উফৰি অহা এনেধৰণৰ অমৃতবাণীতহে পুৱা টোপনিৰ পৰা সাৰ পায় মহন্তই৷ কিন্তু আজি কি হ’ল? আচৰিত হ’ল মহন্ত৷ আজি দেখোন পত্নীৰ গৰ্জন, মানে অমৃতবাণী নাই! তাৰমানে ঔষধে কাম দিলে? মহন্তই পত্নীৰ বিছনালৈ চালে৷ বিছনাত দেখোন পত্নী নাই? তাৰমানে আজি শ্ৰীমতীয়ে আগতে উঠিও পতিদেৱতাক জগাই দিয়া নাই৷ অৰ্থাৎ পিতাৰ স্থানত পতি লিখি মহন্ত ‘ছাকছেচ’ হ’ল? তাৰমানে মহন্ত বংশৰ পো পুনৰ সিংহ হ’ব? ‘হেৰা সোনকালে বেড টি কাপ লৈ আহা’– এইবুলি পত্নীক নিৰ্দেশ দিয়েই দিব নেকি? এবাৰলৈ মহন্তই তেনেকৈয়ে ভাবিলে যদিও কোনো দিনেই ‘বেড টি’ পি নোপোৱাত মানুহজনে সেয়া নকৰিলে৷ তথাপি বিজয় হোৱাৰ ‘বডি লেংগুৱেজ’-এৰি মহন্তই বিছনাৰ পৰা নামিল৷ পত্নীৰ বিছনাত তেতিয়াও শুই থকা ছোৱালীজনীৰ মুখখন এবাৰ চাই মহন্ত বোৰ্ডখনৰ কাষ পালে৷ উদ্দেশ্য, আগদিনা নিশা লিখা মহন্তবাণী এবাৰ পঢ়ি চোৱাৰ৷ কিন্তু! ই কি? বোৰ্ডখনত দেখোন মহন্তবাণী নাই? তাত আন কিবাহে লিখা আছে! মহন্তই পঢ়িলে–
মতা ৰান্ধনি, মতা বাঢ়নী, তেতিয়াহে তিনিসাঁজ পায়৷’
‘মহন্তৰ বুজিবলৈ বাকী নাথাকিল৷ এয়া শ্ৰীমতীৰেই কাম হ’ব৷ মহন্তই পিতাৰ সলনি পতি লিখিছিল৷ কিন্তু পত্নীয়ে দেখোন
ওদা ৰান্ধনী ওদা বাঢ়নী, পৈয়েকে তিনিসাঁজ খায়’,
এই ফকৰা যোজনাফাঁকিৰেই লটিঘটি কৰি পেলালে৷ মহন্তৰ বুজিবলৈ বাকী নাথাকিল৷ তেওঁৰ কৌশলে কাম নিদিলে৷ হিতে বিপৰীতহে হ’ব নেকি? কথাষাৰ ভাবি অলপ আগতে সিংহৰ দৰে গুজৰিবলৈ মন কৰা মহন্ত ভিজা মেকুৰীৰ দৰে হৈ পৰিল৷ বোৰ্ডখন ৰখা স্থানৰ ওপৰতে বেৰত কৈলাশপতি শিৱৰ ফটো থকা এখন কেলেণ্ডাৰ ওলমি আছিল৷ মহন্তই কৈলাসপতিলৈ হাতযোৰ কৰি চকুদুটা মুদি প্ৰাৰ্থনা কৰিলে– ‘প্ৰভু বচাবা আৰু!’ পিছ মুহূৰ্ততে মহন্তই অনুভৱ কৰিলে তেওঁক যেন কোনোবাই কাণত ফুচফুচাই কৈছে– ‘তিৰিৰ কথা নুশুন কিয় মতা, টানত পৰি কিয় চটফটা?’ মহন্তৰ চকু মেল খাই গ’ল৷ এইবাৰ আকৌ ফকৰা কোনে সলাইছে? নে তেওঁৰেই ভ্ৰম হৈছে? মহন্তই হতাশাৰে পুনৰ হাতযোৰ কৰি জঁটাধাৰি শিৱৰ ছবিখনলৈ চালে৷ তেওঁৰ এনেকুৱা লাগিল যেন কেলেণ্ডাৰখনতে বহি লৈ কৈলাসপতিয়ে ৰহস্যপূৰ্ণভাবে মিচিকিয়াই হাঁহিছে৷
9:22 am
বৰ ভাল পালোঁ। ঘৰত মানে সিংহইও সেওঁ মানে…হাঃ হাঃ
9:41 am
ধন্যবাদ৷
9:23 am
ৰস পালো দেই…
9:41 am
ধন্যবাদ৷
9:35 am
হাঁহি হাঁহি লেখাটো পঢ়ি শেষ কৰিলো।
9:42 am
ধন্যবাদ৷
10:21 pm
এৰা ! বৰ দুখ ! মজা লিখিলে ।
3:15 pm
ধন্যবাদ৷