ঢৌ- বৰ্ণালী বৰা
যোৱা একসপ্তাহে পৰি থকা নেৰানেপেৰা পেনপেনীয়া বৰষুণজাকলৈ তাইৰ বৰ ঠেহ লাগিছিল৷ বাৰে বাৰে বাহিৰলৈ ওলাই গৈ আকাশখনলৈ চায়৷ ভিতৰৰ চালিখনৰ পৰা টোপটোপকৈ পৰি থকা বৰষুণৰ টোপালকেইটাই যদিও উমান দিছে বতৰ ভাল হোৱাৰ নামেই নোলোৱাৰ, তথাপি জানোচা তাইৰ ভোকৰ জ্বালাত উকমুকাই থকা মুখখন দেখি মেঘদেৱতা কিজানি ক্ষান্ত হৈয়েইবা, তাকে ভাবি তাই বাৰে চোতাললৈ গৈছে৷ গাঁওখনৰ একেবাৰে মূৰলৈ সোণাই পাৰৰ এটা অকলশৰীয়া ঘৰ৷ আচলতে ঘৰ বুলিলে ভুলহে হ’ব৷ চাৰিফালে চাৰিখন বাঁহৰ বেৰ দি ওপৰত চালি এখন দি যেনেতেনে সোমাই থকাকৈ তাইৰ পঁজাটো৷ য’ত দিনত বেৰ আৰু চালিৰ জোলোঙাইদি ৰ’দৰ কিৰণ বিৰিঙে আৰু ৰাতি জোনৰ৷ বৰষুণ পৰিলে তাৰ টোপালবোৰ তাইৰ ঘৰৰ নতুন আলহী হয়। বিছনাৰ নামত চাৰিটা বাঁহৰ খুটাৰে এখন চাং৷ মাটিৰ চৌকাটোৰ লগত বাচন দুটামানেৰে সৈতে পাকঘৰটো৷ কাপোৰৰ নামত টিঙৰ বাকচ এটাত থাচি থাচি সোমোৱাই থোৱা কাপোৰৰ ভৰত বাকচটোৰ ঢাকণখন মেল খাইয়ে থকা হ’ল৷ সোণাইখনৰ কাষৰ সেই মৰিশালী যেন নিৰ্জন ঠাইখিনিতে মৰণতে শৰণ দি জীৱটো হাতত লৈ ছমহীয়া পদ্মাৰ সৈতে তাই পাৰ কৰিছে দিন-ৰাতিবোৰ৷ দিনত হ’লে পথাৰলৈ যোৱা দুই এটা মানুহৰ মাত শুনা পায় কিন্তু সন্ধিয়াৰ পাছত সেইফালে মানুহ এটা পাবলৈ নাই৷ কেঁচুৱাজনীক লগত লৈ দিনটোত য’ত যি পাই বুটলি আনি ৰাতিৰ সাঁজ যোগাৰ কৰে। দিনটোৰ ভিতৰত এবাৰেই তাইৰ চৌকা জ্বলে৷ কেতিয়াবা তাকো নাই৷ পদ্মাই এতিয়া অকল গাখীৰ খাই আছে, কিন্তু পাছৰ মাহৰ পৰা তাইৰ লুথৰিৰ যোগাৰ কেনেকৈ কৰিব সেইকথা ভাবিলেই কমলাৰ জ্বৰ-বিষ উঠে৷ কেতিয়াবা ভাবে পদ্মাজনীক বুকুত বান্ধি লৈ একেলগে সোণাইতে জাহ যাব। কিন্তু কেঁচুৱাকণৰ মুখখনলৈ চালেই কি জানো মায়া জাগি উঠে, সকলো বেয়া ভাবনা একাষৰীয়া কৰি থৈ তাই ভাবে তাই জীয়াই থাকিব ।ছোৱালীকণৰ কাৰণে আৰু ছোৱালীকণৰ দেউতাকৰ সপোনবোৰৰ কাৰণেই তাই জীয়াবই লাগিব। তাই পদ্মাক ডাঙৰ কৰিব, তাৰবাবে কণা বিধাতাই যিমান কষ্ট দিলেও তাই মূৰ পাতি ল’ব।
বফঙ মৰাৰ পাছত তাইক চৰিত্ৰহীনা সজাই গাঁৱৰ পৰা যিদিনা খেদি পঠোৱা হৈছিল তাইৰ হাজাৰ চকুপানীয়েও কাৰোৰে অন্তৰ গলাব পৰা নাছিল৷ তাইৰ এমাডিমা কেঁচুৱাকণক লৈ তাই ঘৰে ঘৰে গৈ মানুহবোৰক বুজোৱাৰ বৃথা চেষ্টাৰ ফলৰূপে তাই পাইছিল চৰ, কিল আৰু অবাইচ মাতৰ উপহাৰ৷ কাৰোৰে অন্তৰ গলাব নোৱাৰাকৈ গাঁৱৰ সকলোকে কিনি থৈছিল গাঁওবুঢ়া হৰকান্তই৷ হৰকান্তৰ ঘৰত কাম কৰা বফঙে পলুৱাই অনা ন-কইনাক আৰ্শীবাদ এফাঁকি দিবৰ বাবে ঘৰলৈ মাতি পঠিওৱাৰ বাবে বফঙে এদিন কমলাক গাঁওবুঢ়াৰ ঘৰলৈ লৈ গৈছিল৷ কমলাৰ ৰূপ-যৌৱন আৰু তেজে ফাটো ফাটো কৰা দুগালৰ তাইৰ মুখখনে প্ৰথম দিনৰ পৰাই হৰকান্তৰ পাষণ্ড পুতেকৰ টোপনি কাঢ়ি নিছিল। সৰু সৰু অজুহাততে সি সিহঁতৰ ঘৰলৈ অহা-যোৱা কৰিব লৈছিল। হাতত একোটা একোটা বৰ টোপোলা। হোজা বফঙে ভাবিছিল গাঁওবুঢ়া দেতাকৰ আজিকালি সিহঁতলৈ বৰকৈ দৰদ জাগিছে। আচলতে কমলাজনীৰ বাবেই চাগে মৰম লাগে সিহঁতৰ৷ কাৰণ সিহঁতৰ আইমণি জীয়াই থকা হ’লে কমলাৰ দৰেই হ’লহেঁতেন৷ কিন্তু এই টোপোলাৰ আঁৰৰ কাহিনী কমলাই সিদিনাৰ পৰাই অনুমান কৰিছিল যিদিনা গাঁওবুঢ়াৰ পুতেক বিষ্ণুৱে তাইৰ পৰা খোৱা পানী গিলাচ হাতেৰে লোৱাৰ চলেৰে হাতত ধৰিছিল। তাই হাতখন এচাৰ মাৰি দিওঁতে ষ্টিলৰ গিলাচটো মাটিত পৰি পানীৰ চিটিকণিবোৰে বিষ্ণুৰ পেণ্টটো তিয়াই পেলোৱাত ওলোটাই তাইহে গিৰিয়েকৰ গালি শুনিছিল। আৰু সেয়াই আৰম্ভণি,
: তোক কথা এটা কওঁনে? ৰাতি ভাত খাই বাঁহৰ শেতেলীত নিহালীখন গাত লৈ তাই লাহেকৈ কয়৷
: ক’ আকৌ৷ সেইটোনো সুধিব লাগেনে? পলাই আহিবৰ এক বছৰে হ’লহি৷ তই এতিয়াও অচিনাকি মানুহৰ দৰেই কিয় থাক’ কমলা? তোৰ যি ক’ব লগা থাকে চিধাকৈ কৈ দিবি৷ কিয়নো আক’ সুধোঁনে কওঁনে কৰি থাক’?
: তই আৰু গাওঁবুঢ়াৰ ঘৰত কাম কৰিবলৈ নাযাবি৷ তাহাঁতৰ পুতেকটোকো আমাৰ ঘৰলৈ আহিবলৈ নিদিবি। সি কেতিয়াবা তই নাথাকিলেও আহি ওলাইহি। মোৰ একদম ভাল নালাগে তাক। সি মোক চুবও বিচাৰে৷ তাৰ চকু দুটাও মোৰ ভাল নালাগে৷ সি মোলৈ চাওঁতেই তাৰ বাটলুগুটি দুটাই মোক চেলেকি যোৱা যেন লাগে৷ গতিকে তই বেলেগ কামতে ধৰ৷
: হাঃ হাঃ হাঃ! ঐ পাগলী কথা সেইটোহে৷ ধেৎ কিয় তেনেকে ভাবিছ? আমাৰ বৌ-পিতাই থকাৰ দিন ধৰি গাওঁবুঢ়া দেতাৰ ঘৰৰ লগত আমাৰ বৰ ভাল আছিল৷ আমাক বৰ মৰম কৰিছিল। বৌৰ হাতত মোলে এগাল এগাল বস্তুও দি পঠাইছিল৷ বিষ্ণুকাইদেউৰ লগত মই একেলগেই খেলিছিলোঁ। তেতিয়াৰ পৰাই মোকো সিহঁতৰ ল’ৰা নিচিনাই ভাবে৷ আৰু সিহঁতৰ আইমণি এজনী আছিল৷ এদিন জ্বৰ মূৰত উঠি লগতে মৰিল৷ ঔগুৰি পাৰৰ পৰা অকলে অহাৰ পাছৰ পৰাই তাইৰ জ্বৰ হৈছিল৷ কবিৰাজৰ ঘৰৰ একো ঔষধেই তাইৰ বেমাৰ ভাল কৰিব পৰা নাছিল৷ গাঁৱত ওলাইছিল তাইৰ গাত চাগে ভূত লাগিল৷ দুপৰীয়া অকলে আহোঁতে ফাঁচী লাগি মৰা নৰেণৰ ভূত তাইৰ গাত সোমাই তাইক মাৰি পেলালে৷ এতিয়া তোকো চাগে আইমণিৰ নিচিনা ভাবিয়েই ইমান দৰদ কৰিছে দে৷ তইহে বেয়াকে ভাবিছ৷ এতিয়া আহ শুই থাক৷ ৰাতি এপৰ হ’ল৷
বফঙে কমলাক টানি নিছিল তাৰ বুকুৰ মাজলৈ।কমলাও সোমাই গৈছিল কুৰুকি কুৰুকি তাৰ বুকুলৈ মনত এটা প্ৰশ্ন লৈ৷ বফঙৰ মাকে কিয় সোণাইত জঁপিয়াই আত্মঘাতী হৈছিল? কিজানি তেঁৱো? কিজানি কমলাও? নাই নাই তাই আৰু ভাবিব নোৱাৰিলে। মাথোঁ তাই আৰু দুদিনমান পৰীক্ষা কৰিব তাৰ পাছত দেখা যাব কি কৰিব লাগিব বুলি ভাবি টোপনি গৈছিল তাই৷
যোৱা চাৰিদিন ধৰি তাই একো খাব পৰা নাই৷ খালেই বমি কৰে৷ মাজে মাজে মূৰ ঘূৰাই পৰিও যোৱাত সি সিদিনা পুৱাতেই দৌৰ মাৰিছিল কবিৰাজৰ ঘৰলৈ।কবিৰাজ নথকাত ঘৈণীয়েককে কথাখিনি কোৱাত তেওঁ তাক মাখনী বুঢ়ীৰ ওচৰলৈ পঠালে৷ বুঢ়ীৰ ঘৰ পাই সি তেওঁক লগতে ঘৰলৈ লৈ গৈছিল তাইৰ আচলতে কি হৈছে চাই দিবৰ বাবে। সিহঁত দুয়ো গৈ ঘৰ পোৱালৈ কমলা বৰঘৰৰ মজিয়াতে লেবেজান হৈ পৰি আছিল। বুঢ়ীয়ে লৰালৰিকে তাইৰ পেটটো পিটিকি চাই যেতিয়া গম পাইছিল তাইৰ মাহেকীয়া বন্ধ হোৱাৰ কথা তেতিয়া কৈছিল,
: মই ঠিকেই ভাবিছিলোঁঁ৷ পেটত পোৱালি হৈছে৷ একো নহয়৷ এতিয়া এইবোৰ হ’বই। চিন্তা নকৰিবি৷ খোৱা বোৱা সময়ত কৰিবি, গধুৰ বস্তু নাদাঙিবি৷ ঈশ্বৰৰ নাম ল’বি৷ আৰু তই বফঙ, তাইক মহী বেজৰ পৰা দোল এডাল আনি দিবি। বাহিৰত কাম কৰি আহি চিধাই তাইৰ ওচৰলৈ নাযাবি৷ বাহিৰতে গাটো সেকি পুটুকি আহিবি৷ এতিয়া মই যাওঁ৷ দৰকাৰ হ’লে যাবি মোৰ ওচৰলৈ৷
তাই গিৰিয়েকৰ মুখলৈ চাব পৰা নাছিল৷ লাজত কমলাজনী আৰু ৰঙা পৰি গৈছিল৷ সি তাইক সাৱটি ধৰি মৰমেৰে চুমা এটা দি কৈছিল,
: আজি মই কিমান সুখী তোক কেনেকৈ বুজাম অ’ কমলা? তোৰ দৰে ছোৱালী এজনী হ’লেই হ’ল৷ মোক আৰু একো নালাগে বুজিলি? তই চিন্তা নকৰিবি মই আজিৰ পৰা তোক আৰু বেছিকৈ মৰম কৰিম, খেয়াল ৰাখিম৷ বহুত সুখত ৰাখিম৷ তই এতিয়া অলপ দেৰি থাক অকলে মই সাউতকৈ গাঁওবুঢ়া দেতাক খবৰটোও জনাও লগতে পাবলগা টকা কেইটামানো লৈ আহোঁঁ৷ আহোঁতে বজাৰত সোমাই আহিম৷ যদি পাওঁ মূৰ্গী পোৱালি এটাকে লৈ আহিম৷ তোক জালুক দি ৰান্ধি খুৱাব লাগিব৷ তেহে গাত বল পাবি৷ এইবুলি কৈ সি চাৰ্টটো সলাই ওলাই গৈছিল৷
লাহে লাহে বফঙৰ ব্যস্ততা বাঢ়িছিল৷ কমলাৰ পেটত একলা দুকলাকে বাঢ়ি অহা পোৱালিকণে কষ্ট পোৱাৰ ভয়ত সি তাইক একো কামেই কৰিবলৈ দিয়া নাছিল৷ দিনটো কাম কৰি আহি ভাগৰতো ৰাতিৰ আহাৰমুঠি সিয়েই ৰান্ধিছিল৷ ৰন্ধা-বঢ়াৰ পৰা ধোৱা-পখলা, সৰা -মচা সকলো সিয়েই কৰিছিল৷ কমলাৰ হাজাৰ বাধায়ো তাক কামবোৰ কৰাৰ পৰা আঁতৰাব নোৱাৰিছিল। তাই তাৰ কষ্টবোৰ দেখি দুখ কৰিছিল৷ কাৰণ যিমান হ’লেও পাটিৰ মতাটোৱে ইমান কষ্ট অকলে কৰাটো কোনো ঘৈণীয়েকে সহিব নোৱাৰে৷
এনেকৈয়ে বাঢ়ি গৈ আছিল সিহঁতৰ মৰমবোৰ আৰু পেটত সিহঁতৰ মৰমৰ সাক্ষীকণ৷ ৰাতি শুৱাৰ পৰত তাইৰ উদং স্ফীত পেটটোত হাত বুলাই সি গায়,
: আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে৷
তাইৰ হাঁহি উঠে তাৰ কাণ্ডবোৰ দেখি। পোৱালিকণেও বাপেকৰ গান শুনি থাকিলে নিতাল মাৰি থাকে আৰু গান বন্ধ হ’লেই মাকৰ পেটত গোৰ মাৰি দিয়ে৷ কমলাই স্ফূৰ্তিতে চিঞৰ মাৰি দিয়ে আৰু সি কয়,
: দেখিছ কমলা তাই দেতাকৰ মাতটো এতিয়াই বুজি পাইছে৷ মোৰ গান শুনি ভাল পাইছে দেখিছ? গান বন্ধ কৰিলেই লাথ মাৰে৷ মানে? তাইৰ টোপনি নোযোৱালৈকে মই গান গাই থকাটো তাই বিচাৰে। আইঅ’ মোৰ গোঁসানীজনী সোনকালে আহ। তোক চাবলৈ বাপেৰটো বলিয়া হৈ আছোঁ অ’ আই৷ তোক মই ধন এগাল দিব নোৱাৰিম কিন্তু তই বিচৰা প্ৰতিটো বস্তু তোৰ হাতত দিবলৈ চেষ্টা কৰিম৷ এতিয়াতকৈও বেছি কষ্ট কৰি ধন ঘটিম৷ তোক ডাঙৰ ইচকুলত পঢ়ুৱাম৷ তই ডাঙৰ মানুহ হ’বি৷ চহৰত থাকিবি৷ নিজা ভটভটী কিনি মাৰকে মোকে ফুৰাবলৈ নিবি৷ কি যে ভাল লাগিব৷ কমলা অ’ কথাবোৰ ভাবিয়ে ভাল লাগে দেখোন অ’৷
লাহে লাহে তাইৰ পোৱালিকণে তাইৰ পেটত ৯ মাহত ভৰি দিছিল৷ বাঢ়ি যোৱা পেটটোৰ ভৰকণ সহাও তাইৰ বাবে অসহ্য হৈ পৰিছিল৷ কিন্তু সন্তানৰ মোহে যেন সকলো কষ্টকে পানীৰ দৰে কৰি পেলায়৷ সি কামলৈ যোৱাটো কমাই দি যিমান পাৰে তাইৰ কাষতে থাকি তাইক সাহস দি আছিল৷ শেষত সেই আকাংক্ষিত দিনটো আহিছিল৷ তাই পুৱাৰে পৰা পেটটো বিষাবলৈ আৰম্ভ কৰিছিল৷ লাহে লাহে বিষটো উজাই গৈ যেন তাইৰ টেটুটোকে চেপা মাৰি ধৰাৰ উপক্ৰম হৈছিলগৈ৷ তাই বিষত চেলবেলাই থকাত সি একে লৰে গৈ মাখনী বুঢ়ীক মাতি আনিবলৈ গৈছিল৷ কিন্তু উভতি আহি ঘৰ পাই মানে বাৰাণ্ডাৰ পৰাই কেঁচুৱাকণৰ কোৱে কোৱে কান্দোন শুনি দুয়োটা দৌৰি গৈ কমলাৰ ওচৰ পাই দেখে তাইৰ কাষতে মাটিতে পাৰি থোৱা বস্তাখনতে পৰি থকা কেঁচুৱাটোৱে কান্দি আছে৷ বুঢ়ীয়ে লগে লগে তাক গৰম পানী আৰু কপাহী কাপোৰ এখন আনিবলৈ দিছিল৷ কমলাই চেপা চেপা মাতেৰে বুঢ়ীক সুধিছিল ল’ৰা নে ছোৱালী বুলি? বুঢ়ীয়ে উত্তৰ দিয়াৰ আগতেই সি দৰ্পেৰে কৈছিল মই নকৈছিলোঁ নে ছোৱালী হ’ব বুলি? এয়া চা, ঈশ্বৰে লক্ষীআইক পঠাই দিলে আমাৰ ঘৰলৈ৷ কমলাৰ মুখখনো জিলিকি উঠিছিল গিৰিয়েকে বিচৰা মতে ছোৱালীকণ হোৱাৰ বাবে৷ বুঢ়ীয়ে নাড়ীডাল কাটি গৰম পানীৰে চাফা কৰি বফঙৰ হাতত তুলি দিছিল এটি মাখনৰ দৰেই কোমল জোনবাই সদৃশ মুখেৰে তৰাৰ দৰে চকু দুটাৰে তিৰবিৰাই থকা এজনী ধুনীয়া জীয়া পুতলা৷
লাহে লাহে কমলা সুস্থ হৈ ইটো-সিটো কৰিবপৰা হোৱাত বফঙ কামলৈ যোৱা আৰম্ভ কৰিছিল৷ কমলাও সুস্থ হৈ লাহে লাহে কামবোৰত ধৰিছিল৷ পদ্মা শুৱাৰ সময়কণতে তাই সকলো কাম কৰি আজৰি হৈছিল৷ এদিন বফঙক পঠাই লৈ পদ্মাকো শুৱাই আজৰি হৈছিলহে মাত্ৰ তেনেতে বিষ্ণু সিহঁতৰ ঘৰলৈ গৈছিল৷ হাতত এটোপোলা বস্তুৰে সৈতে৷
: ই ঘৰত নাই৷ আপুনি পাছত আহিব৷ মই অকলেহে আছোঁঁ৷
তাই তাক দেখি বিৰক্তিৰে কৈছিল৷
: তইনো কিয় ভাবিছ মই তাক বিচাৰি আহিছোঁঁ বুলি? মইতো তোৰ খবৰ ল’বলৈহে আহিছোঁ। দেহাটো কেনে আছে বুলি খবৰ ল’বহে আহিছোঁঁ৷ তই বেয়া পালি নেকি? মই তহঁতৰ ছোৱালীজনীলৈকো কিবা আনিছোঁ। ল’ এইবোৰ৷
: কি আনিছে পাছত তাইৰ বাপেক থকাত আহি দিব৷
বুলি কৈ তাই ভিতৰৰ কোঠালৈ যাবলৈ লওঁতেই সি তাইক পিছফালৰ পৰা হাতত ধৰি টানি আনি কৈছিল,
: তই কি বুলি ভাবিছ তোক মই এৰি দিলোঁ বুলি? কি পাইছ ভিকহুটোৰ লগত থাকি? মোৰ কথা মানি ল’৷ তোক ৰাণী কৰি ৰাখিম৷ একেবাৰে বিয়া হ’ব নালাগে নহয়, মাত্ৰ ইয়াতে থাকি মোক খুচ কৰি থাকিলেই হ’ল।গিৰিয়েৰে একো গমকে নাপাব৷
বুলি আৰু কিবা কোৱাৰ আগতেই তাৰ গালত পৰিছিল কমলাৰ পূৰ্ণহতীয়া চৰ৷
: চাল্লা কুকুৰ চোৱা চেলেকা৷ তোৰ ইমান সাহস? মোক টকাৰ খক দেখাবলৈ আহিছ? কপি দাৰে চেও চেওকে কটাৰ আগতেই ভালে ভালে আঁতৰ হ ইয়াৰ পৰা নিধক। আৰু কেতিয়াবা যদি এনেকুৱা কথা কৱ পঞ্চায়তত বিচাৰ দি চূণ সানি তোক গোটেই গাঁৱত ঘূৰাম৷
: বঢ়িয়া তোৰ নিচিনা বাঘিনীৰ লগত যুঁজত নামি মজা লাগিব। মনত ৰাখিবি তোৰ তেজাল মঙহৰ জুতি নোলোৱালৈকে মই তোক নেৰোঁ। ময়ো চাই ল’ম কিমান দিন বাচি থাকিব পাৰ তই মোৰ নজৰৰ পৰা৷
বুলি কৈ ঢোৰা সাপটোৰ দৰে ফুচফুচাই প্ৰচণ্ড লাজত ওলাই গৈছিল বিষ্ণু কমলাহঁতৰ ঘৰৰ পৰা৷
প্ৰচণ্ড খঙত তাই ফোঁপাইছিল৷ ফোঁপাই-ফোঁপাই আইনাখনৰ সন্মুখত ৰৈ নিজৰ মুখখন চাই এইবাৰ পাকঘৰলৈ গৈ চৌটোৰ পৰা ক’লা ছাই এসোঁপা মুখখনত সানি লৈ উচুপি উচুপি কান্দিছিল তাই৷ প্ৰথমবাৰৰ বাবে বগী হোৱাৰ বাবে আক্ষেপ কৰিছিল তাই ঈশ্বৰৰত ওচৰত৷ অলপ দেৰি পাছতেই ঘৰ সোমোৱা বফঙে তাইক তেনেকুৱা ৰূপত দেখি আচৰিত হৈ তাইৰ কাষতে বহি ঘটনাৰ উৱাদিহ লৈছিল। কমলাই কান্দি কান্দি আদিৰ পৰা অন্তলৈকে ঘটনাটো বিবৰি কোৱাত খঙত তাৰ ডেকা তেজ উতলিবলৈ ধৰাত একেকোবে কপি দাখন হাতত লৈ লৰ দিছিল গাঁওবুঢ়াৰ ঘৰলৈ।
: ঐ বিষ্ণু ওলাই আহ ক’ত সোমাই আছ? চাল্লা কুকুৰ, অধম তোক মই আজি ইয়াতেই চেও চেও কৰিম৷ তোৰ ইমান সাহস যে মোৰ তিৰোতাৰ ওপৰত চকু দিয়?তহঁতৰ ওপৰত কৰা বিশ্বাসৰ এয়াই ফল দিলি? ওলাই আহ৷
তাৰ তৰ্জন-গৰ্জনৰ একো আতিগুৰি নাপাই গাঁওবুঢ়া, ঘৈণীয়েক, বোৱাৰীয়েক নাতি-পুতি চববোৰ চোতাললৈ ঢপলিয়াই আহিছিল৷ চোতালত বফঙৰ ৰুদ্ৰমূৰ্তি দেখি গাঁওবুঢ়াই পুতেকৰ কু-কৰ্মৰ উমান পাই অকলে তাৰ লগত কথা পাতিব বুলি কৈ বাকী সদস্যবোৰক ভিতৰলৈ যাবলৈ ইংগিত দিছিল৷ বাৰাণ্ডাৰ আৰামী চকীত গাঁওবুঢ়া আৰু ষ্টেপত বফঙ বহি লৈ গোটেই ঘটনাটো আদ্যোপান্ত বৰ্ণোৱাৰ পাছত সি দুঃখত কান্দি দিছিল শেষলৈ৷ কিন্তু তাক আচৰিত কৰি গাঁওবুঢ়াই উত্তৰত কৈছিল,
: তোৰ ধুনীয়া ঘৈণীয়েৰক দেখি তাৰ চাগে পৰকিতি লৰি গৈছিল৷ মই বাৰু তাক বুজাম। তই যা এতিয়া।আৰু শুন ঘৰত যেতিয়া হৰিণী সোমোৱাই থৈছ গতিকে এতিয়া কোনটো বাঘকনো বাধা দিব পাৰিবি মঙহ চেলেকাৰ পৰা? সেয়ে তাইকো ক’বি সাৱধানে থাকিবৰ বাবে৷ মই বাৰু বিষ্ণুক ভালকে বুজাম৷ তই যা এতিয়া৷
ঘৰলৈ উভতি গৈ সি কমলাৰ মুখৰ ছাইবোৰ ধুৱাই লৈ এইটো এটা বেয়া সপোন আছিল বুলি পাহৰি যাবলৈ দিছিল৷ গিৰিয়কৰ মৰম আৰু তাইৰ প্ৰতি থকা বিশ্বাসত তাইৰ আকৌ এবাৰলৈ শিৰনত হৈ গৈছিল তাৰ আগত আৰু সৰি পৰিছিল হাঁহিবোৰ বগা জোনবাইটিৰ দৰে৷
সৰিয়হে পথাৰত হালধীয়া বুটা বচা সময়ৰ কথা৷ এটা হালধীয়া পুৱা আছিল সিদিনা৷ গাৱঁৰে মণিকণ দদাইকৰ মাটি এডৰাত বফঙে আধিয়ৰি সৰিয়হ কৰিছিল৷ বৰ লহপহকৈ বাঢ়িছিল সৰিয়হ ডৰা। কমলা-বফঙৰ পদ্মাজনীৰ দৰেই৷ হালধীয়া আবেলিৰ তন্ময়তাবোৰ ভাঙি কেতিয়াবা মাজে সময়ে তিনিওটা গৈছিল সঁৰিয়হডৰাৰ কাষলৈ৷ আলিকাষতে বহি লৈ তিনিওটাই উপভোগ কৰিছিল হালধীয়াবোৰক৷ যেন সগৰ্ভা পথাৰখনক ঢাকি ধৰিছে এখনি হালধীয়া চাদৰে। সপোনৰ ফলবোৰ এনেকৈ চকুৰ আগত দেখি স্বস্তিৰ নিশ্বাস এৰে সি৷ হওক তেও অলপ কষ্টৰ বিনিময়ত এইবছৰ খোৱাতেলকণো ঘৰৰে হ’ব৷ আনকি পদ্মাকো ঘৰৰ তেলেৰেই মালিচ দিব পাৰিব বুলি ভাবিয়েই মন শাত পৰিছিল তাৰ৷
সিদিনাও এটা হালধীয়া পুৱাই আছিল৷ কাহিলীপুৱাতে উঠি বফঙে ৰঙা চাহটুপি পি লৈয়েই হাতত কোৰখন লৈ ওলাই গৈছিল পথাৰলৈ৷ কমলাক কৈ থৈ গৈছিল জলপানৰ টোপোলাটো তাইকে লৈ যাবৰ বাবে৷ তায়ো সেইমতেই আজৰি হৈ কৰাইগুৰি এবাটি আৰু লালচাহৰ কেটলীটো এহাতে আৰু এহাতে পদ্মাক লৈ গৈছিল বফঙৰ ওচৰলৈ৷ গাঁৱৰ কেঁকুৰীটো সাৰিয়েই এটা আলিবাট গৈছে পথাৰৰ ফালে। তাই গৈ কেঁকুৰীটো পাওঁতেই পিছফালৰ পৰা বিষ্ণুৱে মাত দিছিল তাইক। তাৰ মাত শুনিয়েই তাই ভয়তে কঁপি গৈছিল৷ দুইহাতৰ মুঠিটো টানকৈ ধৰিছিল৷ ইফালে সিফালে চাই কোনো দেও মনিচ এটাও নেদেখি তাক কিবা ক’বলৈ লওঁতেই সি মাত দিছিল,
: কমলা শুনচোন। মই তোৰ ওচৰত ক্ষমা খুজিব আহিছোঁ। সিদিনা বৰ ডাঙৰ ভুল কৰি পেলালোঁ মই৷ পাছত গাত জ্ঞান অহাতহে বৰ লাজ পাইছোঁঁ৷ তোৰ ওচৰত মুখ উলিয়াবলৈ সাহ হোৱা নাছিল৷ সহোদৰৰ দৰে বফঙটোকো বৰ দুখ দিলোঁঁ৷ তহঁতে পাৰ যদি মোক ক্ষমা কৰি দিবিনে? তোক মই কথা দিলোঁ আৰু কেতিয়াও এনে পাপ কৰাৰ কথা সপোনতো নাভাবোঁঁ৷ মোক ক্ষমা কৰি দে কমলা আৰু দুটা হাতেৰে দুটা টোপোলা লৈ তোৰ কষ্ট হোৱা নাই জানো? উঠ নহ’লে মোৰ চাইকেলতে, ময়ে লৈ যাম তোক গিৰিয়েৰৰ ওচৰলৈ বুলি তাৰ চাইকেলখনৰ কেৰিয়াৰখনলৈ দেখুৱাই সি কয়৷
: নালাগে কাইদ৷ মই যাব পাৰিম৷ আপুনি যাওক৷
: ঠিক আছে তেন্তে যা।
তাইক যাবলৈ দি সিও পথাৰৰ দিশেই অলপ দূৰ গৈ পিছলৈ ঘূৰি তাইক চাই আছিল৷ তাইৰ খোজৰ এটা এটা ঢৌৱে সৃষ্টি কৰা দেহৰ খলা-বমাবোৰৰ ঢৌবোৰত সি অনুভৱ কৰিছিল তাৰ মনত জ্বলি উঠা বাসনাৰ উত্তাপ।
দুপৰীয়া ভাত-পানী খাই গাটো এপাক পোনাই ল’ব বুলি ভাবোতেই বিষ্ণুৰ মাত শুনাত বফঙ ওলাই গৈছিল বাহিৰলৈ আৰু তাক বিষ্ণুৰ দেউতাকে মাতিছে বুলি কমলাক মাত একাষাৰ দিয়াৰ সুবিধাকণো নিদি তাৰ লগতে উলিয়াই লৈ গৈছিল৷ কমলাই বফঙ যে কৰবাত গৈছে কথাটো আধাঘণ্টামানৰ পাছতহে গম পাইছিল যেতিয়া বিষ্ণু পুনৰ সিহঁতৰ ঘৰলৈ গৈছিল।
: আপুনি? এই ভৰ দুপৰীয়খন আহিছে? ইয়ো ঘৰত নাই। পাচে পৰে আহিব যাওক।
: বেছি নকৰিবি, যদি ভালেৰে থাকিব বিচাৰ তেন্তুে মই যি কৰিব দিম তাকে কৰিবি৷ নহ’লে কথা বেয়া হ’ব।ভালেৰে ক’লে যদি নুবুজ চোচৰাই নি বিছনাত পেলাই ল’ম৷
: ছিঃ! বিষ্ণু কাইদ তই সঁচাকৈ অধম৷
কমলাই নিজৰ কাণ দুখন সোপা মাৰি ধৰি খঙত জোৰেৰে কৈছিল।
: চাল্লা কুকুৰ গাত হাত দি চাচোন
বুলি বেৰতে ওলোমাই থোৱা দাখন টান মাৰি জোকাৰি কৈছিল,
: কাটি পেলাম মই তোক নহ’লে গাঁৱৰ ৰাইজক চিঞৰি গোট খুওৱাৰ আগতেই তই যা ইয়াৰ পৰা৷
: আহহঁত ঐ কোন ক’ত আছ এইজনী তেজখাইতিয়ে কেনেকৈ মোৰ তেজ খাবলৈ চেষ্টা কৰিছিল চাহঁত ঐ৷ আহহঁত ঐ
বুলি চিঞৰি চিঞৰি এক নিখুঁত অভিনয় কৰিছিল বিষ্ণুৱে কমলাহঁতৰ চোতালত। কমলাই একো তলকিবই নোৱাৰি চোতাললৈ ওলাই আহি দেখে চোতালত এসোপা মানুহ জমা হৈ গৈছে ইতিমধ্যে৷
: তাই প্ৰায়ে বফঙ নথকাৰ সুযোগ লৈ মোক ঘৰলৈ মাতে৷ মোৰ মত নোহোৱাকৈ তাই মোক ভাল পাবলৈ কয়৷ মই কিমান দিন বুজালোঁ বোলো তাই এতিয়া কেঁচুৱাৰ মাকো হ’ল৷ গতিকে এইবোৰ কৰা দূৰৰে কথা ভবাও পাপ৷ কিন্তু তাই বেইমানীয়ে নুবুজে। আজিও মোক বফঙে মাতি পঠাইছে বুলি কোৱাতহে মই আহিছিলোঁ৷ ঘৰ সোমাই তাইৰ মতলব গম পোৱাৰ পাছত তাইক বাধা দিওঁতে তাই সেইখন দা লৈ মোক কাটিবলৈ লৈছিল। মই কেনেবাকৈহে জীৱটো লৈ বাহিৰ ওলাব পাৰিলোঁ অ’ ৰাইজ৷ সৌৱা চাওক তাইৰ হাতত দাখন এতিয়াও আছে৷
তাই তেতিয়াহে লক্ষ্য কৰিছিল হয় তাইৰ হাতত দাখন তেতিয়াও আছে৷ তাই একে চাবে দাখন দলিয়াই দি কি কাৰণত সেইখন লৈছিল কাৰণটো বুজোৱাৰ আগতেই গাঁৱৰ তিৰোতাবোৰে তাইলৈ বুলি দলিওৱা লেতেৰা গালিবোৰ উফৰি আহি তাইৰ গাত পৰিছিলহি৷
: এই বেটী কম নহয়৷ থাকেহে নিবোকা হৈ৷ এনেয়ে নকয় বোলে নিবোকা চামোন গু খোৱা যম৷
: হেহ নহয় আই এই এনেকুৱা বিধৰ নহয় দেই৷ মানুহ দেখিলেই গম পাই নহয়।
এনেধৰণে গোটখাই থকা মানুহবোৰৰ মাজত দুটি ফৈদ হৈ আৰম্ভ কৰি দিছিল তাইৰ চৰিত্ৰৰ গণনা৷ তাৰ মাজৰ পৰাই কোনোবাই চিঞৰিছিল,
: অই তাইৰ গিৰিয়েকক মাত৷ মেল বহা। তাতেই চব বিচাৰ হ’ব৷
চেকেণ্ডতে গোটেই গাঁৱত তল ওপৰ হৈছিল বফঙৰ ঘৈণীয়েকৰ কু-কাণ্ডৰ কথাক লৈ৷ তাই কান্দি কান্দি হিয়ালি জিয়ালি হৈ মাটিতে বাগৰি বাগৰি নিজৰ কপালকে আচাৰি বফঙক চিঞৰি চিঞৰি মাতি আছিল। ইফালে কেঁচুৱাজনীও ভোকত কান্দি কান্দি থৰমৰ খাইছিল৷ নাই বফঙৰ কোনো খবৰেই নাই৷ কোনোবা এটাক আগবঢ়াই পঠাবলৈকো তাই নাজানে সি ক’ত গৈছে৷ ৰাইজৰ মাজৰ পৰা কেইবাজনীয়েও বিষ্ণুকে সন্দেহ কৰিছিল যদিও মাত মাতিব নোৱাৰে৷ কাৰণ গাঁওখনৰ আধাখিনিকে গাঁওবুঢ়াই কিনি থৈছে।গতিকে তেওঁৰ পুতেকক দোষ দিব পৰাকে শক্তি কাৰো নাই। সময়বোৰ গৈ আছিল। আবেলিৰ পৰা সন্ধ্যা লাগিছিল৷ বফঙৰ তেতিয়াও একো খবৰ নাই। সিদ্ধান্ত হৈছিল পিছদিনা আগবেলা গাঁৱৰ নামঘৰতে বিচাৰখন বহিব। বিচাৰখনত বফঙ, কমলা, বিষ্ণু, গাঁওবুঢ়া, নামলগুৱা তথা গাঁৱৰ ৰাইজ সকলো থাকিব৷ মানুহবোৰ ঘৰাঘৰি যোৱাৰ পাছত কমলাই পদ্মাক কোলাতে লৈ চোতালতে ৰাউচি জুৰি কান্দিয়েই আছিল৷ সময়বোৰ যিমানেই আগবাঢ়িছে তাইৰ বুকুৰ ঢপঢপনিও সিমানেই বাঢ়িছিল। পিছফালৰ কুঁৱাটোত পৰি ৰমলিয়াই থকা কাউৰী জনীৰ মাতত তাই কিবা অশনী সংকেত পাইছিল৷ বিয়া হ’বৰ দুবছৰ হ’ল, আজিলৈকে সি কেতিয়াও ইমান দেৰিলৈকে বাহিৰত থকা নাই। তাইৰ মনলৈ বেয়া বেয়া চিন্তা কিছুমানে তাইৰ মূৰটো অকাই -পকাই ধৰিছিল৷ কি কৰিব? ক’ত যাব? কাক সুধিব এইবোৰ ভাবি থাকোঁতেই তাই শুনিবলৈ পাইছিল কোনোবা এটাই দেদাউৰি পাৰি চিঞৰি অহা,
: ঐ কোন আছ আহহঁত ঐ৷ সোণাইত মৰা শ এটা উপঙি আছে।
তাইৰ বুকুখন চিৰিংকৈ মাৰিছিল। কেনেবাকে বফঙ?তাই পদ্মাক বিছনাতে শুৱাই থৈ একেদৌৰে বাটলৈ গৈ ল’ৰাটোক ৰখাই উৱাদিহ ল’বলৈ গৈছিল,
: কি হ’ল অ’। সোণাইত কোন উপঙি আছে?
: নাজানো বাইদ। মই জাল এখন পাতিবলৈ যাওঁতে দেখিলোঁঁ পিটনিসোপাতে লাগি থকা৷ কোন চাবলৈ মোৰ সাহ নহ’ল৷ লাচটো তলমূৰ কৰি আছিল৷ টৰ্চৰ পোহৰতহে দেখিছিলোঁ। এতিয়া মানুহ গ’লেহে গম পাম।
ইতিমধ্যে গাঁৱৰ মতা মানুহবোৰে দলে বলে সোণাইলৈ লৰ মাৰিছিল৷ কমলাই বফঙৰ চিন্তাত ভগৱানকে খাটি আছিল মানুহটোক যাতে ভালে ৰাখে৷ তাই এবাৰ ভিতৰলৈ এবাৰ পদূলিলৈ তাঁতবাতি কৰি কৰি তাইৰ ভৰি বিষাই গৈছিল৷ এপাকত পদূলিমুখৰ পৰা ৰাষ্টাৰ দূৰলৈ তাই ৰিণিৰিণি লেম্পৰ পোহৰ দেখি ৰৈ গৈছিল মানুহবোৰ উভতি অহাৰ উমান পায়৷ মানুহখিনি আহি প্ৰায় ওচৰ পাওঁ পাওঁ হওঁতেই পদ্মাৰ কান্দোন শুনি তাই ভিতৰলৈ ঢপলিয়াই গৈছিলগৈ।
: ঐ জুইলাগতী, মতাৰ মূৰ খাইতী ক’ত সোমাই আছ এতিয়া? আহ চাহি গিৰিয়েৰৰ মৰা শটো৷ এতিয়াৰ পৰা ৰাষ্টা মুকলি হ’ল আহ৷ কাইলে পা ঘৰতে দোকান খুলিব পাৰিবি৷
মানুহজাকে পৰা গালিবোৰ শুনি তাইৰ ভৰিৰ তলৰ মাটিবোৰ নোহোৱা হৈ গৈছিল৷ ভয়ে ভয়ে বাহিৰ ওলাই আহি চোতালত শুৱাই থোৱা মৃতদেহটোৰ কাষলৈ গৈছিল৷ আঁতৰৰ পৰাই তাই চিনি পাইছিল সি পিন্ধি থকা চাৰ্টটো৷ তথাপি তাই আগবাঢ়ি গৈছিল তাৰ মুখখন চাবৰ বাবে৷ তাৰ মুখখন চাই তাই হাঁহি এটা মাৰি স্বস্তিৰ নিশ্বাস এৰি কয়,
: হেই এইটো বফঙ নহয় আই। তাৰ পেটটো ইমান ডাঙৰ নহয় দেই৷ মুখখনো ইমান ক’লা-মলা৷ মোৰ বফঙ ধুনীয়া মাখন ৰঙী আৰু মোৰেই নিচিনা ক্ষীণ৷ এইটো কৰ পৰা ক’লা-মলা পেটুৱা মৰা লাচ আমাৰ চোতালত থৈছ? লৈ যা লৈ যা ইয়াৰ পৰা। এনেয়ে আমাৰ ঘৰখন চুৱা কৰিলিহঁত।
: এইটো বফঙেই হয়। তোৰ কুকৰ্মৰ কথা গম পাই ঘৰলৈ উভতি নাহি সোণাইতে জাঁপ দি মৰিল৷ তয়ে মাৰিলি তাক৷ তোৰ বাবেই মৰিল সি।
মানুহসোপাৰ মাজৰ পৰা কোনোবা এজনে কোৱা কথাষাৰ শুনি তাই এইবাৰ একেবাৰে তাৰ কাষত বহি লৈ তাৰ মুখখনলৈ চাই কৈছিল,
: ঐ তই বোলে বফঙ? যদি হয় তেন্তে এনেকে শুই আছ কিয়? উঠ আকৌ৷ অথনিয়ে পা তোক বিচাৰি মই কমখন হাবাথুৰি খাই ফুৰিছিলোঁ নে? পদ্মায়ো কান্দি আছে। আহ উঠি আহ। বিচনাত শুবিগৈ, ইমান যদি টোপনি ধৰিছে আৰু ক’ত কি খাই আহিছ? পেটডাল ইমান ফুলি আছে। আৰু মুখখন চা। মই চৌ ছাই সানি যে কলি হৈছিলোঁ তোকো তেনেকুৱা লাগিছে। তাই দেখিলে ভয়েই খাব৷ আহ মুখখন ধুই ল’বি৷ ঐ বফঙ উঠচোন৷ কচোন ইহঁতসোপাক মই যে চৰিত্ৰহীনা নহয় বুলি। তই নথকাত বোলে মই তাক ঘৰলৈ মাতি আনি….ছিঃ! তই কচোন ইহতক আচল কথাখিনি৷ মই ক’ব বিচাৰিছিলোঁ। কিন্তু কোনেও মোৰ কথা নুশুনে৷ অ’ বফঙ উঠচোন ক’ সঁচা কথাবোৰ। বিষ্ণুৱে কেনেকৈ মোক….
: ব’ল ব’ল। আমি ইয়াত তাইৰ পাগলামী চাবলৈ অহা নাই। সোনকালে খৰি কাঠ দিয়াৰ ব্যৱস্থা কৰিব লাগে ব’লহঁত৷
ক’ৰ পৰা জানো ভুটুংকৈ বিষ্ণু ওলাই কথাখিনি কৈয়েই বফঙৰ মৃতদেহটো ঢাৰি এখনেৰে প্ৰায় মেৰিয়াইয়ে পেলাইছিল৷ কমলাই আউলী-বাউলী চুলিৰে মাটিত চপৰিয়াই চপৰিয়াই আটাহ পাৰিছিল,
: ঐ বফঙ নুঠ কিয়? তয়ো মোক অবিশ্বাস কৰিলি? মই একো ভুল কৰা নাছিলোঁ অ’। তই মোক এনেকৈ এৰি থৈ নাযাবি। পদ্মাৰ কথাও কিয় নাভাবিলি ঐ মোৰ বুকুৰ ধনটো..
এই বুলি এইবাৰ যি মাটিত বাগৰি পৰিল তাই আৰু একো গম পোৱা নাছিল। পিছদিনা ৰাতিপুৱাহে তাই চকু মেলি দেখিছিল তাইক মাটিতে শুৱাই থৈ গাঁৱৰে মাইকীমানুহ দুজনীমানে তাইক আৱৰি আছিল। এজনীৰ কোলাতে শুই আছিল পদ্মা।
তাই চকু মেলিয়েই বফঙৰ কথা সোধাত তাৰ মাজৰে পৰা এগৰাকীয়ে গোটেইবোৰ কথা আকৌ এবাৰ আওৰাইছিল। কমলাই পদ্মাক কোচত লৈ,
: ই বিষ্ণুৱে মোৰ তেজটুপা খালে ঐ গোঁসাই৷ ই নৰকতো ঠাই নাপাওক অ’
বুলি চিঞৰা কান্দোনত বাকী কেইগৰাকী মানুহেও ৰ’ব পৰা নাছিল। কমলাই কোনো কাৰণতে মানি ল’ব পৰা নাছিল বফঙ আত্মজাহ যোৱাৰ কথা৷ কিন্তু তাই ক’বনো কাক? শুনিবনো কোনে? এনেকৈয়ে দহা-কাজ শেষ কৰি মাহেকৰ অন্তত গাঁৱত মেল বহিল আৰু তাইৰ কু-কৰ্মৰ বাবেই গিৰিয়েক মৰাৰ কলংক তাইৰ গাত সানি দি সমাজৰ পৰা এঘৰীয়া কৰি গাঁৱৰ মূৰলৈহে থাকিব পাৰিব বুলি হুকুম শুনাইছিল গাঁওবুঢ়াই নিজে৷ তাই আটাইকে বৰ কাকূতি-মিনতি কৰিছিল কেঁচুৱাজনীক লগত লৈ ইমান কঠোৰ শাস্তি নিদিবৰ বাবে৷ কিন্তু পুত্ৰস্নেহৰ মায়াত আৱদ্ধ গাঁওবুঢ়াই পুতেকক বচাবৰ বাবেই তাইৰ লগত ৰচিছিল সেইখন ষড়যন্ত্ৰ। তাৰপাছৰ পৰাই আৰম্ভ হৈছিল সোণাইপাৰৰ সেই জুপুৰীটোত তাইৰ জীৱন যুদ্ধ। ইমান নিজল-জাল পৰিৱেশতো অকণমাণিজনীক লৈ তাইৰ অলপো ভয় লগা নাছিল৷ এনেকুৱা লাগিছিল যেন বফঙ অনবৰতে তাইৰ কাষতেই আছে তাইৰ সাহস হৈ৷ নিজৰ গাঁওখনলৈ যাব নোৱাৰে বাবে সোণাইৰ সিপাৰৰ গাঁওখনলৈকে গৈ খুজি-মাগি বা ইখন-সিখন কৰি গোটাই অনা বস্তুৰেই তাইৰ চৰু জুৰিছিল৷ বৰষুণৰ বতৰত তাই ওলাই যাব নোৱাৰে। তেতিয়া তাইৰ চৌকাতো জুই নজ্বলে৷ যোৱা একসপ্তাহৰ পৰা দিয়া নেৰানেপেৰা বৰষুণজাকৰ বাবে যোৱাৰাতিৰ পৰাই তাই খুদকণ এটাও পোৱা নাই খাবলৈ৷ সাঁচি ৰখাবোৰো শেষ হ’ল৷ সেয়ে বাৰে বাৰে চোতাললৈ ওলাই গৈ আকাশখনলৈ চাই আছে তাই, জানোচা বতৰ মুকলি হয়েই …..
অলপ দূৰৈত ৰিণি ৰিণি মানুহ এটা আহি থকা দেখি এই বৰষুণত কোননো আহিছে বুলি ভাবি তাই চাবলৈ ভালকৈ চেষ্টা কৰিছিল৷ লাহে লাহে মানুহটো গৈ ওচৰ পোৱাৰ লগে লগে তাইৰ অন্তৰাত্মা কঁপি গৈছিল। মানুহটো লাহে লাহে তাইৰ ওচৰ পাইছিলগৈ। হঠাত তাইৰ ভয়বোৰ নোহোৱা হৈ স্থিৰ হৈ ৰৈ দিছিল তাই দুৱাৰমুখতে৷
: ভালে আছ?
: ইমানখিনি হৈ যোৱাৰ পাছতো যদি ভাবিছে মই ভালে আছোঁ বুলি তেন্তে অঁ আমি ভালে আছোঁ৷
বৰ কোমলকৈ কৈছিল তাই কথাখিনি৷
: তোৰ লগত মই বৰ ডাঙৰ অপৰাধ কৰিলোঁ অ’ কমলা৷ সেইদিন ধৰি মই শান্তিৰে শুব পৰা নাই৷ তই মোক ক্ষমা কৰি দিব পাৰিবিনে?
: এইখিনি কথা ৰাইজৰ আগত ক’ব পাৰিব?
: ম ম মই মানে মই…..
: জানো নোৱাৰে। আপোনাক ক্ষমা কৰা নকৰাৰ লগত কি কথা আছে এতিয়া মোৰ? মতা গ’ল, সন্মান গ’ল, চব গ’ল মোৰ। পাৰিব মোক এই হেৰুৱাবোৰ ঘূৰাই দিবলৈ?
: চা কমলা হোৱাবোৰ হৈ গ’ল৷ একেবাৰে চেম টু চেম দিব নোৱাৰোঁ। কিন্তু তই বিচাৰিলে কিবাকিবি ঘূৰাই দিব পাৰোঁঁ৷
তাই তালৈ ঘোপাকৈ চোৱাত সি কথা সলাই লগতে কৈছিল,
: যেনে ধৰ চাউল, দাইল, পাচলি, মাছ, মঙহ, তহঁত দুয়োজনীৰে কাপোৰ, তাইৰ জলপান এইবোৰ আৰু৷
: বিনিময়ত মই কি দিব লাগিব?
এইবাৰ তাৰ ফালে পিঠি দি তাই সুধিছিল।
মুখখন জিলিকি উঠিছিল তাৰ৷ একেকোবে বহাৰ পৰা উঠি তাইৰ ওচৰলৈ গৈ তাইৰ কান্ধত হাত এটা থৈছিল সি। তাই আচাৰ মাৰি তাৰ হাতটো আঁতৰাই দিয়াত সি এইবাৰ তাইৰ সন্মুখত থিয় হৈ কৈছিল,
: দিম ভাবিলে বহুত কিবাকিবি দিব পাৰ৷ দিবি জানো?
: নিদিওঁঁতেও দিয়াৰ বদনাম পালোঁঁ৷ গতিকে দি বদনামী হোৱাই ভাল৷ আমাৰ পেটটোও চলিব৷
তাৰ মনত লাড্ডু ফুটিছিল তাইৰ কথাবোৰ শুনি। সি যেন আজি অতবছৰে এইটো দিনলৈকেই বাট চাই আছিল আৰু তাইৰ কথামতেই পুনৰ চাৰিদিনৰ পাছত সি আকৌ যাব বুলি তাইক কথা দি আহিছিল। সি যোৱাৰ পাছৰ পৰাই তাই মৌন হৈ গৈছিল৷ বাৰে বাৰে বফঙলৈ মনত পেলাই মনতে কৈছিল,
: মোক ক্ষমা কৰি দে বফঙ৷
চাৰিদিনৰ পাছত সেই ৰাতিটো আহিছিল৷ সেই দেওলগা ৰাতিটো৷ চাৰিওফালে নিস্তব্ধ৷ কৃষ্ণ পক্ষৰ তমসাৰে আৰু জয়াল কৰা এটা ৰাতি৷ মাজে মাজে দুই এটা জিলিৰ মাত৷ গোটেই পৃথিৱীখনেই শুই নিহপালি দিছিল তেতিয়া৷ কেৱল তাই সাৰে আছিল৷ পদ্মাকো সোনকালে শুৱাই দিছিল সেইৰাতি৷ তাই সকলো সুস্থ মগজেৰেই প্ৰস্তুত কৰি থৈছিল৷ নিজকো প্ৰস্তুত কৰি তুলিছিল জীৱনত কেতিয়াও ভাবি নোপোৱা কাম এটা কৰিবৰ বাবে৷ তেনেতে তাই শুনিছিল বাহিৰৰ পৰা কোনোবা এটাই বাঁহৰ দৰ্জাখন হেঁচুকি আছিল৷ তাই লাহেকৈ দুৱাৰখন খুলি দিয়াত বিষ্ণু খৰধৰকৈ ভিতৰলৈ সোমাই গৈ দুৱাৰৰ ডাংদাল লগাই দিছিল আৰু পেণ্টৰ দুটা পকেটৰ পৰা দুটা মদৰ বটল উলিয়াই লৈ নিজে গিলাচ এটা আনি ঢোক ঢোককে গিলিব লৈছিল৷ মাজে মাজে কিছুমান অবাইচ মাত৷ তাই মাথোঁ মৌন হৈ শুনি আছিল৷ লাহে তাৰ নিচা বাঢ়িছিল। কথাবোৰ পাক খাবলৈ আৰম্ভ হৈছিল।সেইখিনি সময়ে উপযুক্ত বুলি ভাবি কমলাই তাক সুধিছিল,
: বফঙক কেনেকৈ মাৰিলি?
: তই মানে গম পালি তাক ময়ে মৰালোঁ বুলি? তেন্তে শুন, সেইদিনা দুপৰীয়া ময়ে তাক বুদ্ধি কৰি পিতায়ে মাতিছে বুলি কৈ সোণাইৰ কাষৰ সৌ জোপোহাখিনিৰ ওচৰলৈ মাতি আনিছিলোঁ। তাতে তাক জোৰ কৰি টেটু গুৰিলৈকে মদ এগাল খুৱাই তোৰ দাম-দৰ কৰিছিলোঁ।কিন্তু সি কোনোপধ্যেই মানি নোলোৱাত তাক মাৰি পেলাবৰ বাবে ইংগিত দি মই আকৌ তহঁতৰ ঘৰ পাইছিলোগৈ। সিহঁতকেইটাই তাক মূৰে-গায়ে চাট এসোঁপা দি তাক সোণাইলৈ দলি মাৰি দিছিল৷ তাৰ নিচা বহুত হোৱাৰ বাবে সি সাঁতুৰিবও নোৱাৰিলে আৰু মৰি থাকিল৷
তাইৰ চকুৰ পৰা টোপটোপকে গৰম গৰম চকুপানীবোৰ সুলকিছিল। সেয়া দুখৰ নহয় খঙৰ চকুপানী আছিল৷
: তোৰো নিচা লাগিছেনে?
: লাগিছে৷ এতিয়া আহ তোৰ মৰম দি মোক আৰু নিচা বঢ়াই দে।
তাইৰ আৰু শুনিবলৈ ধৈৰ্য নাছিল। এজনী বাঘিনীৰ দৰে তাক জপতিয়াই ধৰি বিছনাৰ কাষতেই যোগাৰ কৰি থোৱা চাদৰখনেৰে তাৰ ডিঙিত আতি আতি গাঁঠি লগাই দিছিল। বিষ্ণুৱে তলকিবই নোৱাৰিলে কি হ’ল।তাক বিছনাত বগৰাই লৈ গাৰু এটাৰে তাৰ মুখখনত জোৰকৈ হেঁচা মাৰি ধৰি সি লৰচৰ কৰিব নোৱাৰাকৈ তাৰ পেটৰ ওপৰত বহি লৈছিল তাই। মদৰ নিচাত সি তাইক বাধা দিবৰ বাবে অসফল হৈছিল। অলপ সময় চটফটাই চটফটাই সি শান্ত হৈ পৰিছিল৷ তাই বৰ নিখুঁতভাৱেই কৰিছিল কামটো। লাহেকে তাই তাৰ গাৰ পৰা নামি গৈ তাৰ বুকুত বাওঁফালে কাণখন পাতি শুনিছিল তাৰ বুকুৰ ঢপঢপনি৷ কিন্তু তেতিয়ালৈ তাৰ বুকুখনো শুই গৈছিল চিৰদিনৰ বাবে৷ কমলাৰ গাল আৰু মুখৰ পৰা ওলোৱা ঘামবোৰ টপটপকৈ তাৰ গাত পৰিছিল৷ তাই ততাতৈয়াকৈ তাৰ ডিঙিৰ পৰা চাদৰখন খুলি তাক চোঁচৰাই তললৈ নমাই দিছিল। দৰ্জাখনৰ ডাংদাল খুলি তাৰ ভৰি দুটাত ধৰি টানি টানি চোচৰাই নি বাহিৰত থৈ এবাৰ শুই থকা পদ্মাৰ মুখখন চাবৰ বাবে ভিতৰ সোমাই গৈ আঁতৰৰ পৰাই চাই আকৌ বাহিৰ পাইছিলগৈ৷ কমলাই তাইক এবাৰ চুব খুজিও চুব নোৱাৰিলে৷ কাৰণ অলপ দেৰি আগত তাই সেই দুখন হাতেৰে এটা মানুহ হত্যা কৰিছিল৷
তাৰ গধুৰ শৰীৰটো আন্ধাৰৰ পোহৰতেই তাই টানি টানি লৈ গৈছিল সোণাইৰ ফাললৈ। পিছদিনা দোকমোকালি সময়ৰ পৰা তাইৰ ঘৰৰ আগেদি সোণাইৰ পাৰলৈ জাকে জাকে মানুহৰ সোঁত বৈছিল৷ তায়ো ওলাই গৈছিল বাহিৰলৈ৷ আঁতৰৰ পৰাই দেখিছিল ল’ৰাদুটামানে বিষ্ণুৰ মৰা শটো টানি টানি পাৰলৈ উঠাই অনা। তাই তৃপ্তিৰে হাঁহি এটা মাৰিছিল ইমান নিখুঁতকৈ কামটো কৰাৰ বাবে৷ কোনো প্ৰমাণোতো নাই৷ কাৰণ কোনেও নাজানে সি তাইৰ ঘৰলৈ যোৱাৰ কথা৷ তাই ওপৰলৈ আকাশখনলৈ চাইছিল৷ বেলিটোও লাহে লাহে উঠি আহিছিল৷ তাই চকু দুটা মুদি মনতে কৈছিল,
: আজিহে মোৰ বফঙৰ আত্মাই শান্তি পালে৷
☆ ★ ☆ ★ ☆