ফটাঢোল

বিগ বছত নেতাৰ এৰাতি- সায়ান্তন শইকীয়া

‘বিগ বছ’ৰ পৰা ফোন এটা আহিল দিছপুৰলৈ। সকলো ন-পুৰণি বিখ্যাত ৰাজনৈতিক ব্যক্তি যিমান আছে তেওঁলোকক এৰাতিৰ আলহী খাবলৈ মাতা হৈছে। নিমন্ত্ৰণ পাই সব সুখী। কিমাননো আৰু এই গালি-গালাজ, তই-মই, বাংলাদেশী-স্বদেশী এইবোৰত লাগি থাকিব। গ্ল’বেল ৱাৰ্মিং শৰ্মাৰ পৰা উৎফুল্ল মহন্তলৈ সকলো ওলাল।

দিনটো আৰম্ভ হ’ল। ৰাতিপুৱাই কুকুৰাৰ মাতটোৰ বিপৰীতে ‘বিগ বছ’ৰ মাতটো বাজি উঠিছে,

“বিগ বছ চাহতে হ্যে কি আপ….।” বাক্যটো শেষ হ’ব নাপাওঁতেই তোৰণ গগৈ জকি উঠি চিঞৰিলেই,

“এ বাদ দিয়া হে বিগ বছ চাহতে হ্যে! হে? হু ইজ বিগ বছ হে! চাহিলেই হ’ব নি তেওঁ হে? হে?”

“ছাৰ য়ে হমাৰে শ্ব কা নিয়ম হে…।”

“এহ থোৱা হে তোমাৰ নিয়ম। ৰাতিপুৱাই হুদুৰ নিচিনা মাত এটা উলিয়াই কি জগাইছা সবক!” তেওঁক সবেই মিলি ঠাণ্ডা কৰিলেগৈ আৰু ব্ৰেকফাষ্ট কৰিবলৈ ওলাল।

ব্ৰেকফাষ্ট খোৱাৰ পিছত দিনৰ কাৰ্য্যসূচী কি কি হ’ব ‘বিগ বছ’ৰ দূতজনে কৈ দিলে। কামত লাগিল সকলো। সবেই নিজৰ নিজৰ কাম কৰি থাকোঁ‌তেই সিফালৰ ৰুম এটাৰ পৰা ভাঁহি আহিল বগৰা-বগৰি আৰু কিবা ভঙাৰ শব্দ। সবেই দৌৰি গৈ দেখে যে গ্ল’বেল ৱাৰ্মিং শৰ্মা আৰু ৰেডবুল হুছেইনৰ মাজত কাজিয়া লাগিছে। কাজিয়া মানে দূৰ্বাদল কাজিয়া! ধঞ্জিত দাস আৰু নিপুণ বৰাই দুটাকেই আঁতৰাই আনিলে। ৰেডবুলে তেতিয়া গৰজি উঠিল বৰাৰ আগত,

“ই, ই মোক হাতী বুলি কিয় ক’ব? কিয়?’’ …সিফালৰ পৰা শৰ্মাই মাত দিলে,

“পেটটো দেখিছা নিজৰ? নেপালত যে ভূমিকম্প তোমাৰ কাৰণেই আহিছিল জানা নাই? তুমি যে বাথৰুমত পৰিছিলা পিছলি, সেইদিনাই ভূমিকম্প আহিছিল। ইমান বেছি তোমাৰ ইম্পেক্ট। তুমি হাতী নহয় কি?” ৰেডবুলৰ আৰু খং উঠিল।

“তুমি কি হে তেন্তে? গণেশে হয়তো তোমাক দেখিলে ভাল পায়। ভাবে পৃথিৱীত মোৰ প্ৰতিদ্বন্দ্বী কোনোবা এটাতো আছে!” দুটাকেই ঠাণ্ডা কৰি সকলো ওলাই আহি দেখে যে উৎফুল্ল মহন্ত চুক এটাত বহি উচুপি আছে। তেওঁ কৈছে,

“মোক কোনেও হাতী বুলি নকয়। হাতী আমাৰ হে কপিৰাইট আছিল। তোমালোকে হাতীটোও কাঢ়ি ল’লা।” তেনেতেই শৰ্মাই আকৌ মাত লগালে,

“আপুনি আমাৰ আদৰ্শ। আপুনি হাতী নহয় আপুনি জাতিলাও, অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ লাওটো। মন বেয়া নকৰিব।”

দিনৰ কাম কাজ শেষ কৰি সন্ধিয়া চাহ খাবলৈ সকলো বহিলত ভয়ন্ত মল্লই কথা এটা উলিয়ালে।

“২‍১ত আমি গাদী ল’ব পাৰিম নে নাই নাজানো কিন্তু তক্কৰটো মজ্জা হ’ব।” এই কথা শুনি চন্দ্ৰগ্ৰহণ ঘাটোৱাৰীয়েও হয়ভৰ দিলে। কিন্তু তোৰণ গগৈৰ উঠিল খং।

“কি ক’লা তুমি? এই তিনি হাজাৰ মাইল দূৰলৈ আহিও ৰাজনীতি। আন কথা নাই আৰু হে? মই কৈছোঁ‌ যে আমাৰ ৰাহু বাবা প্ৰধানমন্ত্ৰী হ’ব চাবা তুমি।” এই কথা শুনি পদুম পাৰ্টিৰ সকলো খিলখিলাই হাঁহি উঠিল। শৰ্মাই ক’লে,

“আপুনি এতিয়াও কমেডি বাদ দিয়া নাই মানে। ঠিকেই আছে। তেওঁ পি.এম. হ’লে মোৰ এটা ভাল হ’ব পিছে। ছ’ছিয়েল মিডিয়াত মই আটাইতকৈ বেছি গালি খাওঁ এতিয়া। মই ভাল প্ৰতিদ্বন্দ্বী এজন পাম তেতিয়া, বুইছে নে?”

পৰিস্থিতি পুনৰ বিষম হোৱাৰ আগতেই মাইকটো বাজি উঠিল:

“বিগ বছ চাহতে হে কি য়ে শ্ব’ ইছি ৱক্ট খটম হ’। হমে হামাৰি টি.আৰ.পি মিল ছুকি। আপল’গ জা চকতে হে। জয় আই অচম!”

☆ ★ ☆ ★ ☆

6 Comments

  • HEMANTA KAKATI

    হাঃ হাঃ ভাল লাগিল প্লটটো

    Reply
  • Tishna good Bora

    ??

    Reply
  • শৰৎ মহন্ত ।নগাঁও ।।

    মিছা কলে কি ডাল হব। হেঃ হেঃ হেঃ
    ভাল লাগিল ।।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷ এইসকল থাকিলে টি আৰ পি নাহিবনে?

    Reply
  • ইন্দ্ৰ মোহন বৰা

    বিগ বছো সাৰি নগল। বঢ়িয়া লাগিল।

    Reply
  • Sadananda Bhuyan

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *