অল্পবিদ্যা ভয়ংকৰী : নীতাশ্ৰী নেওগ
আগষ্ট মাহৰ উৎকট গৰমৰ দিন এটা। এ টি এম বুথ এটাৰ সন্মুখত শাৰী পাতি আছোঁ। কলেজলৈ ওলাই যাওঁতেই মায়ে এ টি এম কাৰ্ডটো দি পঠিয়াইছিল পইচা অলপ উলিয়াই আনিবলৈ। ঘৰলৈ সোমাই যোৱা ৰাস্তাটোৰ মুখতে এ টি এম বুথটো। ইমান গৰম, তাতে কলেজৰ পৰা আহিছোঁ। আকৌ ইয়াতো দীঘলীয়া শাৰী। উপায় নাই। এইটোতে মানুহ কম হ’ব বুলি গুছি আহিলোঁ। অৱশ্যে সেই গৰমত তিনিজন মানুহৰ শাৰীটোও দীঘলীয়া যেনেই লাগিব। ইয়াত আকৌ বাহিৰত মোৰে সৈতে সাতজন, ভিতৰতো আছে দুজন।
মই শাৰীটোত ৰোৱাৰ সময়তে ভিতৰৰ দুজন ওলাই আহিল আৰু সন্মুখৰ দুজন সোমাই গ’ল। এতিয়া মোৰ আগত দুজন ল’ৰা এগৰাকী ছোৱালী আৰু এগৰাকী অলপ বয়সীয়া মহিলা। মোৰ আকৌ য’তে ত’তে মানুহৰ কথা বাৰ্তা নিৰীক্ষণ কৰি কোন কাৰ মাহীয়েক পেহীয়েক উলিয়াই থকা স্বভাৱ। শাৰীটোত মোৰ আগত থকা চাৰিওজন যে একেলগেই আহিছে আৰু সম্পৰ্কীয় মানুহেই এক মিনিটতে গম পাই গ’লোঁ। ল’ৰা এজন আৰু ছোৱালীজনী মহিলাগৰাকীৰ ল’ৰা ছোৱালী। আনটো ল’ৰা ওচৰৰে কোনোবা বুলিও অনুমান কৰিলোঁ। পোন্ধৰ ষোল্ল বছৰমান বয়স হ’ব। তেঁওলোকে নিজৰ মাজতে কিবাকিবি পাতি আছে। দুই এটা শব্দ বুজিছোঁ, কোনোবাটো বুজা নাই। ভিতৰত সোমাই যোৱা মানুহকেইজনেও দেৰি কৰি আছে। কি বা কৰিছে! ইফালে ৰ’দে পুৰি পেলাও যেন কৰি আছে। মোৰ পিছতো আৰু দুজন মানুহ আহি ৰৈছেহি। সবৰে মুখত গৰমৰ কথা।
এনেতে ভিতৰত থকা মানুহদুজন ওলাই আহিল।
এজনে মুখখন বিকটাই ক’লে-
: এনেই এনেই ৰ’দত কষ্ট খালোঁ দেই। কাৰ্ডটো নল’লেই। মোৰ আগৰজনে আকৌ উলিয়াব পাৰিলে৷
মেচিনটো বেমাৰী। কেতিয়াবা ভাল কেতিয়াবা বেয়া৷
“মই উলিয়াব পাৰিলেই হয় আৰু” মনে মনে ভাবিলোঁ।
মোৰ আগত থকা চাৰিওজন একেলগে সোমাই গ’ল। বেগৰ পৰা পানীৰ বটলটো উলিয়াই দুঢোকমান খাই ল’লোঁ। কাৰ্ডটো উলিয়াই ল’লোঁ। পিনক’ডটোও মনত পেলাই ল’লোঁ।
ওচৰ পাঁজৰৰ এ টি এম ব্যৱহাৰ কৰিব নজনা মানুহকে ধৰি ঘৰৰ তিনিটাৰে ছটামান কাৰ্ড মই মাজে মাজে ব্যৱহাৰ কৰোঁ। পিনবোৰো মনত আছে কিন্তু কোনটো কাৰ মনত পেলাই ল’ব লগা হয়। মুখৰ ঘামখিনিও মছি আজৰি হৈ ল’লোঁ। মোৰ পিছৰ শাৰীটো লাহে লাহে দীঘলীয়া হৈ গৈ থাকিল। মানুহকেইজনে গালি দিবলৈ ধৰিলে-
: কি কৰি আছে গোটেইগাল সোমাই?
: জানেনে নাজানে?
: গৰমত সিজি গৈছোঁ, নোলাই নে কি?
: কোনোবা এজন সোমাই গৈ চোৱা হ’লে ভাল আছিল।
এইটোত সকলোৱে হয়ভৰ দিলে।
: ভণ্টি, তুমি সোমাই যোৱাচোন। নোলাবই নহ’লে।
প্ৰথম যিহেতু মই আছিলোঁ। মোকেই সোমাই যাবলৈ দিয়া হ’ল। সোমাই গৈ দেখিলো আটাইয়ে সমানে চেষ্টা চলাই আছে। এবাৰ এজনে, এবাৰ এজনে।
: মই কৰি দিও দিয়ক৷
মই ক’লোঁঁ৷
: পাৰিম৷
দেখাত অলপ ডাঙৰ যেন লগাজনে ক’লে।
: আপোনালোকে ইমান দেৰি কৰিছে, বাহিৰত মানুহখিনিৰ খং উঠিছে।
এইবাৰ মহিলাগৰাকীয়ে ল’ৰাটোক ক’লে,
: দি দে, তই জান বুলি লৈ আনিলোঁ, মিছামিছি ফুটনি মাৰ৷
লাজ পাই সি মোৰ হাতত কাৰ্ডটো তুলি দিলে।
মই কাৰ্ডটো স্বোৱাইপ কৰিলোঁ। ঠিকেই কাম কৰিছে।
:পিনটো টিপক৷
মই অলপ আঁতৰি দিলোঁ৷ মানুহগৰাকীয়ে কাগজ এখন মোলৈ আগবঢ়াই দিলে। চালোঁ। বহুত কেইটা সংখ্যাচোন। হয়তো একাউণ্ট নম্বৰ।
: এইটো নহয় বাইদেউ। পিনটো দিয়ক। চাৰিটা সংখ্যাৰ যে।
তেওঁলোকে ইটোৱে সিটোৰ মুখলে চালে।
: এইটোৱে।
এইবাৰ ছোৱালীজনীয়ে ক’লে।
: নহয় এইটো। বেংকত আপোনালোকক এটা নম্বৰ দিব। চিক্ৰেট নম্বৰ বুলি কয়যে। সেইটো লাগিব৷
চমুকৈ বুজাই ক’লোঁ নম্বৰটো ক’ত পাব। তেতিয়া নম্বৰ বেংকৰ পৰা আনিব লাগিছিল। তথাপি তেওঁলোকে মোৰ কথাত পতিয়ন যোৱা নাই।
: এইটোৱেই বেংকত দিছে।
কোনোবা এজনে ক’লে।
: চাঁও, এবাৰ মই চাঁও৷
চুবুৰীয়া যেন লগা ল’ৰাজনে মোৰ হাতৰ পৰা কাৰ্ডটো থপিয়াই নিয়াদি লৈ গ’ল। বুজিলোঁ। এওঁলোকক বুজাই লাভ নাই। তাতে মোক এখুদমান দেখিছে। কোনে শুনে টিপিকলি ছোৱালীৰ কথা। খং উঠিল মোৰ। তাতে মৰগৰমত কপালৰ ঘাম ডিঙিলৈকে বৈ গৈছে।
: ৰ’ব। মই আগতে উলিয়াই লওঁ। আপোনালোকে ইমান সময় লৈছে। এনেকৈ নহ’ব নহয়৷
অলপ দমত, গহীনত কথাষাৰ ক’লোঁ। সি আঁতৰি দিলে আৰু ইটো এ টি এমলৈকে যাওঁগৈ এনেধৰণে কথা পাতিবলৈ ধৰিলে। মই মোৰ কাৰ্ডখন স্বোৱাইপ কৰিলোঁ। তেতিয়া চিপ থকা কাৰ্ড নাছিল। মেছেজ আহিল “your ATM card is not properly inserted. Please reinsert…….”. আকৌ কৰিলো। “your ATM card is not properly…………” আকৌ একেই মেছেজ। এইটোৱেই বেমাৰ মেচিনটোৰ। কেতিয়াবা কাৰ্ডটো এক্সেপ্ত নকৰে। আকৌ এবাৰ চাওঁ বুলি উৰ্ণাখনেৰে কাৰ্ডটো মছি ল’ব খুজি তেঁওলোকলৈ চালোঁ। তেওঁলোকে কিবা গুণগুণাই পাতি আছে। মনে মনে ভাবিলোঁ। “মোৰ কথা নুশুন৷ থাক এই গৰমখনত এনেই এনেই”। কাৰ্ডটো আকৌ ইনচাৰ্ট কৰিলোঁ।
“your ATM card is not properly…………”
আজি নহ’ব মানে। এদিন এনেকৈ বিশ বাৰ মানৰ পিছত হৈছেগৈ। আজি ধৈৰ্য নাই আৰু মানুহো আছে বহুত। উভতিবলৈ লওঁতেই মানুহগৰাকীয়ে কেৰেচকৈ দুৱাৰখন খুলিলে। শাৰী পাতি তেওঁলোক ওলাই গ’ল।শেষত সেই ল’ৰাজন। যাবলৈ লৈ মোলৈ বেকাঁকৈ চালে। তাৰপাছত ভোৰভোৰাই কৈ গ’ল-
: নিজেই নোৱাৰে। লোকক শিকাবলৈ আহে।
☆ ★ ☆ ★ ☆
6:19 pm
হাঃ হাঃ
7:31 pm
হাঃ হাঃ… হয় দেই ।
8:12 pm
কিছু জমনি দেই!