ফটাঢোল

শকুনিৰ তিনপাট্টি- যোগেশ ভট্টাচাৰ্য্য

চাৰিওপিনে মানুহৰ হুলস্থুল। ভি আই পিৰ বাবে ৰখা আসনবোৰ ইতিমধ্যেই গ্ৰহণ কৰা হৈ গৈছিল। যি দুই এখন খালি আছিল সেইকেইখনো ৰুমাল, ফণী, লিপষ্টিক, চাধাৰ টেমা আদিয়ে গৰাকীৰ বাবে পহৰা দি আছিল। আসন নোপোৱাবোৰে বস্তা, প্লাষ্টিকৰ কাঁহী, মোজা আদি পাৰি লৈ মাটিত বহি গৈছিল। উদ্দেশ্য আছিল ‘ফটাঢোল মিট’ উপলক্ষে আয়োজন কৰা “মহাভাৰত” নাট প্ৰদৰ্শন।

কিন্তু পুৱা ন বজাত আৰম্ভ হ’বলগীয়া নাটখন চাৰে দহ বজালৈ আৰম্ভ নোহোৱাত ৰাইজৰ মাজত বিশৃংখলতাই দেখা দিলে। ঠিক দহ বাজি পয়ত্ৰিশ মিনিটত সভাপতি হেমন্ত কাকতিয়ে মঞ্চত থিয় হৈ ঘোষণা কৰিলে যে, মুম্বাইৰ পৰা আহিব লগীয়া নাট্যদলটিৰ আধাতকৈ বেছি কলা-কুশলীৰ বাছত জ্বলা চানা খাই পেট বেয়া হোৱাত তেওঁলোকে এই মূহুৰ্তলৈকে পাব্লিক টয়লেটৰ সম্মুখত এজন এৰি এজনকৈ লাইন পাতি আছে।

এই কথা শুনি ৰাইজ উত্তেজিত হ’বলৈ ধৰোঁতেই গণ বিদ্ৰোহ নিয়ন্ত্ৰণত সিদ্ধহস্ত হেমন্ত কাকতিয়ে ঘোষণা কৰিলে,

“আসন এৰি নাযাব ৰাইজ। আপোনালোকে ইমান দেৰি ধৈৰ্য ধৰি বহি আছে “মহাভাৰত”ৰ নাটকখন চাবলৈ। কোনো কোনোৱে ৰাতিপুৱাই ঘৰত সুদা ভাত একাঁহী কণীয়ে সৈতে খাই আহি ইয়াত মাত্ৰ লুচি চাৰিখনকৈ ঘূগুনি আলু ভাজিয়ে সৈতে খাই ভোকে-পিয়াঁহে বহি আছে। গতিকে আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমি ফটাঢোলৰ কাৰ্যবাহী সদস্যসকলে মিলিয়েই মহাভাৰতখন মঞ্চস্থ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি ভাওনা আকাৰে দেখুৱাবলৈ যত্ন কৰিম”।

লগে লগে ৰাইজৰ হাত চাপৰিৰে নাট্যমঞ্চ গুমগুমাই উঠিল। আনহাতে মঞ্চৰ পিছপিনে গ্ৰীণৰূমত কাৰ্যবাহী সদস্যসকলৰ কপালত ঘামৰ বুৰবুৰণি বিৰিঙিল। বিজয় মহন্তই হেমন্ত কাকতিক মঞ্চৰ পৰা প্ৰায় টানি নিয়াৰ দৰেই গ্ৰীণৰূম পোৱালেগৈ।

“কাকতি দা, কি ক’লে আপুনি এয়া? আপুনি মহাভাৰত নিজেই দেখি অহা মানুহ। আপুনি পাৰিব। পিচে আমিবোৰে টিভিতো গোটেই খণ্ডকেইটা ভালদৰে চোৱা নাই। শ্লোক কেনেকৈ মাতিম আমি?”

নীলাক্ষী কাকতিয়ে চকু পকাই ধৰিলে।

“ধেৎ, কাকতি দাই যি কৰিছে ভালেই কৰিছে। নহ’লে মানুহখিনিক কণ্ট্ৰল কৰিব পৰা নগ’লহেঁতেন।”

ৰিণ্টু দত্তই গহীনাই ক’লে।

সংস্কৃত ভাষাত মহাভাৰত পঢ়া কেইজন আছে ইয়াত? সবেই মুখকেইখন জুম কৰি কৰি দেখুওৱা চিৰিয়েল কেইখনেই চাইছে। বাকী ডাইলগ ‘অন স্পট’ যেনেকৈ পাৰোঁ কৈ দিম আমি। অলপ অচৰপ ভুল হ’লেও চলি যাব। শ্বৰ্ট কাট মাৰি দিম।

কথামতে কাম। ভাওনা আৰম্ভ হ’ল। লেডিজ পাৰ্টিক ৰন্ধা-বঢ়া আৰু অন্যান্য কামত লাগিবলৈ দি জেণ্টচ পাৰ্টি ওলাল ভাওনা কৰিবলৈ। দেবব্ৰতৰ বেশত ওলাল সঞ্জীৱ ভট্ট। বাপেক শান্তনুৰ বাবে সত্যৱতীক আনিবলৈ গৈ বিয়া নপতাৰ প্ৰতিজ্ঞা কৰি থৈ আহিল। শান্তনুৰ বেশত হেমন্ত কাকতিয়ে সুধিলে, “বাচা, বিয়া নকৰোৱাৰ সিদ্ধান্ত কিয় ল’লা তুমি?”

সঞ্জীৱ ভট্টই জানিছিল যে দেৱতা এজনে ঘৈণীয়েকৰ কথা শুনি বশিষ্ঠ মুনিৰ সুৰভি গাই হৰণ কৰাৰ বাবে মুনিয়ে দেৱতাজনক অভিশাপ দিছিল মানুহ হৈ জন্মিবলৈ, যাৰ পৰিণতিত দেৱব্ৰত তথা ভীষ্মৰ জন্ম হৈছিল। লগতে বিয়াৰ কথা শুনি অলপ আবেগিকও হৈ গৈছিল ভট্টদেৱ। তেওঁ ক’বলৈ ধৰিলে,

“জানা দেউতা, ঘৈণীৰ কথা শুনিয়েই দেৱতাৰ পৰা মানুহ হ’ব লগা হ’ল। আৰ মল্লিও বিয়া নাপতো। কি দিয়া নাছলু তিৰিটোক। যি লাগে চকু মুজলিয়ে হাতোত পৰে। তাৰ পিছোতো গাই গৰু এটা দেখি ৰ’বা নৰা হলাক। আৰ নৰু দে পিতি। তয়েই বিয়া পাত। মই নমস্কাৰ কৈচ্চু তোক”।

অদ্ভূত ডাইলগ শুনি হেমন্ত কাকতিয়ে ভাবিছিল যে দৰ্শকে জোতা দলিয়াব, কিন্তু ৰাইজে জাউৰিয়ে জাউৰিয়ে হাত চাপৰিহে বজালে। দুই এজন দৰ্শকৰ চকুত চকুপানী স্পষ্টকৈ দেখা গৈছিল। পৰ্দাৰ আঁৰৰ পৰা অভিজিত কলিতাই চকু টিপিয়াই ইংগিত দিলে, ডাইলগ বাদ দিয়ক, ৰাইজৰ আবেগ ধৰি ৰাখক।

নাট চলি থাকিল। যিয়ে যেনেকৈ পাৰে জোৰা টাপলি মাৰি ডাইলগ এৰি গৈ থাকিল। পঞ্চপাণ্ডৱ ওলাল। যুধিস্থিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱৰ ৰূপত ক্ৰমে অভিজিত কলিতা, ৰাম গোস্বামী, ৰিণ্টু দত্ত, পাৰ্থ শৰ্মা আৰু  চিম্পল কলিতা। সৰু সুৰা দৃশ্য কিবাকৈ মেনেজ কৰি দিলে। তাৰ পিছত আহিল পাশাখেলৰ দৃশ্য। এতিয়া ভাওনা যিহেতু পুৰুষেই কৰিব লাগিব, গ্ৰীণৰূমত হাঁহাকাৰ অৱস্থা হ’ল। দ্ৰৌপদীৰ ৰোল ল’ব নোখোজে কোনেও।

ইতিমধ্যে মঞ্চত পাশাখেল আৰম্ভ হ’ল। পাশাখেলটো কোনোৱে নাজানে! গতিকে তাচৰ পাতেৰে তিন পাট্টি লগাই দিলে। শকুনিৰ চৰিত্ৰ ল’লে বিজয় মহন্তই আৰু দুৰ্যোধন-দুঃশাসনৰ চৰিত্ৰ ল’লে দুই ভাগৱতীয়ে, মানে অলকেশ ভাগৱতী আৰু হিমাংশু ভাগৱতী‌। ফেচবুকত চুপাৰহিৰোৰ নিচিনাকৈ দপদপাই থকা ভাগৱতীদ্বয়ে প্ৰথমতে ভিলেইনৰ ৰোল ল’ব খোজা নাছিল যদিও তিন পাট্টিৰ নাম শুনি লগে লগে ৰাজী হ’ল।

খেল আৰম্ভ হ’ল। যুধিস্থিৰ কলিতাৰ কাৰ্ড কাটি শকুনি মহন্তই তিনিটা চাহেব পেলাই দিলে। আকৌ যুধিস্থিৰে বাজি লগাই কাৰ্ড পেলালে, আকৌ শকুনিয়ে কাটি দিলে। তেনেকে বাজি লগাওঁতে লগাওঁতে পাণ্ডৱৰ ৰাজ্য গ’ল, সৈন্য-সামন্ত গ’ল, সোণ ৰূপৰ মুদ্ৰা গ’ল। বাকী থাকিল পাঁচ ভাই আৰু দ্ৰৌপদী।

ইপিনে গ্ৰীণৰূমত দ্ৰৌপদীৰ ভাও ধৰিবলৈ হাতযোৰ কৰিও হেমন্ত কাকতিয়ে কাকো মান্তি কৰাব পৰা নাই। এপাকত নিজৰ ভাগৰ মাংস বাতিও দি দিম বুলি ক’ব ওলাইছিলেই। তাৰ পিছত মাংসতকৈ দ্ৰৌপদী ডাঙৰ নহয় বুলি ডাইলগ ফাঁকি মনতে ভাবি লৈ মঞ্চৰ পিছফালৰ গ্ৰীণৰূমৰ পৰ্দাৰে ভুমুকিয়াই  কৌৰৱ পাণ্ডৱক ফুচফুচাই ক’লে,

“খেল দীঘল কৰা। দ্ৰৌপদী এতিয়াও আনএভেইলেবল।”

এই কথা শুনি খেল দীঘল কৰিবলৈ অৰ্জুন দত্তই শকুনিক ক’লে, “মামাশ্ৰী, আপোনালোকে নিজে জনা খেল খেলি থাকিলে কেনেকৈ হ’ব? ৰামি খেলোঁ আহক। তাৰ পিছত দেখা যাব কোন কিমান পানীৰ মাছ।”

“হ’ব দে ভাগিন, কাৰ্ড বিলা”- শকুনি মহন্তই ক’লে।

“মামাশ্ৰী অলপ আৰাম কৰা, এইভাগি খেল আমিয়ে পাৰিম”-

এইবুলি দুৰ্যোধন আৰু দুঃশাসন ভাগৱতী খেলত বহিল। কিন্তু এইবাৰ খেল উল্টা হ’ল। পাণ্ডৱে ৰামিত জিকি গৈ গোটেই হেৰোৱা সম্পত্তি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল।

ইমান জবৰদস্ত খেল এখন দূৰৈৰ পৰা চাই থাকিব নোৱাৰি ভীষ্মৰূপী সঞ্জীৱ ভট্টই ক’লে,

“যদিও কৌৰৱে জুৱাখেল আয়োজন কৰি অধৰ্ম কৰিছে, তথাপি মই হস্তিনাপুৰৰ সিংহাসন ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। গতিকে কৌৰৱৰ হৈ ময়েই খেলিম। কলব্ৰীজ লগোৱা নাতিহঁত।”

এইবুলি ভীষ্ম ভট্ট বহি গ’ল তাচৰ মেহফিলত। দুয়োপাৰ্টি সমান সমান হ’ল। এবাৰ পাণ্ডৱ জিকে, এবাৰ কৌৰৱ। ৰামি, কলব্ৰীজ, হাজাৰি, টুৱেণ্টী নাইন সব খেলি গ’ল। দৰ্শকেও আসন এৰি মঞ্চত উঠি খেলৰ চাৰিওপিনে জুম বান্ধিলে।

“ৰিণ্টু দা ৰাণী ৰাখি দিয়ক, এতিয়াই নামাৰিব।”

এজন দৰ্শকে কাৰ্ড চাই ক’লে।

“সঞ্জীৱ দা, ক’লাপান গোলাম মাৰক, সিহঁতৰ ডাঙৰ কাৰ্ড নাই।”

আন এজনে সেই চাইদে ক’লে।

লগে লগে সকলো দৰ্শক এক্টিভেট হৈ গ’ল:

: চিৰট্টনৰ মেমটো মাৰক।

: ৰোহিট্টনৰ কিং মাৰক।

: ইটা মাৰক।

: ধেৎ ৰোহিট্টন সেইটো। ডাইমণ্ড, ডাইমণ্ড।

: একেই কথা দিয়ক। আমি ইটা কওঁ।

: দাদা, ইস্কাপন কালাৰ বনাওক, জিকিবই।

: স্পেড বনাওক।

: একেই কথা ভাই। নাম বেলেগ বেলেগ।

: ক’লাপানৰ চাহেব বিবি গোলাম। এহ ফালি দিয়ক এইবাৰ।

ইতিমধ্যে হেমন্ত দাই দ্ৰৌপদীৰ ৰোল কৰিবলৈ এজনক মান্তি কৰালে দুবাটি মাংস দিয়াৰ প্ৰতিশ্ৰুতিৰে। পৰ্দাৰ ফাঁকেৰে ইংগিত দিলে শকুনি মহন্তক,

“খেল শেষ কৰা, দ্ৰৌপদী ৰেডি।”- লগে লগে কাগজত লিখি থোৱা পইণ্ট গণ্টি কৰি শকুনিয়ে ক’লে,

“পাণ্ডৱ ভাঞ্জাসকল, তোমালোকে হাৰিছা খেলখন। আৰু খেলিব নোৱাৰিবা। দ্ৰৌপদীক মাতা।”

লগে লগে চাৰিওপিনে জুম বান্ধি থকা দৰ্শকৰ মাজৰ পৰা কেইবাজনেও চিঞৰি উঠিল,

“বাদ দিয়ক দ্ৰৌপদী, খেল জমি আছে, খেলি থাকক।”

দৰ্শকৰ উৎসাহ দেখি ভীষ্ম ভট্টই পেলাই দিলে হাৰ্টৰ ৰাণী।

লগে লগে খেল চাই থকা দৰ্শক এজনে চিঞৰি উঠিল,

“ৰিণ্টুদা, এয়াই চাঞ্চ। মাৰি দিয়ক টেক্কা।”

            ……….          ……….          ……….

আমি ভাত পানী খাই বৈ সন্ধিয়া সকলোকে মাত লগাই ঘৰমুৱা হ’লোঁ। খেল কিন্তু চলি থাকিল।

☆ ★ ☆ ★ ☆

16 Comments

  • Rimjhim Borthakur

    মজা লাগিল। কাকতি দা চবতে মেনেজ মাষ্টাৰ।

    Reply
  • বঢ়িয়া দেই ৷

    Reply
  • শৰৎ মহন্ত ।।নগাঁও ।।

    বেছ জমনি হৈছে।।
    ভাল লাগিল ।।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    তামাম জমনি৷ কিন্তু মাংসতকৈ দ্ৰৌপদী ডাঙৰ নহয়৷

    Reply
  • HEMANTA KAKATI

    ধেত তেৰী, তামাম হে, দ্ৰৌপদীজনীৰ নামটো মেনচনাব লাগিছিল কিন্তু৷

    Reply
  • Bornali S Mudoi

    হা হা বহুত ভাল লাগিল

    Reply
  • সঞ্জীৱ।

    মাংসতকৈ দ্ৰৌপদী ডাঙৰ নহয়।মানুহ মাৰি দিবা দেই।তামাম লিখিছা।

    Reply
  • rintumoni dutta

    বঢ়িয়া লাগিল দেই।

    বাই দ্য ৱে, দ্ৰৌপদী শেষত কোন হ’ল জানিব মন থাকিল

    Reply
  • Sadananda Bhuyan

    মজা, ফটাঢোলৰ মহাভাৰত ।

    Reply
  • হিমাংশু

    তামাম

    Reply
  • Deepjyoti Handique

    ????এইখন মহাভাৰত আৰু লাগে। এই মজা হৈছে।

    Reply
  • তামাম হৈছে এইখন মহাভাৰত! পিচে আৰু অলপ দীঘলকৈ পঢ়িবলৈ মন থাকিল৷ সংযোগ স্থাপনবোৰ যে ইমান নিখুঁত৷ চুপাৰ্ব৷

    Reply
  • arup das

    দৰ্শকৰ ডাইলগখিনি মিলি গৈছে।।। বঢ়িয়া লাগিল।। মহাভাৰত চাই?

    Reply
  • নীলাক্ষি দেৱী ডেকা

    ইমানযে ভাল লাগিল এইখন মহাভাৰত পঢ়ি। ফালি দিছে হে! বাগৰি বাগৰি হাঁহিছো। ইয়াৰ পৰৱৰ্তী খণ্ডও লাগে সোনকালে।

    Reply
  • Dhurjjati

    তামাম

    Reply
  • দীক্ষিতা

    অকল এটা কাহিনীৰে নহ’ব দেই, আমি গোটেইখন মহাভাৰত চাম।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *