ফটাঢোল

তুম বিন- বাগ্মিতা ৰাজখোৱা বৰকাকতি(বাৰ্বী)

ঘটনাতো মই দশম শ্ৰেণীত পঢ়ি থকা সময়ৰে। স্কুল তিনি বজাত ছুটী হয় আৰু স্কুলৰ পৰা আহিয়েই নাকে মুখে ভাতকেইটা গুজি চাৰি বজাত অংকৰ টিউচন কৰিবলৈ যাওঁ৷ আমাৰ টিউচন দুমাহমান যাওঁতেই গ্রুপটোত নতুনকৈ ল’ৰা এজন আহিল৷ কথা-বতৰা পাতি গম পালোঁ সিহঁত এনেই শিৱসাগৰৰ যদিও দেউতাকৰ পুলিচৰ চাকৰি আৰু ট্ৰেন্সফাৰ হৈ নতুনকৈ আমাৰফালে আহিছে৷ ল’ৰাটো দেখাই শুনাই, ৰঙে-বৰণে বৰ আকৰ্ষণীয় আছিল।

সেইটো বছৰতে ‘তুম বিন’ চিনেমাখন ৰিলিজ হৈছিল আৰু তাৰ টাইটেল চং “তুম বিন জিয়া জায়ে কেইছে.. কেইছে জিয়া জায়ে তুম বিন …”টো খুব জনপ্ৰিয় হৈছিল। সকলোতকৈ ভাললগা কথাটো আছিল সিও মোক দেখিলে সেইটো গানকে গুণগুণাই থাকিছিল। ল’ৰাটোৰ চকুদুটা আৰু বডী লেংগুৱেজটোও কিবা ভাললগা দুষ্টামিৰে ভৰা ধৰণৰ আছিল। লাহে লাহে মন কৰিলোঁ‌ সি যেন মোক অলপ ফ’লো কৰে৷ টিউচনত পিৰিক পাৰাককৈ চাই থাকে, মই চালেই চকুৱে চকুৱে পৰে আৰু ধৰা পৰিলেই সি দুষ্টালিভৰা হাঁহি এটা মাৰি দিয়ে৷ লাহে লাহে তাৰ কাৰবাৰবোৰ গ্ৰুপটোৰ বাকী লগৰ তিনিজনীয়েও গম পোৱা হ’ল। টিউচনৰ পৰা ওলাই মই যাব লাগে সোঁফালে সি তাৰ ঘৰলৈ যাব লাগে বাওঁফালে। তথাপি সি প্ৰায়েই মোৰ পিছে পিছে লাহে লাহে চাইকেল চলাই আহি চাৰিআলি এটাৰ পৰা আকৌ উভতি যায়। ৰাস্তাত চাইকেলৰ চেইন পেলাই, চেইন ভাল কৰাৰ অভিনয় কৰে। ভালেই লাগে বাৰু কাৰবাৰবোৰ৷ কথা-বতৰাও পতা হ’লোঁ‌। লগৰকেইজনীৰ পৰা গম পালোঁ‌ সি হেনো মোৰ প্ৰেমত পৰিছে। লগৰকেইজনীৰ আগত প্ৰ’প’জেল দি পঠিয়াইছে মই একচেপ্ত কৰি ল’ব লাগে৷

এইখিনলৈকে বাকী সকলো ঠিকেই আছিল কিন্তু সমস্যাটো হ’ল সেই সময়ত মোৰ প্ৰেমিক আছিল আৰু তেওঁ গুৱাহাটীত পঢ়ি আছিল৷ আজিকালিৰ দৰে মোবাইল ফোন নাছিল বাবে প্ৰেমিক থাকিলেও নথকাৰ দৰেই আছিল, কোনেও গম নাপায়।  ইফালে ইয়াৰ কাণ্ড-কাৰখানাবোৰে মোক আমোদ দিয়াৰ উপৰিও তাৰ প্ৰতি কিবা এটা মৰমো জগাই তুলিছিল। উপায় নাই, প্ৰেমিক এজন ওচৰতে পাইছোঁ‌ মনটো কিবা ভাল ভাল লাগি থকা হ’ল, চাবলৈ গ’লে মোৰো প্ৰেমভাৱেই জাগিছিল অকণমান। ইফালে লগৰকেইজনীও কম নহয়, সিহঁতে জানেই মোৰ প্ৰেমিক আছে বুলি তথাপিও তাৰ প্ৰতি মোক ম’টিভেট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সিহঁতে আমাক দেখিলেই ‘তুম বিন’ গানটো গাই গাই জোকোৱা হ’ল৷ ইফালে সি সিহঁতকেইজনীক চকলেট নাইবা সৰু সৰু কিবা বস্তুও দিয়ে তেল মাৰিবলৈ৷ তাৰ কামোৰত লগৰ কেইজনীয়ে মোক প্ৰ’প’জেল একচেপ্ত কৰিবলৈ জোৰ দিয়া আৰম্ভ কৰিলে৷ এতিয়া মোৰো মন গ’লেও উপায় নাই মোৰ এজন প্ৰেমিক আছে, তাকো  বপুৰা এলেপেচা নহয়। গম পালে গালত দহটা আঙুলিৰ সাঁচ বহুৱাই দিব।

ইফালে মোৰ চতুৰ বান্ধৱীহঁ‌তে উপায়ো দিলে বোলে  ইয়াক একচেপ্ত কৰি ল’, সি বাহিৰত থাকে কেনেকৈনো গম পাব৷ এনেও ই ইয়াত ইমানদিন নাথাকে। দুবছৰৰ পাছত বাপেকৰ ট্ৰান্সফাৰ হৈ যাব, ক’ত যায় একো ঠিক নাই৷ আইদিয়াতো বৰ এটা সৎ যেন নেলাগিলেও বেয়াও লগা নাছিল। ই ইয়াত থাকিব, সি তাত৷ তাতে মোবাইল নাই বাবে সঘনে যোগাযোগ নহৈছিল কিবা গম পাবলৈ বা কোনোবাই কথা লগাবলৈ৷ নিজৰ জেগাত বয়ফ্ৰেইণ্ড এটা থাকিলে বেয়া নেলাগিব বাৰু! মুঠতে মোৰ মনত অলেখ ভাৱৰ বুৰবুৰণি উঠিল৷

এদিন সেই নিৰ্দিষ্ট দিনটো আহিল। সি বেলেগৰ হাতত নহয়, পূৰা সন্মুখৰ পৰা আহি প্ৰপ’জ দিলেহি৷ চাইকেলখন ষ্টাণ্ট মৰাৰ দৰে বেঁকা কৰি ৰখাই, চুলিবোৰ হাতেৰে পিছফালে বুলাই আহি, একদম চিনেমাৰ  হিৰ’ মাফিক প্ৰপ’জ! দেখি কিবা এটা যেন ভালো লাগি গ’ল৷ ৰিপ্লাইত লগে লগে হা অথবা না কি বুলিনো ক’ম ভাবি থতমত খালোঁ। তাক ক’লো যে আজি ৰাতিটো চিন্তা কৰি কাইলৈ ক’ম৷ সিও উত্তৰ পজিটিভ হ’ব বুলি ভাবি ফূৰ্তিতে হাত এৰি চাইকেল চলাই চলাই গুচি গ’ল৷ ঘৰ আহি বহুত ভাবিলোঁ‌ কি কৰা যায়! এফালে মোৰ প্ৰেমিকে গম পালে দুখ পাব, খং কৰিব বুলি চিন্তা আনফালে সন্মুখত চিনেমাৰ হিৰ’হেন প্ৰেমিক। কাক এৰোঁ‌ কাক ধৰোঁ‌! মুঠতে একোকে ঠিক কৰিব পৰা নাই। কেতিয়াযে ৰাতিপুৱাব, কেতিয়া স্কুলত গৈ লগৰকেইজনীৰ লগত আলোচনা কৰিম কথাবোৰ তাকে ভাবি গুণি ৰাতিটো পাৰ কৰিলোঁ। স্কুলত লগৰ এজনীয়ে বোলে, “তই টাইম পাছৰ কাৰণে তাক ইয়েছ কৈ দে না…কিনো হ’ব?”

গোটেইকেইজনীৰ মতামত লৈ শেষত এটা উত্তৰ দিম বুলি সিদ্ধান্ত ল’লোঁ‌। স্কুল ছুটীৰ পিছত বুকুত তীব্ৰ উত্তেজনাৰ আমেজ লৈ টিউচনলৈ ওলালোঁ। গৈ পাইছোঁ বাহিৰত সি চাইকেল ৰখাই একেবাৰে হিৰ’ টাইপ উৎকণ্ঠাৰে মোলৈকে বুলি বাট চাই আছে৷ লাহেকৈ মই তাৰ ওচৰলৈ গৈ ক’লোঁ‌ “চোৱা মোৰ এজন বয়ফ্ৰেইণ্ড আছে, সি ইয়াত নাথাকে। তথাপি তোমাক মোৰ ভাল লাগিছে৷ গতিকে মই তোমাৰ প্ৰপ’জেল একচেপ্ত কৰিম কিন্তু অকল ‘টাইম পাছ’ বয়ফ্ৰেইণ্ড হিচাপেহে৷ যদি হয় তুমি মোৰ টাইম পাছ বয়ফ্ৰেইণ্ড হিচাপে থাকিব পাৰিবা৷ মেইন কিন্তু সিয়ে থাকিব৷”

মইও যে কি বুৰ্ব্বক  আছিলোঁ! ইমান ভাল অফাৰ দিয়াৰ পাছত মই ভাবিছিলোঁ‌, তাৰ মন চন ভাল লাগি যাব৷ কিন্তু তাৰ সলনি সি মোৰ মুখলৈ বৰ দুখেৰে চাই গুচি গ’ল৷ মুখখন দিলৱালে দুলহনীয়াৰ শ্বাহৰুখৰ পৰা দেৱদাসৰ শ্বাহৰুখৰ দৰে হৈ গ’ল৷ বেচেৰাই বেজাৰতে দুদিনমান টিউচনলৈ অহা বাদ দিলে। মোৰো অলপ দুঃখ লাগিল। ইয়াৰ পাছৰ পৰা মোক দেখিলে সি জোৰে জোৰেহে চাইকেল চলোৱা হ’ল৷ বুজিলোঁ‌ আৰু সি টাইম পাছ নহয় হ’লে পিউৰ আৰু ফুল টাইম বয়ফ্ৰেইণ্ডহে হ’ব৷ সেই প্ৰেমৰ কলি তাতে মৰহি গ’ল যদিও পিছলৈ সি সহজ হ’বলৈ ধৰিলে আৰু সিহঁত আমাৰ ঠাইখনত থকা বছৰটোত আমি বন্ধু হৈ থাকিলোঁ। এতিয়াও কেতিয়াবা ‘তুম বিন’ গানটো শুনিলে মোৰ তালৈ বৰ মনত পৰে।

☆ ★ ☆ ★ ☆

28 Comments

  • বৰ্ণালী

    আয়ঐ দেহি বেচেৰাটো ।লগ পাইছানে পাছত আকৌ কেতিয়াবা ?

    Reply
    • Barbie Punnag

      নাই ৰে, সি ৰাজ্যৰ ইটো মূৰত মই ইটো মূৰত আৰু….অৱশ্যে নাম মাৰি মাৰি ফেবু একাউণ্ট আছে নেকি বিচাৰি ছাইছিলো? আছে যদিও কোনটো চিনিয়ে নাপাম নহয়

      Reply
      • মুনমুন

        ইছছ্ ৰাম, বৰ দুখ লাগিল দেই সেইজনলৈ।

        Reply
  • Dhurjjati

    মই হোৱা হলে টাইম পাছ অফাৰ গ্ৰহণ কৰিলো হয়?

    Reply
  • Richa Rajkhowa Nath

    মোৰ মনত নাই।আগতে নকলি।এতিয়া নামটো ক

    Reply
    • Barbie Punnag

      অমৰ চেতিয়া, হায়াৰ চেকেণ্ডাৰীত নাম লগাইছিল। ভাৰতীবা ভিনদেউৰ তাত একেলগে টিউচন কৰিছিলোঁ??

      Reply
  • Anonymous

    মানে প্ৰেম কৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা হে?

    Reply
  • Lakhya Borthakur

    মানে প্ৰেম কৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা হে?

    Reply
    • Barbie Punnag

      হাঃ হাঃ…এইট নাইন মানৰ পৰা আৰম্ভ কৰিছিলোঁ চাৰ

      Reply
  • তুম বিন

    তামাম

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা জমনি দেই।

    Reply
  • Tishna good Bora

    বেচেৰা

    Reply
  • HEMANTA KAKATI

    হেঃ হেঃ, সি চিৰিয়াচ আছিল৷ ভালেই গ’ল৷

    Reply
  • abhijit goswami

    চলি তো সঁচাই ভাল চলি আছিল দেও।

    Reply
    • Barbie Punnag

      হয় পাই..বৰ ভাল লৰা আছিল ??

      Reply
  • ডলী

    বাপৰে! ক্লাছ টেনতে তামাম পেৰেম?

    Reply
  • ৰিমঝিম ৰিমা

    তুম বিন বঢ়িয়া ??

    Reply
  • দিম্পল

    আয়ু ফেচবুকত বিচাৰে মানে। অলপ প্ৰেম আছিল মনত

    Reply
  • Manash

    বেচেৰা তোলৈ বেয়াই লাগিছে?

    যি হল ভালেই হল?

    Reply
  • অনুৰূপ

    গুৱাহাটীৰ জনে পাছত গম পালে নে নাই পিছে টাইম পাছ জনৰ কথা?

    Reply
  • ইন্দ্ৰ মোহন বৰা

    অ’ ছোৱালী… টেনতেই!!!
    পঢ়ি ভাল লাগিল পিছে।

    Reply
  • দীক্ষিতা

    আপুনিও সেইটো সাংঘাতিক অফাৰ দিলে দেই। টাইম পাছ হৈ থকাৰ। জুনিয়ৰ কলেজত পঢ়ি থাকোঁতে এজনী চিনিয়ৰ পাইছিলোঁ, অফ ক্লাছত প্ৰায়ে নিজৰ প্ৰেম কাহিনী শুনাই। তাইৰ মুখতে প্ৰথম শুনিছিলোঁ এই চিষ্টেমটো এটা মেইন বয়ফ্ৰেণ্ড চিৰিয়েলৰ হিৰ’, গুৱাহাটীত থাকে। গতিকে এটা আছে ঘৰৰ ওচৰৰ। হোষ্টেলত থাকি পঢ়িছিল, গতিকে এটা ক্লাছলৈ অনা নিয়া কৰিবলৈ, এটা বাহিৰলৈ ওলাই কৰি যাবলৈ। মনত পৰি গ’ল বা-জনীলৈ।

    Reply
  • Sadananda Bhuyan

    আই ঐ দেহি, বৰ দুখ লাগি গ’ল ।

    Reply
  • দীপ বৰা

    টাইম পাছ, ?? ।লিখনি??

    Reply
  • Kalyan Bora

    দৰ্দভৰী দাস্তান?

    Reply
  • Jogesh

    স্পষ্টবাদিতা ভাল লাগিল ।

    Reply
  • ৱাহ ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    যি কম সঁচা কম টাইপৰ উত্তৰ মানে? বাপৰে!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *