ফটাঢোল

লিমাৰিক : মামণি দাস

১)
মূধচত ক’লা কাউৰীৰ‌ কা-কা
আয়ে বোলে অমংগলৰ লক্ষণ, যা যা
কাউৰীৰ তীক্ষ্ণ চকু
আইৰ বিদ্ধ বুকু
কাউৰীয়ে বোলে ঘৰত সৌৱা জুই লাগিছে চা

 

২)
তেজ লগা হাতত সূৰ্যৰ পোহৰ পৰিল
যেন ৰঙা নদী এখন জিলিকি উঠিল
বিভীষিকা ক’ত নাই
সকলোৱে দেখোন মুখলৈ চায়
দেশ এখন ৰুটিৰ দৰে সেমেকি উঠিল

 

৩)
ঘাঁ এটুকুৰা চেকচেকাই যায়
মলমে বোলে মোৰ তাত একো কাম নাই
ভাবিবলৈ কথা নাথাকে
শলা মৰা মনটো জিনজিনাই থাকে
গতিশীল সময় বিভ্ৰান্ত নিয়মত মেৰপাক খায়

 

৪)
ইমান কবি লাগিছে ফেচবুকে ফেচবুকে
এহালিছা মাটিতে বহলকৈ বজাৰ বহিছে
সাৰো নাই
পানীও নাই
অনলাইন কবি-গ্ৰাহকৰ দৰাদৰি চলিছে

 

৫)
মানুহ এজাক মেঘৰ দৰে গৰজি থাকিল
দেশখন নদী হৈ শুকাই থাকিল
গৰ্জনৰ উদ্দাম
নাই ক’তো বিশ্ৰাম
মেঘবোৰে নদীখনকে পহৰা দি থাকিল।

☆ ★ ☆ ★ ☆

2 Comments

  • শৰৎ মহন্ত ।নগাঁও ।।

    ভাল পালো পঢ়ি।

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *