অপাৰেচন_হৰ্ণবিল- হেমন্ত কাকতি
পঞ্চাশোৰ্ধৰ জীৱনটো বৰ সুন্দৰকৈ উপভোগ কৰি আছিলোঁ৷ ধন, সম্পত্তি, মান, মৰ্যদা সকলো উভৈনদী হৈ পৰিছিল৷ ভগবানক অশেষ ধন্যবাদ দিছিলোঁ জীৱনটো ইমান সুন্দৰকৈ চলাই নিয়াৰ বাবে৷ সামৰ্থ অনুসাৰে দান পূণ্য কৰাতো কোনোদিন কাৰ্পণ্য কৰা নাছিলোঁ৷ কিন্তু সকলো সুখ, সকলো ভাল বস্তুৰে এদিন অন্ত আহে বুলি কয় যে – মোৰ জীৱনলৈও কাল ধুমুহাৰ ৰূপত নামি আহিছিল এটা ধূৰ্ত মানুহ৷ ধূৰ্ত মানুহ বুলি ক’লে ন্যায় নহ’ব৷ এটা ধূৰ্ত শিয়াল৷ তাৰ নাম আছিল অলকেশ ভাগৱতী! কাহিনীটো অলপ ধৈৰ্যৰে শুনক!
*****
হেমন্ত কাকতি মানে মই আছিলোঁ এজন সাধাৰণ যদিও সাত্বিক মানুহ৷ পিতৃ মাতৃৰ জীৱনৰ পাকচক্ৰত পৰি মই অসমত জন্ম নহ’লেও হাড়ে হিমজুৱে অসমৰ বায়ু পানী হজম কৰি আৰু অসমীয়া ভাষা হৃদয়ঙ্গম কৰি হোৱা এজন খাটি অসমীয়া মানুহ৷ জীৱনত যিটো ভাল বুলি ভাবিছিলোঁ, তাকেই কৰি জীৱনটো উপভোগ কৰিলোঁ৷ তাকে ব্যৱসায় হিচাবে ল’লোঁ৷ অতি কম সময়ৰ ভিতৰতে দোপত-দোপে উন্নতিৰ জখলা বগাই সকলোৰে ইৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিলোঁ৷ এই হিংসাৰ চিকাৰ হৈয়ে জীৱনত বিশ বছৰ বয়সতে জেইল খাটিব লগীয়াত পৰিছিলোঁ৷ তথাপিও বিশেষ সমস্যা হোৱা নাছিল৷ অত্যন্ত সাহসী আৰু আত্মবিশ্বাসী হোৱা বাবে জেইলৰ পৰা ওলাইও থমকি নৰৈ পুনৰ ব্যৱসায়ত মনোযোগ দিলোঁ৷
সাহিত্য, সংস্কৃতি, ক্ৰীড়া এইবোৰ বিষয়তো আছিল মোৰ গভীৰ ৰাপ৷ লাহে লাহে মোৰ প্ৰতিভাই সকলো দিশৰ ব্যৱস্থাপনাত আগস্থান পোৱা হ’ল৷ জীৱন দৰ্শন আৰু অসমৰ ইতিহাস আছিল মোৰ অতিকৈ ভাল লগা বিষয়বস্তু৷ আজৰি সময়ত মোৰ অভিজ্ঞতাবোৰৰ ওপৰত দুই চাৰিখন কিতাপো লিখি উলিয়ালোঁ৷ মোৰ কিতাপৰ গৱেষণাৰ বাবে ৰাজনৈতিক কিছু ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ পিছত মোৰ জ্ঞানৰ গভীৰতাৰ লগতে ব্যৱসায়ৰো পৰোক্ষ ভাবে সহায়ক হ’ব ধৰিলে৷ মোৰ ব্যৱসায়ৰ প্ৰায় সকলোখিনিয়ে আছিল ‘কেচ ট্ৰানজেকচন’৷ বহুত ক্ষেত্ৰত ‘এডভান্স পেইমেণ্টো’ হৈছিল৷ গতিকে জীৱনৰ লাগতিয়াল সকলো বস্তুৰে অভাৱ পূৰণ কৰিবলৈ সমৰ্থ হৈছিলোঁ৷ বহু গ্ৰাহক ৰাজনৈতিক ব্যক্তি হোৱা বাবে সুৰক্ষিত অনুভৱ কৰি মোৰ অলপ অহংকাৰ নোহোৱা নহয়, পিচে সেয়া তেনেই সাধাৰণ কথা বুলিয়ে ধৰি লৈছিলোঁ৷ ভাল ব্যৱসায় কৰি “কোৱালিটি” আৰু “কাষ্টমাৰ চেটিছফেকচন” ৰ ওপৰত কাঢ়া নজৰ ৰাখিলে ব্যৱসায় যে কেতিয়াও নুডুবে সেয়া মেনেজমেণ্টৰ ডিগ্ৰী নেথাকিলেও মই বুজিছিলোঁ৷
মোৰ কামৰ সহযোগী হৈ পৰিছিল সমাজৰ বহু গণ্য-মান্য লোক৷ মোৰ কামৰ সোঁহাত স্বৰূপ হৈ পৰিছিল এজন চটফটীয়া ডেকা ল’ৰা৷ নাম আছিল সঞ্জীৱ কুমাৰ ভট্ট৷ সবেই তাক সঞ্জুবাবা বুলিয়েই জানিছিল৷ একদম হিচাপৰ ল’ৰা আছিল৷ কামক পৰম ধৰ্ম জ্ঞান কৰিছিল৷ টকা পইচাৰ লেনদেনতো একদম ‘ক্লীন’ আছিল সি৷ কেতিয়াবা ক্লায়েণ্টে পইচা দিয়াত খেলি মেলি কৰিলে চলেবলে-কৌশলে সূত সমূদাই আদায় কৰি অনাতো সি পাকৈত আছিল৷ মোৰ ব্যৱসায়ত মহিলাৰ বৰঙণিও আছিল উল্লেখযোগ্য৷ এগৰাকী বিশ্বস্ত আৰু মেনেজ মাষ্টাৰ আছিল মোৰ অন্যতম এগৰাকী সহযোগী বাৰ্বী ৰাজখোৱা৷ এসময়ত এই দুজনৰ ওপৰত লোকেল বিজনেচৰ সমস্ত দায়িত্ব অৰ্পণ কৰি মই বিদেশতো মোৰ সাম্ৰাজ্য বহলোৱাৰ পৰিকল্পনা কৰিছিলোঁ৷
লাহে লাহে মানুহৰ টকা পইচা বৃদ্ধি হোৱাত অসমতো বিদেশী ‘সামগ্ৰী’ৰ চাহিদা বৃদ্ধি পাইছিল৷ সেয়ে ইজৰাইল, ৰাছিয়া, লেটিন আমেৰিকা, থাইলেণ্ড আদি দেশৰ পৰা কিছু বিদেশী ‘সামগ্ৰী’ আমদানি কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিক্ৰি কৰি সৎ পন্থাৰে ধন ঘটাৰ পৰামৰ্শ মোৰ কেবাজনো হিতাকাংক্ষীয়ে দিছিল৷ এক্সপ’ৰ্ট-ইমপ’ৰ্টৰ ব্যৱসায় এনেই বহুত ৰিস্কি, তাতে ইমিগ্ৰেচন পইণ্টবোৰত যথেষ্ট বাধাৰ সন্মুখীন হ’ব লগা হয়৷ কিন্তু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ লগত হাত থকা কিছু লোকে অসমীয়া মানুহ ওপৰলৈ উঠক বুলিয়েই চাগে সহায় কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল৷ এই ক্ষেত্ৰত মোৰ একান্ত বিশ্বাসী চৰকাৰী অফিচাৰ হিমাংশু ৰাজখোৱা, অভিজিত কলিতা, আদিত্য বৰঠাকুৰ আদিয়ে লাগ বুলিলেই সহায়ৰ হাত আগবঢ়োৱাৰ কথা জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম৷ কেতিয়াবা বেছি উদাস ভাব মনলৈ আহিলে পাৰ্থসাৰথি শ্ৰীকৃষ্ণই অৰ্জুনক কৰাৰ দৰে ভাতৃপ্ৰতিম ৰিণ্টুমণি দত্তইও এইক্ষেত্ৰত যথেষ্ঠ উৎসাহিত কৰি মটিভেচনেল ভিদিঅ’ কিছুমানেৰে মোক পুনৰ গ্ৰাহকৰ সেৱাত ব্ৰতী হ’বলৈ উৎসাহিত কৰিছিল৷ দামী সামগ্ৰী আনি লোকচানৰ সন্মুখীন হ’ম বুলি অলপ ভয় খালেও লাহে লাহে সেই ভয় আঁতৰ হৈছিল৷ ৰিণ্টুমণি দত্তৰ এষাৰ কথাই মোক বহুত অনুপ্ৰাণিত কৰিছিল৷ সি কৈছিল- “দাদা থিংক বিগ! স্কাই ইজ আৱাৰ লিমিট!” বচ, তাৰ পিছত মনত সাহস বান্ধি দোপত দোপে আগুৱাই গৈছিলোঁ, পিছলৈ ঘূৰি চাব লগা নহৈছিল৷
“ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি” বুলি কয় যে, মোৰ ক্ষেত্ৰটো কণা বিধিয়ে অলকেশ ভাগৱতী নামৰ পাষণ্ডটোক কোন জনমৰ প্ৰতিশোধ ল’বৰ বাবে জানো পঠিয়াইছিল নেজানো৷ কিন্তু এদেও দুদেও কৈ সি মোৰ ঘটি লোটা লৈ লৈ অৱশেষত ঘৰৰ ভেটিও উছন কৰিবলৈ উদ্যত হৈ পৰিল৷
মোৰ জীৱনলৈ ধুমকেতুৰ দৰে আৱিৰ্ভাৱ হোৱা অলকেশ ভাগৱতী বোলা তিয়াল্লিছ বছৰীয়া যুৱকজনে গুৱাহাটীৰ পৰা এটা ৱেব নিউজৰ পৰ্টেল চলায়৷ খুব কম সময়ৰ ভিতৰতে কিছু ব্ৰেকিং নিউজেৰে অসমত নিজৰ এটা ব্ৰেণ্ড বনাবলৈ সক্ষম হৈছে৷ সিও ব্যৱসায় কৰক, তাত মোৰ ক’বলগীয়া নাছিল, কিন্তু লোকৰ ব্যৱসায়ৰ ওপৰত ফেক নিউজ প্ৰচাৰ কৰি মোক যথেষ্ঠ হাৰাশাস্তি দি আহিছিল৷ তাক ফেক নিউজ প্ৰচাৰ কৰাৰ বাবে আইনী ধমকি দিও সৈমান কৰিব পৰা নাছিলোঁ৷ একমাত্ৰ তাৰ চেনেলটোৱে মোক ভিলেইন সজোৱাত কিয় ইমান উঠি পৰি লাগিছিল নেজানো, কিন্তু মিছা কথাবোৰক সদায় কৈ থাকিলে যে পাবলিকে সঁচা বুলি ভাবি মোৰ ভাৱমূৰ্তি যে নষ্ট কৰিব তাকে লৈ মই যথেষ্ঠ সন্দিহান হৈ পৰিছিলোঁ৷ বহুত সৎ ব্যৱসায়ীয়ে বাধ্যত পৰি অসৎ উপায় অৱলম্বন কৰি সাংবাদিকক মেনেজ কৰাৰ দৰে গৰ্হিত কাম কৰিবলৈ এই ভাগৱতীয়ে মোক বাধ্য কৰাইছিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ মই জনা কোনো টেকনিকেই এই মানুহৰূপী শিয়ালটোক বশ কৰিব পৰা নাছিল৷ মই বিশ্বাস কৰিছিলোঁ, যে এদিন অধৰ্মৰ পৰাজয় নিশ্চিত হ’বই৷
এবাৰ বিজনেচ সম্পৰ্কীয় কামত ইজৰাইলৰ তেল আভিভ স্থিত অফিছত আমাৰ বিজনেচ পাৰ্টনাৰ ৰামানুজ গোস্বামীয়ে মোক জৰুৰীভাবে মাতি পঠিয়াইছিল৷ তেওঁ সন্দেহ ব্যক্ত কৰিছিল যে ইজৰাইলৰ গুপ্তচৰ সন্থা “মোছাদ”ৰ মানুহে আমাৰ ওপৰত চকু ৰখাৰ যথেষ্ঠ প্ৰমাণ তেওঁ পাইছে, সিহঁতৰ কি অভিপ্ৰায় বুজা কঠিন, গতিকে অযথা ‘হাৰাছমেণ্ট’ হোৱাতকৈ ইজৰাইলৰ লগত সকলো লেন-দেন ক্লিয়াৰ কৰি তেল আভিভৰ অফিছত তলা মাৰি আমাৰ কামবোৰ বেঙ্কক নহ’লে এমষ্টাৰডেমলৈ চিফ্ট কৰিব লাগে৷ হাজাৰ নিকা ভাবে ব্যাৱসায় কৰিলেও এক্সপৰ্ট-ইমপ’ৰ্ট ব্যৱসায়ত কেতিয়াবা সৰু সুৰা ভুল ৰৈ যাব পাৰে৷ বিদেশত সৰু ভুলেও কেতিয়াবা ডাঙৰ ৰূপ লৈ লয়৷ নেডাৰলেণ্ড আৰু থাইলেণ্ডৰ চৰকাৰ যথেষ্ঠ উদাৰ, গতিকে আমাৰ কামো যথেষ্ঠ উজু হ’ব৷ সেই সময়ত মই মোৰ প্ৰকাশ পাবলগীয়া পঞ্চমখন গ্ৰন্থ “আধুনিক অসমত বৈষ্ণৱী সংস্কৃতিৰ প্ৰভাৱ”ৰ চতুৰ্থ সংস্কৰণৰ কামত ব্যস্ত থকা বাবে মোৰ একান্ত সহযোগী সঞ্জুবাবাৰ লগতে বাৰ্বী ৰাজখোৱাক ইজৰাইললৈ পঠালোঁ৷ লগত বাৰ্বীক পঠোৱাৰ প্ৰধান কাৰণ আছিল, যিকোনো সমস্যাৰ পৰা মেনেজ কৰি ওলাই আহিবলৈ তাইও সঞ্জুবাবাৰ প্ৰায় সমকক্ষ হৈ পৰিছিল৷
তেল আভিভৰ লৰ্ড চিটিৰ বেন গুৰিয়ন এয়াৰপৰ্টত তাহাঁতক আদৰিবলৈ নিযুক্ত কৰিছিল ৰামানুজে আমাৰ নিজৰে মানুহ চিদানন্দ বৰাক৷ তেল আভিভৰ লেন-দেন সুন্দৰভাবে শেষ কৰি ঘূৰি অহাৰ আগে আগে বাৰ্বীয়ে দুবাৰো ফোন কৰি মোক কৈছিল যে এযোৰ শেনচকুৱে যেন যোৱা দুদিন ধৰি তেওঁলোকৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি আহিছিল৷ মই কথাটোত বেছি গুৰুত্ব নিদি কেৱল ধেমালি কৰি কৈ থ’লোঁ- “ধুনীয়া ভাৰতীয় মহিলা প্ৰথম দেখিছে চাগে, সেয়ে চাইছে আকৌ!”
তথাপিও কাম সামৰি ঘূৰি আহোঁতে বেন গুৰিয়নৰ সলনি জেৰুজালেম হৈ অহাৰ পৰামৰ্শ দি মই পুনৰ কিতাপৰ কামত মনোনিবেশ কৰিলোঁ৷ হাৰ্ভাৰ্দ বিশ্ববিদ্যালয়ত মোৰ মহাপুৰুষজনাৰ ওপৰত লেকচাৰ এটা দিয়াৰো কিছু যো জা চলি আছিল৷ এই কিতাপখন যিমান সোনকালে প্ৰকাশ হয় সিমানেই মোৰ মুকুটত আৰু এটা মণিৰত্ন সংযোগ হোৱাৰ দৃঢ় বিশ্বাস আছিল৷
মোৰ পাণ্ডুলিপিটো এবাৰ চকু ফুৰালোঁ-
“শংকৰী যুগৰ সাহিত্যৰাজি ৰচিত হৈছিল মূলতঃ ধৰ্ম প্ৰচাৰৰ অৰ্থে। ধৰ্মৰ জটিল তত্ত্ব কথাবোৰ জনগণৰ সহজে বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তন কৰিবলৈ সহায়ক হোৱাকৈ কৃষ্ণ-মাহাত্ম্য প্ৰচাৰৰ অৰ্থে এই সকলোবোৰ ৰচিত হৈছিল। আদৰ্শবাদী ধাৰাৰ প্ৰাধান্যৰে ৰচিত সাহিত্যৰাজিৰ মাজত সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা ব্যক্ত হোৱা নাই। ভগৱন্ত পুৰুষৰ অৱতাৰী কথা, কৃষ্ণ ভক্তিৰ তাত্ত্বিক কথাবোৰেই এই ৰচনাসমূহৰ মাজত উদ্ভাসিত হৈছে। সেইবাবে তেওঁলোকে ৰচনা কৰা কাব্য-নাট-গীতত বিবিধ ৰসৰ প্ৰকাশ ঘটিলেও সেয়া যে ভগৱন্তৰ লীলাহে তাক বাৰে বাৰে সোঁৱৰাবলৈ পাহৰা নাই আৰু ভক্তিৰসৰ অমৃত ভণ্ডত সকলো ৰস বিলীন হৈছে। অন্তঃসলিলা ফল্গুৰ দৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণ ৰতি বা ভক্তি ৰস।……”
এনেতে “টেলিগ্ৰাম”ত মেছেজ নটিফিকেচন এটা বাজি উঠিল৷ মেছেজটো আহিছিল অলকেশ ভাগৱতীৰ ফোনৰ পৰা৷
“Your game is over Mr. Munna Upadhyaya”
“মুন্না উপাধ্যায়” নামটো দেখি মোৰ অন্তৰাত্মা কঁপি উঠিছিল৷ হয়, ঠিকেই ভাবিছে, এইটো মোৰেই নাম৷ কিন্তু মুন্না উপাধ্যায় নেপালৰ পৰা আহি অসমত আত্মগোপন কৰা আজি প্ৰায় ত্ৰিছ বছৰ হ’ল৷ সেই খবৰটো আনকি মোৰ বৰ্তমান ৱাইফেও নেজানে৷ কিন্তু মেছেজৰ প্ৰেৰক গৰাকীয়ে কেনেকৈ গম পালে? আসন্ন বিপদৰ ইংগিত পাই মই চিধা পাছপৰ্টখন বিচাৰি হাতত ল’লোঁ৷ মোৰ মগজুৱে ক্ষিপ্ৰভাবে কাম কৰা আৰম্ভ কৰি দিছিল৷ এই মুহুৰ্তত অসম এৰি পলায়ন কৰাৰ বাহিৰে মোৰ ওচৰত যে কোনো বেলেগ অপচন নাছিল সেয়া মোৰ দৰে জ্ঞানী বিজনেচমেনে বাৰুকৈয়ে বুজি উঠিছিলোঁ৷ সৰু ব্ৰিফকেচটোত কিছু দৰকাৰী কাগজ ৰেডী কৰি চিধাই এয়াৰপৰ্ট অভিমুখে ৰাওনা হ’লোঁ৷ লক্ষ্য স্থান মুম্বাই চাণ্টাক্ৰুজ আৰু তাৰ পিছত এমষ্টাৰডেম৷ ড্ৰাইভাৰে বিশেষ নুসুধি গাড়ী আগুৱাই গৈ থাকিল৷ তেতিয়া দিনৰ প্ৰায় এঘাৰটা বাজিছে৷ ফ্লাইট চিডিউল চালোঁ, নেক্সট মুম্বাই ফ্লাইট দুপৰীয়া এক বজাত৷
অলপ পিছত অলকেশৰ আৰু দুটা ভিদিঅ’ মেছেজ৷ এটা অলকেশ ভাগৱতী বোলাজনৰ নিজৰেই আৰু অন্যটো ইজৰাইলৰ i24 News channel ৰ নিউজ ক্লিপ৷ ইংৰাজীত লিখা নিউজ ক্লিপটোৰ সাৰাংশ এনেকুৱা- “জেৰুজালেমত আন্তঃৰাষ্ট্ৰীয় নাৰী ব্যৱসায়ী চক্ৰৰ ইজৰাইল স্থিত গেঙৰ কিং পিন ভাৰতীয় মূলৰ ৰামানুজ গোস্বামী, সঞ্জু বাবা আৰু চিদানন্দ বৰা ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ দ্বাৰা গ্ৰেপ্তাৰ৷ এই গেঙৰ মূল লিডাৰ মুন্না উপাধ্যায় ভাৰতৰ অসম প্ৰভিন্সত আত্মগোপন৷” এইখিনিয়ে মোৰ টোপনি হৰণ কৰিবলৈ যথেষ্ঠ আছিল৷ নিউজটোত বাৰ্বীৰ কোনো উল্লেখ নথকাত অলপ আচৰিত হৈ অলকেশ ভাগৱতীৰ মেছেজটো ভয়ে ভয়ে খুলিলোঁ৷ তাত চমুকৈ লিখিছে- “মুন্না পলাবলৈ অযথা চেষ্টা নকৰিবি৷ মোৰ কামখিনি সহজ কৰি দিলেই তোৰ কাৰণে মঙ্গল৷”
ফ্লাইটত উঠাৰ আগে আগে মোবাইলৰ পৰা চিমখন খুলি পেলাই দুদিন আগতে অনা চিমখন লগাই ল’লোঁ৷ চাৰিঘণ্টাৰ অন্তত চান্তাক্ৰুজ এয়াৰ পৰ্টত বিয়লি নামিয়েই লুফথান্সাৰ বৰ্ডিং পাছখন লৈ ইমিগ্ৰেচন পইণ্ট অনায়াসে পাৰ হ’লোঁ৷ চিকিউৰিটি চেক সম্পূৰ্ণ কৰাৰ প্ৰায় দহ মিনিট মান পিছতেই নতুন চিমৰ ফোনটো পুনৰ বাজিবলৈ ধৰিলে৷ আননৌন নম্বৰ! কোন হ’ব পাৰে ভাবি থাকোঁতেই ফোনটো কাটি যোৱাত স্বস্তিৰ নিশ্বাস পেলালোঁ৷ আৰু আধাঘণ্টা পিছত মই লুফথান্সাৰ বিজনেচ ক্লাচত বৰ্ডিং কৰিম৷ ৰামানুজ গোস্বামীয়ে জনোৱা মতে আমষ্টাৰডেমত ইতিমধ্যে আমাৰ সকলো যোগাৰ হৈ আছিলেই৷ গতিকে চিন্তাৰ বিশেষ কাৰণ নাই৷ এই ঝামেলাবোৰ দূৰ হ’লে আকৌ সকলো আগৰ দৰে হৈ পৰিব৷ মই পুনৰ অসমলৈ ঘূৰি আহিম৷
আশা কৰা ধৰণেই বৰ্ডিং হৈ গ’ল৷ আৰু মাত্ৰ দহ মিনিট পিছত ফ্লাইট টেক অফ কৰিব৷ মই হেড ফোনটো উলিয়াই কিবা এটা শুনো বুলি মোবাইলটোত সংযোগ কৰি ল’লোঁ৷ হঠাৎ এয়াৰ হোষ্টেচ এজনী মোৰ ওচৰত আহি ৰ’ল৷
“চাৰ, আৰ ইউ মিঃ হেমন্ত কাকতি?”
মই সেপ ঢুকি লাহেকৈ ক’লোঁ হয় বুলি৷ তাই মৃদু হাঁহি এটাৰে ক’লে-
” উই আৰ চৰী চাৰ, উই হেভ জাষ্ট বিন ইনফৰ্মদ্ বাই মুম্বাই পুলিচ ডেট ইউ কেন নট ট্ৰেভেল উইথ আছ এট ডিচ টাইম, বাট ইউ হেভ টু ডিব’ৰ্ড দা ফ্লাইট নাও! মুম্বাই পুলিচ ইজ জাষ্ট ৱেটিং আউটচাইট দিচ ফ্লাইট!”
মই কোনো প্ৰশ্ন কৰাৰ সাহস আৰু শকতি হেৰুৱাই লাহে লাহে নামি আহিলোঁ৷ বাহিৰত মুম্বাই পুলিচৰ টিমটোৰ সৈতে জিপচি এখনত আহি বান্দ্ৰা পুলিচ ষ্টেচনত উপস্থিত হ’লোঁ৷ তাৰ পিছৰখিনি বৰ্ণনাতীত৷
আজি এসপ্তাহ ধৰি আৰ্থাৰ ৰোদ জেইলত আছোঁ৷ বাহিৰত ৰখীয়া পুলিচ এজনে বাতৰি কাগজ এখন পঢ়ি আছে৷ তাক অনুৰোধ কৰি পেপাৰখন চাওঁ বুলি ল’লোঁ৷ তৃতীয় পৃষ্ঠাৰ চুকৰ ফালে এটা বাতৰিত চকু থৰ হৈ গ’ল৷
“অপাৰেচন হৰ্ণবিল”ৰ সফল সমাপ্তিৰ পিছত ইজৰাইলী অনুসন্ধানকাৰী গোট মোছাদৰ ভাৰতস্থিত দুই এজেণ্ট অলকেশ ভাগৱতী আৰু বাৰ্বী ৰাজখোৱাৰ ইজৰাইল প্ৰত্যাগমন আৰু দুয়ো বিবাহ পাশত আবদ্ধ!”
বাতৰিটোৱে মোক স্তব্ধ কৰিছিল, ব্যাধৰ শৰত মৃত্যু হোৱা কপৌজোৰা দেখি বেদনাহত হোৱা দস্যু ৰত্নাকৰৰ দৰেই হৈ যেন গ্লানিৰ প্রকাশ মোৰ মুখেৰে নিৰ্গত হৈছিল-
“মা নিষাদ প্রতিষ্ঠাং ত্বমঃ অগমঃ শাশ্বতী সমাঃ
যত্ ক্রৌঞ্চমিথুদাদ্ একম্ অবধী কামমোহিতম্।।”
☆ ★ ☆ ★ ☆
10:45 am
তামাম লিখিলে দেই কাকতি দা।
8:20 pm
ধন্যবাদ ৰিমঝিম৷
11:00 am
আল্টিমেট কাকতি দা।নেডাৰলেণ্ড আৰু থাইলেণ্ডৰ চৰকাৰ উদাৰ বুলি লিখোতেই বুজিছিলো মই কি বেপাৰত সোমাইছো।
8:21 pm
ধন্যবাদ, সঞ্জীৱ
11:16 am
বঢ়িয়া লাগিল দাদা৷ চুপাৰ্ব৷
11:19 am
ওপৰৰ Anonymous কমেন্টটো মই দিছো দেই দাদা৷ বিয়াৰ ৰিচিপচনত বিজি থাকোতে নামটো লিখিব পাহৰিছিলো৷ আশাকৰো জেইলত ৰুটিবোৰ গৰমেই পাই আছে৷
5:05 pm
তামাম
কি কি বিজনেছ মাথা মাৰে ঔ
8:22 pm
ধন্যবাদ অলকেশ, প্লটটোৰ উদ্ভাৱক হিচাবে পুনৰ ধন্যবাদ দিলো৷
11:26 am
দাদা বঢ়িয়া লাগিল।ending চুপাৰ ????
8:22 pm
ধন্যবাদ অভিজিত
10:27 pm
কি সাংঘাতিক বেপাৰ।বঢ়িয়া লাগিল।
11:54 am
তামাম ।
8:23 pm
ধন্যবাদ আদিত্য
1:48 pm
কি কি ব্যৱসায়ত যে নামিছে দেই দাদা। এইবোৰ দেখাৰ আগতে মোক উঠাই নিনিলে কিয় ভগৱানে।
ঝাকাচ লাগিল পঢ়ি
8:23 pm
ধন্যবাদ ৰিণ্টু
4:43 pm
মাষ্টাৰ ব্লাচটাৰ হেমন্তদা !!
কিছু লিখিছে ?
8:24 pm
ধন্যবাদ ৰামানুজ
5:05 pm
বঢ়িয়া লিখিলে দাদা৷ শেষলৈকে চাচপেন্স
8:24 pm
Thanks Kaberi
6:56 pm
দা সংঘাটিক লিখিছে
8:24 pm
Thanks Bornali
6:59 pm
কি চিন্তা, কি লিখনি।
উফ উফ । চেলুট দাদা
8:25 pm
ধন্যবাদ দিম্পল
7:46 pm
একদম চালমান খানৰ চিনেমা যেনেই লাগিল দাদা। আপোনাক প্ৰকাশ ৰাজ যেন লাগিছে। ভাল লাগিল বহুত।
8:26 pm
ধন্যবাদ নীলাক্ষী
7:55 pm
চুপাৰ্ব। ইমান হাই ষ্টেণ্ডাৰ্ড লেখা। বিৰাট ভাল পালোঁ।
8:26 pm
Thanks a lot Pranita
8:02 pm
কি মজা লিখনি । কাকতি দেউ, প্ৰশংসাৰ ভাষা নাই ।
8:26 pm
Thank you Sir jee
8:59 pm
মন্তব্য দিবলৈ মই ভাষাহীন ।জাষ্ট ৱাও বুলিহে ক’ম আৰু ।ইমানযে উত্কণ্ঠা ।উশাহত পঢ়িছো।
9:27 pm
কি লিখিছে কাকতিদা! তামাম।
4:44 am
কেনেকৈ যে ভাবি পায় নহয়। মজা লাগিল।
4:58 am
ক্লাছ দাদা।
12:33 am
য়েহ ! মজ্জা .. ?
দাদা আপুনিও তামাম জেং ব্যৱসায়ী ..
12:52 am
বঢ়িয়া। শেষৰ খিনি তামাম
12:37 am
যিমানেই পঢ়ি আগুৱাই গৈ আছোঁ সকলো সঁচা যেন লাগি গৈ আছিল । আগলৈ আৰু পঢ়িব পাম বুলি মই আশাবাদী