এনেকৈয়ে ভাগেনে সপোন-পৰীস্মিতা দাস
প্ৰেম হেনো মানুহৰ জীৱনলৈ আহে সংগোপনে৷ ময়ো বিচাৰিছিলোঁ, মোৰ জীৱনলৈও প্ৰেম আহক৷ আহিছিল৷ বাৰিষাৰ বানৰ দৰে প্ৰেম আহি বাৰে বাৰে খহাইছিল মোৰ বুকুৰ গঢ়া৷ কিন্তু প্ৰেম চিৰস্থায়ী হ’লেও সম্পৰ্কবোৰ যেন ক্ষন্তেকীয়া৷
চাৰিবছৰ ধৰি মৰহি যোৱা সম্পৰ্ক এটাৰ স্মৃতিকেই মনৰ মাজত সামৰি আছোঁ৷ ভাবিছিলোঁ, আৰু প্ৰেমত নপৰোঁ৷ কিন্তু প্ৰতিবাৰ বহাগী মলয়াই অলপ অলপকৈ জোকাই যোৱা মনটোক এইবাৰ যেন বেছিকৈয়েই চুই গ’ল৷ আকৌ প্ৰেমত পৰিবলৈ মন গৈছে মোৰ৷ ভাল লগা হৈছে কোনোবা এজনক৷ তেওঁৰ কথা ভাবি থকা সময়ত পাহৰি যোৱা হৈছোঁ পুৰণি স্মৃতি৷
এতিয়া মাথো অপেক্ষা এটা মধুৰ ক্ষণৰ৷ চাৰিওফালে সেউজীয়াৰে আৱৰা ঠাইখিনিত উপস্থিত হৈ মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ৷ আকাশখনলৈ চালোঁ৷ ইমান ধুনীয়া! ওচৰতে থকা বেতৰ চকীখনত বহি দিলোঁ৷ মোৰ পৰা অলপ দূৰত সংগীতা বায়ে তেওঁৰ পোৱালিটোক মোবাইলটো উলিয়াই কিবা দেখুৱাই আছে৷ ঠাইখিনি কোন ঠাই ভালকৈ ধৰিব পৰা নাই৷ বনভোজ থলী যেন লাগিছে৷ কিন্তু ইমান নিৰৱ! সংগীতা বা, মোৰ ভাল লগা ল’ৰাজন আৰু মোৰ বাহিৰে কোনো নাই ইয়াত৷ কিন্তু পৰিৱেশটো ভাল লাগিছে কিবা এটা৷ নীৰৱতাখিনি উপভোগ কৰিছোঁ৷
তেওঁ আহি মই বহি থকা চকীখনৰ কাষতে আঠুকাঢ়ি বহি মোৰ সমান হৈ ল’লে৷ মোক কিবা এটা ক’ব বিচাৰিছে তেওঁ৷ মই তেওঁৰ পৰা বিপৰীত দিশে চাই ৰ’লোঁ৷ অৱশ্যে তাৰ কাৰণ এয়া নহয় যে তেওঁৰ কথাখিনি মই শুনিব বিচৰা নাই বা তেওঁক মই তেনেকৈ কাষত বিচৰা নাই৷ মই প্ৰায়ে হোৱাৰ দৰে অন্যমনস্ক হৈ গৈছিলোঁ সেই সময়ত৷
: মোৰ চকুলৈ চোৱাচোন৷
তেওঁ ক’লে৷ মই মুখখন ঘূৰাই তেওঁৰ ফালে চালোঁ৷ তেওঁৰ চকুলৈ চকু গ’ল স্বয়ংক্ৰিয়ভাৱেই৷ চমকি উঠিলোঁ মই৷ উশাহত যেন অজানা এক অনুভৱ বিয়পি পৰিল, যি অনুভৱ মই বহুবছৰ আগতে পাইছিলোঁ মই ভালপোৱা ল’ৰাজনৰ চকুত চকু থওঁতে৷ তেওঁ আকুলতাৰে চাই আছে মোলৈ৷ কিবা ক’ব খুজিছে, ময়ো শুনিব খুজিছোঁ৷ মনটোৱে যেন কৈ আছে, “কৈ দিয়া অ’৷ প্ৰেমবিহীনতাৰ পৰা তুলি আনা মোক৷ জীপাল কৰি তোলা৷”
এনেতে ভণ্টিয়ে তাইৰ ৰূমৰ দৰ্জাখন খুলি ওলাই আহিল৷ মোবাইলত গান এটা বজাই বজাই৷ তেওঁ আঁতৰি গ’ল মোৰ কাষৰ পৰা৷ আৰু অনুভৱখিনি! উফ্! চকুত ভাঁহি থাকিল সেই আকুল চাৱনি৷ বহুদেৰি চকুযুৰি মুদিয়েই থাকিলোঁ৷ বাগৰ নসলালোঁ, জানোচা ভাঙি যায় সেই আৱেশ!
সপোনতেই সম্পূৰ্ণ নহয় ভালপোৱা৷ দিঠকলৈ আশা আৰু নকৰোঁ৷
6:47 pm
বহুত ভাল লাগিল পঢ়ি ।
8:44 pm
ধন্যবাদ
6:55 pm
বৰ ধুনীয়া টিকলি৷
8:45 pm
ধন্যবাদ