Three piece suit (মূল- আলি দেব) ভাবানুবাদ- ৰাজশ্ৰী শৰ্মা
এই মাহটোত প্ৰথমবাৰৰ বাবে মোৰ ঘৰুৱা বাজেট মিলি গ’ল। মাংস অলপ অনাৰ পিছতো; আনকি দুটকামান হাতত জমাও থাকিল। কি ভাবি নাজানো মই আগে পাছে নকৰা কাম এটা কৰিলোঁ; এযোৰ বৰ ধুনীয়া থ্ৰী পিচ চুট কিনিলোঁ। কাপোৰটোও বৰ ভাল, মিহি, ৰংটোও আকাশী নীলা, ৰ’দ পৰি জিলিকি থকা হ্ৰদৰ পানীৰ দৰে আৰু দৰ্জীজনে ইমান ধুনীয়াকৈ চিলালে যে মই পিন্ধোতে গাত বৰ সুন্দৰকৈ খাপ খাই পৰিল।
ৰ’দত বুটামবোৰো কোনোবা ধনী নাবিকৰ কোটৰ ওপৰৰ তৰাৰ দৰেই জিলিকি উঠিল। ইয়াৰ বেচ অলপ বেছিয়েই আছিল যদিও সেই শিহৰণ বেছিদিন নাথাকিল। ময়ো নিজকে নিজে ক’লোঁ,
: তোমাৰ পোছাকেই তোমাৰ পৰিচয়। চোৱাচোন তোমাক কিমান ধুনীয়া লাগিছে।
নিঃসংকোচে মই চহৰৰ মূল পথটোৰ আটাইতকৈ ডাঙৰ কাফেখন পালোঁগৈ। আশা কৰা মতেই মোৰ বন্ধুকেইজনে মোক আগুৰি ধৰিলে, মোৰ কোটটো পিটিকি চালে। চালি ধৰা ম’ৰা চৰাইৰ দৰে ময়ো গপত ওফন্দি তেওঁলোকক চুৰট আগবঢ়ালোঁ।
: মই এনেই চিগাৰেট নাখাওঁৱেই, এইটো কিন্তু ভাল চিগাৰেট।
পৰম তৃপ্তিৰে ধোঁৱা উলিয়াই এজনে ক’লে। ময়ো শুনাই দিলোঁ,
: কম দামীবোৰত নিকোটিনো থাকে।
কাফেখনত খোৱাৰ টকা নিশ্চিতকৈ ময়েই দিব লগীয়া হ’ল। ৱেইটাৰকো বেচ ভালদৰেই টিপছ দিলোঁ, সিও দীঘলীয়াকে চালাম ঠুকিলে। তাৰ পাছত আমি বস্তুৰ মূল্যবৃদ্ধিৰ ওপৰত তৰ্ক কৰিলোঁ অলপ। তেতিয়াই তাৰে মাজৰে এজনে মোক ফুচফুচাই ক’লে,
: আপোনাৰ যে চাৰ্টৰ লগত টাইডাল একেবাৰে মিলা নাই দেই!
তাৰ পাছত তেওঁ মোক এখন দামী কাপোৰৰ দোকানলৈ লৈ গ’ল। বন্ধুৰ ৰুচি আৰু পচন্দ মতে কিনোতে মোৰ জেপ প্ৰায় খালীয়েই হ’ল, কোনোমতে বাচ ভাৰাটো থাকিল। পাছৰ সপ্তাহটো মই খৰচ মিলাবলৈ যিমান পাৰোঁ চেষ্টা কৰিলোঁ। কণী আৰু মাখন ননাই হ’লোঁ, মাংস আৰু চিগাৰেটৰ খৰচ আধা কৰিলোঁ। বন্ধুসকলে ক’ৰবালৈ যাবলৈ লগ ধৰিলে কিবাকিবি অজুহাত দেখুৱালোঁ। মুঠতে কোনোমতে পেটে ভাতে খাই জীয়াই থাকিলোঁঁ আৰু, তথাপিও কিন্তু নিয়মীয়াকৈ দাড়ি খুৰাই মুখত লোচন ঠিকেই ঘঁহিলোঁ, সিয়ে মোক মোৰ অতীতৰ মুখখনৰ পৰা পলাই ফুৰিবলৈ অলপ হ’লেও সহায় কৰিছিল। আৰু এনেদৰেই কিছুদিন ধৰি গপত ওফন্দি মই মূল পথটোত অনাই বনাই ঘূৰি ফুৰিলোঁ। তিৰোতাসকলৰ কাষেৰে এনেয়ে ঘূৰি ফুৰিলোঁ। নাৰীসংগ কি আছিল যদিও পাহৰিয়েই পেলাইছিলোঁ একপ্ৰকাৰ। কিন্তু তেওঁলোকৰ চকুৰ দৃষ্টি আমাতকৈ তীক্ষ্ণ, কাপোৰ কানি পিন্ধাৰ ৰুচিও ভাল।
: জোতাযোৰ দেখোন নিমিলিল!
গাভৰু এজনীয়ে লাজ লাজ কৈ ক’লে পাৰ হৈ যাওঁতে। হয়ো কথাটো! জোতাযোৰ কিনা কিমান বছৰ হ’ল আঙুলিত গণি চালোঁ। সময়ো যে ইমান বেগাই যায়!
এতিয়া বঢ়িয়া জোতা এযোৰ কিনিলে মোক আৰু কোনে মাতে। লিবাৰ্টি এভিনিউত এযোৰ কিনি আকৌ মোৰ বন্ধুবোৰক দেখুৱাবলৈ গ’লোঁ। ভাষাৰ অলংকাৰ সকলোখিনি উজাৰি তেওঁলোকে মোক প্ৰশংসা কৰিলে। মোৰ মনটো যিমান শাঁত পৰিব লাগিছিল তাত আউল লগালে মাথোন কফিৰ দামটোৱেহে। মোৰ অলপ কম দামী এখনলৈ যাবলৈ মন আছিল কিন্তু কাপোৰযোৰৰ সন্মানৰ স্বাৰ্থতে দামী এখনলৈহে গ’লোঁ আটায়ে। সেই সময়ত মোক সান্তনা দিবলৈ মোৰ কাষত এটা হুমুনিয়াহৰ বাহিৰে আন কোনো নাছিল। ঘৰলৈ ঘূৰি অহাৰ সময়তেই বতৰো বেয়া হ’ল, মোৰ ভেমত ওফন্দি দীঘল হোৱা নাকটোতো বৰষুণ দুটোপালমান পৰিল। বেয়া বতৰকেই গালি-শপনি পাৰি মই ৰাস্তাৰ কাষৰ পৰা সস্তীয়া ছাতি এটা কিনিলোঁ।
বাৰ্চিলোনা স্কোৱেৰ পাওঁতেই কেইটামান মগনীয়া ল’ৰাই মোক ঘেৰি ধৰিলে। সিহঁতৰ শুকান মুখ, ফপৰীয়া চুলি আৰু ভিক্ষা খুজি থকা হাতকেইখনৰ উপদ্ৰৱত মোৰ বৰ অশান্তি লাগিল। আটাইকেইটাকে এটা এটা মুদ্ৰা দলিয়াই দি মই আঁতৰি যাবলৈ খোজ দিছোঁ মাত্ৰ, সিহঁতৰ দলপতিটোৱে আহি মোক ক’বলৈ ধৰিলে,
: আপোনাৰ দৰে মানুহেই যদি ইমান কম দিয়ে আমাৰ কি হ’ব!
সি ওচৰ পাজৰৰ মানুহকো মই দিয়া পইচাটো দেখুৱাবলৈ ধৰিলে। লাজতে মই তাক দুগুণ টকা দি তাৰ পৰা পলালোঁ। তাৰপৰা মই বেছ দৌৰাদৌৰিকৈয়ে গুছি আহিছিলোঁ, পালিচ কৰি চিকচিকাই থকা জোতা আৰু বহুমূলীয়া কাপোৰযোৰ বচাই বচাই আহিলোঁ। যদিও সেইবোৰ বৰষুণত তিতি জেপজেপীয়া হৈছিল। বেছিভাগ দিন মই মানুহৰ পৰা আঁতৰি থাকিলোঁ। জোতা কিন্তু সদায়েই পালিচ কৰিলোঁ আৰু কাপোৰো ইস্ত্রি কৰিলোঁ। কাপোৰযোৰ ধুই চাফাকৈ ৰাখিবলগীয়া হোৱাৰ বাবে দৌৰাদৌৰিতে জুইতে শুকুৱালোঁ। ইপিনে আকৌ জানুৱাৰীৰ শীতৰ কথা মনলৈ আহোঁতে ভাবিলোঁ যে এটা গৰম কোটো কিনিব লাগিছিল, ঠাণ্ডা দিনত চুটযোৰেৰে কৰিমেইবা কি! এতিয়া কাৰোবাৰ পৰা ধাৰেই ল’ম নে মই কাম কৰা কোম্পানীৰ কেচ বক্সৰ পৰাই লম এইবোৰ ভাবি ভাবিয়েই মই গৈ ৰেলত উঠিলোঁ। যাত্ৰীসকলৰ ঘামৰ গোন্ধ, কাপোৰৰ গোন্ধৰ মাজত দীঘলীয়া উশাহ ল’লোঁ। চিটটোত আৰাম কৰি বহিছোঁহে, এজনী ছোৱালীয়ে তাইৰ লগৰজনীক কোৱা শুনিলোঁ,
: এইসকলে এতিয়া আমাৰ দ্বিতীয় শ্ৰেণীৰ দবাতো সোমাবলৈ ধৰিলে চোৱা।
উপায় নাপাই মই উঠি গৈ প্ৰথম শ্ৰেণীৰ দবাত সোমালোঁগৈ, আকৌ বেছি পইচা ভৰিবলগীয়া হ’ল তাত। ৰেলৰ পৰা নামি মই আমাৰ কাষৰ বজাৰ পালোহি। বহুকেইদিন বজাৰ সমাৰ তেনেকৈ কৰাই নাই। তাত মোক দেখাৰ লগে লগেই চুবুৰীয়া মানুহ এজনে আহি বৰ আদৰ সাদৰেৰে মাতিলেহি। অলপ সময় পিছতে তেওঁ মোক অলপ টকা ধাৰে বিচাৰিলে। অন্য সময়ত মই তেওঁক মানা কৰি গুছি যাব পাৰিলোঁহেঁতেন, কিন্তু এতিয়া এই চুটযোৰেৰে মইনো তেনেকুৱা অভদ্ৰামি কৰোঁ কেনেকৈ! অগত্যা তেওঁক কিছু টকা ধাৰে দিলোঁ। ইপিনে বস্তুও কিনিলোঁ বহুত। দুয়োখন হাতেৰে কোনোমতে বস্তুকেইটা আনি থাকোঁতে চেলচ গাৰ্লজনীয়ে মাতি এটা বেগো দিলেহি। মই বস্তুবোৰ তাত নুসুমায়ো নোৱাৰোঁ। ইমান ভব্য গব্য মানুহে জানো দাম চাই বস্তু কিনে!
মুঠ টকা কিমান দিবলগীয়া হ’ল মই নাচালোঁৱেই। যেতিয়া মই ঘৰ পাওঁ মোৰ ৰক্ত চাপ উঠি মূৰ ভকভকাই আছে। জিভা শুকাই মুখ মেল খাই গৈছে, বুকুখন ঢপঢপাই আছে। মই কেনেকৈ খোজ কাঢ়িছোঁ, নতুন জোতা, ধুনীয়া আকাশী নীলা কাপোৰৰ চোলা পেণ্ট ক’ত দলিয়াইছোঁ খবৰ পোৱা নাই। দাঁতেৰে জিভা কামুৰি মই মোৰ সময়ৰ লগত উটি যোৱা মনটোক ধিক্কাৰ দিলোঁ, মোৰ মূৰ্খামী দেখি নিজকে শাওপাত দিহে অলপ ভাল লাগিল। পিছদিনাৰ পৰা মই আকৌ আগৰ মানুহজন হৈ ঘূৰি ফুৰিবলৈ ধৰিলোঁ, এতিয়া আৰু কোনেও মোক আমনি নিদিয়ে।
8:29 pm
আভিজাত্যৰ কোটটো এবাৰ পিন্ধি ললে শান্তি নাই সঁচাকৈয়ে। বৰ ভাল লাগিল ৰাজশ্ৰী। সুন্দৰ গল্প, তাতোকৈয়ো সুন্দৰ অনুবাদ। ???
9:56 pm
অশেষ ধন্যবাদ বা। গূঢ়াৰ্থটো অৱগাহন কৰিব পাৰিলেই সুখ, নোৱাৰিলেই সমস্যা।
4:10 pm
বহুত ভাল লাগিল মাইনা৷ সুন্দৰ অনুবাদ৷
6:10 pm
অশেষ ধন্যবাদ জনালো দাদা
4:16 pm
খুব ভাল পালোঁ পঢ়ি।
6:13 pm
ধন্যবাদ দেই
4:30 pm
বৰ ভাল লাগিল পঢ়ি
6:14 pm
ধন্যবাদ বা
4:30 pm
বহুত ভাল লাগিল ।
6:14 pm
ধন্যবাদ খুড়াদেউ
4:56 pm
বঢ়িয়া ৰাজশ্ৰী ?
6:14 pm
ধন্যবাদ বা
5:40 pm
সুন্দৰ গল্প। তোমাৰ অনুবাদো ভাল লাগিল। গল্পকাৰৰ পৰিচিতি বুলি চমুকৈ দহশাৰীমান লিখিলে ভাল নেকি বাৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰত। ভাল লেখা এটা পঢ়িলে লেখকৰ বিষয়েও জানিবৰ মন যায়।
6:09 pm
হয় দাদা,আগলৈ ধ্যান ৰাখিম। অশেষ ধন্যবাদ জনালো
5:52 pm
বৰ ভাল পালোঁ পঢ়ি ৰাজশ্ৰী।
6:09 pm
ধন্যবাদ জনালো?
7:47 pm
ভাল লাগিল অ’৷বিয়াৰ পিছৰ এবছৰ মান আমাৰো অলপ চলাটো তেনেকুৱাই হৈছিল
9:05 pm
ভাল লাগিল বা,বৰ ধুনীয়াকৈ অনুবাদ কৰিছা।
11:10 pm
অনুবাদ যেন নালাগিলেই। বৰ সাৱলীল হৈছে ৰাজশ্ৰী।
11:47 pm
ভাল লাগিল৷ আভিজাত্যৰ কোটে লোকচানো কৰে৷
10:02 am
বৰ ভাল পালোঁ।