ফটাঢোল

ব্ৰেকিং নিউজ- দেবজিত শৰ্মা

: হেল্ল’! খবৰটো কনফাৰ্ম নে?

উদগ্ৰীবহৈ আদিত্য বৰঠাকুৰে প্ৰশ্ন কৰিলে৷

আদিত্য বৰঠাকুৰ নতুনকৈ আৰম্ভ হোৱা ৱেব-পৰ্টেল এটাৰ মূখ্য সম্পাদক৷ পূৰ্বতে সাংবাদিকতাৰ অভিজ্ঞতাৰ লগতে সফল ব্যৱসায়ী হিচাপেও জনাজাত৷ শুদ্ধকৈ ক’বলৈ গ’লে বৰঠাকুৰে বতাহৰ গতি সঠিক ভাবে নিৰূপণ কৰিব জানে৷ বিগত বহুবছৰৰ অভিজ্ঞতা আৰু ব্যৱসায়িক কৌশলৰ ফলশ্ৰুতিত জন্ম এই নতুন নিউজ পৰ্টেলটো, য’ত তেখেত নিজেও ৫০ শতাংশ অংশীদাৰ৷

ব্যস্তভাৱে নিজৰ কেবিনত বহি সম্পাদনাত ব্যস্ত আদিত্য বৰঠাকুৰে ফোনৰ সিপাৰৰ পৰা অহা খবৰটো নিশ্চিত কৰিবলৈ পুনৰ প্ৰশ্ন কৰিলে,

: চোৱা,খবৰটো যদি সঁচা হয় প্ৰথম আমাৰ চেনেলটোৱেই কভাৰ ষ্টৰিটো প্ৰকাশ কৰিব লাগিব৷ জানাই কম্পিটিশ্যনৰ যুগ৷ তুমি সবিশেষ জানি লৈ এটা বাতৰি সাজু কৰা৷ প্ৰয়োজনত দুই এজনৰ বাইতো লৈ ল’বা৷ মুঠতে বাতৰিটো প্ৰথমে আমিয়েই দিম ৰাইজক৷

নিজা সাংবাদিক বিজয় মহন্তক নিৰ্দেশনা দি বৰঠাকুৰে বাহিৰৰ পৃথিবীখনলৈ এপাক দৃষ্টি নিক্ষেপ কৰিলে৷ নগৰৰ ব্যস্ত ৰাজপথত গাড়ীৰ লানি নিচিগা শাৰী৷ ইখনে সিখনক হৰ্ণ বজাই আগলৈ যাবলৈ সংকেত দি আছে, যদিও যথেষ্ট ট্ৰেফিক জাম৷

: আমাৰ ৱেব পৰ্টেলৰ ব্যৱসায়টোও বৰ্তমান এই ৰাজপথৰ দৰেই৷ প্ৰতিযোগিতা, প্ৰতিযোগিতা!

নিজকেই নিজে কৈ উঠিল সংবাদ জগতত সুকীয়া পৰিকল্পনা লৈ নিজৰ স্থিতি মজবুদ কৰিবলৈ অহা সম্পাদক আদিত্য জ্যোতি বৰঠাকুৰে৷ বিগত দিনবোৰত প্ৰতিযোগিতাৰ এই দৌৰত সকলোৰে বাবে প্ৰত্যাহ্বান স্বৰূপে দেখা দিয়া বিষয়টো হ’ল- মৌলিকতা আৰু অগতানুগতিক বাতৰি৷

পাঠকক নতুনৰ সোৱাদ দিব পাৰিলে মৰণ নাই, সেয়া বৰঠাকুৰে নজনা নহয়৷ কিন্তু খবৰ পায় ক’ত? নিজৰ সংবাদকৰ্মীসকলক এক প্ৰকাৰৰ টাৰ্গেটেই বান্ধি দিছে বৰঠাকুৰে, নতুন ফ্লেভাৰ থকা বাতৰিৰ বাবে৷ অৱশেষত আজি এটা সংবাদৰ নেজডাল বিচাৰি পোৱা গৈছে৷ ৰাজ্যখনৰ এজন ৰাজনৈতিক নেতাৰ আসন্ন মৃত্যুৰ বাতৰি৷ নাই, খবৰটো পৰিয়ালৰ লোকেও এতিয়ালৈ গোপনে ৰাখিছে৷ এসময়ৰ ৰাজ্যখনৰ প্ৰতাপী মন্ত্ৰী তথা ৰাজনৈতিক নেতাজন বৰ্তমান নিজৰ দলৰ ভিতৰতে, নাৰী কেলেংকাৰীত জড়িত হোৱা বাবে, এলাগী যদিও বিশেষ বিশেষ ভোটৰ জেপকেইটামানত তেখেতৰ আজিও প্ৰভাৱ অপৰিসীম৷ তেখেতৰে যোৱা থোৱা অৱস্থাৰ খবৰ  বৰঠাকুৰৰ চেনেলৰ সাংবাদিকৰ হাতত কেনেবাকৈ লাগিল৷ সাংবাদিকজন আহি পোৱাৰ লগে লগেই বৰঠাকুৰ ব্যস্ত হৈ পৰিল বাতৰিটোৰ ফুটেজবোৰৰ ওপৰত প্ৰতিবেদন লিখি পৰিবেশনৰ বাবে৷ দীৰ্ঘদিনৰ অভিজ্ঞতাৰে বৰঠাকুৰে জানে এনেকুৱা মুহূৰ্তত কিমান আবেগ ঢালিব লাগে৷ প্ৰায় ১০ মিনিটৰ ভিতৰত বাতৰিটো লিখি ফুটেজৰ লগত সাজু কৰি অত্যন্ত আবেগ ঢালি বৰঠাকুৰে প্ৰাইম টাইমত বিগ ব্ৰেকিং নিউজ হিচাপে সম্প্ৰচাৰিত কৰিলে৷

প্ৰায় আধাঘণ্টাৰ ভিতৰতে খবৰটো ভাইৰেল হৈ গ’ল৷ প্ৰতিদ্বন্দ্বী নিউজ চেনেল বা পৰ্টেলবোৰে কিবা পদক্ষেপ লোৱাৰ আগতেই সুচতুৰ সাংবাদিক বৰঠাকুৰে দ্বিতীয় আৰু তৃতীয় প্ৰতিবেদনো মুকলি কৰি দিলে৷ ক্ৰমশ এলাগী হৈ পৰিব ধৰা ৰাজনৈতিক নেতাজনৰ শেষ সময়ৰ অৱস্থাটোক বৰঠাকুৰৰ পৰিকল্পিত প্ৰতিবেদনত ভোট বেংক, দলটোৰ ভিতৰুৱা ৰাজনীতি, তেখেতৰ আৰ্থিক দুৰৱস্থা  আৰু আবেগৰ ইমানেই সুন্দৰ সংমিশ্ৰণ ঘটিল যে চচিয়েল মেডিয়াৰ পেজ, ব্যক্তিগত ৱালত নেতাজনৰ প্ৰতি সহানুভূতিৰ পুষ্প বৃষ্টি হ’বলৈ ধৰিলে৷ দুই এক অত্যুতসাহীয়ে নেতাজনৰ বাবে বৰঙনিৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলে৷ কোনোবা এটা সংগঠনে তেখেতৰ আসন্ন মৃত্যুৰ পাছত ‘নাৰী সৱলীকৰণ’ শীৰ্ষক বঁটাৰো ঘোষণা কৰিলে৷ মুঠতে ৰাজ্যৰ সোঁ-বাওঁ সকলো শক্তি ব্যস্ত হৈ পৰিল তেখেতৰ আসন্ন মৃত্যুক লৈ৷ শাসকীয় পক্ষই যদি নিজৰ গা-বচোৱাৰ যুক্তি সাজু কৰিলে, বিৰোধী পক্ষ সাজু হ’ল এই মৃত্যুক চৰকাৰৰ স্বাস্থ্য বিভাগৰ ব্যৰ্থতা হিচাপে চিহ্নিত কৰিবলৈ৷ ছাত্ৰ সংগঠন এটাই নিজৰ বিবৃতি সাজু কৰিলে স্বাস্থ্য তথা মূখ্য মন্ত্ৰীৰ পদত্যাগ বিছাৰি৷ প্ৰতিযোগিতাৰ দৌৰত সিদিনালৈকে সংগ্ৰামৰত আদিত্য বৰঠাকুৰৰ মেজ, মেইল বক্স ভৰি গ’ল বিভিন্ন লেখাৰে৷ বিশেষ ভোট বেংকৰ প্ৰতি সহানুভূতিশীল দুজনমান কবিৰ কবিতা বিদেশৰ ৱেব পৰ্টেলতো প্ৰকাশ হ’ল, নেতাজনৰ বৰ্তমানৰ অৱস্থাটোৰ দোহাই দি৷

নিজৰ কেবিনৰ চোফাত নিজৰ শৰীৰটো এৰি দি বৰঠাকুৰে বৰ প্ৰফুল্লিত মনেৰে হিচাপ নিকাচবোৰ পুনৰ এবাৰ কৰি পেলালে৷ সাংবাদিকৰ খবৰমতে আজিয়েই নেতাজনৰ দেহাৱসান ঘটিব৷ ইয়াৰ অৰ্থ আৰু কেইদিনমান লৈ তেওঁৰ ৱেব পৰ্টেলটো চৰ্চাত থাকিব৷ মনে মনে বৰঠাকুৰে ৰাজ্যৰ বহু শিল্পী, ৰাজনৈতিক নেতা, খেলুৱৈৰ তালিকা এখন বনাই পেলালে যাৰ বয়স হৈছে বা স্বাস্থ্যৰ অৱস্থা খুব ভাল নহয়৷ কবিয়ে ‘মৃত্যুক শিল্প’ বুলি কৈছিল, কিন্তু বৰঠাকুৰে মৃত্যুক খুব সুন্দৰ ব্যৱসায় বুলিহে অনুভৱ কৰিলে৷

ক্ৰিং ক্ৰিং ক্ৰিং….

টেলিফোনৰ শব্দত বৰঠাকুৰ বাস্তৱলৈ ঘূৰি আহিল৷

: অ’ বিজয় কোৱা!

: ছাৰ, বৰ ডাঙৰ খেলিমেলি এটা হৈ গ’ল৷

: কি খেলিমেলি!

: ছাৰ, নেতাজনে আমাক ৰামঠগন দিলে!

: মানে!

কোনোমতে মূৰ ঘূৰাই পৰি যোৱাৰ পৰা নিজকে বচাই…

: ছাৰ, তেখেতৰ স্বাস্থ্য বেয়া হোৱা বা মৃত্যু সম্পৰ্কীয় খবৰটো নিজেই সৃষ্টি কৰিছিল৷ পাব্লিকৰ চিম্পেথি পাবলৈ৷ ৰাজ্যসভাৰ টিকেটৰ ওপৰত বহুদিনৰ পৰাই চকু৷ সকলোৰে ইমান সহানুভূতি পোৱাৰ পাছত দলৰ ভিতৰত তেখেতৰ গুৰুত্ব বহুত বাঢ়ি গ’ল৷ আমাক বৰ ধুনীয়াকৈ ব্যৱহাৰ কৰিলে৷

: কি???

চকুৰে ধূঁৱাকুঁৱা দেখি আদিত্য বৰঠাকুৰ কটা কলগছৰ দৰে মজিয়াত বাগৰি পৰিল৷

বি:দ্ৰ: ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি সাংবাদিক বিজয় মহন্তই ৰাজনৈতিক নেতাজনলৈ চালে৷ দুয়োৰে সুন্দৰ পৰিকল্পনা মতেই কামবোৰ হৈ গ’ল৷ নেতাজনৰ হাতৰ পৰা নোট ভৰ্টি ব্ৰিফকেছটো লৈ বিজয় মহন্তই নিজৰ ঘৰলৈ আহি থাকোঁতে চিন্তা কৰি আহিল, আৰু এনেকুৱা দুটামান কাহিনী বনাব পাৰিলে ফ্লেটৰ বুকিংটো কৰি দিব পৰা যাব৷

☆ ★ ☆ ★ ☆

21 Comments

  • দিম্পল

    এইপাত সাংঘা এৰিলে দাদা

    Reply
  • আদিত্য

    সাংঘাতিক ঔ

    Reply
  • abhijit goswami

    ফালি দিছা হে ??

    Reply
  • HEMANTA KAKATI

    তামাম দেবজিত! ফাইনেল টুইষ্টটো মজা

    Reply
  • Bhaskar Jyoti Sarma

    কেচ শ্ৰীবিজয়….মজা লাগিল

    Reply
  • rintumoni dutta

    বিজয়ৰ আগৰো এনে ৰেকৰ্ড বহুত আছে, তাক মকৰল কৰিব নালাগিছিল আদিত্যই।

    বঢ়িয়া লিখিলা ভাই

    Reply
  • Sadananda Bhuyan

    ইমান ভাল লাগিল পঢ়ি ।

    Reply
  • Rimjhim Borthakur

    তাম্মাম।

    Reply
    • মানস

      বাস্তব জীৱনৰ লিখনি……

      Reply
  • কাবেৰী মহন্ত

    শেষটো সাংঘাতিক৷ বঢ়িয়া লাগিল দেবজিত

    Reply
  • Krishna

    মজা লাগিল পঢ়ি, হালধীয়া সাংবাদিকতা ??

    Reply
  • নীলাক্ষি দেৱী ডেকা

    বঢ়িয়া লাগিল দেৱজিত। বৰঠাকুৰে বিজয়ৰ নিচিনা হালধীয়া চাংবাদিকক কামত ৰাখিবই নালাগিছিল।

    Reply
    • ৰিমঝিম ৰিমা

      সাংঘাতিক সাংবাদিক?..ভাল লাগিল পঢ়ি।

      Reply
  • ধূৰ্জ্জটি কাকতি

    তামাম

    Reply
  • ডলী বা

    বঢ়িয়া। মজ্জা লিখিছা দেৱ

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল দেৱজিত।

    Reply
  • নীতাশ্ৰী নেওগ

    বিজয় দাই এনেকৈ বেচ উন্নতি কৰিব দেই।মজা লাগিল।

    Reply
  • Sankar Jyoti Bora

    শ্ৰীবিজয়৷বিজয়ৰ চৰিত্ৰটো একেবাৰে ফুটি উঠিছে৷

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সুন্দৰ! বহুত ভাল পালোঁ‌ ব্যংগটো।

    Reply
  • সঞ্জীৱ

    সাংঘাটিক ব্যঙ্গ।

    Reply
  • দেবজিত শৰ্মা

    সকলোকে ধন্যবাদ জনালোঁঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *