হোষ্টেলত পহৰা- আৰাধনা বৰুৱা
তেতিয়া নৰ্থ লক্ষ্মীমপুৰ কলেজত গাৰ্লছ হোষ্টেল আছিল মাত্ৰ এটা৷ কেম্পাছত দুটা বিল্ডিং৷ আৰচিচিটো নিউ ব্লক আৰু আছাম টাইপৰটো অ’ল্ড ব্লক, দুয়োটা ব্লকৰ মাজতে ডাইনিং হল৷ প্ৰতি বছৰ ৰূমবোৰ ৰ’টেশ্যন হয়৷ ডিগ্ৰী ছেকেণ্ড ইয়েৰত অ’ল্ড ব্লকৰ সাত নম্বৰ ৰূমটো মোৰ আছিল৷ তেতিয়া বোধকৰো গৰমৰ দিন৷ ছোৱালীবোৰে ৰাতি দেৰিলৈকে খিৰিকী খুলি পঢ়ি থাকে৷ হ’ষ্টেলৰ বাউণ্ডাৰী ৱালখনৰ গাতে লাগি ৰাস্তাটো৷ অ’ল্ড ব্লকৰ খিৰিকীবোৰ লোৰ শলা লগোৱা, গ্ৰীল নাছিল৷ কাঠৰ দুৱাৰবোৰ আছিল ওপৰত ছিটকণি থকা আৰু ওপৰৰ ফালে গ্লাছ থকা৷
এদিন ৰাতি দুইমান বজাত হুলস্থূল লাগিল৷ মোৰ ৰূমৰ পৰা দুটামান ৰূম পাৰ হৈ এটাত কোনোবা ল’ৰা সোমাই আঁঠুৱা ডাঙি শুই থকা ছোৱালীজনীৰ হাতত ধৰি টানি নিব খুজিছিল৷ ছোৱালীজনী হঠাৎ সাৰ পাই চিঞৰ বাখৰ কৰাত ৱাল পাৰ হৈ মানুহটো পলাল৷
তাৰ পিছদিনাৰ পৰা হোষ্টেলত আতংকময় পৰিস্থিতি৷ বিশেষকৈ পুৰণা ব্ল’কটোত ছোৱালীবোৰ থাকিবলৈ ভয় কৰিছে যিহেতু আগতেও তেনে দুই এটা ঘটনা ঘটিছে৷ ফলত বেছি ভাগ ছোৱালীয়ে নিউ ব্ল’কৰ ৰূমবোৰত এডজাষ্ট কৰাটোৱেই ঠিক কৰিলে৷ এদিন দুদিন ঠিকেই কিন্তু দীঘলীয়া সময় তেনেকৈ আনৰ ৰূমত থকাটো অসম্ভৱ কথা৷ তদুপৰি পঢ়া শুনাৰ কথাও থাকে৷ সেয়ে আমি কেইজনীমানে ৱাৰ্ডেনক ক’লোঁগৈ যে আমি নিজৰ ৰূমতে থাকিব খোজোঁ৷ কিন্তু আমাৰ ৱাৰ্ডেন বাইদেউ আছিল অলপ ভয়াতুৰ৷ বাইদেৱে কোনো পধ্যেই মানি নল’লে৷ আৰু ক’লে যে যদি কোনোবা থাকিব খোজে অ’ল্ড ব্লকত তেন্তে নিজৰ ৰিস্কত থাকিব লাগিব৷ ৰাতি কিবা বিপদ হ’লে তেওঁ কোনো কাৰণতে নাহে৷ আমি ভাবি-গুণি চাই নিজৰ ৰূমত থকাটোৱেই ফাইনেল কৰিলোঁ৷ চিনিয়ৰ-জুনিয়ৰ মিলাই ছোৱালী ওলাল মুঠতে পাঁচজনীমান৷ আমি ঠিক কৰিলোঁ আমি একেটা ৰূমতে থাকিম৷ যিহেতু ৰূমবোৰ চাৰিজনীয়া সেয়ে এজনীয়ে পহৰা দিম আধাৰাতিলৈকে আৰু বাকী কেইজনী শুব৷ বাকী আধা ৰাতি আন এজনীয়ে পহৰা দিব৷ যেতিয়ালৈকে কলেজ কৰ্তৃপক্ষৰ পৰা চিকিউৰিটি গাৰ্ড নিদিয়ে তেনেকৈ সদায়ে পাল পাতি ল’ম৷
ৰাতি ডাইনিং হলত ভাত খোৱাৰ পিছতে সব ছোৱালী নিউ ব্লকলৈ গ’ল আৰু গ্ৰীলৰ দুৱাৰখন তলা মাৰি ৰূমে-ৰূমে সোমাল৷ ৱাৰ্ডেনে আকৌ এবাৰ আমাক সকীয়াই গ’ল৷ কিন্তু আমি নাচোৰবান্দা৷ কথামতেই কাম৷ আমি ৰ’ড, লাঠী আৰু চুৰি কেইখনমান গোটাই ল’লোঁ৷ বাকী কেইজনীক শুবলৈ কৈ মই কিতাপ এখন মেলি বহি থাকিলোঁ৷ প্ৰকাণ্ড ব্লকটো খালি, মাজে মাজে জেঠীৰ টিকটিকনি, জিলিৰ মাত৷ তেতিয়া হাতত আজিৰ নিচিনাকৈ স্মাৰ্ট ফোনো নাছিল যে মন গ’লে ফেচবুক বা ভিডিঅ’ চাই থাকিম৷ মাজে মাজে ৱালৰ সিপাৰে তীব্ৰ গতিত বাইক যোৱাৰ শব্দ, গাৰ্লছ হ’ষ্টেলৰ ওচৰত উকিয়াই যায়..৷ ৰাতি কিমান হ’ল মনত নাই৷ মই পিছৰাতি পহৰা দিয়াৰ পাল থকা জুনিয়ৰ ছোৱালীজনীক জগাই দি শুবলৈ ল’লোঁ৷ চিলমিলকৈ টোপনি আহিছে৷ সপোনতে যেন শুনিছোঁ মজিয়াত খটক..খটক..শব্দ৷ কোনোবাই যেন ভৰিখন চোচৰাই কিবা ধাতুৰ বস্তু মজিয়াত টানি নিছে..আকৌ খটক..খটক..৷ হঠাৎ শব্দটো মোৰ মূৰৰ ওচৰত ৰৈ গ’ল৷ কোনোবা যেন মোৰ একেবাৰে কাষতে ঠিয় দি আছে৷ টোপনিৰ ভৰত চকু খুলিব পৰা নাই, মুখেৰে চিঞৰিব পৰা নাই অথচ সব অনুভৱ কৰি আছোঁ৷ এটা মুহূৰ্তত জোৰকৈ চকুযোৰ খোল খালে৷ দেখোঁ আন্ধাৰত মোৰ মুখৰ অলপ ওপৰতে এখন মুখ, মূৰত পাগ মৰাৰ দৰে কাপোৰ এখন মৰা আছে৷
গগণফলা চিঞৰ এটা মাৰি গাৰ সমস্ত জোৰেৰে এটা গোৰ শোধালোঁ৷ মানুহটো সিফালৰ বিছনাত শুইথকা কেইজনীৰ গাত কৰ্ফাল খাই পৰিল৷
:হেই হেই বা কি কৰিছে? মইহে.. ৰিংকী৷ মাৰিলে কিয় মোক?
:ষ্টুপিড কি হুলিয়া বনাইছ এইটো হাঁ? আৰু মোৰ মুখৰ ওপৰত কি কৰিবলৈ আহিছিলি?
:নহয় বা মই চিকিউৰিটি গাৰ্ড টাইপৰ ফীলটো আহিবলৈহে কৰিছিলোঁ৷ আৰু আপোনাৰ মুখত মহ এটা পৰা নিচিনা দেখিহে চাইছিলোঁ..
তেতিয়ালৈ বাকী কেইজনীয়ে খপজপাই উঠি বিছনাত বহি আমাৰ আলেখ লেখ চাই পৰিস্থিতি বুজিবলৈ চেষ্টা কৰি আছে৷ আচলতে ৰিংকী আছিল অলপ টম বয় টাইপৰ৷ ল’ৰাৰ নিচিনা কাপোৰ, খোজ কাটল৷ থ্ৰিলাৰ মুভী চাই ভাল পায়৷ পহৰা দিবলৈ পাই তাই অলপ বেছিকৈয়ে কেৰেক্টাৰত ইনভ’লভ্ হৈ গৈছিল আৰু সেয়ে মূৰত কাপোৰ এখন পাগুৰিৰ দৰে মাৰি, ৰড ডাল ফ্ল’ৰত চোঁচোৰাই চোঁচোৰাই চিনেমাৰ দৰে এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছিল৷
অৱশ্যে পিছদিনা আমাৰ সমস্যাটোৰ সমাধান হৈছিল৷ প্ৰিন্সিপাল ছাৰে সেইদিনাৰ পৰাই হ’ষ্টেলৰ ভিতৰত এজন নাইট গাৰ্ড এপইণ্ট কৰিছিল৷
5:57 pm
মজা লাগিল ।
7:07 pm
হে হৰি ! হলেও তোমালোক সাহসী আছিলা কিন্তু
7:08 pm
হাঃ হাঃ তামাম আৰাধনা৷ তোমাৰ গোৰত তাই আধামৰা নহলনে?
7:38 pm
বৰ ৰস পালো..
8:16 pm
তাইৰ ভাগ্য ভাল আছিল এটা গোৰ হে পৰিল।
বেছ আমোদজনক। পঢ়ি ভাল পালোঁ।
8:23 pm
হা হা,জমনি দেই
12:21 am
জমনি কিন্তু। প্ৰথমে ভয়েই লাগিছিল। তাতে ৰাতিখন পঢ়িবলৈ ল’লোঁঁ।
12:34 pm
জমনি৷ কিন্তু বেচেৰীয়ে এনেই গোৰটো খাব লগা হ’ল৷