ফটাঢোল

জিভাৰ সুখৰ বতৰা- নাজিয়া হাচান

ৰাতিপুৱা শোৱাৰপৰা উঠিয়ে মানুহগৰাকীয়ে সদায় ঘৰৰ প্ৰতিজন সদস্যৰে টুথব্ৰাছ কেইডাল চাবোনেৰে ধুই লৈ, গৰম পানীত ডুবাই ডুবাই থৈ দিয়ে। ল’ৰা ছোৱালী হালকে ধৰি গৃহস্থয়ো চকু মোহাৰি মোহাৰি বেচিনটোৰ সন্মুখত থিয় হৈ সেই ব্ৰাছ কেইডাল মগটোত থকা গৰম পানীৰ পৰা উলিয়াই উলিয়াই নিতৌ ব্ৰাছ কৰাত লাগে।

:: মাজনী, বাবা এয়া গাখীৰ বিস্কুট। খোৱাহি আহি।―টেবুলত বস্তুখিনি থৈ এইবাৰ ল’ৰা ছোৱালীহালক মানুহগৰাকীয়ে  চিঞৰিলে।

:: হাতখন ধুইছা নে?

:: ঔ মা, এতিয়া দেখোন ব্ৰাছ কৰি মুখ হাত ভালকৈ ধুই আহিলোঁ। আকৌ হাত..?

:: নাই নাই! সেইটো কথা নহয়। যোৱা যোৱা হাতখন আকৌ ধুই আহিহে বিস্কুট গাখীৰ খোৱা, কৈ দিলোঁ।

নাক মুখ কোচাই সিহঁত দুইটা মাকৰ কথা মতেই হাত ধুবলৈ গ’ল।

এইবাৰ মানুহগৰাকীয়ে পুৱাৰ ব্ৰেকফাষ্ট তৈয়াৰ কৰিবলৈ বুলি ৰান্ধনীঘৰত ব্যস্ত হয়। খন্তেক আগত তেওঁ ভীমবাৰ দি বাচন ধুই উঠা হাতখনত আকৌ এবাৰ বেলেগে হেণ্ড ৱাশ্ব অকণমান সানি ফেনাই ফেনাই হাতদুখন ধুই ল’লে। আৰু অমলেট বনাবলৈ উলিওৱা কণী কেইটাকো অকণমান ভীম বাৰ সানি লাহে লাহে ধুইলৈ কণী কেইটাত চামুছেৰে টুকুৰীয়াই ভাঙিবলৈ ধৰিলে। দুদিন আগত তেওঁ গৰম পানীৰে ধুই ৰ’দত শুকুৱাই মচি মচি ৰখা পিয়াজ আৰু কেঁচা জলকীয়া কেইটাকো আকৌ এবাৰ পানীৰে ধুই অমলেটৰ বাবে  কুটি ল’লে।

কথাটো হ’ল.. মিচেছ ৰহমান মানুহগৰাকী কাম কাজত বেছ চাফ চিকুণ আৰু পৰিপাতি। নিজৰ ঘৰটো তেওঁ দিনটোত তিনিবাৰ ঝাড়ু লগাই আৰু দুবাৰকৈ মছে। ফেনাইল পানী, ডেটল পানী নহ’লে তেওঁ চকুৰে যেন একোৱেই নেদেখে! বৰ্তমানৰ এই কঠিন সময়খিনিত নীতি নিয়মবোৰ শুনি দেখি, তেওঁ মানুহগৰাকী এতিয়া আৰু বেছি সজাগ হৈ পৰিছে। ঘৰখনৰ পৰা তেওঁ এখোজো ক’তো বিনা কাৰণত কদম নাৰাখে। তেওঁলোকৰ  পদূলিৰ আগত যদি কোনো মানুহে চিঞৰি বাগৰিও থাকে তেওঁ প্ৰয়োজন নহ’লে দৰ্জা খুলি ওলাই নাযায়। কোনো মানুহ আহিলে; খিড়িকীৰেই তেওঁ মূৰটো সামান্য উলিয়াই সুধি মেলি প্ৰয়োজন নাথাকিলে সেইদৰেই মানুহক বাহিৰে বাহিৰে বিদায় দিয়ে।

ৰাতিপুৱাৰ আহাৰ বনাই; সকলোকে খুৱাই মেলি শেষ কৰি মিচেছ ৰহমানে পাকঘৰটোত ঝাড়ু লগাবলৈ আৰম্ভ কৰিলে। তেনেতে পতিদেৱ সন্মুখৰ কোঠাটোৰ পৰা সোমাই আহিল..

:: হেৰি! হেৰি! কি কৰে! পিছৰ দুৱাৰখনেদি আহক। এইফালে নহয়। ক’ত গৈছিল আপুনি। নাই যে ফটকৈ?

হাতত ঝাড়ুডাল লৈ মানুহজনীয়ে লৰি গৈ পতিদেৱক সুধিলে। মানুহজনীৰ কথাত তেখেতে ভৰিৰ পৰা ছেণ্ডেলযোৰ লগে লগে হাতত লৈ পিছদুৱাৰেদি সোমাই, পানীৰ কলটোলৈ বুলি আগবাঢ়িল।

:: বাৰীখনলৈ গৈছিলোঁ। অলপ ঘাঁহ বনবোৰ গুচাই আহিলোঁ। জিকা দুটা লাগিছে, এয়া লোৱা। নেমুও কলিয়াইছে।

জিকা দুটা পত্নীলৈ বুলি তেওঁ আগুৱাই দিলে।

:: এ..এ..ৰ’ব ৰ’ব! কি কৰে? থওকচোন থওক! জিকা দুটা সেই বাৰাণ্ডাৰ ৰ’দ পৰা ঠাই ডোখৰত থওক।
মানুহজনীয়ে তৰ্জনী আঙুলীটো লৰাই লৰাই পতীদেৱক  আদেশ দিলে।

:: হেৰা, জিকা দুটা দেখোন বাহিৰতে থকা! ৰ’দ পৰা জেগাৰ পৰায়ে আনিছোঁ! আকৌ বেলেগে ৰ’দ এচেৰেঙাৰ তাপ দিয়াৰ কি জুৰুৰত আছে হে?

আচৰিত হৈ মানুহজনে সুধিলে।

মানুহজনীয়ে একো উত্তৰ নিদি এটা বিশেষ ভংগীত ঝাড়ুডাল লৈ ৰাতি সাৰি-মচি থোৱা ঘৰটোক আকৌ বহি বহি চুকে কোনে খুচৰি খুচৰি সৰাত লাগিল।

:: হেৰা, কি বনাইছা খাবলৈ?

 এইবুলি মানুহজনে পাকঘৰলৈ গৈ খোৱা বস্তু  বিচাৰিবলৈ ধৰিলে।

:: অলপ আগত ৰুটি আৰু অমলেট খাইছেহে আপুনি! লগত গাখীৰ চাহ একাপো! ইমান সোনকালে ভোক লাগিলনে?

সাৰি থকাৰ পৰায়ে পত্নীয়ে উত্তৰ দিলে।

:: ডাঙৰ ভোক লগা নাই হে, সৰুকৈ লাগিছে। এই মিঠা আলু কেইটা সিজাই খাওঁ ৰ’বা।

কৈ তেওঁ মিঠা আলু কেইটা সিজাবলৈ হাতত ল’লে।

:: হেৰি! কি কৰে? আলু কেইটা অকণমান ভীমবাৰ চাবোন দি ঘঁহি, গৰম পানীৰে ধুই লওক। পিছত বাকলি গুচাই সিজাওক।

সাৰি থকাৰ পৰায়ে পত্নীৰ আদেশ।

:: ভীম বাৰ? কি কোৱাহে? পানীৰে ঘঁহি ঘঁহি ধুই লৈছোৱে দেখোন! আৰু ধুব নোৱাৰো দেই মই। নাখাওঁৱেই তেন্তে এই আলু যোৱা।

কৈ তেওঁ ডাঙৰ দীঘল মিঠা আলু দুটা ঠেকেছা মাৰি এৰি, টিভিটো লগাই বহি থাকিল।

টিভিটো লগোৱাৰ লগে লগে বাতৰিত আহিল। শাক পাচলিবোৰ যে কিদৰে পৰিষ্কাৰ কৈ ৰাখি খাব লাগে। হাতখন কিদৰে বাৰে বাৰে ধুব লাগে, বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ নোলোৱাটো উচিত পথ ইত্যাদি..।বাতৰিটো অহাৰ লগে লগে মানুহজনে চেনেলটো লৰালৰিকৈ সলাবলৈ ধৰোঁতেই সাত বছৰীয়া জীয়েকে দেউতাকৰ কাষলৈ লৰি আহি ক’বলৈ ধৰিলে..

:: ঔ দেউতা! আমাৰ মাৰ মাথাটো নহয়; এই টিভিটোৱে বেছি বেয়া কৰিছে জানা?

ভণীয়েকৰ কথা শুনি দহ বছৰীয়া ককায়েকো আহি দেউতাকক ডিঙিত মৰমেৰে সাৱটি ধৰি সুধিলে।

:: ঔ দেতা! আমি মাছ মাংস কেতিয়া খাবলৈ পাম! মায়ে খালি অমলেট, ছয়াবিন সোপাকে খুৱাই থাকিব নেকি? তুমি কিবা এটা কৰাচোন দেতা!

:: কিটো কৰিবি বাবা? গেটৰ তলাৰ চাবিতো আজি কেইদিনৰ পৰা মই বিচাৰি আছোঁ! নেপাওঁ। বজাৰো মাৰেহে কৰে আজিকালি। মোক ক’ত যাবলৈ দিয়ে বাহিৰলৈ? মই বোলে সতৰ্ক বজাই যাব নাজানো, মই বোলে ভিৰৰ মাজত সোমাই যাওঁ, মই বোলে হাতখন বাৰে বাৰে নাকটোলৈ নি মোহাৰি থাকোঁ…

মই নিৰুপাই অ! ছাগলী মাংস নোখোৱা কিমান দিন যে হ’ল! হয় অ বাচাহঁত, মোৰো এই ঘাঁহ পাতসোপা খাই খাই ক্ষিণাই যাবলৈ ধৰিছোঁ।

দেউতাকেও বৰ দুখেৰে সিহঁত হালক ক’লে।

:: অঁ, হয় অ’ দেতা! মায়ে কৈছে আমি কোনোৱে যদি মাৰ কথা নুশুনো, তেন্তে মায়ে হেনো পুলিচক কৈ দিবগৈ আমাৰ কথা! ন দাদা? মায়ে সিদিনা আলু পিটিকাদি ভাত খাবলৈ দি এনেকৈ কোৱা নাছিলনে আমাক?
জীয়েকে চকুকেইটা ডাঙৰ কৰি কৰি মাকে নুশুনাকৈ ফুচফুচাই ক’লে।

“কালিৰ পৰা মাছ মাংসৰ হোম ডেলিভাৰী কৰা হ’ব।”― হঠাৎ টিভিত অহা ডাঙৰ ডাঙৰ হৰফেৰে লিখা বাতৰিটো শুনি সিহঁত তিনিওটাই এটাই আনটোৰ মুখলৈ উজ্জ্বল দৃষ্টিৰে চালে। আৰু লগে লগেই পুতেকে মাকে বাতৰিটো পাকঘৰলৈ শুনাকৈ টিভিৰ ভলিউমটো বঢ়াই দিবলৈ লৰি গ’ল…।

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • Sadananda Bhuyan

    সাম্প্ৰতিক সময়ৰ ওপৰত লিখা লিখনিটো পঢ়ি বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *