তোমাৰ মিঠা এই চাৱনি – ৰীতা লীনা সোণোৱাল
ৰূমটো ইমান ধুনীয়া! দেখিয়ে মনটো ভাল লাগি যায়। চাদৰ ওপৰত থকা ৰূমটো এনেয়ে পৰি আছিল৷ মই অনুৰোধ কৰাৰ বাবে দুমাহৰ কাৰণে মোক ভাৰাত দিলে। এনেও মই চেলচ্ৰ মানুহ, সেইকাৰণে মানুহক সহজে সৈমান কৰাব পৰাত ভাল। এইখন চহৰত অৱশ্যে মোক কাম অলপ বেলেগকৈ দিছে। অফিচত বহিব লাগে বেছিভাগ সময়। সপ্তাহটোৰ প্ৰায় কেইদিন নিশাৰ ডিউটী কৰিব লাগে। আজি নাইট ডিউটী কৰি আহি পাইছোঁ অলপ আগতে৷ মূৰটো টিংটিঙাই আছে। হঠাৎ দুৱাৰত আহি কোনোবাই টুকুৰিয়ালে। চিলমিলকৈ টোপনি আহিছিল। দুৱাৰত টোকৰ শুনি খঙ উঠি গ’ল। দুৱাৰখন খুলি দিলোঁ, কোনো নাই। মোক ধেমালি কৰিবলৈ আহে কোনোবাই? খঙটো ওজাই আহি জিভাখনতে লাগি ধৰিলহি। বেয়াকৈ গালি এটা ওলাই আহিছিল। দুৱাৰখন বন্ধ কৰি আকৌ বিচনাত পৰিলোঁহি। জুলাই মাহৰ প্ৰচণ্ড গৰমকো আওকাণ কৰি শুবলৈ লৈছোঁ। তেনেতে পুনৰ দুৱাৰত কোনোবাই টুকুৰিয়ালে। এইবাৰ যদি সঁচাকৈয়ে মোক কোনোবাই ধেমালি কৰি আছে তেন্তে তাক মই সুদাই নেৰোঁ। দুৱাৰখন খুলি দিলোঁ। সমুখত মিচিকিয়া হাঁহি এটা ওঁঠত লৈ ছোৱালী এজনী ৰৈ আছে।
: আপুনি!
মোৰ মুখেৰে ফুটো নুফোটোকৈ শব্দটো ওলাল। আচলতে বুকুখন ভীষণ ধপধপাই উঠিছিল মোৰ।
: মই আপোনাৰ ভাৰাঘৰৰ মালিকৰ ছোৱালী।
: অহ্! আহক আহক, ভিতৰলৈ আহকনা।
তেওঁক মাতিলোঁ। যদিও মনে মনে ভগৱানক খাটি আছোঁ তেওঁ যাতে ভিতৰলৈ নাহে। ৰূমটোৰ যি অৱস্থা হৈ আছে! চাৰিদিন হ’ল ঝাৰুৱে মৰা নাই। কাপোৰ কানি কোনফালে পেলাই থৈছোঁ নিজেও নাজানো।
ছোৱালীজনীয়ে অলপকৈ হাঁহিলে।
: এইটো আচলতে মোৰেই ৰূম আছিল। আগতে দিনত ইয়াতেই পঢ়াশুনা কৰিছিলোঁ। সেইকাৰণে এবাৰ এনেয়ে চাবলৈ আহিলোঁ। আজি নুসোমাওঁ আৰু দিয়ক। আপুনি শুবলৈ লৈছিল চাগৈ৷
মই মূৰ দুপিয়ালোঁ। মনতে ভগৱানক হাজাৰবাৰ ধন্যবাদ দিলোঁ ছোৱালীজনী ৰূমত নোসোমাওঁ বুলি কোৱাৰ বাবে।
ছোৱালীজনী গুচি গ’ল। তাই আঁতৰি যোৱাৰ পাছত মিঠা সুবাস এটা আহি মোৰ নাকত লাগিলহি। গোটেই দিনটো মোৰ ভালকৈ শুৱা নহ’ল। ছোৱালীজনীৰ মুখখন মনলৈ আহি থাকিল। মোৰ ইয়ালৈ অহা এসপ্তাহ হ’ল যদিও তাইক মই দেখা নাছিলোঁ। এই এসপ্তাহত ৰূমটোত মাথোঁ শুইছোহে। বাকী খোৱা বোৱা সকলো বাহিৰতে কৰি আহোঁ। আজি ৰূমটো অলপ চাফা কৰিবলৈ মন গ’ল। ৰূমৰ পাছফালে থকা দুৱাৰখন খুলি চালোঁ। পৰিত্যক্ত অৱস্থাত থকা ষ্টৰ ৰূম এটা। মকৰাৰ জালেৰে আৱৰা গীটাৰ এখন পাৰি আছিল তাত। গীটাৰখন তুলি আনিলোঁ। বহুত দিন বজোৱা নাই গীটাৰ। তথাপিও পুৰণা হাতখনে মোক নিৰাশ নকৰিলে। দুটামান গান বজোৱাৰ পাছত মোৰ অফিচলৈ ওলাবলৈ সময় হ’ল।
অফিচত বহিও আজি মনটো ভাল লাগি থাকিল। কিমান দিন মই হঁহা নাই মোৰ নিজৰেই মনত নাই। আজি চাগে হাঁহি আছিলোঁ। মোৰ তলত নতুনকৈ জইন কৰা ল’ৰাজনে ক’লে,
: ছাৰ, আপুনি হাঁহি আছে।
: হাঁহিব লাগে হাজৰিকা। মানুহৰ জীৱনটো নো কিমান দীঘলীয়া! হাঁহি ল’ব লাগে পাৰোঁতেই।
বৰুণ হাজৰিকা বুলি কোৱা ল’ৰাজনে মোলৈ অবাক হৈ চাই থাকিল। তাৰ কঁপালত তেতিয়াও দুদিনমান আগতে বাইকৰ পৰা পৰি হোৱা আঘাটটো ট ট কৈ জিলিকি আছিল। আঘাটৰ বেদনাত জৰ্জ্জড়িত মুখখনত বিষাদৰ ছাঁ। আজিকালি মোৰ মনটো ভালেই লাগি থকা হৈছে। কামৰ হেঁচাও বহুখিনি কমি গৈছে। জুনিয়ৰবোৰক টাৰ্গেট পূৰণ কৰিবলৈ লগাই দিওঁ। মই নিশা অফিচলৈ ওলাই অহাৰ সময়ত মালিকৰ ছোৱালীজনী সদায় বাৰাণ্ডাত খোজ কাঢ়ি থাকে। মোলৈ চাই হাঁহেও। অৱশ্যে যিদিনা খুৰা বাৰাণ্ডাত থাকে সেইদিনা তাইক দেখি নাপাওঁ। তাইক নেদেখিলে মোৰ মনটো বেয়া লাগি যায়। নতুনকৈ সুৰ দুটামান শিকি আছোঁ। কালিলৈ দেওবাৰ। গীটাৰত সুৰকেইটা তুলিবলৈ চেষ্টা কৰিম। তাই এবাৰ অহা হ’লে মোৰ ৰূমলৈ! সুৰ দুটা বজাই শুনালোঁহেঁতেন। এনেয়ো মোৰ এই চহৰৰ পৰা যোৱাৰ দিন সমাগত। হাতত মাথোঁ আৰু কেইটামান দিনহে বাকী আছে। তাইক এবাৰ কাষত পোৱা হ’লে…মনতে ভাবিলোঁ, চেষ্টা এটা কৰি চাব লাগিব। চেষ্টাৰ অসাধ্য হেনো একো নাই৷
ৰাতিপুৱাই মুখখন ধুই গীটাৰখন হাতত তুলি ল’লোঁ। আজি ৰূমৰ দুৱাৰখন খুলি থৈছোঁ। ৰাতিপুৱাৰ আকাশখন ফৰকাল হৈ উঠিছে। ৰূমৰ কাষতে ডাঙৰ ড্ৰাম এটা কাটি বগা নয়নতৰা এজোপা ৰুই থোৱা আছে৷ পুৱা প্ৰায়ে খুৰাক ফুলজোপাত পানী দিবলৈ অহা দেখোঁ। ফুলজোপা জকমকাই ফুলি আছে। গীটাৰত বজাবলৈ চেষ্টা কৰিলোঁ,
তোমাৰ মৰমে মোৰ
দেহত তুলিলে ঢৌ
বুকুত দিলে যি মৌ
কি যে মিঠা মিঠা…!
চকুদুটা মুদি বজাই আছোঁ। মিঠা সুবাস এটা আহি নাকত লাগিলহি। উফ্! তাই সঁচাকৈয়ে আহিল। চকুমেলি দেখিলো তাই মোৰ সমুখৰ চকীখনত বহি মিচিকিয়াই আছে। কি এই মিঠা চাৱনি! মোৰ দৰে শীতল প্ৰাণীৰো তেজ উতলা কৰি দিয়ে।
: গীটাৰখন মোৰ আছিল।
তাই ক’লে।
: হয়!
মোৰ অলপ লাজ লাগি গ’ল। তাইক নুসোধাকৈয়ে বজাই আছিলোঁ বাবে।
: বেয়া নাপাব মই আপোনাক নোসোধাকৈয়ে বজাই আছিলোঁ।
: একো নাই। ময়ো বহুদিন ধৰি বজোৱা নাই। আচলতে মই পাহৰি গৈছোঁ সুৰবোৰ।
: মই শিকায় দিম নেকি?
মোৰ মগজত এটা কূটবুদ্ধিয়ে খেলা কৰি গ’ল। মোক আচৰিত কৰি তায়ো শিকিবলৈ আগ্ৰহী হৈ উঠিল।
: কি নাম তোমাৰ?
মোৰ মাতটো কঁপি উঠিছে। তাই মোৰ একেবাৰে কাষত আহি বহিছেহি। সম্বোধনটো একেকোবে আপুনিৰ পৰা তুমিলৈ নামি আহিল।
: নয়নতৰা।
তাইৰ মাতটোও কঁপিছে। আহ্! মোৰ ইমানদিনৰ হেঁপাহ পূৰণ হ’ব আজি। মই এপাকত উঠি দুৱাৰখন বন্ধ কৰি দিলোঁ। তাই ভয় খোৱা নাই। তাইৰ মিঠা চাৱনিত সমৰ্পণৰ সঁহাৰি। মই তাইক মোৰ ওচৰলৈ টানি আনিলোঁ। তাইৰ কোমল লেহুকা ডিঙিটোত আঙুলি বুলাই সুধিলোঁ,
: মোক ভালপোৱা?
: বহুত ভাল …
তাই উত্তৰটো শেষ কৰিবলৈ নাপালেই মই মোৰ তীক্ষ্ণ দাঁত দুটা তাইৰ ডিঙিত বহোৱাই দিলোঁ। কিন্তু ই কি! মোৰ দাঁত দুটা তাইৰ ডিঙিত নবহিল। তাই মোতকৈও চেঁচা। এই মোক ঠগিবলৈ আহে? তাই খিলখিলাই হাঁহি উঠিল।
: বহু বছৰ হ’ল। মই তুমি থকা এই ৰূমৰ চিলিঙি ফেনখনতেই ওলমি দিছিলোঁ। এজনে বিশ্বাস ঘাটকতা কৰিছিল।
তাই এইবাৰ শূণ্যতে ওপঙি থাকিল। তাইক মোৰ ৰূমৰ পৰা ওলাই যাবলৈ ক’লোঁ। তাই নাযায়। খঙটোৱে মোক পগলা কৰি তুলিছিল। অফিচলৈকে সোণকালে ওলাই গ’লোঁ। গোটেই নিশা কাম কৰাৰ পাছতো মোৰ ৰূমলৈ ওভতি আহিবলৈ মন নগ’ল।
: ছাৰ ৰূমলৈ নাযায়?
মোৰ অৱস্থা দেখি হাজৰিকাই সুধিলেহি।
: নাযাওঁ। ৰূমটোত ভূত এজনী আছে।
: ছাৰ, আমি সবেই ভূত দেখোন। আপুনি যেনিবা তেজ খাই জীয়াই আছে আৰু তাই নাখায়। অলপ পাছতেই ব্লাড বেংকৰ কৰ্মচাৰীবোৰ আহি পাব। যাওঁ বলক ছাৰ।
এজনী ছোৱালীৰ মিঠা চাৱনিয়ে মোক বিশ্বাসঘাটকতা কৰিলে। তাকো এজনী……!
☆ ★ ☆ ★ ☆
9:35 pm
বঢ়িয়া লাগিল ।
8:08 am
ভাল লাগিল ৰীতা বা ?