লগৰজনৰ ফোন আহিল,
: ফেব্ৰুৱাৰীৰ ২৩ তাৰিখে দাদাৰ বিয়া, তোলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ৷ এবাৰ দেখা দিবি বুলি আশা থাকিল।
ঘনিষ্ঠ বন্ধুৰ ককায়েকৰ বিয়া, তাতে আকৌ সকলোবোৰ পুৰণি বন্ধুৰ লগত আড্ডা জমোৱাৰ সুবিধা পাম, নোযোৱাকৈ থাকিব পাৰোঁ নে! গতিকে ফোনতে যোৱাৰ নিশ্চয়তা দিলোঁ। বিয়াৰ আগদিনাৰ পৰাই থৌকিবাথৌ মন, কি ৰঙৰ চুৰিডাৰৰ লগত কি ৰঙৰ কাণফুলি মিলিব, কোনটো ষ্টাইলৰ ক্লিপ লগালে মেটছিং হ’ব! এইবোৰ ভাবনাতে ৰাতি ভালকৈ শুবই নোৱাৰিলোঁ। ৰাতিপুৱা আকৌ আমাৰ চুবুৰিৰে বিউটি পাৰ্লাৰত কাম কৰা নমিতা বায়ে এপাকত আহি ফেচিয়েল কৰি দিয়াৰ উপৰিও চেলাউৰি কেইডালো চিকুণাই দিয়াৰ কথা। সেইদিনা ৰাতিপুৱা সোনকালে উঠি নমিতাৰ অপেক্ষাত অধীৰ হৈ থাকিলোঁ৷ অৱশ্যে পূৰ্বনিৰ্ধাৰিত সময়তে তেওঁ আহি গোটেইজনীকে চিকুণমতী কৰি থৈ গ’ল। যথাসময়ত ভণ্টিক সঙ্গী কৰি লৈ বিয়ালৈ ওলালোঁ৷ মেকআপ বেয়া হৈ যাব পাৰে বুলি দুয়োজনীয়ে পিলপিলি এখন ৰিজাৰ্ভ কৰি লৈ চিধাই বিয়া ঘৰৰ সন্মুখতে নামিলোঁঁ৷ পিচে বিয়াঘৰ পাই ৰভাথলীত লগৰ এজনীকো দেখা নাপায়হে মনটো বেয়া লাগিল৷ দৰাৰ ভায়েক তথা মোৰ লগৰজনে মাত লগালে,
: তই যে ফোনত মাতোঁতেই আহিছ ভাল লাগিল দেখি, পিচে লগৰ কেইজনীয়ে তোক ফোন কৰি কৰি নোপোৱাত ঘৰাঘৰি গ’ল।
তেতিয়াহে ফোনটোলৈ লক্ষ্য কৰি দেখোঁ যে ড্ৰেচিং টেবুলৰ সন্মুখত বহোঁতে কোনোবাই প্ৰসাধন প্ৰক্ৰিয়াত বাধা দিব পাৰে বুলি ফ্লাইট মোডত ৰখা ফোনটো তেতিয়ালৈকে সেইটো অৱস্থাতে আছে৷ নিজকে মনে মনে ধিক্কাৰ দি বন্ধুৰ ফালে চাই মিচিকিয়াই থ’লোঁঁ৷ এইবাৰ ৰভাৰ এটা কোণত বহি লৈ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিলোঁ, ক’ৰবাত কোনোবা টল ডাৰ্ক, হেণ্ডচাম চকুত পৰিবও পাৰে৷ এইটো বয়সৰ দোষ বুইছেনে, নাচাওঁ বুলি ভাবিলেও বিপৰীত লিংগৰ প্ৰতি দৃষ্টি যোৱাটো স্বাভাবিকেই দিয়কচোন৷ তেতিয়ালৈকে তেনে কোনো বিশেষ আকৰ্ষণ চকুত নপৰাত দায়িত্ব পালন কৰি দৰাক মাত লগাই উপহাৰটোকে দিলোঁ, লগত দৰাৰ লগত দি.এছ.এল.আৰ বাবাৰ জহতে দুকপি মান ফটোও তুলি ল’লোঁ৷ ফটো উঠি আজৰি হওঁ মানে ভাত খোৱাৰো নিমন্ত্ৰণ আহিল। শুভেচ্ছা শিঘ্ৰম বুলি মনতে খাচী মাংসৰ জোলখনৰ কথা পাগুলি আগ বাঢ়িলোঁ।
ঠিক তেনেতে চকুত পৰিল মংগলদৈ মহাবিদ্যালয়ৰ ডেকা অতিথি অধ্যাপক এজন, মিছা ক’লে কিডাল হ’ব, সেইজন আকৌ মোৰ কলেজীয়া জীৱনৰ বিশিষ্ট ক্ৰাছ। মিহিকৈ ছাৰৰ ফালে মায়াসনা চাৱনি এটা দিওঁ বুলি প্ৰস্তুত হৈছিলোঁহে মাত্ৰ, ক’ত নো উজুটি খাই কৰ্ফাল খাই পৰিলোঁ ততেই ধৰিব নোৱাৰিলোঁ। বিয়াৰ বাবে বিশেষ ভাবে ফ্লিপকাৰ্টৰ পৰা মগোৱা মস্ত ওখ চেণ্ডেলযোৰৰ এদাল ফিটা চিঙি হিল বেঁকা হৈ এনেকুৱা বিপদত পেলাব পাৰে বুলি সপোনতো ভবা নাছিলোঁ। ক’ত চাৰিচকুৰ মিলনৰ সপোন আৰু ক’ত চিঙা চেণ্ডেলৰ সৈতে ন যযৌ ন তস্থৌ অবস্থা! সকলো সপোন জলাঞ্জলি দি কিবাকৈ চেণ্ডেল চোচোৰাই চোচোৰাই হ’লেও তেজাল খাহীৰ আঞ্জাতে মনোনিবেশ কৰাটো উচিত হ’ব বুলি ভাবি খোৱা ঠাই পালোঁগৈ। পিচে সেইদিনা হয়তো ভগবানৰ কু-দৃষ্টি মোৰ ওপৰত ভালকৈয়েই পৰিছিল! হৈ যোৱা ঘটনাটোক এক দুৰ্ঘটনা বুলি ভাবি লৈ ভাত-মাংস খাই বৈ শেষ কৰিলোঁঁ৷
সেইদিনা আকৌ পিন্ধি গৈছিলোঁ এযোৰ দীঘল চুৰিডাৰ, হওঁতে চেণ্ডেলৰ লগত চুৰিডাৰো মেটছিঙেই আছিল৷ পিচে বিধিৰ বিপাক, দুটামান উগাৰ মাৰি হাত ধুবলৈ বুলি উঠিব খুজিছোঁহে মাথোন, হেলনীয়া হৈ থকা ডেস্কখনৰ এটা কোণত চুৰিডাৰযোৰ লাগি ধৰি পানীৰ জাৰ, চুৱাপাতেৰে সৈতে গোটেইখন ডেস্ক বাগৰি পৰিল। লাংখা-লিংখিকৈ এফালে পৰি ৰ’ল ডিচপজেবোল প্লেট, এফালে পানীৰ জাৰ, সিফালে আকৌ দৈ-মিঠাইৰ বাতি৷ মুঠতে যুদ্ধত বিধস্ত কোনোবা মধ্যপ্ৰাচ্যৰ ৰণভূমিৰ দৰে পৰিবেশ। পিচে ইমানগাল দুৰ্যোগৰ মাজতো ভগবান অলপ হ’লেও সদয় আছিল কিজানি! কিয়নো ভাগ্যক্ৰমে সেইখন ডেস্কত অকল ভণ্টি আৰু মইহে বহিছিলোঁঁ৷ আন কোনো অভ্যাগত থাকিলে হয়তো দুই বাই-ভনীৰ ৰাজহুৱা ভৰ্ৎসনা হ’লহেঁতেন। অৱশ্যে সেইটো ভৰ্ৎসনাৰ পৰা ৰক্ষা পৰিলোঁ যদিও আমাৰ সন্মুখৰ শাৰীত মাংসৰ হাড় চুপি থকা অতিথি অধ্যাপক ছাৰৰ পুতৌ ভৰা চাৱনি দেৰিকৈ হ’লেও চকুত পৰাত মোৰ আৱস্থাটো ফাট মেলা বসুমতী পাতালে লুকাওঁ দৰে হৈছিল৷
পিচে জীৱনলৈ এটা শিক্ষা ল’লোঁ, বিয়ালৈ যোৱাৰ আগতে চেণ্ডেলযোৰ আগতীয়াকৈ পৰীক্ষা কৰি লোৱাটো নিতান্তই প্ৰয়োজনীয়।
☆ ★ ☆ ★ ☆
11:00 pm
ইচ ইচ বেচেৰী???
9:20 pm
অৰ্থপূৰ্ণ হাস্যমধুৰ কাহিনী, ভাল লাগিল… আগলৈ পাই থাকিম বুলি আশা ৰাখিছোঁ