ফটাঢোল

শপত- চম্পক শৰ্মা 

দুবছৰ বছৰ মান আগৰ কাহিনী। ১২০৮৭ শতাব্দী এক্সপ্ৰেছখন ৰঙিয়াৰ ৩ নম্বৰ প্লেটফৰ্ম সোমাই গৈ মানে চিফুং পেছেঞ্জাৰখন ২ নম্বৰ প্লেটফর্মত ৰৈ আছিল। দৌৰা দৌৰিকৈ গৈ ট্ৰেইনখনত উঠি দিলোঁ। ট্ৰেইনখনত যাত্ৰী কম। খিৰিকীৰ কাষৰ ছিট এটাত বহি মোবাইলত সময় চালোঁ, ঠিক টাইম মতে ট্ৰেইন চলি আছে। শতাব্দীখনহে এডভান্স সোমাইছে।

: আৰে চম্পক, তুই এইখানে?

চিনাকি চিনাকি লগা মাত এটাত ঘূৰি চালোঁ, হয়, ভবা জনেই হয়। সেইজন নৰেন দা। আলিপুৰত লগ পাইছিলোঁ। সদাহাস্যমুখী নৰেন দা গাজা কোৱাত পাকৈত। এনেকুৱা ৰস লগাই কথাবোৰ কয়, বিশ্বাস নকৰি নোৱাৰি। আৰু সাধাৰণ কথা এটাও তেখেতৰ মুখত শুনিলে হাঁহি হাঁহি পেটৰ নাৰী ডাল ডাল হয়।
নৰেন দাৰ ওচৰত বহি খবৰ খাটি ল’লোঁ। আলিপুৰত থকা বন্ধুবোৰৰ খবৰ ল’লোঁ। এনেয়ে ক’লোঁ,

: নৰেন দা আপুনি কিন্তু সলনি হৈছে দেই। আগৰ নৰেন দা আৰু হৈ থকা নাই।

নৰেন দা কিছু সময় মনে মনে থাকিল। খিৰিকীৰে বাহিৰলৈ চাই  ক’লে,

: সময়ে সকলোকে সলনি কৰি পেলাই অ’ চম্পক।

: কিয়, কি হ’ল কওকচোন৷

দীঘলীয়া হুমুনিয়াহ এটা এৰি নৰেন দাই ক’লে,

: মই আৰু বেছিদিন জীয়াই নাথাকোঁ বুজিছ। আজি কালি সদায় মদ খাব লাগে।

আচৰিত হৈ গ’লোঁ। সুধিলোঁঁ,

: কিয়?

আৰু কথাষাৰত কিবা ৰহস্যৰ গোন্ধ পালোঁ। নৰেন দাই আগতেও মদ খাইছিল। কিন্তু সদায় খোৱা নাছিল।  সদায় খোৱা আৰু সদায় খাব লগা হোৱাৰ মাজত পাৰ্থক্য আছে। নৰেন দাৰ হাতখনত ধৰি সুধিলোঁ, নৰেন দা কি হৈছে কওকচোন। মোৰ অনুৰোধ এৰিব নোৱাৰি কৈ গ’ল নিজৰ জীৱনৰ এটি সৰু কাহিনী।

: আজিৰ পৰা দুবছৰ মান আগৰ কথা, আলিপুৰত তেতিয়া ডুৱাৰ্ছ মেলা চলি আছিল। বৌৱেৰাহঁতক লৈ মেলা চাবলৈ যোৱাৰ কথা। পিচে আমাৰ চাকৰিবোৰৰ কথা জানাই নহয়, কেতিয়া ক’ত যাব লাগে ঠিক নাথাকে। সেই দিনাও ছাৰৰ লগত এঠাইলৈ যাব লগা হ’ল। উভটি আহোঁতে সন্ধিয়া ধাবা এখনত ছাৰ সোমাল। লগত ঠিকাদাৰ দুজন। দামী মদ এবটল উলিয়াই আৰম্ভ কৰি দিলে। ময়ো তাৰে দুই পেগ খাই ঘৰ আহি পাওঁ মানে ল’ৰা-ছোৱালীহাল টোপনিয়ে গ’ল। আৰু বৌৱেৰাই ইতিমধ্যে লক্ষ্মী দেৱীৰ ‘মোট’ সলাই কালী দেবীলৈ পৰিৱৰ্তন হৈছে। বিভিন্ন শব্দৰে মোক থকা সৰকা কৰি থাকোঁতেই মুখত নিষিদ্ধ দ্ৰব্যৰ গোন্ধ পাই আৰু উগ্ৰ হৈ উঠিল। মই কিন্তু লগে লগে মিছা মাতিলোঁ। ঘটনা শেষত ইমান দূৰলৈ গ’ল যে মই ল’ৰা-ছোৱালীহালৰ শপত খাই মদ নোখোৱা বুলি ক’ব লগা হ’ল। কিন্তু নিজৰ লৰা-ছোৱালীৰ মিছা শপত খাবতো নোৱাৰি। তাতে সৰু কথা এটা ইমান ডাঙৰ কৰি পেলোৱাৰ বাবে খঙত ডাঙৰ ভুল এটা কৰি পেলালোঁ।

: কি কৰিলে?

নৰেন দাৰ মুখলৈ চাই সুধিলোঁ।

: বুজিছ, মোৰো বহুত খং উঠিছিল, টোপনি যোৱা ল’ৰা-ছোৱালীহাল সাৰ পাই গৈছিল। খঙতে কৈ দিলোঁ,
“খাইছোঁ, কি হ’ল তাতে। মোৰ পইছাৰে খাইছোঁ। তোৰ পইচাৰে খোৱা নাই নহয়। এই চা, লৰা-ছোৱালীহালৰ শপত। আজিও মদ খাইছোঁ। কাইলৈও খাম। সদায় খাম” ঘটনাটো তাতেই সমাপ্ত নহ’ল বুজিছ। এইযে ল’ৰা-ছোৱালীহালৰ শপত খালোঁ সদায় মদ খাম বুলি, এতিয়া এদিন মদ নাখালেই বৌৱেৰাই গালি পাৰে। ঘৰত যদি ল’ৰা-ছোৱালীৰ কিবা অসুখ হয় মোক মদ নাই খোৱা বুলি সন্দেহ কৰে। অলপ যদি জ্বৰ উঠে মোক ফোন কৰে, ইয়াৰ অলপ জ্বৰ উঠিছে, আপুনি অলপ মদ খাই আহকচোন। নোৱাৰি বুজিছ, এনেকৈ সদায় সদায় মদ খাব। এনেকৈ আৰু কিমান দিন জীয়াই থাকিম ক। কিযে তিৰোতা এজনী পালোঁঁ ঐ। তই পিচে এই কথাবোৰ কাকো কৈ নুফুৰিবি। তই কাৰণেহে ক’লোঁ। সকলোকে এইবোৰ কথাতো ক’ব নোৱাৰি।

নাৰেনদাই উদাস মনে বাহিৰলৈ চাই আৰু এটা হুমুনিয়াহ এৰিলে। আৰু মই বিশ্বাস অবিশ্বাসৰ দোমোজাৰ মাজত থাকিয়েই  নৰেন দাৰ পৰা বিদায় ল’লোঁ। কাহিনী অভি বাকী হায় মেৰে দোষ্ট।

ট্ৰেইনৰ পৰা নামি নেট অন কৰোঁতেই এটা অচিনাকি নম্বৰৰ পৰা হোৱাটছ আপত এটা মেছেজ পালোঁ। তাত লিখা আছিল

“গাজাটো কেনে লাগিল, মই নৰেন সূত্ৰধৰ৷”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *