ফটাঢোল

লোভ- নাজিফ হাজৰিকা

এশৰ ভিতৰত যেনেতেনে পয়ত্ৰিশ মান কৰিলোঁ, ইয়াতকৈ বেছি আৰু মই নোৱাৰোঁ৷ আমি লগৰ গোটেইকেইটাই সদায়েই পৰীক্ষা মিলিজুলি দিওঁ। নিজেও দেখুৱাওঁ আৰু আনৰ পৰাও চাওঁ৷ একমাত্ৰ ছোৱালীকেইজনী আৰু এই নৱজ্যোতিটোৰ বাহিৰে আমিবোৰে মিলাপ্ৰীতিৰে কামফেৰা কৰোঁ।

এইবাৰ মোৰ ভাগ্য বেয়া৷ সন্মুখত এই নৱজ্যোতিটো পৰিল, নিজেও নাচায় লোককো নেদেখুৱাই আৰু কাষত পৰিল প্ৰণামিকা। আটাইতকৈ চোকা ছোৱালী, কিন্তু যিহে গহীন-গম্ভীৰ মাটিবলৈকে ভয় লাগে৷ এনেও পিচে আমাৰ ছোৱালীবোৰৰ লগত সিমান মাতবোল নাই৷

এতিয়া পিচে মই কি কৰোঁ? ইফালে-সিফালে চালোঁ, সবেই মন দি লিখি আছে৷ বিপিন ছাৰ গাৰ্ড হিচাপে আছে যদিও বাতৰি কাকতখন একান্ত মনে পঢ়ি আছে। বাতৰি কাকতখনে গোটেই মানুহটোক ঢাকি আছে। এয়াই সুযোগ! ভাবিলোঁ মনে মনে পকেটৰ পৰা নকলৰ টুকুৰাকেইটা উলিয়াই আনিলোঁ৷ মেলি মেলি চালোঁ কোনকেইটা কমন পৰিছে৷ প্ৰণামিকাৰ চকুৱে চকুৱে পৰিল, তাই মোলৈ চাই নাক কোঁচালে৷

: ধুৰৰ কোনে পাত্তা দিয়ে এইজনীক! নিজৰ কাম কৰ৷

নিজকে ক’লোঁ৷ মাত্ৰ ১৫ নম্বৰ হে কমন পৰিল সঞ্চিত পুৰীয়াৰ পৰা৷ টুকুৰাকেইটা বহীখনৰ মাজত ভৰাই পটাপট লিখিবলৈ আৰম্ভ কৰি দিলোঁ। পিছফালৰ পৰা পিঠিত পেনৰ খুঁচ এটা পৰিল৷

: মোকো দে আকৌ টুকুৰাটো৷

ৰাতুলে ক’লে৷

: ল ল, মাৰ পটাপট৷ ছাৰে পেপাৰ পঢ়ি শেষ কৰাৰ আগতে খতম কৰ৷

টুকুৰাটো দি কলোঁ। ৫০ নম্বৰ হৈ গ’ল৷ এতিয়া কি কৰিম? পেনটোৰে নৱজ্যোতিৰ পিঠিত খুঁচ এটা মাৰিলোঁ৷

: কি হ’ল?

সি সুধিলে৷

: চাওঁ দেখা কি লিখিছ৷

: ধেই একো পৰা নাই বে৷ ইমান টান আহিছে৷

গম পালোঁ তাক কৈ লাভ নাই৷ এতিয়া কি কৰিম?
উপায় নাই৷ কেৰাহীকৈ চাই দেখিলোঁ প্ৰণামিকাৰ বহীখন ওপৰত পৰি আছে আৰু তাই অতিৰিক্ত ভাবে লোৱা কাগজত লিখি আছে। মনে মনে তাইৰ বহীখন চাই চাই গোটেই অংকটো টুকিলোঁ৷ ৫৭ নম্বৰ হৈ গ’ল৷

এতিয়া? মাতো-নামাতোঁকৈ মাতিলোঁ তাইক।

: শুনাচোন৷

: কি?

: বহীখন লুটিয়াই দিয়া না?

মোক আচৰিত কৰি তাই বহীখন লুটিয়াই দিলে৷ এতিয়া মোক কোনে পাই! মুঠতে ৰ’বলৈ নাই, ‘ধাই ধাই’ টুকিছোঁ তাইৰ বহীৰ পৰা। চকুকেইটা তাইৰ বহীত আৰু কলম চলিছে মোৰ বহীত। বচ ! হৈ গ’ল৷ ৮০ মান কৰা হৈ গ’ল৷ নিজকে ৰজা ৰজা লাগিল। পিচে লোভ বুলি কথা এটা আছে নহয়। ১২ নম্বৰ প্ৰশ্নটো কোনেও পৰা নাই কৰিব, প্ৰণামিকায়ো পৰা নাই৷ তপনৰ ওচৰত ‘টুকুৰা’ আছে কিন্তু সি মাৰিবলৈ ভয় কৰিছে।

: ঐ তপন

: কি?

: চাওঁ পুৰীয়াটো দে৷

সি দলিয়াই দিলে। মই ঠাপ মাৰি ধৰিলোঁ৷ মাৰিবলৈ আৰম্ভ কৰোঁতেই প্ৰণামিকাই বাধা দিলে।

: নামাৰিবা, ছাৰে দেখিলে উলিয়াই দিব।

: একো নাই দিয়া৷

এতিয়া তাইক কোনে পাত্তা দিয়ে৷ লিখিবলৈ লৈছোঁহে, তেনেকুৱাতে বিপিন ছাৰ উঠি আহিল৷ আহিয়ে চিধাই মোৰ বহীখন উঠালে৷

: এইবোৰ কি?

টুকুৰাটো উঠাই ছাৰে সুধিলে৷ তল মূৰ কৰি মনে মনে থাকিলোঁ। ছাৰে ৰঙা পেনটোৰে ডাঙৰকৈ দহ লিখি বহীখন জব্দ কৰিলে৷ তই এতিয়া যাব পাৰ৷ মই উঠি আহিলোঁ। ভাবিলোঁ, ছাৰে পেপাৰ হে পঢ়ি আছিল, কেনেকৈ দেখিলে মোক? প্ৰণামিকাৰ চকুৱে চকুৱে পৰিল। তাইলৈ চাব নোৱাৰিলোঁ৷ ওলাই আহিলোঁ। ছাৰে পঢ়ি থকা পেপাৰখনলৈ চকু গ’ল হঠাতে৷ পেপাৰৰ মাজত এটা গোলকৈ ফুটা আছিল৷

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল বহুত

    Reply
  • Anonymous

    বঢ়িয়া লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *