ফটাঢোল

কণ্টকৰাম আনপ্লাগড- দেবজিত শৰ্মা

মবাইলৰ স্ক্ৰীণখনত চকু ফুৰাই কণ্টকৰাম জুনিয়ৰে বিৰবিৰাই উঠিল,

: চাল্লা! ফটো দিয়াৰ এঘণ্টা হ’ল৷ মাত্ৰ ১০ টা লাইক আৰু ৩ টা কমেণ্ট! এদিন আগতে পাৰ্লাৰত গৈ ফেচিয়েল কৰাই অপ্ৰয়োজনীয় কাঁইটবোৰ থ্ৰেডিং কৰাই আহিছোঁ৷ টকা কি গছত লাগে! পাৰ্লাৰত ভৰি অহা ধনতকৈ কম লাইক পালে বেং একাউণ্টেই ডি এক্টিভ কৰি দিম৷

প্ৰকৃততে ফেচবুকত কণ্টকৰামৰ এফ আৰ পি একেবাৰেই বেয়া এই কেইদিন৷ আপডেটবোৰতো পূৰ্বৰ দৰে লাইক কমেণ্ট নাই৷ এটা সময় আছিল কণ্টকৰাম জুনিয়ৰৰ ভাতখোৱা মাছখোৱা আপডেটতেই শ শ লাইক কমেণ্ট আহিছিল৷

: ৰাতিপুৱাৰে পৰা সেই ডালতে লাগি থাক৷ ইফালে ঘৰত যে খাবলৈ একো নাই, চিলিণ্ডাৰ ৰাতিয়েই শেষ৷ কোনে আনিব? মই বেমাৰী মানুহজনীয়ে? দেউতাৰৰতো পেপাৰ টিভিৰ পৰা আহৰিয়ে নাই৷ মানুহ পালেই চৰকাৰৰ মুখপাত্ৰ হৈ ভাষণৰ বকলা মেলে৷ তেখেতৰ উৎপাতত ঘৰৰ জেঠিও পলাই পত্ৰং দিলে৷

মাকৰ মাততহে কণ্টকৰাম বাস্তবলৈ ঘূৰি আহিল৷

বিৰক্তিত কপালৰ শিৰ থুপ খোৱাই কণ্টকৰামে মাকলৈ চালে৷ এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত মাক দেউতাকৰ লগত তাৰ কাজিয়া হোৱা নাই৷ ডাঙৰ হৈ অহাৰ লগে লগে কণ্টকৰামৰ প্ৰথম ক্ষোভটো আছিল তাৰ নামটোক লৈ৷ ককাকে সেই তেতিয়াৰে দিনত নাচপতি পিঠিৰ কাঁইটত লৈ নিজৰ মাক দেউতাকক আনি দিছিল৷ সেইটোৱে ককাকক সাংঘাতিক এটা পৰিচয় দিয়াৰ লগতে কোনোবা নিউজ চেনেলত এক ঘণ্টীয়া টক শ্ব’ এটাতো অংশগ্ৰহণ কৰাৰ সুযোগ দিছিল৷ কিন্তু এতিয়াতো ভাই ডিজিটেল ইণ্ডিয়াৰ যুগ৷ এপ খুলি অনলাইন অৰ্ডাৰ কৰিলেই খাদ্য আহি পদূলিমুখত৷ তাৰ বাবে অতীত খুচৰি ইমান আউটডেটেড নাম এটা দিয়াৰ কি প্ৰয়োজন আছিল!

পদূলিৰ গেটখন খুলি লাহে লাহে কণ্টকৰাম চাৰিআলিটোৰ ফালে ওলাই গ’ল৷ চাৰিআলিৰ পাণ দোকানখনৰ চুকত ৰৈ চিগাৰেট এটা জ্বলাই ল’লে৷ নেউলৰ দোকানৰ সন্মুখত থকা বেঞ্চখনত বহি দুজনমানৰ সাংঘাতিক আলোচনা ফেচবুকত হোৱা বিতৰ্কক লৈ৷ নেউলৰ এই দোকানখনতে দেশখনৰ দেশ বিদেশৰ ৰাজনীতি চিনেমা সকলোৰে খবৰ পোৱা যায়৷ মাজতে ফ্ৰাইড ৰাইচৰো বেপাৰ কৰা নেউলো কিন্তু ফেচবুকত বিয়াগোম জাতীয়তাবাদী৷ মাজতে কোনোবা সংগঠন এটাই মাতি নি শ্ৰেষ্ঠ যুৱ ব্যৱসায়ীৰো সন্মান দিছিল৷ এনেই বাৰু ব্যৱসায়ৰ ক্ষেত্ৰত নেউলৰ বৰ ঠিক চলি থকা নাই বুলিয়েই জনা যায়৷ সেই  দোকানৰে সন্মুখত বহি দুজনমানে সৰস আলোচনা চলাই আছে৷ বিষয় বস্তু কাৰোবাৰ ফেচবুকৰ অৰ্ধনগ্ন ভিক্ষাৰীৰ ফটোৰ আপডেট এটা, যাক লৈ নিউজফীড ভৰি পৰিছে৷ ডাষ্টবিনৰ পৰা খাদ্য সংগ্ৰহ কৰি থকা ফটো এখনক লৈ ফেচবুক সমাজখন ভাগ ভাগ হৈ পৰিছে৷ কোনোবাই যদি ইয়াৰ বাবে চৰকাৰক দায়ী কৰিছে, কোনোবাই দোষ দিছে ফটো শ্বেয়াৰ কৰা জনক৷

: এইবোৰতে লাগি থাকক সকলোৱে৷ সমাজখন এনেকৈয়ে ধংস হ’ব৷

বিৰক্তিৰে চিগাৰেটৰ শেষ অংশটো দূৰলৈ দলিয়াই কণ্টকৰামে নিজকে নিজে কৈ উঠিল৷

কণ্টকৰাম জুনিয়ৰ বৰ্তমান ফেচবুকৰ জনপ্ৰিয়তা উদ্ধাৰৰ যুঁজখনত এজন যুদ্ধৰত সৈনিক৷ বহু চেষ্টাৰ মূৰত কেতিয়াবা নিজৰ আপডেটত ৫০ টা মান লাইক পায়৷ বৰ্তমানে সি স্থানীয় ফলমূলৰ ব্যৱসায় আৰু সৰু টিউচন চেণ্টাৰ এটাৰ মালিক হৈ কোনোমতে মূৰ দাঙি ঠিয় হৈ আছে৷ ইফালে ঘৰত খেচখেচনি মাক দেউতাকৰ বিয়া পাতিব লাগে৷ কিন্তু কণ্টকৰাম জুনিয়ৰেহে জানে এই প্ৰতিদ্বন্দ্বীতাৰ পৃথিবীখনত মূৰ দাঙি থিয় দি থকাটো কিমান কঠিন৷ কাষৰে অন্য এখন দোকানত পোৱা সতেজ সজীৱ ফলমূলৰ লগত তাৰ নিজৰ দোকানৰ শুকাই যাব খোজা ফলমূলবোৰে প্ৰত্যাহ্বান জনাই কেনেকৈ! ইফালে অন্য টিউচন চেণ্টাৰৰ তুলনাত নিজৰ শ্ৰেণীবোৰত শিক্ষাৰ্থীৰ সংখ্যা একেবাৰেই কমি গৈছে৷ এই গতি থাকিলে ব্যৱসায়ত লালবাটি যে জ্বলিব সেয়া খাটাং!

চিন্তাক্লিষ্ট মন এটা লৈ লাহে লাহে আগবাঢ়ি জুনিয়ৰ কণ্টকৰাম গৈ ৰন্ধন গেছৰ এজেন্সিটোৰ ওচৰ পালেগৈ৷ দীঘল ভিৰ৷ বিৰক্ত হৈ থকাতকৈ মবাইলত পুনৰ ফেচবুক খুলিলে৷ ফেচবুকত খুলিয়েই কাছৰ লাইভ ভিডিঅ’ এটাৰ নটিফিকেশ্যন আহিল৷ তাহানিৰ দিনতেই কাছই শহাৰ লগত হোৱা দৌৰ প্ৰতিযোগিতা এখনত প্ৰথম হৈছিল৷ আৰম্ভণিতে ইমান কথাটোৱে গুৰুত্ব পোৱা নাছিল যদিও সময়ৰ লগে লগে কাছ এক জীৱন্ত কিংবদন্তিত পৰিণত হোৱাৰ দৰে হ’ল৷ আজিৰ দিনত কাছ এজন ‘মটিভেশ্যনেল স্পীকাৰ’ৰ লগতে ‘উদ্যোগপতি’, ‘বুদ্ধিজীৱী’, ‘চিত্ৰ নিৰ্মাতা’, ‘গায়ক’, ‘সুৰকাৰ’ , ‘গীতিকাৰ’, ‘ভাস্কৰ্য্য শিল্পী’ তথা যি কোনো জলন্ত সামাজিক ৰাজনৈতিক সমস্যাত মতামত প্ৰকাশ কৰিব পৰা এটা পাব্লিক ফিগাৰ৷ স্থানীয় নিউজ চেনেলত মেকুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰে সৰ্বকালৰ ভিউৱাৰচ ৰেকৰ্ড ভংগ কৰিছিল৷ প্ৰায় লাখৰ ঘৰত ফ’ল’বাৰচ থকা কাছৰ ইউটিউব চেনেলৰ পৰায়েই বছৰি যথেষ্ট উপাৰ্জন হয়৷

লাইভত কাছই নৱ প্ৰজন্মৰ শ্ৰম বিমুখিতাৰ লগতে নিজৰ অতীত স্মৰণ কৰি শাৰিৰীক পৰিশ্ৰম আৰু বৰ্তমানৰ প্ৰতিযোগিতাৰ দৌৰৰ ওপৰত এটা সুন্দৰ ভাষণ দি আছে৷ ভাষণটো শুনাৰ সমান্তৰালকৈ কণ্টকৰামে লাইভত অহা কমেণ্টবোৰো পঢ়ি গ’ল৷ প্ৰায় সকলোৱেই “অনুপ্ৰাণিত হ’লোঁঁ”, “চকুপানী ওলাই গ’ল”, “আজিৰ পৰা আমিও কষ্ট কৰি জীৱনটো গতিশীল কৰিম” আদি কমেণ্ট৷ মূলতঃ নিজৰ ভাষণৰ লগতে প্ৰশ্নোত্তৰৰ এই শিতানটোত বিভিন্নজনে প্ৰশ্ন কৰিছে৷

কেনেকৈ বহুজাতিক কোম্পানীৰ ব্যৱসায়ৰ লগত ফেৰ মাৰিব পাৰি! কাছই খুব আবেগিক হৈ কৈ গৈছে,

: হে যুৱ প্ৰজন্ম, তোমালোকৰ হাততে আছে ভবিষ্যত গঢ়াৰ চাবি কাঠি৷ এই মাটিৰ, জাতিৰ শকতি বিশ্বক দেখুৱাৰ সময় এয়া৷ পুঁজিপতি শক্তিক পৰাভূত কৰি ক্ষুদ্ৰ স্থানীয় ব্যৱসায় বাণিজ্যৰ ভেটি মজবুট কৰিবলৈ সকলো আগবাঢ়ি আহক৷

কৈ কৈ কাছৰ চকুলো বৈ আহিল৷ ফেচবুক বন্ধ কৰি কণ্টকৰাম জুনিয়ৰ বাস্তৱলৈ ঘূৰি আহিল৷ কাছৰ কথাখিনিয়ে মন মগজুত বাৰুকৈয়ে ডোলা দি আছিল৷

“নাই কিবা এটা কৰিব লাগিল, ইফ ইউ থিংক ইউ কেন! ইউ কেন৷ য়েচ আই কেন!”

দৌৰাদৌৰিকৈ দোকানলৈ গৈ বস্তাত থকা লেৰেলি যোৱা নাচপতি দুটামান মোনাত ভৰাই লৈ হাবিৰ এমূৰে থকা বৃদ্ধা কেটেলা পহুগৰাকীৰ ঘৰলৈ বাট ল’লে৷ তেখেতৰ কোলাত লগত নিয়া টোপোলাটো দি বিভিন্ন ভংগীমাত ফটো তুলি ফেচবুকত হেশ্বটেগসহ আপডেট দিলে, “স্ব-নিয়োজনৰ দিশত এখোজ, আই মাতৃসকলেই আমাৰ শকতি৷” লগতে বৃদ্ধাগৰাকী আৰু নিজৰ সম্পৰ্কে হৃদয় বিদাৰক আপডেট৷

বি:দ্ৰ: আজিকালি কণ্টকৰাম জুনিয়ৰ খুবেই ব্যস্ত৷ শ্ৰেণীকোঠাৰ আৰু ব্যৱসায়ৰ কামকাজৰ ব্যস্ততাৰ মাজতে সময় উলিয়াই নাচপতিৰ ব্যৱসায়, ৰপ্তানি আৰু প্ৰতিপালন সম্পৰ্কে জনাবলৈ দুই এদিনতে লাইভ আহিব ফেচবুকত৷ চাবলৈ নাপাহৰিব আবেগিক লাইভটো৷

☆ ★ ☆ ★ ☆

9 Comments

  • ৰিণ্টু

    হা হা হা। তামাম লিখিলা হে দেবজিত

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল দেবজিত

    Reply
  • Abhijit Goswami

    বঢ়িয়া লিখিলা হে বন্ধু.. সাম্প্ৰতিক সময়ৰ ছবি

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া দেবজিত ??

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সুন্দৰ দেৱজিত। লিখি থাকিবা।

    Reply
  • ডলী

    বঢ়িয়া লিখিছা। ভাল লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এইডাল তীৰ বৰ জোঙাহে৷ বঢ়িয়া৷

    Reply
  • পাপৰি ভাগৱতী নাথ

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *