ফটাঢোল

জানো আহকচোন আমাৰ চিনাকি বেলিটোৰ দৰে নক্ষত্ৰবোৰৰ_জীৱন চক্ৰৰ বিষয়ে- পঙ্কজ বৰুৱা

আমি দেখা বা অস্তিত্ব অনুভৱ কৰা অস্তিত্ব অনুভৱ নকৰা, কিন্তু প্ৰকৃততি থকা গ্ৰহ নক্ষত্ৰ, উপগ্ৰহ নীহাৰিকা, তাৰকা ৰাজ্য, ধূমকেতু, উল্কা আদিকৰি সমষ্ট মহাকাশীয় বাসিন্দাক লৈ কল্পনা কৰা জগতখনেই হ’ল বিশ্বব্ৰহ্মাণ্ড৷ এই বিশ্বব্ৰহ্মাণ্ডৰ  যি বোৰ পিণ্ডৰ নিজা শক্তি উৎপন্ন কৰাৰ ক্ষমতা থাকে সেইবোৰে হ’ল নক্ষত্ৰ৷  এই নক্ষত্ৰ বোৰৰ সৃষ্টি হয় নীহাৰিকাৰ পৰা যি গেছ আৰু মহাকাশীয় ধূলীকণাৰে পৰিপূৰ্ণ৷ যেতিয়া কোনো এটা মহাকাশীয় পিণ্ড সৃষ্টিৰ পাছত তাত পাৰমাণৱিক বিক্ৰিয়া আৰম্ভ হ’ব ধৰে আৰু শক্তি আৰু তাপ উৎপন্ন কৰিব লয় তেতিয়াই এটা নক্ষত্ৰৰ জন্ম হয়৷

এটা নক্ষত্ৰ গঠিত হয় যেতিয়া মহাকাশত বহু পৰিমাণৰ গেছ বেছিকৈ হাইড্ৰজেন তাৰ মধ্যাকৰ্ষণৰ কাৰণে নিজে নিজে নাশ পাবলৈ আৰম্ভ কৰে৷ ই ইমানেই সংকোচিত হৈ গৈ থাকে গেছটোৰ পৰমাণুবিলাক ইটোৱে সিটোৰ সৈতে বৰ ঘনাই আৰু দ্ৰুতৰ পৰা দ্ৰুততৰ গতিত সংঘৰ্ষ হ’বলৈ আৰম্ভ কৰে- গেছটো তপত হৈ গৈ থাকে৷ শেষত ই ইমানেই গৰম হয় যে হাইড্ৰজেন পৰমাণুবিলাকৰ সংঘৰ্ষ হওঁতে ইটো সিটোৰ পৰা উফৰি অহাৰ পৰিবৰ্তে ইটো সিটোৰ লগ লাগি হিলিয়াম গঠন কৰে৷ এই প্ৰতিক্ৰিয়াটোত উৎপন্ন হোৱা তাপ এটা নিয়ন্ত্ৰিত হাইড্ৰজেন বোমা বিস্ফোৰণ হোৱাৰ নিচিনা যি তৰাটো জিলিকাই তোলে৷ অতিৰিক্ত তাপখিনিয়ে গেছটোৰ চাপ বৃদ্ধি কৰি গৈ থাকে যেতিয়ালৈকে ইয়াৰ মধ্যাকৰ্ষণীয় আকৰ্ষণৰ লগত  ভাৰসাম্যতা অনাৰ কাৰণে যথেষ্ট নহয় আৰু গেছৰ সংকোচন বন্ধ হৈ নপৰে৷ এই প্ৰক্ৰিয়াটো এটা বেলুনৰ দৰে, বেলুন এটাৰ ভিতৰত থকা বতাহ যি বেলুনটো ফুলাবৰ চেষ্টা কৰে আৰু ৰবৰৰ টান যিটোৱে বেলুনটো সৰু কৰাৰ চেষ্টা কৰে , এই দুয়োটাৰ মাজত থকা ভাৰসাম্যৰ নিচিনা৷ পৰমাণুগৰ্ভী প্ৰতিক্ৰিয়াৰ পৰা পোৱা তাপৰ কাৰণে মধ্যাকৰ্ষণ বলৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বহু দীঘলীয়া সময়লৈকে তৰাবোৰ সুস্থিৰ হৈ থাকিব ৷ অৱশেষত অৱশ্যে তৰাবোৰত  হাইড্ৰজেন আৰু অন্যান্য পৰমাণুগৰ্ভী ইন্ধনৰ অভাৱ ঘটিব৷ ৰহস্যজনক ভাৱে তৰা এটাৰ সৃষ্টিৰ বাবে যিমান ইন্ধন লাগে সিমানেই সোনকালে এইবোৰ নাইকিয়া হয় ৷ইয়াৰ কাৰণ হ’ল তৰা এটা যিমানেই বেছি ভৰযুক্ত হয় সিমানেই বেছি তাপযুক্ত হৈ ই মধ্যাকৰ্ষণৰ লগত ভাৰসাম্য ৰক্ষা কৰিব লগা হয়৷ বেছি গৰম হোৱা মানেই বেছি খৰকৈ ইন্ধন ব্যৱহাৰ কৰা ৷ আমাৰ বেলিটোৰ সম্ভৱত আৰু পাঁচ হাজাৰ নিযুত বছৰ অথবা তেনে এক সময়ৰ কাৰণে ইন্ধন জমা আছে, ইয়াৰ পাছতে লাহে লাহে সংকোচিত হৈ এটা বগা বামন তৰালৈ ৰূপান্তৰিত হ’ব৷ কিন্তু আমাৰ বেলিটোতকৈ বেছি ভৰযুক্ত তৰাবোৰৰ ইন্ধনে এশ নিযুত বছৰো নাজাব তেনে এটা নক্ষত্ৰ হ’ল আমাৰ পৰা প্ৰায় ৬০০ আলোকবৰ্ষ দূূূূৰ থকা বিটুলজুস নক্ষত্ৰটো যাৰ বয়স সূৰ্য্যতকৈ কম কিন্তু আকাৰ আৰু ভৰ বহু বেছি৷ বৈজ্ঞানিক সকলৰ মতে ইতিমধ্যে এই তৰাৰ ইন্ধন শেষ হৈছে আৰু চুপাৰন’ভা বিষ্ফোৰণৰ আপেক্ষাত আছে ৷ চুপাৰন’ভা বিষ্ফোৰণৰ পাছত এই নক্ষত্ৰ হয়টো ২০/২৫ কিঃমিঃ ৰৰ  এটা নিউট্ৰন ষ্টাৰ, মেগনেটাৰ নতুবা কৃষ্ণগহ্বৰলৈ পৰিবৰ্তন হ’ব পাৰে৷

নক্ষত্ৰৰ জন্ম বৃতান্ত লিখিলে থুলমূলকৈ হ’লেও চৌম্বকত্বৰ কথা ন’ক’লে ন’হ’ব৷ বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্বই বিদ্যুত চৌম্বকত্ব বা চৌম্বকীয় তৰংগৰ ওপৰত নিৰ্ভৰশীল৷ ব্ৰহ্মাণ্ডৰ সকলো বস্তু চৌম্বকীয় তৰংগই আকাৰ দিয়ে, নক্ষত্ৰ সমূহক প্ৰজ্বালন ক্ষমতা দিয়ে, ব্ৰহ্মাণ্ডৰ সকলো বস্তুক ধৰি ৰাখে৷ চৌম্বকীয় তৰংগৰ অবিহনে নক্ষত্ৰ, গ্ৰহ মানৱজাতি আনকি পোহৰ একোৱে নাথাকিব৷

আমি সকলোৱে জানো যে এটা নক্ষত্ৰৰ সৃষ্টি হ’বলৈ কেৱল বিশাল হাইড্ৰজেন গেছৰ ডাৱৰ আৰু মধ্যাকৰ্ষণ বল  লাগে যি সংকোচিত হৈ সংযোজন বিক্ৰিয়া সৃষ্টি হ’লেই হ’ল কিন্তু নক্ষত্ৰৰ জন্মৰ প্ৰক্ৰিয়া তেনে নহয়৷ যেতিয়া মহাকাশৰ কোনো নীহাৰিকাত বিশাল হাইড্ৰজেন গেছ মধ্যাকৰ্ষণ বলৰ বাবে সংকোচিত হয় সেই সময়তে ইয়াৰ চাৰিও দিশে গেছৰ এক আৱৰণে কাঁহিৰ দৰে কৌণিক ভৰবেগ তত্ত্ব অনুযায়ী তীব্ৰ বেগত ঘূৰিবলৈ আৰম্ভ কৰে৷ মধ্যাকৰ্ষণ বলে ভিতৰলৈ আৰু কৌণিক ভৰবেগে বস্তুবোৰ বাহিৰলৈ দলিয়াই পেলাবলৈ চেষ্টা কৰে৷ এই দুয়োটা শক্তিয়ে এটাই আনটোৰ বিপৰীতে কাম কৰে৷ কৌণিক ভৰবেগে ইমানেই বেছি হয় যে হাইড্ৰজেনৰ ডাৱৰক ঘনিভূত হৈ সংযোজন বিক্ৰীয়া ঘটিব নিদিয়ে৷ এটা নক্ষত্ৰৰ জন্ম হ’বলৈ হ’লে এই কৌণিক ভৰবেগৰ গতি ধীৰ হ’বই লাগিব৷ এই ক্ষেত্ৰত ইয়াত এক তৃতীয় শক্তিয়ে অৰিহণা যোগায় ৷ তিব্ৰ বেগত ঘূৰা গেছীয় কাঁহিত বৈদ্যুতিক চৌম্বকত্ব বলৰ সৃষ্টি হয় যি মহাকাশত ঘৰ্ষণৰ দৰে কাম কৰি গতি ধীৰ কৰে যাৰ ফলত মধ্যাকৰ্ষণ বল কৌণিক ভৰবেগত কৈ প্ৰবল হৈ পৰে৷ ঘূৰ্ণীয়মান গেছিয় কাঁঁহী খনে  বাহুৰ আকৃতি লৈ নতুনকৈ জন্ম হ’ব ধৰা নক্ষত্ৰত জাহ জাব ধৰে আৰু তেতিয়ালৈক এই প্ৰক্ৰিয়া চলি থাকে যেতিয়া লৈকে ই অধিক ঘনীভূত হৈ সংযোজন বিক্ৰিয়া আৰম্ভ নহয়৷ সংযোজন বিক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই জন্ম হয় এটা নক্ষত্ৰৰ৷

নক্ষত্ৰৰ জীৱন কাল  নক্ষত্ৰতোৰ আকাৰৰ উপৰত নিৰ্ভৰ কৰে৷ এটা বিশাল নক্ষত্ৰৰ তাৰ ভিতৰত থকা ইন্ধনৰ দহনো তীব্ৰ হয়  এনে নক্ষত্ৰৰ জীৱন কাল চমু হয় প্ৰায় এশ হাজাৰ বছৰৰ আশে পাশে,আনহাতে তুলনামুলক ভাবে সৰু নক্ষত্ৰ বোৰৰ ইন্ধনৰ দহন লেহেমীয়া হয় সেইবাবে এনে নক্ষত্ৰৰ জীৱনকাল দীঘলিয়া হয় বহু হাজাৰ মিলিয়ন বিলিয়ন বৰ্ষ বৰ্তি থাকে৷

নক্ষত্ৰ বোৰৰৰ শক্তিৰ উৎস হ’ল হাইড্ৰ’জেন যি হিলিয়ামলৈ পৰিবৰ্তন হৈ শক্তি উৎপন্ন কৰে, হাইড্ৰ’জেন হিলিয়াম লৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়া বন্ধ হ’লেই নক্ষত্ৰতো মৃত্যুৰ দুৱাৰ দলিত উপনিত হোৱা বুলি ক’ব পাৰি৷ সময় অতিবাহিত হোৱাৰ লগে লগেই  এনে তৰা সমুহৰ আকাৰ বাঢ়িবলৈ ল’ব আৰু এক বিশাল ৰঙা দৈত্যলৈ ৰূপান্তিৰত হৈ ওচৰত থকা সকলো গ্ৰহ উপগ্ৰহক গিলি পেলাব,সূৰ্যৰ দৰে নক্ষত্ৰৰ এনে অবস্থা হ’লে ইয়াৰ বিশাল আকাৰে মংগল গ্ৰহৰ সীমা পৰ্যন্ত পাৰ কৰিব সূৰ্যতকে আকাৰ ডাঙৰ হ’লে আৰু বিশাল ৰূপ ধৰিব এনে নক্ষত্ৰই৷ এই বিশাল ৰঙা দৈৰ্ত্যই লাহে লাহে সংকোচিত হ’ব ইয়াৰ পাছৰ অৱস্থাত কি ৰূপ ল’ব বা কোন দিশেৰে তৰাটো গতি কৰিব এইটো নিৰ্ভৰ কৰিব তৰাটোৰ দ্ৰব্যমানৰ ওপৰত৷ আমাৰ সূৰ্যৰ দৰে নক্ষত্ৰ বোৰ যাৰ দ্ৰব্যমান ১.৪ সৌৰজজাগতিক ভৰৰ সমান বা তাতকৈ কম হয় এনে তৰাবোৰৰ ইন্ধধন শেষ হোৱাৰ পাছত প্ৰায় আমাৰ পৃথিৱীৰ আকাৰতকৈ সৰু অধিক ভৰ আৰু ঘনত্ব বিশিষ্ট বললৈ ৰূপান্তৰিত হয় এনে অৱস্থাতো ইয়াৰ যথেষ্ট তাপ আৰু শক্তি থাকে আৰু পোহৰ নিৰ্গত কৰে তৰাৰ এই অৱস্থাক বগা বাওনা তৰা বোলা হয়৷ এনে তৰাৰ জীৱন কাল দীঘলীয়া হয়৷ বগা বাওনা তৰাও এদিন ঠাণ্ডা হৈ উজ্বলতা কমি ক’লা বাওনা তৰালৈ ৰূপান্তৰ  হয়৷ সূৰ্য্যৰ দৰে নক্ষত্ৰ যিবোৰৰ দ্ৰব্যমান চন্দ্ৰশেখৰৰ সীমাৰ সমান বা কম তেনে নক্ষত্ৰৰ অন্তিম অৱস্থা হ’ল ক’লা বাওনা তৰা৷ আন হাতে বিশাল আকাৰৰ নক্ষত্ৰ বোৰৰ অন্তিম অৱস্থা অতিশয় ভয়ানক হয় ৷ বিশাল নক্ষত্ৰবোৰ সংকোচিত হৈ এক মহাবিষ্ফোৰণৰ দ্বাৰা চিতিকি পৰে এনে বিষ্ফোৰণক চুপাৰন’ভা বোলা হয় গেছ আৰু ধূলীকণা বোৰ আঁতৰি যোৱাৰ পাছত যি অধিক ঘনত্বৰ অৱশেষ থাকি যায় এইবোৰ এক নিউত্ৰণ তৰালৈ কেতিয়াবা মেগনেটাৰলৈ আৰু অধিক সংকোচিত আৰু বেছি ঘনত্বৰ হৈ পালছাৰলৈ ৰূপান্তৰ হয়৷ অতি বিশাল নক্ষত্ৰবোৰৰ অন্তিম অৱস্থাত একোটা কৃষ্ণগহ্বৰলৈ ৰূপান্তিৰত হয়৷

 যেতিয়া এটা বিশাল তৰাৰ নিজৰ শক্তি শেষ হৈ আহে তেতিয়া ই প্ৰথমতে সংকুচিত হবলৈ আৰম্ভ কৰে,কাৰন ইয়াৰ নিজৰ ইন্ধন প্ৰায় শেষ হৈ এনেকুৱা এটা পৰ্যায় পাইগৈ যে ই নিজৰেই ওজন আৰু মধ্যাকৰ্ষন বল সহিব নোৱাৰা হয়। ফলত ইমানেই ইয়াৰ সংকোচন হয় যে ই ইয়াৰ নিজৰেই ওজন সহিব নোৱাৰি ইয়াৰ কেন্দ্ৰটোৰ লগতে সমগ্ৰ তৰাটো বিস্ফোৰিত হৈ যায়, ইয়াকেই কোৱা হয় “চুপাৰন’ভা বিষ্ফোৰণ৷”

ভাৰতীয় বৈজ্ঞানিক সুব্ৰমণিয়াম চন্দ্ৰেশেখৰে নিৰ্ণয় কৰিছিল যে  সূৰ্য্যত কৈ ডেৰগুণৰ অধিক ভৰযুক্ত ঠাণ্ডা তৰা এটাই ইয়াৰ নিজৰ মধ্যাকৰ্ষণকে নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ ন’হ’ব ৷ এই ভৰটোক এতিয়া চন্দ্ৰশেখৰ সীমা বুলি জনা যায়৷

নক্ষত্ৰৰ শেষ পৰিণতি কি হ’ব এই ক্ষেত্ৰত চন্দ্ৰশেখৰ সীমাই এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছিল৷ নক্ষত্ৰ এটাৰ ভৰ যদি চন্দ্ৰশেখৰৰ সীমাতকৈ কম হয়,ই সংকোচিত হ’বলৈ বন্ধ কৰিব আৰু এটা শেষ স্তৰত বগা বাওনা ৰূপত স্থিৰ হৈ ৰ’ব৷ এনে বাওনা তৰাৰ পৰিধি কেইহাজাৰ মান মাইল আৰু ঘনত্ব হ’ব এক ঘন ইঞ্চিত শ শ টন ৷ এটা বগা বাওনাক পদাৰ্থত থকা ইলেকট্ৰ’ন বিলাকৰ মাজত ঘটা নিষিদ্ধকৰণ নীতি মতে হোৱা বিকৰ্ষণেে ধৰি ৰাখে৷

নিষিদ্ধকৰণ নীতি তত্ত্বটো  ১৯২৫ চনত অষ্ট্ৰিয়াৰ তাত্ত্বিক পদাৰ্থবিদ ৱল্ফগেং পাওলীয়ে  আৱিষ্কাৰ কৰিছিল৷ এই নীতি মতে “দুটা একে কণা একেটা অৱস্থাতে বৰ্তি থাকিব নোৱাৰে৷ অৰ্থাৎ অনিশ্চয়তাৰ নীতি অনুসৰি সিহঁত একেটা অৱস্থান লৈ আৰু একেটা বেগত থাকিব নোৱাৰে৷” যদি বিশ্বখন নিষিদ্ধকৰণ নীতিৰ ধাৰণা অবিহনে সৃষ্টি হ’ল হেতেন কুৱাৰ্কে বেলেগকৈ সু সংজ্ঞাবদ্ধ প্ৰ’টন আৰু নিউট্ৰ’ন সৃষ্টি নকৰিলে হেতেন আৰু ইলেকট্ৰনৰ সৈতে লগ লাগি বেলেগ পৰমাণুৰো সৃষ্টি নকৰিলে হেতেন৷ সিহঁতে গোটেইবোৰেই সংকোচিত হৈ মোটামুটি ভাৱে এটা ডাঠ ৰস হে গঠন হ’ল হেতেন৷ এই তত্ত্বৰ আৱিষ্কাৰৰ বাবেই ৱল্ফগেং পাওলীক ১৯৪৫ চনত ন’বেল বটাৰে সন্মানিত কৰা হৈছিল৷

আনহাতে যিবোৰ নক্ষত্ৰৰ ভৰ সূৰ্য্যত কৈ দুগুণ হ’ব পাৰে  কিন্তু আকাৰত বগা বাওনা তৰাতকৈ বহুত সৰু প্ৰায় ১০ মাইলজোৰা ব্যাসাৰ্ধৰ হয় আৰু ঘনত্ব প্ৰতি ঘন ইঞ্চিত এশ নিযুত টন৷ এই নক্ষত্ৰ বিলাকক ইলেকট্ৰ’ন বিলাকৰ মাজত হোৱা বিকৰ্ষণৰ সলনি নিউট্ৰ’ন আৰু প্ৰটন বিলাকৰ মাজত হোৱা নিষিদ্ধকৰণ নীতিৰ বিকৰ্ষণে ধৰি ৰাখে ৷ এনে তৰাবোৰেই হ’ল নিউট্ৰন ষ্টাৰ৷

যিবোৰ নক্ষত্ৰৰ ভৰ আমাৰ সূৰ্য্যত কৈ আঠৰ পৰা ২০ গুন বেছি হয় তেনে নক্ষত্ৰবোৰেই চুপাৰন’ভা বিষ্ফোৰণৰ পাচত ২৫ কিঃমিঃ পৰিধিলৈ সংকোচিত হৈ অধিক ঘনত্বৰ হৈ পৰে আৰু তিব্ৰ বেগত আৱৰ্তন কৰিবলৈ আৰম্ভ কৰে মিঃচেকেণ্ডত এবাৰতকৈ অধিক কৈ৷ এনে তৰাবোৰৰ এক শক্তিশালী চৌম্বকীয় ক্ষেত্ৰ থাকে তৰাতো সংকোচিত হোৱাৰ পাছতো এই চৌম্বকীয় ক্ষেত্ৰ থাকি যায় আৰু তিব্ৰ বেগত আবৰ্তন কৰাৰ ফলত ইয়াৰ দুই মেৰুত শক্তিশালী ৰেডিঅ’ তৰংগ উৎপন্ন হয় ৷ এনে ৰেডিঅ’ তৰংগ নিৰ্গত কৰা নক্ষত্ৰৰ অন্তিম অৱস্থাক পালচাৰ বুলি কোৱা হয়৷

আনহাতে কিছুমান নিউট্ৰ’ন তৰা আৰু বেছি সংকোচিত হৈ১৯.৩ কিঃমিঃ ব্যাসৰ হৈ ৰয়গৈ এনে অবস্থাত ইহঁতৰ চৌম্বকক্ষেত্ৰ পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ তুলনাত কোটি গুনে অধিক শক্তিশালী হয়৷ এইবোৰক মেগনেটাৰ আখ্যা দিয়া হয়৷ মেগনেটাৰে হ’ল ব্ৰহ্মাণ্ডৰ সকলোতকৈ বেছি শক্তিশালী চৌম্বকত্ব থকা বস্তু যি নিমিষতে সকলো শেষ কৰিব পাৰে৷ মেগনেটাৰৰ ওছৰলৈ গ’লে ইয়াৰ শক্তিশালী বিদ্যুত চৌম্বকীয় তৰংগই শৰীৰ টুকৰা টুকুৰ কৰি পেলাব পাৰে ৷ আমাৰ হাতীপতি তাৰকা ৰাজ্যত এতিয়ালৈকে জ্ঞাত ২৩ টা মেগনেটাৰ চিহ্নিত হৈছে৷

বৃহৎ ম্যাগেলানিক ডাৱৰত থকা, পৃথিবীৰ পৰা  প্রায় ১৬৩০০০ আলোক-বর্ষ দূৰত অৱস্থিত SGR ০৫২৫-৬৬ প্রথম আবিষ্কাৰ কৰা ম্যাগনেটাৰ যাক১৯৭৮চনত আৱিষ্কাৰ কৰিছিল। SGR 1806-20,আমাৰ হাতীপটি তাৰকা ৰাজ্যৰ প্রান্তত, পৃথিবীৰ পৰা ৫০০০০ আলোক-বর্ষ দূৰত থকা আন এটা শক্তিশালী মেগনেটাৰ যি ২০০৪ চনত ইয়াৰ শক্তিশালী চৌম্বকীয় তৰংগই পৃথিৱীক আক্ৰমণ কৰিছিল আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ এটা অংশ নষ্ট কৰি পেলাইছিল ৷ পৃথিৱীৰ উপগ্ৰহ সমূূহৰ লগতে বিজুলী যোগান ব্যৱস্থাতো ব্যাঘাত জন্মাইছিল৷

তৰাৰ আন এটা অন্তিম অৱস্থা হ’ল কৃষ্ণগহ্বৰ৷ মহাকাশ বিজ্ঞানৰ বাবে আটাইতকৈ ৰহস্যজনক আৰু আশ্চৰ্যজনক বুলি গণ্য হৈ অহা বস্তুবিধেই হল কৃষ্ণ গহ্বৰ। এটা কৃষ্ণ গহ্বৰৰ মহাকৰ্ষণীয় বল বা সৰল ভাষাত ইয়াৰ আকৰ্ষণী বলৰ প্ৰাৱল্য ইমানেই বেছি যে ইয়াৰ ওছৰলৈ যোৱা যিকোনো পদাৰ্থকেই ই সম্পূৰ্ণৰূপে গিলি থয় ,আনকি পোহৰৰ ৰশ্মিও ইয়াৰ গ্ৰাসৰ পৰা সাৰি যাব নোৱাৰে। কৃষ্ণ গহ্বৰে সকলো পদাৰ্থকেই  আনকি পোহৰকো  শোষণ কৰি লয় যাৰ বাবে ইয়াক দেখা নাযায় অৱস্থিতিৰ ওমান হে পাব পাৰি,সেয়ে ইয়াৰ নাম “ কৃষ্ণ গহ্বৰ” বা “ ক’লা গহ্বৰ”।

কৃষ্ণ গহ্বৰৰ কথা উল্লেখ কৰিলে মহাকৰ্ষণৰ একক বিন্দুৰ কথা উল্লেখ কৰিবই লাগিব৷ আমাৰ ভৌতিক জগতখনত মানি চলা স্থান- কাল- পাত্ৰৰ কোনো নীতি-নিয়ম তাত নচলে৷ ইয়াৰ কাৰন হল কৃষ্ণ গহ্বৰৰ ভিতৰত ক্ৰিয়া কৰি থকা অপৰিসীম অন্ত:মূখী আকৰ্ষণীয় বল , ইয়াৰ অসীম মধ্যাকৰ্ষণীয় বল৷ যি সৃষ্টি হয় কৃষ্ণ গহ্বৰৰ অসীম ঘনত্বৰ বাবে,যাৰ বাবে সাধাৰন  স্থান-কালৰ  ইয়াত কোনো অস্তিত্ব নাথাকে৷ বিজ্ঞানী সকলে আগবঢ়োৱা মত অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিতে এই মহাকৰ্ষণৰ একক বিন্দু মানে Singularity ই অৱস্থিতি আছিল৷ তাৰ পৰৱৰ্তী সময়ত মহা-বিস্ফোৰণৰ যোগেদি বিশ্বব্ৰহ্মাণ্ডৰ বৰ্তমানৰ ৰূপলৈ ৰূপান্তৰ ঘটে ৷ ইয়াকে বিগ- বেং বোলা হয়৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *