আপদীয়া মাস্ক – জয়ন্ত গগৈ
: কি হ’ল নো অ’ বাপ?
: এহ, যোৱা মঙ্গলবাৰে শ্ৰীমতীয়ে বজাৰৰ লিষ্ট এখন হাতত গুজি দি চহৰৰ হ’লচেল দোকানৰ পৰা মাহটোৰ জোখাৰে মালবস্তু অলপ অনাৰ তাগিদা দিলে। গাঁৱৰ দোকানত সকলো বস্তু পোৱাও নাযায় আৰু দামৰো সেৰফেৰ হয় বাবেই চহৰলৈকে যাবলৈ ক’লে। ক’ৰণা বেমাৰ অহাৰে পৰা চহৰলৈ যোৱাটো বাদেই দিছিলোঁ। দৰকাৰী কামতহে কাৎচিত ওলাই গৈছোঁ৷ চৰকাৰী লক্ ডাউন নীতি মানি ফুলমাস্ক হেলমেটৰ ভিতৰতো মাস্কখন লগাই যাব লগা হৈছে৷ ক’বতো নোৱাৰি, ক’ত বা পুলিচৰ তালাচী চলে কোনো ঠিক নাই। মাস্কখন লগাই লগাই কিবা অশান্তিখন লগা হৈছেগৈ আৰু! উমি উমি খং এটা ক’ৰণাৰ আৱিষ্কাৰক দেশখনৰ ওপৰতে উঠিছে গৈ আৰু বাপসকল৷ মটৰ চাইকেলখন ষ্টেণ্ড কৰি কেইবাদিনৰ মুৰত পীতাম্বৰ ককাইটিৰ দোকানত ১২০ ৰ্জদা পাণ এখনি মুখত গুজি চহৰলৈ বাটকুৰিলোঁ। ১২০ ৰ্জদা পাণৰ সোৱাদ লৈ পকটিয়াই পকটিয়াই আগবাঢ়িলোঁ। চহৰৰ সোমোৱাৰ ঠিক আগতে সেই লেঙ্গেৰীজানত, পিকখিনি পেলাওঁ বুলি ফুলমাস্ক হেলমেটটো খুলি ৰাস্তাৰ দাঁতিলৈ পিকাই দিলোঁ। পিকুৱাৰ লগে লগেই মুখমণ্ডল পিকেৰে ৰাঙলী হৈ পৰিল! থুতৰিয়েদি সৰহ অংশই বাগৰি আহি গেঞ্জি, চোলা ৰঙীন কৰি তুলিলেহি। ধেৎ চাল্লা! এই মাস্কবোৰ যে আৰু…! খুলিবলৈকে পাহৰি গ’লোঁ নহয়৷
: হাঃ….হাঃ ….হাঃ!
ভকত বৈষ্ণৱ সবৰ হাঁহিৰে ৰূমটো হাঁহিয়লি হৈ পৰিল। হাঁহিৰ ৰোল আৰু বেছিকৈহে উঠিল, যেতিয়া হাঁহিৰ লহৰত চুচন বাপৰ মুখৰ তামোলৰ পিক চিটিকি চিটিকি পৰি পাঞ্জাৱী চোলাটো ৰঙীন ফুটুকা-ফুটুকী হৈ পৰিল।
3:38 pm
হাঃ হাঃ, বিড়ম্বনা
3:49 pm
ভাল লাগিল জয়ন্ত