থাকিও নাই- ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ
‘থকাত সকলোৰে আছে কিন্তু থাকিও নাই। বস্তুটো কি?’ – শৰ্মাদায়ে চকীখনত বহিয়েই আৰম্ভ কৰিলে।
‘মানে?’ – মই একো বুজি নেপালো।
‘সাঁথৰ সুধিছোঁ। উত্তৰটো কোৱা।’
‘ৰাতিপুৱাতে সাঁথৰত ধৰিলে যে? মৰ্ণিংৱাকত যাওঁতে কোনোবাই সুধিলে চাগে আপোনাক? নিজে নোৱাৰিলে, এতিয়া মোক টেষ্ট কৰিবলে আহিছে ন?’
‘সেইবোৰ বাদ দিয়া। তুমি উত্তৰটো ভাবা।’
‘সকলোৰে আছে কিন্তু থাকিও নাই। কি বস্তু হ’ব পাৰে বাৰু? এঃ মই নাজানো, আপুনিয়েই কৈ দিয়ক।’
‘লকডাউনত দেখিছোঁ তোমাৰ মগজটোও লক হৈ গ’ল। ডেকা মানুহ, ৰাতিপুৱা খোজ-চোজ দুটামানকে দিওঁ, সেইবোৰটো নায়েই, বেলি দুপৰলৈকে শুই থাকিবা। এতিয়া দেখিছোঁ চিন্তা কৰিবলৈকো এলাহ কৰা হ’লা। ভাবা, ভাবা, মগজুৰ কচৰৎ অলপকে কৰাচোন।’
‘আচলতে দাদা এনেকুৱা বস্তু ঢেৰ আছে।’
‘হয়নে? নাও ডুবিলেও মানে টিঙৰপৰা নানামা। চিধা-চিধি কোৱা উত্তৰটো নাজানো বুলি।’
‘নহয় দাদা, সঁচাকৈ কৈছোঁ, থকাৰ পিছতো নথকা বুলি ভবা বস্তু ঢেৰ আছে। অন্ততঃ মোৰ জীৱনত তেনে অভিজ্ঞতা বহুত হৈছে।’
‘বাৰু ঠিক আছে, কোৱাচোন তেনেকুৱা দুটামান বস্তুৰ কথা।’
‘প্ৰথম আখৰ শিকাৰ সময়ত, স্কুলত মাষ্টৰে, ঘৰত মায়ে যেতিয়া মোৰ মূৰত একো নাই বুলি গালি দিছিল তেতিয়া মই কি ভাবিছিলো জানে?’
‘কি?’
‘আৰে, মোৰ দেখোন মূৰত একোচা চুলি, দেউতাৰহে মূৰত একো নাই। মোক আকৌ থকাৰ পিছতো নাই বুলি কৈছে কিয়?’
‘হাঃ হাঃ, মানুহ মাৰিবাহে তুমি। মূৰত একো নাই মানে চুলিৰ কথা বুজাই নেকি কিবা?’
‘নুবুজায়। কিন্তু তিনি চাৰি বছৰীয়া ল’ৰা এটাইতো তেনেকৈয়ে ভাবিব দিয়কচোন। মূৰৰ ভিতৰতো যে কিবা মাল-মধক থাকে সিহঁতে কেনেকৈ জানিব?’
‘এৰাহে, আমি মাক-বাপেকবোৰে কেতিয়াবা ল’ৰা-ছোৱালীক নক’বলগীয়া কথা বহুত কৈ দিওঁ। ভাবিয়েই নাচাওঁ সিহঁতে কথাবোৰ বা কি ভাবত লয়।’
‘হয় দাদা।’
‘কিন্তু তুমি মইতো সৰু পোৱালী নহয়, গতিকে তোমাৰ এইটো কথা মোৰ সাঁথৰৰ সঠিক উত্তৰ নহ’ল। আন কিবা আছে যদি কোৱা।’
‘আপুনি, মই, আমি মধ্যবিত্তবোৰে অহৰহ নাই নাই কৰিয়েই থাকোঁ দেখোন দাদা।’
‘মানে?’
‘আপুনি, মই সকলোৱেই আমাৰ হাতত টকা নাই বুলিয়েই কৈ থাকোঁ দেখোন।’
‘তোমাৰ কথা নাজানো, মোৰ সঁচাকে নাইহে।’
‘আপুনিতো মাহৰ মূৰত দৰমহা পায়, বৌয়েও পায়। লকডাউন বুলিতো আপোনাৰ, মোৰ দৰমহা বন্ধ হোৱা নাই। নাই বুলিওতো কিছু বেংক বেলেন্স আছে আমাৰ। কিন্তু এই দিন হাজিৰা কৰি, টেম্পো, ৰিক্সা আদি চলাই চলি থকাসকলৰ কথা ভাবকচোন। লকডাউনেতো সিহঁতবোৰৰ কঁকাল ভাঙি দিছে। তথাপিতো কিন্তু সিহঁততকৈ নাই নাই আমিহে বেছিকে কৰোঁ। কথাটো থাকিও নাই বুলি ভবাৰ দৰেই দিয়কচোন।’
‘এৰাহে মই আজিলৈকে কথাটো এনেদৰে ভবাই নাই।’
‘তাৰোপৰি ভাবকচোন, সমাজৰ এচামে ভাবে এই চৰকাৰখন অহাৰ পিছৰেপৰা বোলে দেশত সহনশীলতা নোহোৱা হ’ল। কিন্তু আমাৰ চুবুৰীয়া দেশবোৰৰ লগত তুলনা কৰিলে ভাবকচোন, আমি কিমান ভালকৈ আছোঁ। আমাৰ ছোৱালীয়ে স্কুলত পঢ়িবলৈ গ’লে গুলি খাব নালাগে অন্ততঃ। তথাপিতো কিন্তু আমি আমাৰ দেশত শান্তি নোহোৱা হ’ল বুলি কওঁ, গণতন্ত্ৰ বিপদাপন্ন বুলি ভাবোঁ।’
‘হয় দিয়া। কিন্তু সেইবুলি চৰকাৰকো সুদা বুলি ক’ব নোৱাৰি বুজিছা। কোনোবাই যেনিবা চৰকাৰক সমালোচনা কৰিলেই, লগে লগে তেওঁতো একেবাৰে দেশদ্ৰোহীয়েই হৈ যায়।’
‘ঠিকেই কৈছে দাদা। আজি ঘটা কিবা এটাৰ বাবে নেহৰুক দোষ দিলে কেনেকৈ হ’ব? যি ক্ষমতাত থাকে তেওঁকেইতো প্ৰশ্ন কৰা হয়। চৰকাৰক যদি জনতাই, বিৰোধীয়ে সমালোচনা নকৰে কেনেকৈ হ’ব? তাকে কৰিলেই কোনোবা দেশদ্ৰোহী হৈ যাব সেইটো কেতিয়াও হ’ব নোৱাৰে। গতিকে এই সহনশীলতা নোহোৱা হোৱা, নিজৰ দলৰ বাহিৰে আন কোনো দলতে দেশপ্ৰেমী নোহোৱা হোৱা এইবোৰতো থাকিও নথকাৰ নিচিনা কথা। নহয় জানো?’
‘হওঁতে তোমাৰ কথাবোৰ সঁচা। কিন্তু ইমান ডাঙৰ ডাঙৰ ৰাজনৈতিক কথাবোৰ এই সাধাৰণ সাঁথৰটোৰ উত্তৰ যে হ’ব নোৱাৰে তুমিও জানা দিয়া।’
‘তেন্তে আপোনাৰ সাঁথৰৰ শুদ্ধ উত্তৰ কৰ্মসংস্থাপন।’
‘কেনেকৈ?’
‘বিৰোধীবোৰে কৈ থাকে দেখোন দেশত নিৱনুৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে বুলি।’
‘সঁচাকৈতো বাঢ়িছে নিৱনুৱাৰ সংখ্যা। এইটো আকৌ কেনেকৈ থাকিও নথকাৰ উদাহৰণ হ’ল?’
‘কিয়, বিৰোধীয়ে কৈ থকাতে থাকিলে, আমাৰ প্ৰধানমন্ত্ৰীয়ে কেনেকৈ সকলোৰে মুখ একেষাৰে বন্ধ কৰি দিছিলে মনত নাই? তেখেতে দেখোন কৈয়েই দিলে পকৰি বেচাকে ধৰি কিমান কৰ্মসংস্থাপন আছে চকুৰ আগতে, আমিহে থাকিয়ো নথকা বুলি মিছাকৈয়ে চিঞৰি আছোঁ।’
‘হেৰা, এইবোৰ কথা বেছিকে নক’বা, বেলেগে শুনে বুলি ভয়েই লাগে আজিকালি। আৰু সাধাৰণ সাঁথৰ এটাৰ ইমান বিতৰ্কিত উত্তৰ হ’ব পাৰে নেকি?’
‘তেনেহ’লে সময়, দাদা সময়।’
‘কেনেকৈ?’
‘আজিকালি কাৰো সময়েই নাই। দিনবোৰ কিন্তু এতিয়াও চৌবিশ ঘণ্টা হৈয়েই আছে, বছৰবোৰো ৩৬৫ দিনৰে হৈ আছে। কিন্তু আগৰ নিচিনাকৈ আমাৰ সময় নাই। আগতে ভাবকচোন মানুহৰ হাতত কিমান সময় আছিল। মাহী, পেহী, জেঠাই সকলোৰে ঘৰলৈ যাবলৈ আমাৰ সময় আছিল, ওচৰ চুবুৰীয়াৰ ঘৰলৈ যাবলৈ, খবৰ-খাতি ল’বলৈ সময় আছিল, সৰুবিলাকৰ খেলিবলৈ, কাজিয়া কৰিবলৈ, নমতা-নমতি কৰিবলৈ সময় আছিল। গাঁৱৰ ডেকা গাভৰুবোৰৰ নাটক কৰিবলৈ, লাইব্ৰেৰী খুলিবলৈ সময় আছিল। বুঢ়া মেথাবোৰৰ নামঘৰলৈ যাবলৈ, ভাওনা-সবাহ আদি পাতিবলৈ সময় আছিল। কিন্তু এতিয়া? এতিয়া কাৰোৰে সময়েই নাই। আন বাদেই দিয়ক, এতিয়াতো একেখন ঘৰৰ ভিতৰতে ইজনৰ সিজনৰ লগত কথা পাতিবলৈ সময় নাই। পুতেকৰ বাপেকৰ লগত, জীয়েকৰ মাকৰ লগত, আনহে নালাগে গিৰিয়েক-ঘৈণীয়েকৰ কথা পাতিবলৈ সময় নাই। সব নিজৰ নিজৰ মোবাইল ফোনৰ লগত ব্যস্ত। নেদেখা, নিচিনা মানুহ এগালৰ লগত কথা পাতিবলৈ, ফটো চাবলৈ আমাৰ সময়েই সময়, কিন্তু নিজৰ আপোনজনৰ বাবে সময় নাই। সেইবাবে দাদা মোৰ বোধেৰে এই ‘সময়’টোৱেই আপোনাৰ সাঁথৰৰ সঠিক উত্তৰ।’
‘হাঃ হাঃ, ঠিক কৈছা। সেইদিনা হোৱাটছএপত মেচেজ এটা পালো। সৰু ল’ৰা এটা মাক-দেউতাকৰ মাজত বহি আছে। মাক-বাপেকহালেই মোবাইলত ব্যস্ত, পুতেকলৈ চাবলৈ এটাৰো সময় নাই। ল’ৰাটোৱে এবাৰ মাকলৈ চাই, এবাৰ বাপেকলৈ চাই। সি হেনো মনে মনে ভাবি আছে, মাক-বাপেকে আচলতে তাক জন্ম দিলেনে ডাউনলোড কৰিলে। কিন্তু মোৰ সাঁথৰটোৰ উত্তৰ ‘সময়’ নহয়। ইমান ছিৰিয়াছ দাৰ্শনিক উত্তৰ নহয় বুজিছা।’
‘তেনেহ’লে?’
‘আমাৰ সকলোৰে এইটোয়েই সমস্যা। জীৱনত সকলো সমস্যা, সকলো প্ৰশ্নৰ উত্তৰ আমি ডাঙৰ ডাঙৰ দাৰ্শনিক কথা-বাৰ্তা, টান টান কিতাপ আৰু আজিকালি গুগলত বিচাৰি থাকোঁ। আচলতে কিন্তু বেচিভাগ প্ৰশ্নৰে উত্তৰবোৰ খুবেই সহজ, আমাৰ চাৰিওফালে, চকুৰ আগতে থাকে; আমিহে বিচাৰি নাপাওঁ। সেই যে হাইস্কুলত পঢ়া জিকিৰ এটা আছিল, “পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত…” ঠিক তেনেকুৱা।’
‘তাৰমানে আপোনাৰ সাঁথৰৰ শুদ্ধ উত্তৰ এইটোহে?’
‘কোনটো?’
“এই যে সমস্যাবোৰৰ সমাধান আমাৰ চকুৰ আগতে থাকে, আমিহে থাকিও নাই বুলি ভাবো।’
‘নাই নাই, এইটো উত্তৰ নহয়। মই ক’ব খুজিছোঁ সাঁথৰটোৰ উত্তৰটো একেবাৰে সহজ। তোমাৰ নিজৰ জীৱনৰ লগত মিলাই চোৱা উত্তৰ পাই যাবা।’
‘তেনেহ’লে শুদ্ধ উত্তৰটো মই ব্যক্তিগত জীৱনৰপৰাহে পাম?’
‘হ’বও পাৰে।’
‘হ’ব আৰু কৈ দিয়ক উত্তৰটো। কিবা একেবাৰে কপিৰাইট ৰিজাৰ্ভ ধৰণৰ কৰিছে।’
‘হাঃ হাঃ, ভাল উদাহৰণ দিয়া দেই তুমি। ভাবাচোন আৰু অলপ।’
‘পালো দাদা, পালো।’ – কিছু সময় ভাবি উত্তৰ দিলো।
‘কোৱাচোন বাৰু শুনো।’ – শৰ্মাদায়ে বিশেষ উৎসাহ নেদেখুৱালে।
তেখেতে নিশ্চয় ভাবিছে, ‘গোটেই মৰ্ণিংৱাকটোত ভাবি ভাবি মইহেন মানুহটোৱে উত্তৰটো নাপালো, ই বেটাই ইমান সোনকালে উত্তৰটো বিচাৰি পাব।’
‘আপুনি জনা উত্তৰটো মই ক’বলৈ ওলোৱাতো হয়নে নহয় নাজানো, কিন্তু এইটো উত্তৰ শুনাৰ পিছত আপুনিও যে নিজৰ উত্তৰ সলাই পেলাব সেইটো নিশ্চিত।’
‘হ’ব, ইমান লেবেল ফালিব নালাগে, প্ৰথমে উত্তৰটো কোৱা।’
‘মোৰ শ্ৰীমতীৰ কাপোৰ দাদা। অকল মোৰে নহয়, মোৰ, আপোনাৰ, আমাৰ সকলোৰে ঘৈণীবিলাকৰ কাপোৰ নাই। থাকিও নাই, হয়নে নহয় কওক।’
সাংঘাটিক সত্য এটাৰ সন্ধান পোৱাৰ আনন্দত দাদাৰ চকু দুটা তিৰবিৰাই উঠিল। তেখেতে কিবা কোৱাৰ আগতে মই ক’বলৈ ধৰিলো,
‘মোৰ কথাকে ধৰক। বিয়াৰ আগতে মোৰ দুপটীয়া দৰ্জাৰ সৰু ষ্টিলৰ আলমাৰি এটা আছিল। তাতে মোৰ সমস্ত কাপোৰ সোমোৱাৰ পিছতো আঁঠুৱা, লেপ, কম্বল, গাৰু আদিবোৰ থ’বলৈ তলৰ খাপটো খালী থাকি গৈছিল। শ্ৰীমতীয়ে তিনিখন দৰ্জা থকা মস্ত আলমাৰি এটা লগত লৈ আহিছিলে। প্ৰথম দেখি ভাবিছিলো ইমান ডাঙৰ আলমাৰি, আমাৰ দুইটাৰে কাপোৰ থোৱাৰ পিছতো বহুত জেগা থাকি যাব। মোৰ পুৰণা আলমাৰিটো খালী হৈ গ’লে মই কিতাপ থ’বলে ব্যৱহাৰ কৰিব পাৰিম। কিন্তু বাস্তৱত কি হ’ল। মোৰ কাপোৰকেইযোৰৰ বাবে এতিয়া জেগা নাই।’
মন্ত্ৰমুগ্ধ মানুহৰ দৰে শুনি আছে শৰ্মাদায়ে। মুখত জমা হোৱা সেপকণ গিলিলৈ মই পুনৰ আৰম্ভ কৰিলো,
‘আমাৰ মতা মানুহৰনো কেইযোৰ কাপোৰ? অফিচ-কাছাৰীলৈ যোৱা, বজাৰলৈ যোৱাৰ পৰা আৰম্ভ কৰি বিয়া, জন্মদিন সবলৈকে সেই একে কেইযোৰেই আৰু। কিছুমানৰতো সেই চণ্ডীপাঠৰপৰা পাইখানালৈকে একেযোৰেই। আৰু আমাৰনো কাপোৰ বুলিবলে কি আৰু, সেই ফৰ্মেল আৰু জিনচ পেণ্ট, চাৰ্ট আৰু টি-চাৰ্ট, বচ। কিন্তু এওঁলোকৰ? অফিচলে যোৱা বেলেগ, বজাৰলে যোৱা বেলেগ। বিয়ালৈ বুলি বেলেগ, জন্মদিনলৈ বেলেগ। দিনত পিন্ধা বেলেগ, ৰাতি পিন্ধা বেলেগ। দুপৰীয়া বেলেগ, সন্ধিয়া পিন্ধা বেলেগ। আৰু কাপোৰৰ ভেৰাইটিছ, ভাবকচোন দাদা। শাৰী, মেখেলা-চাদৰ, চেলোৱাৰ-চুট, কুৰ্তা-পাইজামা, লেগিংছ, জেগিংছ, পালাজু কত কি! তাৰোপৰি আমি মতা মানুহে পিন্ধা কাপোৰ গোটেইসোপাতো পিন্ধেই। ভাবিছিলো ধূতিখন চাগে বাচি যাব, কিন্তু সেই পাটিয়ালা নে ফাটিয়ালা কিবা এটা আছে যে, সাইলাখ ধুতিখনেই দেখোন।’
‘ঠিক কৈছাহে, একদম ঠিক কৈছা।’
‘জনাত জানো, তথাপিতো তোমাৰ মুখেৰেই শুনো।’
‘তেওঁৰ যিমানখিনি কাপোৰ আছে, সেইখিনিৰে দাদা তেওঁৰ নিচিনা তিনিজনীক থিয়ৈ থিয়ৈ পুতিব পৰা হ’ব, কিন্তু ক’ৰবালৈ যাবলৈ ওলালে শ্ৰীমতীৰ কেতিয়াও কাপোৰ নাথাকেই। বিয়া খাবলৈ যাবলেতো নাথাকেই, বজাৰ কৰিবলৈ যাবলৈয়ো নাথাকে। আনহে নালাগে কোনোবা আলহী এটা যদি ঘপকৈ আহি ওলাই, ভাল ঘৰত পিন্ধা কাপোৰ এযোৰো তেওঁৰ নাই। আৰু এইটো এখন ঘৰৰ, এজন গিৰিয়েকৰ, এজনী ঘৈণীয়েকৰ কথা নহয়, কাশ্মীৰৰপৰা কন্যাকুমাৰীলৈকে, সুমেৰুৰপৰা কুমেৰুলৈকে, শদিয়াৰপৰা ধুবুৰীলৈকে সকলোৰে “ঘৰ ঘৰ কি কাহানী”। সেইবাবে মই ডাঠি ক’ব পাৰো থাকিও নথকা বস্তুটো মাইকী মানুহৰ কাপোৰৰ বাদে আন বেলেগ কিবা হ’বয়েই নোৱাৰে।’
‘এশ শতাংশ শুদ্ধ উত্তৰ দিছা। আমাৰ সকলোৰে ঘৰৰ কাহিনী এইটো। সাঁথৰটোৰ মই জনা উত্তৰটো বেলেগ আছিল যদিও তোমাৰ এইটোহে একেবাৰে সঠিক উত্তৰ। মই জনাটোয়ে এইটো উত্তৰৰ লগত পাত্তা নাপায়।’
‘তথাপি কওকচোন আপুনি জনা উত্তৰটো।’
চকীৰপৰা উঠি মিচিকিয়াই হাঁহি শৰ্মাদায়ে ক’লে, ‘এটা সাঁথৰৰ সঠিক উত্তৰ এটাই থাকে, কেইবাটাও উত্তৰ বিচাৰিবলৈ গৈ মিছাতে হাবাথুৰি নাখাবা। আহোঁ দিয়া।’
মই আন কিবা কোৱাৰ আগতেই শৰ্মাদা গ’লগৈ।
☆ ★ ☆ ★ ☆
7:04 pm
হাঃ হাঃ !
7:55 pm
Vl lagily… Aglyu aru prohibo pam buli axaha thkily..
Mozaaa lgily
9:06 pm
Superb reading
9:53 pm
ধন্যবাদ
3:51 pm
সাঁথৰটোৰ উত্তৰকেইটা ঠিকেই দিছে৷ ভাল লাগিল পঢ়ি৷
6:14 pm
বহুত ধুনীয়া লাগিল বৰঠাকুৰ৷ সঁচাকে কাপোৰৰ অভাৱে এওলোকক এটা দুৰ্ভিক্ষলৈ ঠেলি দিব কোনোবাদিনা৷
2:59 pm
Lakhya bhal likhila
12:53 pm
বঢ়িয়া, লক্ষ্য দা।
1:04 am
সুন্দৰ