ফটাঢোল

মেখেলা উজোৱা – কমলা দাস

এইটো লকডাউনৰ বহু যুগ আগৰ ঘটনা৷ সেই সময়ত বিয়া সবাহ বুলি ক’লে আজিকালিৰ দৰে বাতিৰ চেট লৈ সন্ধিয়া দৰা-কইনাক দেখা দি অভিনন্দন, কংগ্ৰেচুলেচন জনাই  চিধাই বুফে’ত জপিয়াই পৰাৰ নিয়ম নাছিল৷ বিয়া মানে পাৰিলে জোৰণৰ তিনিদিন মান আগতে পো-পোৱালি সহিতে উঠা দি যোৱাৰ নিয়ম হে আছিল৷ তেনেবোৰ দিনতে দূৰণিৰ বিয়া এখন খাবলৈ ঘৰৰ মানুহখিনিৰ সৈতে হিলদল ভাঙি ওলালোঁ চহৰৰ পৰা ২০ কিলোমিটাৰ মান দূৰৰ গাঁও এখনলৈ। একদম বাৰজনীয়া সজাতী দল সহিতে। যিহেতু মানুহ বহুত, আৰু কাকো কোনেও এৰা এৰিকৈ নাযায়, গতিকে আমি ঘৰৰ পুৰণি এম্বেচাদৰ গাড়ীখন নলৈ লাইন বাছতে যোৱাৰ সিদ্ধান্ত ল’লোঁ। আগতে কৈ অহাৰ দৰে বিয়া ঘৰখন আছিল মেইন টাউনৰ পৰা ২০ কিলোমিটাৰ মান ভিতৰলৈ সোমাই যাব লগা এখন গাঁঁৱত। তালৈ আকৌ দিনটোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তিনিখন মানহে বাছ চলাচল কৰে। বাছবোৰত মানুহ উঠি যায় একেবাৰে পাণ জপা দি, বহা মানুহ যিমান  তাতকৈ দুগুণ মানুহ যায় থিয় হৈ আৰু আধা মানুহ গাড়ীৰ ওপৰত।

আমিও ঘৰৰ পৰা ৰাতিপুৱাই ওলাই গৈ নিৰ্দিষ্ট সময়ত যোৱা বাছ এখন ধৰিলোঁ গৈ! আমি গৈ পাওঁ মানে বাছখনত মানুহ ভৰ্তি হৈয়েই গৈছিল। বহা ছিটতো বাদেই দিয়ক থিয় হ’বলৈকো ঠাই অকণ নাই। ইফালে আমিও বাৰজনীয়া বিশাল এটা দল। সেইখন গাড়ীত নগ’লেও আৰু তিনি ঘণ্টা মান ৰব লাগিব। সিফালে বাছৰ কণ্ডাক্টৰেও একেলগে ১২ জন যাত্ৰীক এৰি থৈ যোৱাৰ লোভ সম্বৰণ কৰিব নোৱাৰি বাইদেউ উঠি লওক উঠি লওক খালি গাড়ী বুলি চিঞৰি প্ৰায় হেঁচি থেলিয়েই গাড়ীত উঠাই দিলে৷ গতিকে উপায় নাপাই হেঁচি থেলি সেইখনতেই উঠিলোঁ আৰু। ইফালে ভিতৰত মানুহৰ ভৰিৰ ওপৰত ভৰি দিব লগা অবস্থা! পৰুৱা সোমাবলৈও বাট নাই৷ যেনেতেনে উঠি থিয় হ’লোঁ।

গাড়ী চলিল! ওখৰা মোখৰা শিলাময় ৰাস্তাত থেকেচনি খাই খাই গৈ আছোঁ। ইফালে ঘামৰ গোন্ধ, সিফালে আকৌ এটা দুটা ফুচ ফুচৰ উপদ্ৰৱ, মুঠতে জ্বালা যন্ত্ৰণাৰ সীমা নাই। গাড়ীত উঠাৰ সময়ত মোৰ ওচৰতে থিয় হৈ থকা ননন্দজনীক কিবা এটা কওঁ বুলি মাত লগালোঁ,

: অ’ ভণ্টি শুনাচোন৷

পিচে তাই দেখোন মাত লগাইছে অলপ দূৰৰ পৰাহে। মই আচৰিত হ’লোঁ, বোলো মানুহজনী চোন মোৰ ওচৰতে থিয় হৈ আছে, আকৌ মাত লগাইছে আন কোনোবা ফালৰ পৰা হে! কথাটো কি! ইফালে মানুহৰ ঠেলা হেঁচাত ভালদৰে তাইক চাবও নোৱাৰোঁ। পুনৰ এবাৰ মাতি চালোঁ, সেই একেই ঘটনা, মাতটো আহে আন কৰবাৰ পৰা। আচলতে কি নো হৈছে বুলি ভাবি বহুত কষ্টেৰে মানুহৰ ফাঁকেৰে জুমি চাই দেখোঁ, তাইৰ কঁকালটোৰ সৈতে তল চোৱাহে মোৰ ওচৰত আছে, ওপৰ চোৱা মানুহৰ ঠেলাত বেঁকা হৈ “দ” হৈ কোনোবা দুজনৰ ফাকেৰে মুখখন উলিয়াই দিছে, ঠিক জাপানী কাৱৈ মাছে পানীৰ পৰা মুখ উলিয়াই উশাহ লৈ থকাৰ দৰে।

এনেয়ে বাছৰ ভিতৰত পৰুৱা এটা সোমাবলৈও ঠাই নাই! এইবাৰ আকৌ আহক বাছৰ পেটুৱা কণ্ডাক্টৰজন ভাড়া উঠাবলৈ। সদায় যিহেতু এনেকুৱা মানুহৰ ভিৰ বাছত ঠাকেই, যাত্ৰীৰ সমস্যা হ’লেও কণ্ডাক্টৰ বাবুৰ কেতিয়াও সমস্যা নহয়৷ যিদৰে ভৰা পেটত একো খাবলৈ ঠাই নোহোৱাৰ পাছতো মিঠাইটো খালে, মিঠায়ে নিজৰ ঠাই উলিয়াই লয়, ঠিক তেনেদৰে কণ্ডাক্টৰ মহাশয়েও নিজৰ বাট উলিয়াই ভাড়া তুলি তুলি আগ বাঢ়ি আহি আছে। তেওঁ আগুৱাই আহি যিখিনি ঠাই পায় সেইখিনিত হাহাকাৰ লাগি যায় দুগুণ ঠেলা হেঁচাৰে।

এনেদৰে হাতীয়ে ম’হে যুঁজ কৰাদি কৰি কৰি কণ্ডাক্টৰজন মানুহৰ মাজেৰে আগুৱাই গৈ থাকিল। কিছু আগুৱাই যোৱাৰ পাছত তেওঁৰ ভৰিত কিহবাই জোট-পোট লাগি ধৰাত তেওঁ আগুৱাবও নোৱাৰা হ’ল পিচুৱাবও নোৱাৰা হ’ল। তেওঁ, কোনে কি পেলাইছে অ’ বুলি আটাহ পাৰি লাহে লাহে পাকৈত সৈনিকৰ নিচিনাকৈ ভৰিৰে পিচলাই লাহেকৈ উঠাই আনিলে এখন কাপোৰ। সেই খন হাতেৰে মেলি ধৰাত দেখা গল, সেইখন এখন মেখেলা! কাৰ মেখেলা, কাৰ মেখেলা বুলি কনণ্ডাক্টৰে হাহাকাৰ লগাই দিয়াত চক্ খাই আমি প্ৰতিজনী মহিলাই নিজৰ নিজৰ মেখেলাবোৰ খেপিয়াই চালোঁ! চবৰে ঠিকেই আছে চোন! অৱশেষত গম পোৱা গ’ল মেখেলাখন গাঁঁৱৰ পৰা অহা হোজা ধৰণৰ এজনী মহিলাৰ হে! বেচেৰীয়ে চেফটি পিন নলগোৱাকৈ পেটিকোটোৰ ওপৰত পিন্ধি অহা পলিষ্টাৰ মেখেলাখন থেলা-হেঁচাৰ প্ৰকোপত কেতিয়ানো খুলি পৰি কণ্ডাক্টৰৰ ভৰিত জোট-পোট লাগি ধৰিলেগৈ বেচৰীয়ে গমেই নাপালে৷

হায় মোৰ মেখেলাৰ মানে জীৱৰ বিলৈ ঐ!

☆ ★ ☆ ★ ☆

9 Comments

  • ৰাজশ্ৰী শৰ্মা

    হা হা হা,জীৱৰ বিলৈ??..

    Reply
    • কমলা দাস

      ???ধন্যবাদ ৰাজশ্ৰী

      Reply
  • ডলী

    হাঃ হাঃ।

    Reply
    • কমলা দাস

      ?? ধন্যবাদ ডলী

      Reply
  • Sadananda Bhuyan

    বঢ়িয়া, মেখেলাৰ বিলৈ ।

    Reply
    • কমলা দাস

      নকব আৰু??
      ধন্যবাদ জনালোঁ

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷ মেখেলাই আৰু ভিৰ সহ্য কৰিব নোৱাৰিলে৷

    Reply
    • কমলা দাস

      ??? তাকেই। ধন্যবাদ জনালোঁ

      Reply
  • পাপৰি ভাগৱতী নাথ

    ভাল হাহিলো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *