ফটাজান- অৰুণাভ মহন্ত
(এই কাহানীটোৰ এটাও চৰিত্ৰ কাল্পনিক নহয়৷ কোনো ব্যক্তিবিশেষৰ লগত নাম আৰু চৰিত্ৰৰ মিল পালে তাক সম্পূৰ্ণৰূপে উদ্দেশ্য প্ৰণোদিত বুলি ধৰে যেন)
বহুবছৰ আগতেই এখন কিতাপত পঢ়া মনত পৰে অখ্যাত এই সৰু ঠাইখনৰ কথা৷ তেতিয়াৰপৰাই কিবা যেন এক আকৰ্ষণ আছিল মোৰ এই ঠাইখনৰ প্ৰতি৷ কিবা এক ৰহস্য আছে এই ঠাইত হেনো, আনএক্সপ্লোৰ্ড ঠাই। মোক বহুবছৰৰ পৰা যেন ৰিঙিয়াই মাতিছে ‘ফটাজানে’ এনেকুৱাও লাগে যেন কিবা এটা লেখাৰ প্লট পাম! কিবা নজনা কথা জানিম, কিবা ৰহস্য উদ্ঘাটন কৰিম৷ জাতিংগা, মায়ং এতিয়া পুৰণা হ’ল৷ নতুন কিবা এটা লাগে৷ কোনোবাই মোৰ গৱেষণাখিনিক যদি ডিস্ক’ভাৰি বা নেচনেল জিঅ’গ্ৰাফিকেল চেনেললৈ আগবঢ়াই দিয়ে ৰাতাৰাতি চেলিব্ৰিটি হৈ পৰিম৷ যোৱাবছৰ নৱেম্বৰ মাহত ওলালোঁ- লেপটপ, হেণ্ডিকেম, ডি এচ এল আৰ, ড্ৰোন কেমেৰা আৰু দৰকাৰী সা-সামগ্ৰী লৈ৷ ট্ৰেইন, বাছ, ট্ৰেকাৰ জাৰ্ণি কৰি প্ৰায় তেৰ ঘণ্টাৰ মুৰত পালোঁ মোৰ গন্তব্যস্থান- ফটাজান৷ অৱশ্যে, মোৰ হাতত ফটাজানৰ এটা গেষ্ট হাউচৰ এড্ৰেছৰ বাহিৰে আন একো তথ্য নাই৷ ট্ৰেকাৰৰপৰা নামি অলপ দূৰ খোজকাঢ়িয়েই পোৱা চাৰিআলিটোতে এখন শাক-পাচলি আৰু ফলৰ দোকান৷ হাতেলিখা চাইনবোৰ্ড এখনত লিখা আছে- “ইয়াত কেৱল জৈৱিক সামগ্ৰীহে বেচা হয়” দোকানীজনলৈ মন কৰিলোঁ- কৃষ্ণকায়, থুলন্তৰ ব্যক্তি এজন৷ মুখৰপৰা তামোলৰ পিক বৈ থুতৰি পাইছেহি৷ গেষ্ট হাউচৰ এড্ৰেছটো সুধিলোঁ৷ লগে লগে উত্তৰ আহিল,
: আপুনি অসমীয়া নহয় নেকি?
মই হয় বুলি কোৱাত মোৰ এটা সৰু সুৰা ক্লাছ লৈ লোৱা হ’ল৷ অলপ ৰুক্ষ সুৰত ক’লে,
: অতিথিশালা বুলি কওক, ঠিকনা বুলি কওক৷ কিহৰ গেষ্ট হাউচ? কিহৰ এড্ৰেছ? আপোনালোকৰ দৰে এচাম মানুহৰ বাবেই আজি অসমীয়া ভাষাটো নোহোৱা হ’বলৈ লৈছে৷
ছ’ৰি বুলি কওঁতেই আকৌ ধমক দি উঠিল,
: আকৌ ইংৰাজী শব্দ, ক’ৰ পৰা আহিছে আপুনি? নাম কি?
মই ক’লোঁঁ,
: গুৱাহাটীৰ পৰা আহিছোঁ, মোৰ নাম অৰুণাভ মহন্ত৷
নামটো শুনি মোক মূৰৰপৰা ভৰিলৈকে তন্নতন্নকৈ চাবলৈ আৰম্ভ কৰিলে, চাৱনিটো অদ্ভুৎ মানুহজনৰ৷ সুধিলে,
: গান গাই নেকি আপুনি?
হতবাক মই, আহিয়েই কাৰ পাল্লাত পৰিলোঁ! কিয় সুধিলে বুলি প্ৰশ্ন কৰোঁতে কৈ উঠি,
: জেলৰ কয়দীৰ লগত উঠ বহ চলিছিল এটা সময়ত মোৰ, সন্দেহ কৰাটো মোৰ স্বভাৱত আছেই৷
সোনকালে অতিথিশালাৰ ঠিকনাটো লৈ তাৰপৰা কোবাকুবিকৈ খোজ দিলোঁ গেষ্ট হাউচৰ পিনে৷
“কনিহা গেষ্ট হাউচ”, অৱস্থাই নাই গেষ্ট হাউচটোৰ,গেটতে চেঙেলীয়া ল’ৰা এজন পালোঁ, মোৰ একপ্ৰকাৰ ইণ্টাৰভিউ লৈ ল’লে! হাঁহ খাওঁনে নাই সুধিলে, কিয় বা? বিয়া পতা নে নপতা সুধিলে৷ পতা বুলি কওঁতে কৈ উঠিল,
: অকলে কেলেই আহিলে? বাইটিক কেলেই নানিলে?
চুট উঠি আহিল, একো উত্তৰ নিদি ওপৰলৈ যাবলৈ লওঁতে পিছৰপৰা আৱাজ দিলে,
: ফাৰ্ষ্ট ফ্ল’ৰত সোঁফালে ঘূৰিলেই ৰিচেপচন, জহনী মালিকক তাতেই পাব৷
ওপৰলৈ গৈ দেখিলোঁ কম পাৱাৰৰ লাইট এটা জ্বলি আছে, ৰিচেপচনত চিগাৰেটৰ ধোৱাৰ কুণ্ডলীৰ মাজত এজন ক্ষীণ মানুহ বহি মোলৈ টেলেকা চকুকিটাৰে চাইছে৷ প্ৰথম প্ৰশ্ন,
: মদ খায়?
সেপ ঢুকি ক’বলৈ আৰম্ভ কৰিছিলোঁহে,
: নাই তেনেকৈ…
উত্তৰ আহিল,
: মদ নাখালে ৰূম নাই!
হাৰে, কি মাল এইচব? আকৌ সেমেনা-সেমেনিকৈ ক’লোঁ যে মাজে মাজে চলে বুলি৷ ঢেকঢেকাই হাঁহি কবলৈ ধৰিলে,
: মোৰ নাম ৰঞ্জীৱ কে ভট্ট, কে ফৰ কনিহা৷ মোৰ ইয়াত থকাৰ দুটা চৰ্ত- প্ৰথমটো গধূলি গধূলি মোৰ লগত অলপ ধৰিব লাগিব, মানে মোক কোম্পেনী দিলেই হ’ল৷
তেতিয়াহে চকু গ’ল, পিছপিনে এখন বোৰ্ডত লিখা আছে- “মদিৰা, কানেকটিং পিপুল”, বুজিলোঁ ন’কিয়াৰ টেগলাইনটো চোৰ কৰিছে৷ ভয়ে ভয়ে দ্বিতীয় চৰ্তটোৰ কথা সুধিলোঁ৷ ক’লে,
: মোৰ গাঁও কনিহাৰ বহুত জমনি কাহিনী আছে, গধূলি গধূলি সেইবোৰো শুনিব লাগিব৷
এডভাঞ্চৰ কথা সোধোঁতে আকৌ ঢেকঢেকাই হাঁহি ক’লে,
: নাই নাই, আপুনিনো ক’ত মোৰ পইচা মাৰি পলাব? পলাব খুজিলেও মই থোৰি না পলাব দিম, পেমেণ্ট উলিয়াব জানো আমি, লাগিলে ডিঙিত ধৰি ওলমি দিম, পেমেণ্ট মৰা যাব নিদিও?
ৰূমটোত সোমাই লেপটপটোত কিছু কাম আগবঢ়াই থওঁ বুলি খুলি বহিছোঁহে মাথো, তেনেতে দুৱাৰত টোকৰ পৰিল৷ দুৱাৰ খুলি দেখোঁ কোনো নাই৷ আকৌ টোকৰ পৰিল৷ কোনেনো ধেমালি কৰি আছে ঔ বুলি খুলিলোঁ৷ হাৰে আকৌ কোনো নাই! জোৰেৰে দুৱাৰখন মাৰিব লওঁতেই তলৰ পৰা মাত আহিল,
: দাদা ‘ৰাতিৰ’ ডিনাৰত কি ল’ব?
তেতিয়াহে দেখিলোঁ- তলত এক জীৱ, নিভাঁজ ক’লা, মুখত এলদা ৰজনীগন্ধা, মুখমণ্ডলত য’ত ত’ত থকা দুই এডাল নোমে বুজালে সেইজন পুৰুষেই হয়৷ দুই হাঁতত দুটা ড্ৰেচিং কৰা হাঁহ৷ চেলেপু টাইপ হাঁহি এটা মাৰি মোলৈ চাই আছে৷ ইস ৰাম, জীৱৰ কি বিলৈ! কি পাম সোধোঁতে কৈ গ’ল,
: হাঁহৰ বেলেগ বেলেগ ডিছ পাব, কোমোৰাৰ লগত, তিলৰ লগত, অমিতাৰ লগত, মাহৰ দালিৰ লগত৷ ফ্ৰাইও পাব, আমাৰ কনিহাৰ হাঁহৰ ডিছ ফেমাছ৷
কিবা এটা নিজৰ পচন্দ মতে দিবলৈ কৈ লেপটপটোৰ সমুখত আকৌ বহি গ’লোঁ, ‘ৰাতি’ ডিনাৰটো কৰি সোনকালে শুবও লাগিব, পুৱাৰ পৰা ঢেৰ কামো আছে৷
পুৱাই ৰঞ্জীৱৰ পৰা ঠাইখনৰ বিষয়ে থূলমূলকৈ আইডিয়া এটা ল’লোঁ৷ দীঘলে প্ৰায় আঠ কি:মি: আৰু বহলে ছয় কি:মি: ৰ এৰিয়া, মাজেৰে এখন নদী গৈছে, এটা মন্দিৰ আছে নদীৰ পাৰত, নদীৰ সিটো পাৰে এখন সৰু জংগল আৰু এটা টিলা, ফটাজানত স্কুল আছে, বজাৰ আছে, মানুহবোৰে খেতি কৰে, মাছ মাৰে, এক শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰে৷ নদীৰ পাৰত কিবা এটা কাৰখানা হ’ব, সেইটো হ’লে বহুতৰ সংস্থাপনো হ’ব৷ আৰু বেছি বিতংকৈ কথা জানিবলৈ হ’লে দুজনমান মানুহক লগ কৰিবলৈ কৈ নাম আৰু ঠিকনা দিলে৷
সেইমতে ওলালোঁ, প্ৰথম লক্ষ্যস্থান ফটাজান প্ৰাথমিক বিদ্যালয়, এগৰাকী শিক্ষয়িত্ৰীক লগ ধৰিব লাগে৷ ঠিকনা সুধি সুধি গৈ আছোঁ, যোৱাকালি পোৱা চাৰিআলিটো পাওঁতেই পিছপিনৰ পৰা কোনোবাই “ডাঙৰীয়া ডাঙৰীয়া” বুলি চিঞৰা শুনিলোঁ৷ ঘূৰি চাই দেখিলোঁ কালিৰ সেই পাচলি আৰু ফলৰ বেপাৰীজন দৌৰি আহিছে৷ আজি অলপ ভাল মুডত আছে যেন লাগিল৷ আহিয়েই ক’লে,
: বিহুগীত এফাঁকি গাই শুনাওকচোন৷
ভয়েই খালোঁ, নাজানো বুলি ক’বলৈ সাহস নহ’ল, গাওঁতে কিবা ভুল হ’ব, আকৌ গালি খাম৷ বাণীকান্ত কাকতিয়ে যাওঁতে অসমীয়া ভাষাৰ দায়িত্বটো এওঁকেই দি থৈ গৈছে, ক’ত বা কি ভুল ধৰে৷ গান কিয় গাব লাগে সুধিলোঁ৷ দাঁত নিকটাই হাঁহি এটা মাৰি ক’লে,
: মোৰ এটা সন্দেহ হৈছে, সেয়েহে গাবলৈ কৈছোঁ৷
দাঁত কিটা ঐ.. যেন দাঁতৰ পোককিটাও একদম জৈৱিক! মই গা এৰা দিবলৈ ক’লোঁ,
: আজি অলপ লৰালৰি আছে, এদিন বহিম আপোনাৰ লগত৷
এইবুলি একপ্ৰকাৰ পলোৱাৰ নিচিনাকৈ আঁতৰি গ’লোঁ৷ স্কুলত গৈ ৰ’ব লগা নহ’ল, গেটতেই এগৰাকী মহিলাক সুধিলোঁ শিক্ষয়িত্ৰী গৰাকীৰ বিষয়ে৷ তেখেতে ক’লে,
: হয় কওক, ময়েই মিনাক্ষী মাষ্টৰণী৷
মোৰ পৰিচয়টো দিয়াৰ পাছতেই হঠাৎ তেওঁ মোৰ ওচৰলৈ আহি মোৰ বুকু, পিঠি, হাত শুঙিবলৈ ধৰিলে পুলিচৰ কুকুৰে শুঙাৰ দৰে৷ হাৰে, এইবোৰ হৈছে কি? ইয়াত সব মানুহ মানুহ চেৰা দেখোন!
: কি কৰিছে এইবোৰ?
বুলি সোধাৰ পাছত শুঙা বন্ধ কৰি মোলৈ কিছুপৰ চাই ৰ’ল৷ গম্ভীৰ কণ্ঠৰে সুধিলে মোক,
: পঞ্চ ইন্দ্ৰিয়, ষষ্ঠ ইন্দ্ৰিয় জানে?
কৈ গ’ল,
: মোৰ চাৰে পঞ্চ ইন্দ্ৰিয় আছে, মই নাকেৰে শুঙি মানুহৰ ভাল বেয়া কৈ দিব পাৰোঁ৷ মোৰ নাকটো মন কৰিছেনে? এই নাকটোৱেই মোৰ প্লাছ পইণ্ট৷ সাধাৰণ মানুহৰ নাকতকৈ বেছি কাম কৰে, সেয়ে চাৰে পঞ্চ ইন্দ্ৰিয়৷
তাৰ পাছত তেখেতে মোক যথেষ্ট সমল দিলে, মোৰ গৱেষণাৰ উদ্দেশ্যে৷ মই লিখি গ’লোঁ কথাবোৰ৷ লগতে তেখেতে পুৰণি ইতিহাস জানিবলৈ হ’লে এগৰাকী বয়সস্থ মহিলাৰ ওচৰলৈ যাবলৈ উপদেশ দিলে৷ নিজেও মোৰ ডায়েৰীৰ এটা পেজত কিছু ড্ৰয়িং টাইপৰ আঁক বাঁক কৰিলে৷ কিবা কিবি লিখিও দিলে৷ লগতে ক’লে,
: এনেইতো ইণ্টাৰভিউবোৰ ময়েই লওঁ, আজি ইণ্টাৰভিউ দি ভাল লাগিল৷
মই সুধিলোঁ,
: কৰবাত এবাৰ এই ঠাইডোখৰৰ বিষয়ে কিবা ৰহস্যৰ কথা পঢ়িছিলোঁ, সেই বিষয়েও কিবা ক’ব নেকি?
এক ৰহস্যময় হাঁহিৰে উত্তৰ দিলে,
: সেয়া আপুনি সময়ত নিজেই গম পাব৷
তাৰ পাছত দিনটো ইপিনে সিপিনে ঘূৰি কিছু ফটোগ্ৰাফী কৰিলোঁ, বজাৰ, মন্দিৰ এইবোৰ চালোঁ৷ মোবাইলটোৰ নেটৱৰ্ক প্ৰায় নাপায়েই, ভালেই পালোঁ- মোকো এটা ব্ৰেক লাগিছিল যান্ত্ৰিক পৃথিৱীখনৰ পৰা৷ ভাগৰি জুগৰি গধূলি গেষ্ট হাউচ পাওঁতেই দেখিলোঁ- ৰঞ্জীৱ সাজু, ৰিচেপছনৰ ওচৰত চোফাত বহি পেগ বনাবলৈ লৈছে৷ মোক দেখিয়েই ক’লে,
: আপোনাৰ এজন সংগী আহি পালে দেই, আপোনাৰ নেক্স্ট ৰূমটোতেই আছে, মাতি দিয়ক হে, খুব জমেংগে ৰং জব মিল বেংঠেগে তিন য়াৰ৷
কেনেকুৱা মানুহনো আহিল বুলি ৰূমটোলৈ আগবাঢ়ি গ’লোঁ৷ ৰূমৰ পৰা কিশোৰ কুমাৰৰ গানৰ আৱাজ ভাঁহি আহিছে – “আগ চে নাতা, নাৰী চে ৰিস্তা কাহে মন চমঝ না পায়ে..” চিনাকি হৈ ভাল লাগিল৷ মিণ্টু দত্ত, ইঞ্জিনীয়াৰ, কিবা তেলৰ সন্ধান পাইছে হেনো ফটাজানত৷ আজিয়েই আহি পাইছে৷ মেহফিল ভালেই জমিল তিনিওৰে, ৰূমলৈ আহি দেখিলোঁ ডিনাৰ ঢাকি থৈ দিয়া আছে – আজি হাঁহৰ কণীৰে বিলাহীৰ লগত “ডিম ভূৰ্জি” !
পুৱাই ওলালোঁ দত্তদাৰ লগত, ইজনে সিজনক নিজৰ নিজৰ উদ্দেশ্য ক’লোঁ, এসপ্তাহ মান থাকিব তেখেত, কিবা কাৰণত তেখেতৰ কামটো সফল হৈ গ’লে ভাৰতৰ এক বিখ্যাত নাম হৈ যাব৷ তেখেতৰ লগতেই তেখেতৰ কামত আগবেলাটো ঘূৰিলোঁ৷ দুপৰীয়াৰ সাঁজটো খোৱাৰ পাছত মই নদীৰ সিপাৰে গৈ আহোঁ বুলি ওলালোঁ৷ চাৰিআলিটোত দেখিলোঁ, আজি ফলৰ বেপাৰীজন নাই, ৰক্ষা! আপেল অলপ লৈ লওঁ বুলি ভাবি আগবাঢ়ি গ’লোঁ৷ বেলেগ ল’ৰা এজন আছে আজি৷ আপেল দৰালোঁ, কেজিত ৩০০টকা বুলি ক’লে! মই ডেৰশ দিব পাৰিম বুলিলোঁ, নিদিয়ে৷ জৈৱিক আপেল হেনো৷ ফটাজানত অ’ৰগেনিক আপেল! নিকিনো বুলি আঁতৰি যাওঁতে মই সুধিলোঁ,
: তেখেত ক’ত আজি?
খেতিৰ কামত ব্যস্ত বুলি ক’লে৷ হঠাতে সুধিলে,
: আপুনি বাৰু মহন্তদা নেকি?
মই হয় বোলাত প্ৰৱল উৎসাহেৰে কৈ গ’ল,
: দাদা মই কাকতি লিখোঁ, মোৰ ধৈৰ্য্য অতি কম আৰু মই অতি ধুৰন্ধৰ, সেই কাৰণে সবেই মোক ধুৰ্জ্জতি বুলি মাতে, কেতিয়াবা হিমাংশুদা ব্যস্ত থাকিলে ইয়াত বহি দিওঁ৷ আচ্ছা এটা কথা সোধোঁঁ, ইয়াত ফটাজানত টোলগেট হোৱাৰ চাঞ্চ কিমান জানে নেকি? মই অলপ টেনশ্যন লৈ আছোঁ যোৱা কিছুদিনৰ পৰা৷ আপোনাৰ কথা দাদাই মোক কৈছে কালি, খুব ভাল লাগিল আপোনাক লগ পাই৷ মোৰ নিজৰ দোকান হোৱাহেঁতেন মই আপোনাক আপেল বিনামূল্যে দিলোঁহেতেন আৰু আপোনাৰ গানো শুনিলোঁহেঁতেন৷ কিন্তু আপোনাক এটা অনুৰোধ কৰিছোঁ- ইমান ইচ্ছা কৰিছেই যেতিয়া আপুনি এই আপেলটো একামোৰ খাই পেলাওক, মই মালিকক গৰুৱে খাই গ’ল বুলি কৈ থ’ম৷
আৰে, কি পাগল ভাই! তাৰপৰা পলালোঁ নিমিষতে৷
নদীৰ সিপাৰৰ পৰা নাওখন আহি পালেহে আকৌ নিব৷ এঘণ্টামান সময় আছে হাতত৷ কি কৰোঁ বুলি ভাবিলোঁ চেলুন এখনতে সোমাই টাইমপাছ কৰোঁ৷ চেলুন কোনপিনে আছে বুলি এজনক সুধিলোঁ৷ এনেতে কোনোবাই সুহুৰিয়াই মাতিলে, “এইপিনে এইপিনে” বুলি৷ দেখিলোঁ ষ্টেণ্ড কৰি থোৱা স্কুটি এখনত ডন টাইপত বহি থকা এগৰাকী সুন্দৰী মহিলা৷ মাতিলে মোক ইঙ্গিতেৰে৷ স্কুটিখন ষ্টাৰ্ট কৰি ইঙ্গিতেৰে মোক পিছত বহিব কৈ সুধিলে,
: চুলি কটাব?
তেনেকৈ বহি দিবলৈ প্ৰস্তুত নাছিলোঁ, কি ক’ত কিয় বিখ্যাত একো নাজানো৷ মোক ৰৈ থকা দেখি ক’লে,
: মোৰ পাৰ্লাৰ আছে, এইকিইদিন অলপ বেপাৰ বেয়া, সেয়েহে মাতিছোঁ, বহি দিয়ক৷ এনেও মোৰ স্কুটিত বহাৰ সৌভাগ্য ফটাজানৰ পুৰুষৰ হোৱা নাই৷ কাৰ মুখ দেখিছিলে নো আজি ৰাতিপুৱা?
মন্ত্ৰমুগ্ধৰ দৰে বহি দিলোঁ৷ সপোন যেন লাগি আছিল, স্কুটিৰ ব্ৰেক মাৰোঁতেহে যেন সাৰ পালোঁ- বাৰ্বী বিউটি পাৰ্লাৰ…
: মোৰেই নাম বেব’ যোৱা ১৫ বছৰে ফটাজানত মোৰ এইখনেই একমাত্ৰ পাৰ্লাৰ৷
সোমাই যাওঁতে কৈ গ’লোঁ,
: ১৫ বছৰ? আপোনাক দেখিলেতো সৰু ছোৱালী যেন লাগে আৰু আপোনাক সাইলাখ বাৰ্বী পুতলাটো যেনেই লাগে৷
ধুনীয়া হাঁহি এটা মাৰি ক’লে,
: দাদা, চেনী খোৱাৰ এইবোৰ টেকনিক পুৰণা হ’ল, নতুন কিবা ভাবক৷
ইতিমধ্যেই কেঁচি ফণি লৈ সাজু তেখেত, মোক সুধিলে,
: ক’ত আছে ফটাজানত?
ক’লোঁ গেষ্ট হাউচটোৰ নাম৷ চিৰিয়াছ হৈ গ’ল যেন, ক’লে,
: গোটেই ফটাজানত আপুনি থাকিবলৈ সেই ভুত বাংলাটোহে পালেনে?
: হোৱাট? কি কৈছে?
উচপ খাই উঠিলোঁ৷ কৈ গ’ল তেখেতে,
: কেইদিন হ’ল তাতে আপোনাৰ? এতিয়ালৈকে গম পোৱা নাই? এডভাঞ্চ লৈছে আপোনাৰ পৰা? ল’বনো কিয়? ভুতক পইচাৰ কি দৰকাৰ? সেই ভুতটোক মাল খোৱা পাৰ্টনাৰ লাগে মাথো, আপোনাৰ একো ফটো আইডেণ্টিটিও নাই লোৱা নিশ্চয়৷ কুকটো যে, বিজয় সি আজিৰপৰা বহুবছৰ আগতে বেমাৰী হাঁহ খাই ফুড পয়জনিং হৈ ঢুকাইছিল৷ তেতিয়াৰপৰা সবকে হাঁহ খুৱাই গৈছে৷ আৰু সেই গেটত যে থাকে সোণটো, মৰাৰ পাছতো তাৰ প্ৰেম কৰিব নোপোৱাৰ দুখটো ৰৈ গ’ল তাৰ৷
আৰু কি কি কৈ গৈছিল মোৰ কাণত নোসোমাল, কি কৰোঁ, কি নকৰোঁ লাগিল, ক’ত পলাওঁ মই! তেনেতে তেখেতে কেঁচি সামৰি ক’লে,
: হৈ গ’ল৷
মই বহি থাকিলোঁ একে ঠাইতে, হঠাৎ এক খিলখিলিয়া হাঁহি, আচৰিত হৈ মুখলৈ চালোঁ৷ কৈ গ’ল,
: হাঃ হাঃ! বেয়া নাপাব দেই, মই মানে মতা মানুহৰ চুলি কাটিলে এনেকুৱা ভুতৰ কাহিনী এটা শুনাৱেই, ভয়তে চুলিবোৰ ঠিয় হৈ গ’লে কাটিবলৈ সুবিধা হয়৷
হেবাঙৰ দৰে ময়ো মৰা হাঁহিটো সমুখৰ আইনাখনত দেখি লাজো পালোঁ৷ নদীৰ সিটো পাৰে গৈ বহুতেই ভাল লাগিল৷ মোৰ কেমেৰাটোও খুব ব্যস্ত থাকিল৷ কিছু জনজাতীয় লোকৰ সৈতে কথা পাতিলোঁ৷ মোৰ কামৰ কিছু সমল পালোঁ৷ বেছি দেৰি নকৰিলোঁ, গধূলি ৰঞ্জীৱৰ দৰবাৰত হাজিৰি দিবলৈও আছে নহয়! আজি সুধিলোঁ তেওঁক,
: আপুনি যে এনেকৈ নিজৰ পইচা খৰছ কৰি গ্ৰাহকক মদ খুৱাই, কি পায়?
মোলৈ আৰু দত্তদালৈ চাই ঢেকঢেক কৈ হাঁহি ক’লে,
: মইনো ক’ত ফ্ৰীতে খুৱাইছোঁ? বিলবোৰ খাটাত লিখা গৈ আছোঁ ডেইলি৷
গালিটো ডিঙিলৈ আহিও মুখলৈ নাহিল৷ এনেতে বিজয়ে হাঁহ ফ্ৰাই দি গ’ল চাখনা হিচাপে৷ লগে লগে ক’লোঁ,
: ডিনাৰত হাঁহ নুখুৱাবা দেই, কিবা বেলেগ খাম আজি৷
সেই চেলেপুৱামিৰে ভৰা হাঁহিটো মাৰি ক’লে,
: আজি বেচনেৰে লেটিয়াই হাঁহৰ কণীৰ বড় বনাইছোঁ৷
উফফ..মানে আজিও ঘূৰিপকি হাঁহকেই খুৱাব৷ ৰঞ্জীৱে আমাৰ মনৰ কথাটো অনুমান কৰিব পাৰি ক’লে,
: ই নিজে হাঁহিমুখীয়া বাবে হাঁহৰ ডিছ ভাল বনাব জানে৷
মনে মনে ভাবিলোঁ এনে হাঁহিমুখীয়া টো ঐ!
এনেকৈ আৰু কেইদিনমান পাৰ হ’ল৷ ঠাইবোৰ মোৰ চিনাকি যেন হৈ পৰিছিল৷ কিছু লোকৰ সাক্ষাৎকাৰ ল’লোঁ, ভিডিঅ’ ৰেকৰ্ডিং কৰি সেই অঞ্চলত আগতে ঘটি যোৱা কিছু নাভূত নাশ্ৰুত ঘটনাৰ বিষয়ে৷ কিন্তু ধমাকেদাৰ বা ধাচু টাইপৰ একো এটা গোটাব পৰা নাই৷ বেব’ ৰ লগতো ভাল দোস্তি যেন হৈ পৰিল৷ তাইৰ স্কুটিখন দিনৰ ভাগত ময়েই চলাই ইফাল সিফাল কৰোঁ৷ কেতিয়াবা মোক ফুৰায়, নতুন ঠাই, মানুহ কিছু লগ কৰায়৷ খুব ফূৰ্তিবাজ মহিলা, গোটেই ৰাস্তা পেকপেক কৰি যায়৷ ৰাস্তাত তেখেতে চিনি নোপোৱা মানুহ নাই৷ সবকে সুন্দৰকৈ মাত দিয়ে৷ কোনোবাক জোকায়, কোনোবাক দম দিয়ে৷ এদিন লুংলুঙীয়া ৰাস্তা এটাৰে গৈ থাকোঁতে, স্কুটি ৰখাই ওচৰৰে পথাৰত ফুলকবি চোৰ কৰি থকা মহিলা এগৰাকীক মাটিৰ চপৰা দলিয়াবলৈ লাগি গ’ল৷ সিপিনৰ পৰা অশ্ৰাব্য গালি, লগতে সৰু সৰু ফুলকবি দলিয়াইছে সিগৰাকী মহিলাই৷ মই ভয় খালোঁ, কথাটো বেয়া হৈছে৷ বেব’ক ক’লোঁ,
: যাওঁ বলক ইয়াৰপৰা, কোনোবা আহি ওলালে বৰ বেয়া কথা হ’ব৷
খিলখিলাই হাঁহি কৈ গ’ল,
: এয়া মোৰ বান্ধৱী হিমাশ্ৰী, তাই একো বেয়া চেয়া নাপায়৷ তাই বহুত খোলা মনৰ ছোৱালী৷ ইমান ভাল ঘৰ-বাৰী থকাৰ পাছতো সদায় নিজৰ স্কুটিখন লৈ ইয়ালৈ নেচাৰেল হাৱা খাবলৈ আহে, খোলা পায় যে গোটেইখন৷ এই চাঞ্চতে অলপ জ’গিঙো কৰি যায়, তাইৰ ক্ষীণাবৰ খুব মন৷ ৰ’ব আপোনাকো চিনাকি কৰাই দিছোঁ৷ এইবুলি মোক হিমাশ্ৰীৰ লগত দূৰে দূৰে চিনাকিও কৰাই দিলে৷ সিপিনৰ পৰাও হাই হেল্লো কৰিলে৷ তেখেতে দলিয়াই পঠিওৱা ফুলকবিকেইটা সামৰি বেব’ অৱশেষত যাবলৈ ওলাল৷ যাওঁতে হিমাশ্ৰীক কৈ গ’ল,
: ঐ জোঁক ওলাইছে বহুত, অলপ সাৱধান৷
লাহে লাহে মোৰ ঘূৰি আহিবৰ সময় হৈ আহিছিল, দত্তদা আৰু মই একেলগেই আহিম বুলি প্লেন বনাইছিলোঁ৷ ঘূৰি অহাৰ আগদিনা ভাবিলোঁ মানুহবোৰক মাত দি যাওঁ, জীৱনত আৰু যে কেতিয়াবা লগ পাম তাত সন্দেহ আছে৷ মিনাক্ষী মাষ্টৰণীৰ পৰাই আৰম্ভ কৰোঁ বুলি ওলালোঁ৷ জৈৱিক ফলৰ বেপাৰীটোক এভ’ইদ কৰি আবেলি স্কুল গৈ পালোঁগৈ, স্কুল বন্ধ৷ চকীদাৰজনক সুধিলোঁ স্কুল কিয় বন্ধ, চকীদাৰজনে ক’লে স্কুল বন্ধই আছে যোৱা বিশদিনমান৷ ভুত দেখা দিলোঁ, ক’লোঁ যে মই ছয়দিন আগতে নিজে মিনাক্ষী মাষ্টৰণীক লগ পাই গৈছোঁ৷ এইবাৰ চকীদাৰজনে মোক ভুত দেখা দিলে৷ সেপ ঢুকি ক’লে,
: মিনাক্ষী বাইদেউ আজি আঠবছৰ আগতেই ঢুকাইছে!
চকীদাৰজন আঁতৰি যোৱাৰ পাছতেই মোৰ সেই ডায়েৰীৰ পেজটোলৈ মনত পৰিল য’ত মাষ্টৰণীয়ে নিজ হাতেৰে কিবা লিখি দিছিল৷ মোৰ সেইখিনি পঢ়াই হোৱা নাছিল৷ খৰধৰকৈ পঢ়ি গ’লোঁ৷ লিখা আছে- “আপুনি বিপদত, বাচিবলৈ মিনতি আইতাক লগ কৰিব, নদীৰ সিপাৰে জংগলত থাকে তেখেত, তলত ৰাস্তাৰ চিত্ৰটো দিছোঁ৷”
দৌৰাদৌৰিকৈ নদীঘাটলৈ ঢাপলি মেলিলোঁ৷ ভাগ্য ভাল নাওখন ঘাটতে আছিল৷ আজি এজন নতুন নাৱৰীয়া দেখিলোঁ৷ নিজৰ প্ৰকাণ্ড পেটটোতে ভেঁজা দি বহি আছে, নাৱত কাগজ কলম দেখি উৎকণ্ঠাতে সুধিলোঁ-
: নাম কি তোমাৰ?
ক’লে-
: লোকে কয় মোৰ হেনো লেখা গুলী,
সমগ্ৰ ফটাজানে মোক জানে অমিতাভ বুলি!
সাহিত্যৰ ৰসত আজি উটি ভাঁহি যাওঁ,
আহক এই সন্ধিয়াটো ৰঙীন কৰি পেলাওঁ !”
বাঃ! অতি সুন্দৰ, ফটাজানত কবি এজনক লগ পাবলৈয়ে বাকী আছিল৷ কৈ গ’ল ল’ৰাজনে, সাহিত্য চৰ্চাত খুব ৰাপ৷ নদীৰ পাৰত/মাজত হেনো তাৰ লেখাৰ সমলবোৰ পায়৷ সেই পৰিৱেশে তাক অনুপ্ৰেৰণা দিয়ে সাহিত্য চৰ্চা কৰিবলৈ৷ কিবাকিবি শুনালেও তাৰ সৃষ্টি৷ ভালেই লিখিছে ল’ৰাটোৱে৷ মই ক’লোঁঁ,
: মই প্ৰায় এঘণ্টাত ঘূৰি আহিম৷ ৰ’বা, আৰু শুনিম তোমাৰ লেখা৷
মিনাক্ষীৰ ড্ৰয়িং ফলো কৰি প্ৰায় পশিচ মিনিটমান পাছতেই গন্তব্যস্থান পালোঁ-মিনতিৰ জুপুৰি৷ তেতিয়ালৈ গধূলি হৈছিল৷ ভঙা জুপুৰি এটা, লগতে জোনাকী পৰুৱাৰ জিলমিলনি, শিয়ালৰ হোৱা, মেকুৰীৰ মেও মেওৱে পৰিৱেশটো জয়াল কৰি তুলিছিল৷ হঠাৎ মোৰ ঠিক পিছপিনেই কৰ্কশ মাত এটাই মোক শ্বক খুৱালে-
: ঐ কোন অ’ তই?
ঘূৰি চাই তেওঁক দেখি আৰু বেছি শ্বক খালোঁ৷ ইমান আলৰ বুঢ়ী মই মোৰ জীৱনত দেখাই নাছিলোঁ৷ সেই MDH মচালাৰ মালিক তথা মডেলজনৰ বয়সৰেই হ’ব৷ আইতা বুলিয়েই সম্বোধন কৰি চমুকৈ তেখেতক ক’লোঁ মোৰ কাহানী৷ ফিচফিচীয়া হাঁহি এটা মাৰি ক’লে তেওঁ-
: মৰিবলৈ আৰু ঠাই নাপালি? ফটাজান আহি ওলালি! যিমান সোনকালে পাৰ ইয়াৰপৰা ওলা,পাৰিলে আজি ৰাতিয়েই ওলা৷ তোৰ আশে পাশে চাৰিওপিনে বিপদ, ভয়ংকৰ বিপদ!
এপাকত নিজৰ পকা চুলি একোঁচা ছিঙি আনি মোৰ হাতত তাবিজ বন্ধাৰ দৰে বান্ধি দি ক’লে যে সেয়া যেন মই ভুলতো খুলি নিদিওঁ৷ অমিতাভ ৰৈ আছিল মোৰ বাবে, তাক দেখি সকাহ পালোঁ৷ সেই নৱেম্বৰৰ শীতত ঘামি জামি তিতি গৈছিলোঁ মই৷ সি শুনাই গ’ল কিবাকিবি, শলাগি গ’লোঁ, মূৰলৈ একো সোমোৱা নাছিল৷ নাওখন পাৰলৈ চপাব লওঁতেই মোক খৰধৰ কৰা দেখি সি ক’লে,
: দাদা ৰব, আজি এটা প্ৰেমৰ কবিতা লিখিছিলোঁ, এইটো শুনি যাওক৷
মই একপ্ৰকাৰ জপিয়াই দিলোঁ নাৱৰপৰা৷ জোতা-মোজা, জীনছটো আঠুলৈকে তিতিল৷ পিছলৈ ঘূৰি চাই দেখিলোঁ নাৱত অমিতাভ নাই, আৰে কি হ’ল? ক’ত গ’ল ই? নামকাঢ়ি মাতিলোঁ তিনিবাৰমান, নাই কোনো উত্তৰ নাই৷ কিন্তু মোৰ যে সময় নাই তেতিয়া, মই ৰ’ব নোৱাৰিম৷ আহিবলৈ লওঁতেই আকৌ শুনিলোঁ তাৰ মাতটো৷ কবিতা এটি আবৃত্তি কৰিছে মোক শুনাবলৈ৷ কিন্তু ক’ত সি? আন্ধাৰত চকামকাকৈ দেখিলোঁ৷ আৰে সি দেখোন বোকাত লাহে লাহে পিচলি সোমাই গৈ আছে পানীৰ পিনে৷ হাত এখনত খামোচ মাৰি ধৰিলোঁ৷ সৰ্বশক্তি প্ৰয়োগ কৰি টানিছোঁ তাক৷ নাই তাৰ ওজনটো মই ল’ব পৰা নাই৷ অহ, এয়া কি? তাৰ দেখোন হাতখন কান্ধৰপৰা সুলকি পৰিল৷ মোৰ হাতত তাৰ সুলকি পৰা হাতখন৷ তাৰ কোনো ৰিয়েকচন নাই, কবিতা শুনাই গৈছে ননষ্টপ৷ হোৱাট দ্যা হেল?
দৌৰিছোঁ খালী ৰাস্তাটোত পাগলৰ নিচিনাকৈ দৌৰিছোঁ৷ কাণত বাৰে বাৰে আহিছে -চকীদাৰজনৰ সেই কথাখিনি, মিনতি আইতাৰ সেই কৰ্কশ মাতটো, অমিতাভৰ কবিতাটো! বাটত তেত্ৰিশ কৌটি দেৱতাৰ যিমানৰ নাম জানো ল’লোঁ৷ দত্তদাক জনাব লাগিব এতিয়াই, এই মুহূৰ্ততে৷ দৌৰি দৌৰি গেষ্ট হাউচত সোমাই যাওঁতে আজি ৰঞ্জীৱক নেদেখিলোঁ৷ ডাইৰেক্ট দত্তদাৰ ৰূমৰ পিনে দৌৰি গৈছোঁ৷ আনদিনাৰ দৰেই দত্তদাৰ ৰূমৰপৰা পুৰণি হিন্দী গীতৰ আৱাজ আহিছে৷ দৰ্জা খোলা আছে, কিন্তু দত্তদা ক’ত? মাত দিলোঁ কেইবাবাৰো, বাথৰূমতো নাই৷ উফফ, মানুহজনক লগাৰ টাইমত পোৱা নাযায় কিয়? হঠাত চকু পৰিল- গ্ৰামোফোনত মহম্মদ ৰফীৰ গীত বাজিছে৷ আৰে গ্ৰামোফোন এতিয়াও আজিৰ জামানাতো চলে জানো? তেখেতৰ বিচনাত খোলা ডায়েৰী এখন, লগতে কলমটো, ধূলিত পোত গৈ আছে৷ কৌতূহলবশতঃ খুলি চালোঁ৷ একে উশাহত দুটামান পেজ পঢ়ি গ’লোঁ৷ শেষত কি লিখিছে এইবোৰ? এইটো গেষ্ট হাউচত তিনিটা মাৰ্ডাৰ হৈছে যোৱা দুদিনত৷ পুলিচ আহিছে, ৰঞ্জীৱে আত্মহত্যা কৰিছে… আৰে এইবোৰ কি? মূৰটোৱে আৰু লোড ল’ব নোৱৰা হৈ আহিছে৷ কিবা বেয়া সপোন দেখিছোঁ নেকি? ডায়েৰীৰ তাৰিখটোলৈ চকু গ’ল-১৯৯১ চনৰ ১জুলাই!! মানে?? দত্তদাই ১৯৯১ চনৰ ডায়েৰীত কি লিখি থৈছিল? আৰু আজি কিয় উলিয়াইছে পুৰণি ডায়েৰী? নে ডায়েৰীখন তেতিয়াৰপৰাই এনেকৈয়ে আছে? দত্তদা হে নাই? দৌৰি ওলাই আহিলোঁ ৰিচেপছনৰ পিনে- ৰঞ্জীৱ, বিজয়, সোনটোক মাত দিলোঁ, নাই আজি কোনো নাই৷ মোৰ ৰূমৰ চাবিপাট লাগে মোক, মই এতিয়াই এৰিম এই গেষ্ট হাউচ! কাউণ্টাৰৰ ড্ৰয়াৰটো খুলিলোঁ, চাবিবোৰ ক’ত? মোবাইলটোৰ টৰ্চটো মাৰি চালোঁ, নাই চাবি নাই এপাটো৷ এখন ফ্ৰেম কৰি থোৱা ফটোহে দেখিলোঁ৷ ৰঞ্জীৱ, বিজয় আৰু সোনটোৰ ফটো৷ থেকেচা মাৰি ফটোখন থওঁতেই চকু পৰিল ফ্ৰেমটোৰ এটা কৰ্ণাৰত এটা তাৰিখ আছে৷ ব্লেক এণ্ড হোৱাইট ফটোখনৰ তাৰিখটো আছিল ৪/৩/১৯৮৮ !!
বেব’য়ে প্ৰথম দিনাই কোৱা কথাবোৰ মনত পৰি গ’ল৷ য়েচ বেব’…তাই হেল্প কৰিব পাৰিব, তাই কেতিয়াবা দেৰিলৈকে পাৰ্লাৰ খোলা ৰাখে, তাইৰ স্কুটিও আছে, নহ’লে হিমাশ্ৰীক কৈয়ো কিবা হেল্প কৰিব পাৰে৷ এইবাৰ দৌৰিছোঁ তাইৰ পাৰ্লাৰৰ পিনে দৌৰিছোঁ৷ তিতা জোতা-মোজা, জীনছটোৰ ওজনত দৌৰিবলৈ অসুবিধা হৈছিল৷ মানুহ নাই ৰাস্তাত, কুকুৰে ভুকিছে মোক দেখি৷ চাৰিআলিটোত দেখিলোঁ হিমাংশুৱে দোকান সামৰি চাইকেলখন উলিয়াইছিল তেতিয়া৷ মই গৈ ফোপাই ফোপাই ক’লোঁ,
: মোক আপুনি বেব’ৰ দোকানৰ (পাৰ্লাৰৰ অসমীয়া নামটো নাজানো) ওচৰলৈ থৈ আহিব নেকি?
তেখেতে মোক পিছপিনে বহুৱাই খুব ধীৰে সুস্থিৰে পেডেল মাৰিবলৈ আৰম্ভ কৰিলে৷ লগতে আকৌ পুৰণি অসমীয়া গীতৰ লহৰি তুলিলে, প্ৰথমতে গালে -“মা আমি শদিয়ালৈ যামেই”, তাৰ পাছত “পাৰৰ পাখিত গাথি দিলোঁ”.. উফফ, এইটোৱে মোক অহাৰ দিনৰপৰা চোবাইছে, তাক ধমক দি ক’লোঁ মনে মনে থাকিবলৈ৷ খেকখেক কৈ হাঁহি চাইকেলখন ৰখাই দিলে৷ ই মোৰপৰা মাৰ খাব আজি! ক’বলৈ ল’লে,
: মোৰ সন্দেহ ১০০% শুদ্ধ আছিল, সেয়েহে আপুনি খগেন মহন্তৰ গীতবোৰ শুনিব নোৱাৰিলে আজি৷ আৰে আমাৰ উঠ বহ চলে কয়দীৰ লগত, সন্দেহ মোৰ তেজত আছে৷
মাই গড, কি পৰিস্থিতিত, কেনেকুৱা এটা সময়ত মই চেৰাবলিয়া এটাৰ বকৱাছ শুনিব লগা হৈছে মাজ ৰাষ্টাত৷ তাৰ পাছত সি যিখিনি কথা কৈ শুনালে, সেইখিনি শুনি মই কি কৰিবলৈ জীয়াই আছোঁ যেন ভাব হ’ল, ভয়-উৎকণ্ঠাৰ মাজতো জোৰকৈ হাঁহিবলৈ মন গ’ল৷ থূলমূলকৈ কথাখিনি এনেকুৱা- অংগৰাগ মহন্তৰ চুমা বিতৰ্কটোৰ পাছত অংগৰাগক বহুদিন কোনেও ক’তো দেখা নাই৷ সি হেনো গৱেষণা কৰি আছে নিজাববীয়াকৈ, এতিয়া সি চিউৰ যে ময়েই অংগৰাগ মহন্ত, চুলি চুটিকৈ কাটি, ফ্ৰেঞ্চ কাট ৰাখি, লোকচক্ষুৰ আঁৰত হেনো সংগীত সাধনা কৰিবলৈ ফটাজানলৈ আহিছোঁ৷ এতিয়া তাক মই এটা গীত গাই শুনাব লাগে, নিশ্চিত হ’বলৈ৷ মোক এই মুহূৰ্তত পিষ্টল এটা লাগিছিল, তাক মাৰিবলৈ নহয়, তাৰ হাতত পিষ্টলটো তুলি দি ক’লোঁহেঁতেন- “এনেকৈ তিলতিলকৈ নামাৰিবি মোক, এবাৰতে গুলিয়াই শেষ কৰ মোক৷”
গান গাই গাই সি গ’লগৈ, মই বেব’ৰ পাৰ্লাৰৰ চিৰিত বহি মূৰে কঁপালে হাত দিছোঁ৷ তাই নাই, আশে পাশেও কোনো নাই৷ তেনেতে দূৰৰপৰা অহা এখন বাইকৰ হেডলাইটৰ পোহৰত মই আশাৰ কিৰণ দেখিলোঁ৷ সেইখন ৰখাওঁতেই দেখিলোঁ- স্কুটিখন লৈ হিমাশ্ৰী দেখোন৷ উসস.. যেন উশাহ ঘূৰাই পালোঁ৷ থোৰতে তাইক কথাখিনি কোৱাৰ পাছত তাই নিজেই মোক ক’লে,
: আপুনি এতিয়াই ওলাওক, মোৰ স্কুটিখন লৈ যাওক, ঠিক হাইৱে পাওঁতেই মোৰ মিষ্টাৰৰ কোচিং চেণ্টাৰ এটা আছে, তাত থৈ দিব স্কুটিখন, মই কাইলৈ লৈ লম, আপুনি ট্ৰাক, বাছ যিয়েই পাই তাত উঠি ওলাই দিয়ক, যাওকগে সোনকালে৷
কৃতজ্ঞতাত মূৰটো দোঁ খাই পৰিল৷ ক’লোঁ,
: আপোনাক কি বুলি ধন্যবাদ দিম ভাবি পোৱা নাই, দুদিনীয়া চিনাকিত কোনেও কাৰো কাৰণে ইমানখিনি নকৰে৷
তাই ক’লে,
: ধন্যবাদ দিব নালাগে বাৰু, মই অলপ ক্ষীণাবলৈ চেষ্টা কৰি আছোঁ, কিবা যদি দিবই বিচাৰিছে ক্ষীণাবলৈ কিবা টিপ্চ দিয়ক না৷
মই ক’লোঁ,
: আপুনি এনেকৈয়ে বহুত ধুনীয়া৷
তাই ক’লে,
: তেন্তে মোৰ ৰূপৰ প্ৰশংসা কৰি ৰোমাণ্টিক কিবা এটা শুনাই থৈ যাওক৷
নাপায় অকলশৰীয়া, বিপদত পৰা, ভুতে ধৰা মানুহ এজনক এনেকৈ ব্ৰহ্মকামোৰ দিব নাপায়! তথাপিও ক’লোঁ,
: যোৱাবছৰ তাজমহল চাবলৈ গৈছিলোঁ৷ এক শুভ্ৰ, সৌম্য, স্বৰ্গীয় সৌন্দৰ্য… কিন্তু যেন কিবা এটা খুঁট আছে! অহাবছৰ আকৌ যাম আৰু আপোনাৰ ফটো এখন লৈ যাম৷ আৰু আপোনাৰ ফটোখন তাজমহলত আঁৰি দি সেই খুঁটটো নোহোৱা কৰি আহিম৷
সন্তুষ্ট হোৱা যেন লাগিল মোৰ কথাত৷ স্কুটিৰ চাবিপাত মোলৈ আগবঢ়াই দিলে৷ স্কুটিখন লৈ ওলালোঁ, প্ৰায় ৭- ৮ কি:মি: বাট হাইৱেলৈকে৷ ৰাস্তাত গাড়ী তেনেকৈ নাই৷ নদীৰ পাৰত প্ৰতিষ্ঠা হ’বলগীয়া কাৰখানাৰ কামৰ বাবে বালি, শিল কঢ়িওৱা ডাম্পাৰ কেইখনেই বেছিকৈ দৌৰিছে৷ কিন্তু এয়া কি হৈছে? মোৰ পিছৰপৰা অহা গাড়ীবোৰে ইমানকৈ আপাৰ-ডিপাৰ মাৰিছে যে? ইমানকৈ হৰ্ণ মাৰিছে কিয়? মোক অ’ভাৰটেক কৰি যোৱা গাড়ীবোৰৰ পৰা মোক কিবাকিবি কৈ চিঞৰিছে দেখোন মানুহবোৰে৷ তেনেকৈয়ে আহি হাইৱেত উঠিছোঁ৷ পিছপিনৰপৰা তীব্ৰগতিত অহা এখন ট্ৰাকে বাৰে বাৰে বিকট হৰ্ণ বজাইছে, লাইটটো মাৰিছে, ক্ষন্তেকতে মোৰ স্কুটিক অ’ভাৰটেক কৰি সমুখত ব্ৰেক মাৰি বেঁকাকৈ ট্ৰাকখন ৰৈ গ’ল মোকো ৰাখিবলৈ বাধ্য কৰি৷ দুজন মানুহ ট্ৰাকখনৰ পৰা নামি মোৰ পিনে দৌৰি আহিল৷ মই ভাবিলোঁ- এইবাৰ মই কি কৰিলোঁ? দূৰৰ পৰাই চিঞৰিলে,
: ঐ পিছপিনে সেইটো কি বহুৱাই আনিছ?
মানুহ দুজনে কৈ গ’ল, মোৰ পিছৰপৰা অহা সব গাড়ীয়েই হেনো দেখি আছে৷ মোৰ স্কুটিৰ পিছৰ চিটত বগা শাৰী পৰিহিতা এক সুন্দৰী নাৰী, তাইৰ শাৰীৰ আঁচলটো প্ৰায় ২০ ফুটমান দীঘল, সেই আঁচলটোৱে আৰু তাইৰ দীঘল চুলিটাৰিয়ে ৰাস্তাটো বহুদূৰৰ পৰা সাৰি, মচি আনিছে৷ যিকোনো গাড়ীয়ে মোক অ’ভাৰটেক কৰি যাওঁতে তাই গাড়ীখনক উদ্দেশ্যি বিভিন্ন ভংগিমা ইঙ্গিত প্ৰদৰ্শন কৰিছে, কেতিয়াবা মূৰটো ১৮০, কেতিয়াবা ৩৬০ ডিগ্ৰীত ঘূৰাই দেখুৱাইছে ইত্যাদি৷ উফ, কি শুনিছোঁ এইবোৰ? মানে…মানে হিমাশ্ৰীও!! কেতিয়া মূৰ ঘূৰাই বাগৰি পৰিলোঁ মোৰ মনত নাই, চকু মেল খাওঁতে মই মোক নিজকে গুৱাহাটী অভিমুখী ট্ৰাকখনৰ ভিতৰত আৱিষ্কাৰ কৰিলোঁ, তেতিয়ালৈ মই ফটাজানৰ পৰা বহু দূৰত!
☆ ★ ☆ ★ ☆
1:01 pm
তামাম লাগিল দাদা।
11:25 am
ধন্যবাদ
2:10 pm
উফ কেনেকে ভাৱে হে দাদা.. বঢ়িয়া লাগিল
11:26 am
হা হা, কেৰেক্টাৰবোৰৰ কামাল
4:53 pm
ইমানেই ভাল লাগিল যে কবলৈ ভাষা নাই ।
8:13 am
সাংঘাতিক লাগিল।
11:28 am
নিজৰ কেৰেক্টাৰটোৰ মিল পাইছেনে?
4:44 pm
উৎকণ্ঠাৰে ভৰা লেখা , লগতে চিনাকি চৰিত্ৰ কেইজনকো পালোঁ। হাঁহ আৰু বিজয় দাৰ জন্ম জন্মান্তৰৰ সম্পৰ্কটো এনেকৈয়ে থাকে যেন।
11:27 am
ইনশ্বাল্লাহ থাকিব
7:04 pm
তামামIতামামI
11:26 am
ধন্যবাদ
12:20 pm
মজা লাগিল৷