ফটাঢোল

সংগীত- সাক্ষৰজ্যোতি মহন্ত

সেইদিনা ডিব্ৰুগড় বিশ্ববিদ্যলয়ৰ ৰংঘৰ খহি পৰিব যেন লাগিছিল৷ ইমান দৰ্শক ইয়াৰ পূৰ্বে ৰংঘৰত কোনোদিনেই হোৱা নাছিল৷ সেইদিনা ৰংঘৰত আন অনুষ্ঠানতকৈ এক পৃথক অনুষ্ঠান আছিল৷ সেইদিনা ৰংঘৰত পাঁচ বছৰৰ পিছত এসময়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাঞ্চল্য সৃৃষ্টি কৰিব পৰা তথা Heartthrob ৰাজৰ সংগীতানুষ্ঠান আছিল৷ হঠাৎ লোকচক্ষুৰ পৰা তথা বন্ধু-বান্ধৱীৰ পৰা একেবাৰে সংযোগবিহীন হৈ যোৱা ৰাজৰ অনুষ্ঠান চাবলৈ সেইদিনা অসমৰ বিভিন্ন ঠাইৰ পৰা ন-পুৰণি ছাত্ৰ ছাত্ৰীয়ে ঢাপলি মেলিছিল৷ এয়া কাহিনীৰ শেষ অংশহে৷ এতিয়া কাহিনীটোৰ Flashback লে যাওঁ আহক৷

ৰাজ, আলফাৰ চাউনিত বন্ধুক বাৰুদৰ মাজত ডাঙৰ দীঘল হোৱা এটা ল’ৰা৷ তাৰ মাক-দেউতাক আলফা কেডাৰ৷ তাক মাক দেউতাকে হিংসাৰ পৰা তথা আলফাৰ উদ্দেশ্যৰ পৰা আঁতৰাই ৰাখিব বিছাৰিছিল৷ ৰাজক ভৱিষ্যতে এজন আলফাৰ নেতা হোৱাটো বিচৰা নাছিল৷ যদিও তেওঁলোক সশস্ত্ৰ সংগঠনৰ সদস্য আছিল তথাপি তেওঁলোকে পুত্ৰ ৰাজক ভৱিষ্যতে সমাজৰ দাৰিদ্ৰ শ্ৰেণীৰ কাম কৰা ব্যক্তি হিচাপেহে গঢ়িব বিছাৰিছিল৷ ৰাজৰ মাতৃ ইংৰাজী বিষয়ত যথেষ্ট দক্ষ আছিল আৰু পিতৃ অসমীয়া ভাষা সাহিত্যত৷ ৰাজক সদায় পুৱা-গধূলি পিতৃ-মাতৃয়ে পুথিগত শিক্ষা দিছিল৷ যদিও ৰাজ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছিল তথাপি সকলো বিষয়ৰ জ্ঞান লাভ কৰিছিল পিতৃ-মাতৃৰ পৰা৷

ৰাজৰ দেউতাকক কিউবাৰ (Cuba) বিপ্লৱী নেতা চে’ গুৱেভাৰাৰ (Che Guevara) জীৱন আদৰ্শই যথেষ্ট আৰ্কষিত কৰিছিল৷ তেওঁ গুৱেভাৰাই কিউবাত ভূমি সংস্কাৰৰ দাবী কৰাৰ দৰে আলফাৰ জৰিয়তে অসমৰ ক্ষেত্ৰতো ভূমি সংস্কাৰ হোৱাটো বিচাৰিছিল৷ কিয়নো ভাৰতে এতিয়াও ব্ৰিটিছৰ দিনৰে ভূমি আইন মানি চলাটো তেওঁ বিৰোধিতা কৰিছিল৷ ঠিক সেইদৰে গুৱেভাৰাই কিউবাত (Cuba) যেনেদৰে নিৰক্ষৰতা দূৰ কৰিছিল ঠিক সেইদৰে অসমীয়াসকলৰ মাজৰ পৰা নিৰক্ষতা দূৰ কৰিব বিচাৰিছিল আৰু প্ৰথম পদক্ষেপ হিচাপে কম শিক্ষিত বা নিৰক্ষৰ আলফা সদস্যসকলক পুথিগত শিক্ষা দিছিল৷ তেওঁ ৰাজকো সেইবাবে এজন শিক্ষিত ব্যক্তি হিচাপে গঢ়ি তুলিব বিচাৰিছিল৷ ৰাজক তাৰ দেউতাকে এটা কথাই শিকাইছিল যে শিক্ষাই হৈছে মানুহৰ শ্ৰেষ্ঠ সম্পদ আৰু এই সম্পদ আহৰণত আনক সহায় কৰা৷

ৰাজৰ পিতৃৰ এজন বন্ধুসুলভ ভাতৃ আছিল অনুজ বৰা৷ অনুজ বৰা আছিল শিবিৰৰ কেডাৰসকলক প্ৰশিক্ষণ দিয়া প্ৰধান ব্যক্তি৷ অনুজ এজন সংগীত প্ৰিয় ব্যক্তি আছিল৷ সংগীতৰ শিক্ষা নাছিল যদিও তেওঁ সংগীতত যথেষ্ট দক্ষও আছিল৷ ৰাজৰ অনুজ খুড়াক আছিল জামাইকাৰ বিখ্যাত Popstar বব মাৰলি (Bob Marley) ৰ ভক্ত৷ আনকথাত ক’বলৈ গ’লে খুড়াক অনুজ Bob Marley ৰ সংগীতৰ লগতে Marley ৰ  আৰ্দশৰ দ্বাৰাও অনুপ্ৰাণিত হৈছিল৷ বব মাৰলিৰ দৰে তেওঁ জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু আলফাৰ মজিয়াৰ পৰা অসমীয়া সমাজত সকলোৰে মাজত সমতা প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল৷ তদুপৰি তেওঁ মাৰলিৰ (Marley) দৰেই মহিলাক যথেষ্ট সন্মান কৰিছিল৷ ৰাজকো তেওঁ সদায় মহিলাক সন্মান কৰিবলৈ শিকাইছিল৷ অনুজ খুড়াকে ৰাজক খুব মৰম কৰিছিল৷ কিন্তু তেওঁ বব মাৰলিৰ দৰে ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত আছিল আৰু ৰাজকো সদায় এইবোৰৰ পৰা আঁতৰি থাকিবলৈ শিকাইছিল৷ তেওঁ আলফাৰ সদস্যসকলক শাৰীৰিক প্ৰশিক্ষণ দিয়াৰ সময়ত ৰাজক সদায় লগত লৈ গৈছিল আৰু ৰাজকো শাৰীৰিক প্ৰশিক্ষণ দিছিল৷ তদুপৰি আজৰি সময়ত ৰাজক তেওঁ সংগীতৰ শিক্ষা দিছিল৷ তেওঁ ৰাজক এখন টোকাৰি সাজি দিছিল আৰু সেই টোকাৰিখন আৰু কিতাপেই আছিল তাৰ বন্ধু৷ কাৰণ তাৰ সমবয়সীয়া কোনো নাছিল তাত৷ সি দিনটো কিতাপ আৰু সংগীতৰ লগতে ব্যস্ত আছিল৷

ৰাজৰ জীৱনত দেউতাক আৰু খড়াক অনুজৰ যথেষ্ট প্ৰভাৱ আছিল৷ দুয়োজনৰে জীৱনাদৰ্শই ৰাজৰ ভৱিষ্যত জীৱনতো যথেষ্ট প্ৰভাৱ পেলাইছিল৷ সকলো ঠিকেই চলি আছিল ৰাজৰ জীৱনত৷ কিন্তু নব্বৈৰ দশকত ঘটা এটা ঘটনাই ৰাজৰ জীৱনত সূদুৰপ্ৰসাৰীৰ পৰিৱৰ্তন আনিলে৷ ঘটনাটো আছিল Operation Bajrang৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত আলফাৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ Operation ৷ কিমান আলফা সদস্য নিহত হৈছিল তাৰ হিচাপ নাই আৰু এই Operation ত ৰাজৰ পিতৃ মাতৃয়েও প্ৰাণ হেৰুৱাইছিল৷ তাৰ সন্মুখতে মাক-দেউতাকৰ নিথৰ দেহ পৰি আছিল৷ ৰাজক খুড়াকে কোনোমতে লৈ তাৰ পৰা পলাই সাৰিছিল৷ কিমান দিন কিমান ৰাতি ভোকে পিয়াহে অটব্য হাবিৰ মাজেৰে পলাইছিল ঠিকনা নাই৷ এনেদৰে পলাই আহি আহি ৰাজ আৰু খুড়াক অনুজ যোৰহাট পালেহি৷ সি একোকে গম পোৱা নাছিল এইবোৰ কি হৈছে৷ কোনোদিন গাড়ী মটৰ, অট্টালিকা নেদেখা ৰাজৰ বাবে এইবোৰ সহজ নাছিল৷ কেৱল এইবোৰৰ বিষয়ে কেতিয়াবা শুনিছিল বা পঢ়িছিলহে৷ কিন্তু ইয়াৰ পাছতো ৰাজৰ জীৱনলৈ অমানিশাৰ আন্ধাৰ নামি আহিছিল যেতিয়া আৰক্ষীয়ে ৰাজৰ খুড়াক অনুজক গ্ৰেপ্তাৰ কৰে৷

ৰাজ এতিয়া একেবাৰে অকলশৰীয়া৷ না তাৰ খাবলৈ আছে না তাৰ থাকিবলৈ ঠাই আছে৷ ভোকৰ তাড়নাত সি ডাষ্টবিনৰ পৰা খোৱা বস্তু বিচাৰি খাইছিল৷ কিন্তু তাৰ হাতত আছিল খুড়াকে লিখা গীতৰ এখন বহী৷ সেইখন সি লগতে লৈ ফুৰিছিল সদায় আৰু আলফাৰ চাউনিৰ পৰা পলাই আহোঁতেও সেইখন লগত লৈ আহিছিল৷

সি এটা কথা মনতে ভাবিলে৷ যদি সি সেই গীতবোৰ ফুটপাথত বহি বহি গায় হয়তো তাক কোনোবাই কিবা এটা দিয়েইবা৷ সি সিদিনাৰ পৰা যোৰহাটৰ SBI Bank ৰ সন্মুখত সদায় বহি গান গাবলৈ ল’লে৷ দিনটো গান গালে ৫ , ১০ টকা দিনটোত পায়৷ সেইসময়ত দিনটো দুবেলা দুমুঠি খাবলৈ যেনেতেনে হয়গে তাৰ৷ আজৰি সময়ত সি ৰাস্তাত পৰি থকা যিকোনো কাগজ বুটলি পঢ়িছিল সদায়৷ এনেদৰে প্ৰায় ছমাহ মান পাৰ হ’ল৷ লাহে লাহে সি পিন্ধি থকা ছাৰ্ট আৰু পেণ্টটো ফাটিবলৈ লৈছে৷ তাৰ বাবে নতুন কাপোৰ কিনাৰো সামৰ্থ নাছিল৷ দিনটো গান গায় যিটো পাইছিল সেয়াৰে তাৰ খাবলৈকে ভালকে নোজোৰে৷

ৰাজীৱ কলিতা নামৰ এজন ব্যক্তিয়ে ৰাজক প্ৰায়ে লক্ষ্য কৰি আছিল আৰু তাক আজৰি সময়ত সদায় কিবা নহয় কিবা এটা পঢ়ি থকা দেখে৷ তেওঁ অলপ আচৰিতো হৈছিল ৰাজক English ত কিবা কিবি পঢ়ি থকা দেখি৷ তেওঁ ওচৰৰে বেংকটোৰ মেনেজাৰ আছিল৷ তেওঁ এদিন ৰাজৰ ওচৰলৈ গৈ তাৰ বিষয়ে সুধিলে, সি ক’ৰ পৰা আহিছে, তাৰ নাম কি, তাৰ ঘৰত কোন কোন আছে ইত্যাদি ইত্যাদি৷ ৰাজে তাৰ নামটো ক’লে আৰু ক’লে যে তাৰ কোনো ঘৰ নাই৷ সি বাকীবোৰ কথা কোৱাৰ পৰা বিৰত থাকিল৷ তাক ব্যক্তিজনে আকৌ সুধিলে, সি অসমীয়া আৰু ইংৰাজী কাগজবোৰ কেনেকৈ পঢ়ে৷ তাৰ কোনো নায়েই যদি শিক্ষা ক’ত কেনেকৈ পালে৷ সি একো কোৱাৰ পৰা বিৰত থাকিল৷ ৰাজীৱ কলিতাই আৰু একো নুসুধি তাৰ পৰা গুচি গ’ল৷ তেওঁৰ ভালকৈ জানিছিল যে ৰাজে কিবা লুকুৱাইছে যিটো সি ক’ব বিচৰা নাই৷ পিছদিনা তেওঁ ৰাজলৈ এযোৰ নতুন পোছাক আৰু কিবা কিবি খোৱা বস্তু লৈ আহিছিল৷ প্ৰথমে সি এইবোৰ ল’বলৈ অস্বীকাৰ কৰিছিল যদিও পাছত বেছিকৈ জোৰ কৰাত ল’লে৷ লাহে লাহে কলিতাই সদায় তালৈ খোৱা বস্তু লৈ আনিবলৈ ল’লে৷ ৰাজে অনিচ্ছাৰ স্বত্বেও ভোকৰ তাড়নাত খাবলৈ বাধ্য হ’ল৷ লাহে লাহে দুয়োৰে মাজত এক ভাল সম্পৰ্ক গঢ়ি উঠিল৷ ৰাজীৱ কলিতাৰ কোনো ল’ৰা ছোৱালী নাছিল৷ তেওঁ তেখেতৰ পত্নীক ৰাজৰ কথা ক’লে আৰু তাক তেওঁলোকে তুলি ল’লে কেনে হয় সুধিলে৷ কলিতাৰ পত্নীৰ একো আপত্তি নাই ক’লে আৰু তেঁৱো ৰাজক তুলি ল’বলৈ আগ্ৰহেই কৰিলে৷

পাছদিনা পুৱাই দুয়োজন ৰাজৰ ওচৰলৈ আহিল৷ দুয়োজনে ৰাজক ক’লে যে তেওঁলোকে তাক তেওঁলোকৰ লগত লৈ যাব বিচাৰিছে আৰু লগতে ক’লে যে তেওঁলোকৰ কোনো সন্তান নাই আৰু তাক নিজৰ সন্তানৰ দৰে মৰম দিব৷ ৰাজ বহুত সময় একো নমতাকে বহি থাকিল৷ সি ক’লে সি তেওঁলোকৰ লগত যাব কিন্তু এটা চৰ্তত৷ চৰ্তটো আছিল তাক তেওঁলোকে সংগীত আৰু পঢ়াত কোনোদিন বাধা দিব নোৱাৰিব৷ তেওঁলোকে তাৰ চৰ্ত মানি ল’লে আৰু লগতে কথা দিলে যে তেওঁলোকে তাক আনুষ্ঠানিকভাৱে সংগীত আৰু স্কুলীয়া শিক্ষা দিয়াব৷ ৰাজ তেওঁলোকৰ লগত গ’ল৷ ৰাজৰ জীৱনত আকৌ এক নতুন অধ্যায় আৰম্ভ হ’ল৷ তেওঁলোকে ৰাজক স্কুলত নাম লগাই দিলে৷ ৰাজেও দেউতাক আৰু খুৰাকৰ পদাংক অনুসৰণ কৰি শিক্ষাৰ লগতে সংগীতৰ চৰ্চা কৰি গ’ল৷

এনেদৰে ৰাজৰ অতি সুখেৰে দিন পাৰ হ’বলৈ ল’লে৷ তাক ৰাজীৱ আৰু তেখেতৰ পত্নীয়ে অতি মৰমেৰে ডাঙৰ দীঘল কৰিছিল৷ ৰাজ যথেষ্ট মেধা আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন আছিল৷ ৰাজে সুখ্যাতিৰে স্কুলীয়া আৰু JB কলেজৰ পৰা কলেজীয়া জীৱন পাৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিলে৷ আকৌ এক নতুন অধ্যায় আৰম্ভ হ’ল ৰাজৰ জীৱনত৷ DU য়ে যেন ৰাজক হাতবাউলি দি মাতিহে আছিল৷ ৰাজ গৈয়েই Department freshers  হয়৷ তাৰ পিছত University ৰ General Freshers ত নিজৰ বিভাগত প্ৰতিনিধিত্ব কৰে৷ General Freshers ত ৰাজে হাতত এখন গীটাৰ লৈ সেই খুড়াকে লিখা এটি গীত পৰিবেশন কৰে৷ গীতটি ইমান হৃদয়স্পৰ্শী আছিল যে শ্ৰোতাই গীতটি তাক দুবাৰ পৰিবেশন কৰালে৷ ৰাজ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ নৱাগতা হিচাপে বিবেচিত হয়৷ ৰাজ ৰাতিটোৰ ভিতৰতে University ত জনপ্ৰিয় হৈ পৰে৷ তাৰ গীত সেইদিনা যিসকলে ৰংঘৰত শুনিছিল সেই গান সেইসকলে কেতিয়াও পাহৰিব নোৱাৰে৷ এয়া কেৱল আৰম্ভণিহে আছিল৷

ৰাজ যিটো মেছত আছিল সেইটো মেছত ছয়টা ল’ৰা আছিল আৰু সিহঁত প্ৰতিটোৱেই সংগীতৰ লগত জড়িত আছিল আৰু প্ৰতিটোৱেই কিবা নহয় কিবা এটা বাদ্যযন্ত্ৰ বজাব জানিছিল৷ সি Best Freshers হোৱাৰ পাছত সিহঁতৰ মাজত এটা Musical Band খোলাৰ কথা চৰ্চা হ’বলৈ ল’লে৷ ভবা মতেই কাম৷ সিহঁতে গঠন কৰিলে এটা Band, নাম ৰাখিলে Beatless. Band টোৰ Leader আৰু Lead vocalist আছিল ৰাজ৷ সিহঁতে প্ৰথমে B Tech য়ে অনুষ্ঠিত কৰা Auxesis ত যোগদান কৰে৷ দেশৰ বিভিন্ন ঠাইৰ পৰা অহা সকলো Band ক চেৰ পেলাই ৰাজৰ Band টো বিজয়ী হয়৷ ৰাজৰ সংগীতানুষ্ঠান কল্পনাতীত আছিল৷ DU ৰ ইতিহাসৰ পোনপ্ৰথমটো Musical Band আৰু প্ৰথমটো অনুষ্ঠানতে বিজয়ী হৈ ৰাজ হৈ পৰে DU ৰ new musical Sensation. Auxesis ৰ পিছত অনুষ্ঠিত হৈছিল Anazari আৰু Sanmilan. ইয়াৰ পাছতো university ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ  কৰিছিল৷ প্ৰতিটো অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল ৰাজৰ Beatless Band.

ৰাজৰ গান বিশ্ববিদ্যালয়ৰ ল’ৰা-ছোৱালীৰ মুখে মুখে৷ ৰাজ University ৰ Heartthrob আছিল৷ তাৰ গানে youtubeতো যথেষ্ট জনপ্ৰিয়তা পাইছিল৷ এনেদৰেই তাৰ university ত সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল৷

এদিন ৰাজে তাৰ বন্ধুকেইটামানৰ লগত সুমন হোটেলত কিবা খাই আছিল৷ তেনেতে দেখে যে এগৰাকী বয়োজেষ্ঠ মহিলাই হোটেলৰ সন্মুখত বহি সকলোকে খাবলৈ বিচাৰি আছিল৷ ৰাজে মানুহ গৰাকীক খাবলৈ বুলি মাতি আনিবলৈ যাওঁতেই দেখে যে এজনী ছোৱালীয়ে মানুহগৰাকীক মাতি আনি লগত বহুৱাই খুৱালেহি৷ ৰাজে সকলো চাই আছিল৷ ইমানখিনি ল’ৰা-ছোৱালী হোটেল আহি খাই গুচি গ’ল কিন্তু কোনেও মহিলাগৰাকীক এবাৰ ঘূৰিও নাচালে অথচ এজনী ছোৱালীয়ে মাতি আনি লগত খুৱালেহি! ছোৱালীৰজনীৰ এই কায্যই তাক যথেষ্ট আকৰ্ষিত কৰিছিল৷ তাইৰ লগত তেতিয়াই চিনাকি হ’ব বিচাৰিছিল যদিও কিবা ভাবি চিনাকি নহ’ল৷

কেইদিনমানৰ পাছত ৰাজে ছোৱালীজনীক আকৌ পালে৷ সি আগবাঢ়ি গৈ তাইৰ লগত চিনাকি হয়৷ সি তাৰ পৰিচয় দি সেইদিনাৰ সুমন হোটেলৰ মহিলাগৰাকীক কৰা সহায়ৰ বাবে শলাগ লয়৷ তাই ক’লে যে তাই ৰাজক চিনি পায় আৰু তাৰ গানৰ এগৰাকী Big fan, সি তেনেতে তাইৰ নামটো সুধিলে৷ তাইৰ নাম আছিল অনামিকা, ঘৰ লক্ষীমপুৰত৷ এয়াই সিহঁতৰ প্ৰথম চিনাকি৷ পিছত প্ৰায়ে সিহঁতে লগ পায়৷ লাহে লাহে সিহঁতৰ বন্ধুত্ব গঢ়ি উঠে৷ পিছত প্ৰায়ে সিহঁতৰ Whatsapp, Fb ত Chat হ’বলৈ লয়৷ ৰাজে সদায় তাৰ সংগীতৰ কথাই তাইৰ লগত আলোচনা কৰে৷ অনামিকায়ো তাক সদায় তাৰ কামৰ কাৰণে উৎসাহিত কৰে৷ তাই তাক সদায় এখন একক কণ্ঠৰ Album ৰ বাবে কাম কৰাৰ কথা কয়৷ তাৰো ইচ্ছা আছিল যদিও ইয়াৰ বাবে এক বৃহৎ পৰিমাণৰ মূলধনৰ প্ৰয়োজন হ’ব৷ কিন্তু যোগাৰ কেনেকে হ’ব এই মূলধন৷ অসম্ভৱ তাৰ কাৰণে এইটো কাম৷ অনামিকাই তাইৰ বন্ধু-বান্ধৱীবোৰক এই কথা ক’লে৷ সিহঁতেও লগে লগে ইতিবাচক সঁহাৰি জনালে৷ লাহে লাহে কথাটো গোটেই University ত বিয়পি পৰিল৷ সকলোৱে ৰাজক তাৰ Album ৰ বাবে দলেবলে সহায়ৰ বাবে আগবাঢ়ি আহিল কাৰণ ৰাজৰ গানৰ সকলো গুণমুদ্ধ আছিল৷ ৰাজে আৰম্ভ কৰিলে তাৰ এলবামৰ কাম৷ সকলোৰে সহায় সহযোগিতাৰে চাৰিমাহ মানৰ পাছত সম্পূর্ণ হ’ল তাৰ এলবামৰ কাম৷ এলবামটোৰ প্ৰতিটো গীতত আছিল বৈপ্লৱীকভংগীৰ৷ কাৰণ কাহিনীটোত আগতেই কোৱা হৈছিল যে সি সংগীতৰ শিক্ষা পাইছিল তাৰ খুড়াকৰ পৰা আৰু খুড়াকৰ আদৰ্শ আছিল Bob Marley. যিহেতু Bob Marley সংগীতত সদায় এক বিপ্লৱীক ভাৱ প্ৰকাশ পাইছিল আৰু সেই সুকীয়া সংগীতশৈলীৰ বাবেই Bob Marley যুৱপ্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল৷ ঠিক তেনেদৰে ৰাজো তাৰ সুকীয়া সংগীতশৈলীৰ বাবে জনপ্ৰিয়তাৰ শিখৰত আছিল৷ এলবামটোৰ নাম ৰখা হয় “The Witness”. এলবামটো মুক্তিৰ বাবে DUPGSU ৰ সহায়ত আয়োজন কৰা হয় ৰাজৰ Live Music Concert. বিশ্ববিদ্যালয়ৰ ইতিহাসত বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰথমটো Musical Concert সেয়া৷ তাতে এলবামটো মুক্তি দিয়া হয়৷ মুক্তিৰ লগে লগে গীতসমূহেও জনপ্ৰিয়তা পায়৷ ৰাজ যে কেৱল সংগীতৰ বাবেই DUত জনপ্ৰিয় আছিল তেনে নহয়৷ ৰাজ তাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জীৱনৰ দুয়োটা Varsity Week তে শ্ৰেষ্ঠ Athletes আছিল৷ হাবি জংঘলত শৈশৱ কটোৱা আৰু খুৰাকৰ পৰা পোৱা শাৰীৰিক শিক্ষাই তাক ভৱিষ্যত জীৱনতো সহায় কৰিছিল৷

ৰাজৰ লগত অনামিকাৰ এক ঘনিষ্ঠ বন্ধুত্ব আছিল বাবে ৰাজক তাৰ বন্ধু-বান্ধৱীবোৰে প্ৰায়ে তাক তাইৰ কথা কৈ থাকে৷ প্ৰথমে তাৰ এইবোৰ নাছিল যদিও সি লাহে লাহে তাইক ভাল পাবলৈ লয়৷ কিন্তু সি তাইৰ আগত এইবোৰ কোনোদিনেই দেখুওৱা নাছিল৷ সি জানিছিল যে অনামিকাই তাক সদায় বন্ধুৰ দৃষ্টিৰেই চাইছিল আৰু সি এইবোৰ কৈ তাইৰ লগত বন্ধুত্ব ছেদ কৰিব বিচৰা নাছিল৷ যিমানে সিহঁতৰ বিশ্ববিদ্যালয় এৰাৰ দিন চমু চাপি আহিছিল সিমানেই তাৰ অনামিকাৰ প্ৰতি ভালপোৱা বাঢ়িহে গৈছিল৷ অনামিকাৰ ঘনিষ্ঠ বান্ধৱী কেইজনীমানেও কথাটো জানিছিল যদিও তাইক এইবোৰ ক’বলৈ ৰাজে সিহঁতক মানা কৰি থৈছিল৷ সি তাইক তাৰ মনৰ কথা ক’ব বিচাৰিছিল যদিও বন্ধুত্বৰ কথা ভাবিয়ে সি একো নক’লে৷ এনেদেৰে সিহঁতৰ বিশ্ববিদ্যালয়ৰ জীৱন শেষ হ’ল৷ সকলো আঁতৰি গ’ল৷ সকলোৰে জীৱনত অলপ হ’লেও পৰিৱৰ্তন আহিল৷ কিন্তু সকলোকে আচৰিত কৰি ৰাজ তাৰ বন্ধু-বান্ধৱীবোৰৰ পৰা সম্পূৰ্ণ সংযোগবিহীন হৈ পৰে৷ অনামিকাৰ লগতো তাৰ কোনো যোগাযোগ নাইকিয়া হয়৷ তাৰ আন বন্ধু-বান্ধৱীবোৰে তাৰ খবৰ কৰিবলৈও কোনেও তাৰ বিষয়ে বিশেষ একো নাজানিছিল৷ তাৰ শৈশৱ তথা তাৰ অতীতৰ কথা অকল অনামিকাইহে জানিছিল৷ তাই পিছত ৰাজৰ ঘৰত খবৰ কৰিছিল যদিও তাৰ কোনো সন্ধান পোৱা নাছিল৷

পাঁচবছৰৰ পাছত

পাঁচবছৰৰ পাছত ৰাজে কৰ্মসূত্ৰে লক্ষীমপুৰত চাকৰিত যোগদান কৰে৷ তাত তাৰ কৰ্মস্থানৰ ওচৰতে এখন অনাথ আশ্ৰম আছিল৷ সি প্ৰায়ে তালৈ যায় আৰু তাৰ শিশুসকলৰ মাজত কিতাপ-পত্ৰ, কাপোৰ বিতৰণ কৰে আৰু সিহঁতক মাজে মাজে পঢ়ায়ো৷ তাক দেউতাকে সৰুতে কোৱা “শিক্ষাই হৈছে মানুহৰ শ্ৰেষ্ঠ সম্পদ আৰু এই সম্পদ আহৰণত আনক সহায় কৰা” কথাষাৰ তাৰ তেতিয়াও মনত আছিল আৰু দেউতাকৰ পদাংক অনুকৰণ কৰিয়েই সি পঢ়াৰ ক্ষেত্ৰত সদায় শিশুবোৰক উৎসাহিত কৰিছিল৷

সেইখন অনাথ আশ্ৰমলৈ মাজে মাজে একালৰ তাৰ বান্ধৱী অনামিকাও আহিছিল৷ এদিন হঠাতে দুয়োৰে দেখা-দেখি হয় তাতে৷ দুয়োটাই আচৰিত আৰু আৱেগিক হৈ পৰিছিল৷ বহুতসময় ইটোৱে সিটোক চাইয়েই ৰৈছিল৷ সিহঁতৰ পুৰণা দিনবোৰলৈ মনত পৰি গৈছিল৷ অনামিকাৰ ৰাজৰ সেই সংগীতানুষ্ঠানবোৰলৈ মনত পৰিছিল৷ ৰাজে সুধিলে,

: তুমি কেনে আছা?

তাই ক’লে,

: মনত যে আছোঁ মই তোমাৰ৷ ইমান বছৰ ক’ত আছিলা? না কোনো ফোন, চিঠি না কোনো খা-খবৰ৷ ইমান বিচাৰিলোঁ তোমাক৷ ক’তো নাই তোমাৰ খবৰ৷ মই জীয়াই আছোনে নাই তাকো খবৰ এটা ল’বলৈ তোমাৰ সময় নোলাল নে?

সি কিছুসময় মনে মনে থাকিল৷ তাৰ পাছত সি ক’লে,

: মই তোমাক নাই পাহৰা৷ কিন্তু মোক পৰিস্থিতিয়ে তোমালোকৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰাইছিল৷ University ৰ পৰা যোৱাৰ দুদিন মানৰ পাছতে মই ৰাজীৱ খুড়া আৰু খুড়ীৰ লগত এক এলবামৰ চুক্তিৰ বাবে গুৱাহাটী গৈছিলোঁঁ৷ কিন্তু পথতে হোৱা দুৰ্ঘটনাত মই খুড়া-খুড়ীক হেৰুৱালোঁঁ৷ মই কোনোমতে ৰক্ষা পৰিলোঁ৷ মই একেবাৰে ভাগি পৰিছিলোঁ৷ মই যাকে বেছি ভাল পাইছিলোঁ সকলোকে মোৰ পৰা ভগৱানে আঁতৰাই পঠাইছিল৷ তোমালোককো হেৰুৱাৰ ভয়ত মই তোমালোকৰ পৰা আঁতৰি থাকিব বিছাৰিছিলোঁঁ৷

অনামিকাই তাৰ কথা শুনি আৱেগিক হৈ পৰিল৷ তায়ো বুজিব পৰা নাছিল কিয় একেটা মানুহৰ জীৱনত ইমান দুখ দিছে৷ তাই কি ক’ব ভাবি পোৱা নাছিল৷ তাই তেনেতে সুধিলে,

: তুমি সংগীতৰ চৰ্চা কৰি আছানে?

সি ক’লে সি পাঁচবছৰৰ আগতেই সংগীত বাদ দিলে৷ কাৰ বাবে সি সংগীতৰ চৰ্চা কৰিব! তাই অলপ আচৰিতো হ’ল কাৰণ যি ৰাজে সংগীতক সাধনা কৰিছিল সেই ৰাজে কেনেকে সংগীত বাদ দিব পাৰে৷ তথাপি তাই বুজি পাইছিল যে পৰিস্থিতিয়ে তাক বাধ্য কৰাইছিল৷ সি কথাৰ মাজতে অনামিকাক সুধিলে,

: তুমি বিয়া হ’লা নে?

তাই হাঁহি মাৰি ক’লে,

: আজিলৈকে কাকো পোৱাই নাই বিয়া পাতিবলৈ৷

তাই মনতে প্ৰতিজ্ঞা কৰিছিল যে তাই ৰাজক পুনৰ সেই সংগীতৰ জগতখনলৈ উভতাই আনিব, কাৰণ তাই জানিছিল সংগীতেহে তাক পুৰণি জীৱনটো ঘূৰাই দিব পাৰিব৷ যোৱা কেইবাবছৰ ধৰি ৰাজৰ লগত তাইৰ কোনো সম্পৰ্ক নাছিল যদিও ৰাজৰ Beatless Band টোৰ বন্ধুখিনিৰ লগত সম্পৰ্ক আছিল৷ কেইদিনমানৰ পাছত ৰাজৰ জন্মদিন আছিল৷ অনামিকাই অনাথ আশ্ৰমৰ শিশুসকলৰ লগত তাৰ জন্মদিন উদযাপন কৰিলে৷ তাই ৰাজক জন্মদিনৰ উপহাৰ স্বৰূপে আগৰ তাৰ Band ৰ বন্ধুকেইজনক মাতি আনি Surprise দিলে৷ সিহঁতক দেখি সি সকলোকে সাৱটি ধৰিলে৷ সিহঁতেও ৰাজক ইমানদিনৰ পাছত দেখি উৎফুল্লিত হৈ পৰিছিল৷ তাক সিহঁতে কয় যে সিহঁতে সি যোৱাৰ পৰা সংগীত চৰ্চা বাদ দিয়ে৷ তাৰ অবিহনে Beatless কোনোদিন সম্পূৰ্ণ হ’ব নোৱাৰে৷ তাই ৰাজক বিশ্ববিদ্যালয়ত পুনৰ এটা সংগীতানুষ্ঠান কৰাৰ কথা কয় আৰু তাৰ বন্ধুকেইজনেও পুনৰ Band টো গঠনৰ কথা ক’লে৷ ৰাজে অগ্ৰাজ্য কৰিলে সিহঁতৰ প্ৰস্তাৱ৷ সি ক’লে,

: এতিয়া কোনে শুনিব মোৰ গান৷ মোক চাগে সকলোৱে পাহৰিলেই৷

আৰু তাৰ সংগীতত চাগে আগৰ সেই ৰিডমো নাই৷ তাৰ জন্মদিনৰ দিনাই অনামিকাই Facebook ত “Raaj Is Back” বুলি এটা status দিলে৷ তাইৰ Post টোত like, comment ৰ ধুমুহা বলিছিল৷ সকলোৰে কেৱল এটাই প্ৰশ্ন ৰাজ ক’ত আছে, কেনে আছে?  ৰাজৰ কিবা Musical Concert হ’ব নেকি? তাই ৰাজক সিহঁতৰ Comment বোৰ দেখালে আৰু ক’লে,

: চোৱা সকলো তোমাৰ কাৰণে কিমান উৎসাহিত৷ তোমাক কোনেও পাহৰা নাই৷ তুমি তোমাৰ গানৰ জৰিয়তেই সকলোৰে মাজত এতিয়াও জনপ্ৰিয় হৈ আছা৷ তুমি পাৰিবা আকৌ আগৰ দৰে গান গাব৷ তোমাৰ ওপৰত মোৰ সম্পূর্ণ  বিশ্বাস আছে৷

অনামিকাই তাইৰ কেইজনমান বন্ধু-বান্ধৱীৰ লগত কথা পাতিলে DU ত ৰাজৰ এক সংগীতানুষ্ঠানৰ বাবে৷ সিহঁতে VC আৰু DUPGSU ৰ লগত যোগাযোগ কৰিলে৷ VC য়ে লগে লগে অনুমতি দিলে আৰু ক’লে যে তেঁঁৱো ৰাজৰ গান শুনিবলৈ আগ্ৰহী হৈ আছে৷ PGSU ৰ কৰ্মকৰ্তাসকলেও সকলোপ্ৰকাৰে কথা দিলে৷ দিন আৰু স্থান ঠিক কৰা হ’ল৷ এসপ্তাহৰ পাছত ৰংঘৰত হ’ব পাঁচবছৰৰ পাছত ৰাজৰ সংগীতানুষ্ঠান৷ কথাটো বনজুইৰ দৰে বিয়পি পৰিল৷ সেইকেইদিন  Facebook, Twitter, Whatsapp ত অকল ৰাজৰ কথা৷ কিমান যে জল্পনা কল্পনা সকলোৰে৷ সকলো এসময়ৰ সংগীত চাঞ্চল্য ৰাজৰ গীত শুনিবলৈ সেইদিনা DU ৰ ৰংঘৰলৈ ঢাপলি মেলিছিল৷

(এতিয়া কাহিনীটোৰ একেবাৰে প্ৰথম অংশৰ পাছৰখিনি)

ৰংঘৰত কেৱল এটাই নাম কেওফালে শুনা গৈছিল ৰাজ ৰাজ আৰু ৰাজ৷ ৰাজে মঞ্চত প্ৰবেশ কৰে৷ এক ভাবিব নোৱৰা পৰিস্থিতি ৰংঘৰত৷ ৰাজ আচৰিত আৰু আৱেগিক হৈ পৰিছিল৷ সি সপোনতো ভবা নাছিল যে তাৰ গান শুনিবলৈ এনেদৰে তাৰ বন্ধু-বান্ধৱীবোৰ আহিব৷ ৰাজে সি Gereral Freshers ত গোৱা গীতটোৰে আৰম্ভ কৰিলে সংগীতানুষ্ঠান৷ সংগীতানুষ্ঠানৰ শেষত সি সকলোকে তাৰ অনুষ্ঠানলৈ অহাৰ বাবে কৃতঞ্জতা জনালে আৰু অনামিকাক সি তাক পুনৰ সংগীতৰ জগতখনলৈ উভতাই অনাৰ বাবে ধন্যবাদ দিয়ে৷ সি কথা দিলে যে সি কেতিয়াও আকৌ নাইকিয়া হৈ নাজায় আৰু পুনৰ এখন নতুন Album মুকলি কৰিব আৰু সেইখন তাৰ সকলো বন্ধু-বান্ধৱীৰ নামত Dedicate কৰিব …..

কাহিনীটোৰ কিন্তু Happy Ending এতিয়াও নাই হোৱা৷ ৰাজে তাৰ মনৰ কথা তেতিয়াও অনামিকাক ক’ব পৰা নাছিল৷ কাৰণ অনামিকাই তাক বহুত দিলে৷ অনামিকাই তাক বহুত বিশ্বাস কৰিছিল৷ সি তাইক ভালপোৱাৰ কথা কৈ সিহঁতৰ বন্ধুত্বত বিশ্বাসঘাতকতা কৰা হ’ব বুলি ভাবিয়েই মনৰ কথা ক’ব পৰা নাছিল৷ আশা কৰিছোঁ Mayabini 3 লিখালে ক’ব৷ পাৰিবগৈ…

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *