ফটাঢোল

চাপ আৰু প্লাৱিতা- ৰক্তাভ কুমাৰ

“ইউৰেকা, ইউৰেকা……. অঃ ছৰী, পাই গ’লোঁ, পাই গ’লোঁ…….. য়েছ য়েছ য়েছ! মোৰ এই চফিষ্টিকেটেড ব্ৰেইনটোও যে মানে আৰু….. এনি প্ৰব্লেম, এভ্ৰী চলিউচন…. আই এম জাষ্ট প্ৰাউড অৱ মাই ব্ৰেইন……….”

“ঐ পাগল! খজুৱতি ধৰা ছাগলী পোৱালীৰ নিচিনাকৈ জঁপিয়াইছ কেলৈ! নাদৰ পাৰত পিছল খাই হাত-ভৰি থেতেলা খালে তোৰ ইউৰিয়া মুখেৰে ওলাই যাব! মানুহৰ দৰে আহ্ বুলিছোঁ নহয়! পথালিকৈ কায়াটোহে বঢ়াইছ, মগজটো এতিয়াও আঁঠুৰ তলত। পোৱালী হৈ আছ নেকি এনেকৈ টেঁটুফালি চিঞঁৰি আহিছ যে!”

“মা, স্পীক ৱিদ ৰেচপেক্ট। তই সন্তানক অকল গালি পাৰিব শিকিলি, অকল তাৰ দোষ ধৰিব শিকিলি। বাহিৰত ওলাই গৈ চা; বেছি দূৰ যাব নালাগে চুবুৰীৰ লাইব্ৰেৰীৰ আগত এবাৰ গধূলি পৰত থিয় দি চাবি, তোৰ ল’ৰাৰ ইজ্জত কিমান গম পাই যাবি। আৰু তইনো কি বুজিবি এইবোৰ কথা, কিমান ৰিচাৰ্ছ কৰাৰ পিছত সমাধান উলিয়াই লৈছোঁ। “ইউৰেকা”ক “ইউৰিয়া” বুলি কোৱা মানুহে মোৰ নিচিনা ৰিচাৰ্ছ স্কলাৰৰ ব্ৰেইন ঢুকি পাবলৈ এতিয়াও বহুত সময় আছে….”

“হাতত এইখন কি দেখিছ! উতলা তেল লাগিয়েই আছে, পিঠিত বহাই দিলে তোৰ গোটেই ৰিচাৰ্ছ দেডাউৰীৰ লগত মুখেৰে বাহিৰ ওলাই আহিব। চুপতি মাৰিব আহিছ মাৰৰ লগত!”

ইয়াৰ পিছত বৈজ্ঞানিক ডাঙৰীয়াৰ মুখেৰে পিচে বেছি কথা ওলাই অহাৰ সুবিধা নাথাকে। “ৰাজমাতা শিৱগামী দেৱী”ৰ লেখীয়াকৈ ডাঙৰকৈ চকুহাল মেলি এখন হাত কঁকালত ৰাখি আনখন হাতেৰে কেৰাহীৰ গৰম তেলত জুবুৰিয়াই লৈ অনা হেতাখন লৈ থকা মাকৰ চেহেৰাটো দেখি বপুৰাৰ চাল-চলন ৰাজকীয় হাতীটোৰ নিচিনা গহীন হৈ পৰে।

আচ্ছা! এইখিনিতে কাহিনীৰ হিৰোজনৰ লগত চিনাকি কৰাই দিছোঁ বাৰু। মহাশয়ৰ নাম হৈছে জনাৰ্দন, শ্ৰীজনাৰ্দন দাস ভাবা। মেট্ৰিকৰ এডমিট কাৰ্ডত নামটো জনাৰ্দন দাস, কিন্তু হায়াৰ চেকেণ্ডাৰীত চায়েন্স ষ্ট্ৰীমত এডমিছন লোৱাৰ পিছৰ পৰা ল’ৰাজনে নিজকে নিজে এজন চিন্তাশীল ছাত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰি নামটোৰ শেষৰফালে “ভাবা” প্ৰতিসৰ্গ লগাই ল’লে। অন্য দহজনে হয়তো তাৰ নামটোৰ “মোদীফিকেশ্যন”ৰ আঁৰত খ্যাতনামা বৈজ্ঞানিক হোমী জাহাঙ্গীৰ ভাবাৰ প্ৰভাৱ আছে বুলি ভাবিব পাৰে, কিন্তু প্ৰকৃত কথাটো হ’ল জনাৰ্দনে নিজকে খুব ভাবুক হিচাপে সমাজৰ আগত ধৰা দিব খোজা স্বভাৱৰ পৰিপ্ৰেক্ষিতত তাৰ নামটোৰ শেষত সি “ভাবা”ৰ সূত্ৰপাত ঘটালে।

……………
 ………..

দুপৰীয়া ভাতকেইটা খাই উঠি বাচন মাজি থকা মাকৰ ওচৰত চকীখন পাৰি লৈ জনাৰ্দনে হাতৰ নখ কামুৰি কিবা কথা ভাবি আছিল। তেনেতে মাকে তাক সুধিলে,

“তই আজি গা ধুই ওলাই আহোঁতে ইউৰেকা ইউৰেকা বুলি চিঞঁৰি কিয় আছিলি! পাগল হৈছিলি নেকি!”

” মা, ডু য়ু নৌ আৰ্কিমিডিছ!”

“বোপাই, তই তোৰ মাৰক স্কুল-কলেজৰ পদূলি চুই নোপোৱা বুলি ভাবিছ নেকি!”

” মা, যিটো সোধো সেইটো ক’বি বুজিছনে! যদি তই ইমানেই জান তেন্তে ক’চোন আৰ্কিমিডিছ কোন আছিল?”

“আছিল আৰু কোনোবা! পাহৰিছোঁ যা। এতিয়া এইবোৰ সুধি মোৰ মূৰটো গৰম নকৰ আৰু ইয়াৰ পৰা যা।”

“তহঁতৰ নিচিনা মানুহৰ কাৰণেই বিজ্ঞানে আজি পাব লগা পৰিসৰখিনি লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে জান মা! আৰ্কিমিডিছ কোন যদি পাহৰিছ তেন্তে তহঁতৰ পঢ়াৰ কোনো মূল্য নাই!”

“তই কি ক’ব বিচাৰিছ?”

“শুন মা, মই যে গা ধুই ওলাই আহোঁতে ইউৰেকা ইউৰেকা চিঞঁৰি আছিলোঁ সেয়া আচলতে মই কোৱা কথা নহয়, দ্য গ্ৰেট গ্ৰীক চায়েণ্টিছ আৰ্কিমিডিছে কোৱা কথা। এবাৰ আৰ্কিমিডিছক সোণৰ মুকুটত ৰূপ খচোৱা কথা এটাৰ অনুসন্ধান কৰিব দিয়াত তেওঁ গা ধুই থাকোঁতে সেইটোৰ সমাধান পাইছিল আৰু সেইভাগেই বিবস্ত্ৰ হৈ ৰাস্তালৈ ওলাই আহিছিল। ইয়াৰ মানে কি বুজিলি! মানুহ যেতিয়া অত্যাধিক চিন্তাত নিমগ্ন হৈ থাকে তেতিয়া মানুহজনৰ মগজুত অকল সমস্যাৰ সমাধান উলিওৱা কথাটোৱেহে প্ৰাধান্য পায়, আৰু তহঁতে ভাবি লৱ যে আমাৰ নিচিনা চিন্তাশীল ব্যক্তিবোৰ পাগল!”

“বোপাই, তইনো ইমান কি ডাঙৰ আৱিস্কাৰডাল কৰিলি যে তেনেদৰে গা নোমোচাকৈ বাথৰূমৰ পৰা ওলাই দৌৰ মাৰিলি!”

” মই আৰ্কিমিডিছৰ সূত্ৰৰ দ্বাৰা প্ৰেমৰ সমস্যা সমাধান কৰিছোঁ বুজিছ! যোৱা এসপ্তাহ ধৰি বন্ধু মুনীনৰ ব্ৰেকাপৰ ওপৰত ৰিচাৰ্ছ কৰি আছিলোঁ। আজি শেষত গৈ তাক ছাইণ্টিফিকেলি কথাখিনি প্ৰেজেণ্ট কৰাৰ স্কোপ পাইছোঁ।”

তথাকথিত ছায়েণ্টিষ্ট পুত্ৰৰ কথাত মাক অবাক! চায়েন্সৰ সূত্ৰৰ দ্বাৰা প্ৰেমৰ সমস্যা সমাধান! কিমাস্যৰ্যম! পুত্ৰৰ কথাখিনি শুনি থাকি মাকে কিছু আমোদ পালে আৰু তাৰ ৰিচাৰ্ছৰ ওপৰত অধিক জনাৰ বাবে উৎসুক হ’ল।

“চা মা, মুনীনে প্লাৱিতা নামৰ ছোৱালী এজনীক ভাল পাইছিল। এতিয়া প্লাৱিতাৰ জীৱনত বেলেগ এজন ল’ৰা আহি যোৱা কাৰণে তাই মুনীনক ব্ৰেকাপ দিলে। এই কথাটো মুনীনে সহজভাৱে ল’ব পৰা নাই। সি সদায়েই আমাৰ বন্ধুমহলত এইটো কথা কৈ দুখ কৰি থাকে যে তাৰ একো দোষ নথকাৰ পিছতো প্লাৱিতাই কিয় তাক এৰি বেলেগ ল’ৰাৰ লগত গুচি গ’ল!

তইতো জানই তোৰ ল’ৰা জিনিয়াছ হয়! সকলোৱে বহুতখিনি কথা বুজোৱাৰ পিছতো মুনীনৰ মূৰত যেতিয়া একো নোসোমালে তেতিয়া মই তাক কথাখিনি আৰ্কিমিডিছৰ সূত্ৰৰ দ্বাৰা বুজোৱাৰ দায়িত্ব ল’লোঁ। সিও যিহেতু চায়েন্স বেকগ্ৰাউণ্ডৰ ল’ৰা গতিকে মোৰ এনালাইছিছখিনি সি ভালদৰে বুজি পাব!”

“ক চোন ক, তই তাক কেনেকৈ কি বুজাবি!”

“চা মা, ধৰা হ’ল সি এটা কঠিন বস্তু আৰু তাই এক তৰল পদাৰ্থ। সি তাইৰ প্ৰেমত ওপঙি আছিল, মানে তাইৰ ওপৰত সি তাৰ প্ৰেমৰ চাপ পেলাইছিল আৰু তাইৰ নামেই যিহেতু প্লাৱিতা সেয়েহে তাই নিজৰ ভুৱা প্ৰেমৰ সমপৰিমাণৰ উৰ্দ্ধমুখী বলেৰে তাক ডুবি যোৱাৰ পৰা বাধা দি আছিল। আচলতে তাই জানিছিল যদি তাৰ প্ৰেমৰ ঘনত্ব বাঢ়ি যায় তেন্তে সি তাইৰ প্ৰেমত ডুবি যোৱাৰ ভয় থাকিব। সেয়েহে তাই এক নিৰাপদ দূৰত্ব বজাই ৰাখি তাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল যাতে সময়ত তাই তাৰ প্ৰেমৰ চাপক নিয়ন্ত্ৰণ কৰি তাৰ পৰা আঁতৰি আহিব পাৰে। তাৰ প্ৰেমৰ ঘনত্বৰ তুলনাত তাইৰ তাৰ প্ৰেমক প্ৰত্যাহাৰ কৰাৰ ঘনত্ব যেতিয়া বাঢ়ি গ’ল তেতিয়া তাইও চেগ বুজি তাইৰ পৰা আঁতৰি আহিল। কথাখিনি ইমানেই, এইখিনি কথা যদি মই এনেকুৱাকৈ বৈজ্ঞানিক ভিত্তিত তাক বুজাই দিওঁ সি নিশ্চয় বুজি পাব।”

চায়েণ্টিষ্ট পুত্ৰৰ প্ৰেমক লৈ দিয়া ছাইণ্টিফিক সংজ্ঞা শুনি অজলা মাক কথমপি হে মূৰ ঘূৰাই নপৰাকৈ থাকিল! পুতেকৰ কথাখিনি শুনাৰ পিছত বাচন ধোৱা জাবৰখিনি পুতেকৰ হাতত সামৰি মাকে ক’লে,

“হোঁ ল, তই বাচনখিনিকে ধো, মই চায়েন্সকে পঢ়ি আহোঁ অলপ। কি খাই জন্ম দিছিলোঁ অ! তোৰ কথা শুনি কিবাকৈ ব্লাড প্ৰেচাৰ কণ্ট্ৰোল কৰি ৰাখিছোঁ বোপাই!”

এইবুলি মাকে বাচন ধোৱা জাবৰখিনি জনাৰ্দনৰ হাতত গতাই দি পাকঘৰৰ পৰা ওলাই গ’ল। জনাৰ্দনেও মাক যোৱাৰ ফালে চাই ৰৈ মুখেৰে বিৰবিৰালে,

“সঁচাকৈ মানুহবোৰ বৰ অঁকৰা। চাপ আৰু প্লাৱিতাৰ সংজ্ঞা ইয়াতকৈ ধুনীয়াকৈ কোনোবাই বুজাব জানোঁ! সঁচাকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰ কোনো আদৰেই নাই…..”

☆ ★ ☆ ★ ☆

3 Comments

  • Anjan Sadhanidar

    চুপাৰ লিখিলা হে ৷ এতিয়াও বজি নাপালে কৰিবা কি আৰু

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া লিখিলাহে৷ এনেকে বুজালে চায়েন্স বৰ ৰোমাণ্টিক হৈ উঠিব৷

    Reply
  • Anonymous

    বঢ়িয়া। বিজ্ঞানৰ সূত্ৰৰ এনে বাস্তৱিক প্ৰয়োগ দেখি আনন্দত চকুপানী ওলাই গল হে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *