ফটাঢোল

পঞ্চপদী- হেমেন ডেকা

ঘাতকৰ মুখত দেখোন কি সুন্দৰ হাঁহি
ভোজসভাত বজাওঁ আমি সম্প্ৰীতিৰ বাঁহী
হ’লোঁ বুদ্ধিহীন জীৱ
সেয়েহে চাগৈ ক্লীৱ

ভেবা লাগি চাই ৰওঁ, আমি যে ভোজৰ খাহী!

অজান্তি মুলুকত আছিল এক অধিপতি
বিদেশীৰ দাদাগিৰি চলে য’ত দিন-ৰাতি
দেশত লাগে হুৱা-দুৱা
নামি পৰে চোৰাংচোৱা

শান্তি বিচাৰি গঠন কৰে তদন্ত সমিতি৷

কিমান বজাম আৰু ফটাঢোল

কোনেনো বুজে পালিনেতাৰ মোল

কালে দিব খোজে গঁতা

কোনেও নিদিয়ে বঁটা

কি যে হ’ব- হৰি বোল হৰি বোল৷

☆ ★ ☆ ★ ☆

One comment

  • Sadananda Bhuyan

    হেমেন ডেকাৰ পঞ্চপদী মানেই মোৰ প্ৰিয় ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *