ফটাঢোল

তুফান-দ্যা ড্ৰাঙ্কাৰ্ছ ষ্টৰী – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

ৰাতিপুৱাৰ পৰাই গোটেই চুবুৰিটোত হুলস্থূল আৰম্ভ হৈ গ’ল। মহিলা সন্থাই যদি কাৰোবাৰ চোতালত বহি মিটিঙখন জমাইছে, পুৰুষসন্থাই আকৌ নামঘৰৰ পদুলিতে কথাৰ মহলা আৰম্ভ কৰিছে বিষয়টোৰ ওপৰত। কাণসমনীয়া যুৱকৰ দলটোৱে আকৌ গাঁৱৰ সোঁমাজতে থকা সংঘটোত কেৰম খেলি খেলি কথাটো আলোচনা কৰিছে। ঘটনাটোৰ চাক্ষুষ বিৱৰণ দেখা পোৱালিকেইটা এখোপ চৰা। যদু মাষ্টৰে কেনেদৰে খোজকাঢ়ি গৈছিল, ৰাস্তাত কেইবাৰ পৰিছে, ঘৰ পোৱালৈকে ৰাস্তাত কিমানক গালি দিছে এফালৰ পৰা বৰ্ণনা কৰি আছে। চাইকেলখন চলাই যাব খুজি তিনিবাৰমান পৰিছিল বাবে চাইকেলখন ঠেলি ঠেলি সেইখনৰ ভৰসাতেই ঘৰ সোমাইছে বোলে। ৰাজীৱহঁতৰ ঘৰৰ সন্মুখৰ জেওৰাখনৰ ওপৰত পৰি সেইখনো ভাঙি থৈ গৈছে। সকলোৰে মুখত আলোচনা এটাই। ইমান ভাল মাষ্টৰজন মদাহী কেনেকৈ হ’ল এই বুঢ়া বয়সত।মাজৰাতি ঘৰ সোমোৱাৰ আগে আগে অশ্লীল গালি গালাজ আৰম্ভ কৰা হৈছে বুলিও ক’লে দুজনমানে।

মহিলা সন্থাটোৰ মতে, যদু মাষ্টৰে পুতেক জীয়েক আৰু ঘৈণীয়েকৰ পৰা বহুত টেনচন পালে জীৱনত, সেইবাবেহে আজিকালি মদ খাব লৈছে।

: সেইদিনা হৰিনাথ শৰ্মাৰ ঘৰৰ সন্মুখত থকা বেলগছজোপাৰ তলতে পৰি আছিল বোলে মাজনিশালৈকে, ডাঙৰ পুতেকে বিচাৰি বিচাৰি গৈ বাপেকক তাতে পৰি থকা দেখা পাই ধমকি দি উঠাই নিলে। বেলজোপাৰ তলতে বোলে বাপেকক সৈ কঢ়ালে আৰু মদ নাখায় বুলি।

একে উশাহে কথাখিনি ক’লে গাঁওখনৰ সকলোতকৈ সৰবৰহী মহিলা বুলি পৰিচিত মিনতি খুড়ীয়ে।

: শপত খালে কি হ’ল, মাষ্টৰে দেখোন মদ খায়েই আছে সদায়, বেলগছৰ তলত শপত খোৱা মানে ভোলানাথৰ নামত শপত খোৱা, পৰভুৱে খেল দেখুৱাব মাষ্টৰক৷

মহিলা সমাজৰ নামতি মালতী বুঢ়ীয়ে মাত লগালে।

: কি খেল দেখুৱাব হে বাই ভোলানাথে, বেলজোপা বোলে উঘালি পৰি থাকিল পিছদিনা ৰাতিপুৱা। বতাহ বৰষুণ একো নাছিল ৰাতি, তাৰপিছতো বেলজোপা উঘালি পৰিল, মদাহী মাষ্টৰৰ শপত প্ৰভু ভোলানাথেও ভাল নাপালে৷

মিনতি খুড়ীয়ে মুখৰ ভিতৰতে ভোৰভোৰাই ক’লে।

: কেইদিনমান আগতে ৰমেশ কামলাৰ হতুৱাই ঘৰৰ সন্মুখৰ জেওৰাখন নতুনকৈ দিয়াইছিলোঁ, সেইখনো ভাঙিলে যোৱাৰাতি, চাইকেলে মানুহে একেলগে পৰিছে বোলে, এইবোৰ কথাৰ বিচাৰ হ’ব লাগিব, আজিয়েই নামঘৰত উলিয়াবলৈ কৈছোঁ কথাটো আমাৰ এখেতক৷

ৰাজীৱৰ মাকে অলপ খঙ মিহলি সুৰতেই ক’লে।

চুবুৰিটোৰ সকলো মানুহৰ মুখত যোৱা কেইদিনমানৰ পৰা আলোচ্য বিষয় একমাত্ৰ যদু মাষ্টৰ। প্ৰকৃত নাম যাদৱ কলিতা, একালৰ সকলোৰে আদৰ সন্মানৰ কৃতি শিক্ষক এজন। যোৱা কেইমাহমানৰ পৰা মদ খাবলৈ লৈছে। অকল খাবলৈকে শিকাই নহয়, খাই উঠি নিচা দেখুৱাবও শিকিছে এই বৃদ্ধ কালত। প্ৰথমতে মানুহবোৰে সহানুভূতিৰ দৃষ্টিৰে চাইছিল যদিও মাষ্টৰৰ উৎপাত দিনক দিনে বাঢ়ি যোৱাত সকলো অতিস্থ হ’ল।

শিক্ষকজীৱনৰ সমগ্ৰ চাকৰি কালছোৱা মানুহক মদ নাখাবলৈ উপদেশ দি অহা যদু মাষ্টৰে এই সত্তৰ বছৰ বয়সত কি পৰিস্থিতিত পৰি মদ খাবলৈ আৰম্ভ কৰিলে সেইটোৰো পৰ্যালোচনা চলি আছে সমান্তৰালভাবে চুবুৰিটোত থকা বিভিন্ন সচেতন মহলবোৰৰ মাজত।

কিছুমানৰ মতে ঘৰুৱা অশান্তিৰ বাবে মাষ্টৰে মদ খোৱা আৰম্ভ কৰিছে, কিছুমানৰ মতে মাষ্টৰৰ অগাধ পৈত্ৰিক সম্পত্তিৰ চিন্তাই মূৰত ধৰিছে, অন্য কিছুমানৰ মতে সঙ্গদোষত পৰিছে মাষ্টৰ, আজিকালি সন্ধিয়া হ’লে মাষ্টৰৰ লগত ৰাতুল নামৰ চুবুৰিটোৰ আটাইতকৈ বদমাছ ল’ৰাটো থাকে। যাদৱ কলিতাৰ দুয়োটা পুতেক উচ্চশিক্ষিত তথা প্ৰতিস্থিত চৰকাৰী চাকৰিয়াল, বিয়া বাৰু কৰাই নিজ নিজ পত্নী সন্তানৰ সৈতে বাপেকৰ লগতেই থাকে। একমাত্ৰ জীয়েকজনীও বিয়াৰ বাবে উপযুক্ত হৈছে। বিয়া হোৱা নাই যদিও মাষ্টৰৰ পৰিয়ালৰ বাবে বোজাস্বৰূপো হোৱা নাই, তায়ো চৰকাৰী চাকৰিয়াল। সমগ্ৰ ঘৰখনত উপাৰ্জন নকৰা প্ৰাণী মাথো মাষ্টৰৰ তিনি চাৰি বছৰীয়া নাতি নাতিনীহাল। ঘৈণীয়েকেও হাঁহ, কুকুৰা, জাৰ্ছি গাই দুজনীৰ পৰা মাহেকত ভালেখিনি উপাৰ্জন কৰে, তাৰোপৰি ঘৰতে থকা দুবিঘা মাটিৰ পুখুৰীটোৰ উপাৰ্জনো ঘৈণীয়েকৰ নামত। খেতিৰ মাটিও অজস্ৰ মাষ্টৰৰ।

ৰাইজৰ মাজৰ এচামৰ মতে মাষ্টৰ অভাব অনাটন নোহোৱা মানুহ। টকা পইচা উভৈনদী, গতিকে অৱসৰ হোৱাৰ পৰা ৰজাৰ দৰে থকাৰ মন গৈছে হয়তো, সেইবাবেই ৰাজকীয় বস্তু বুলি পৰিচিত এই সোমৰসত ধৰিছে এই বৃদ্ধকালত। কথাটোত কেইজনমানে হয়ভৰ দিলেও বেছিভাগেই মানি ল’ব পৰা নাই। মাষ্টৰে মদ খাই উৎপাত কৰা কথাবোৰৰ উচিত বিচাৰ লাগে সিহঁতক। বিচাৰ লগা ফৈদটোত আকৌ এসময়ত মদ খাই এতিয়া খাবলৈ বাদ দিয়া মানুহৰ সংখ্যাই অধিক, একালৰ ৰত্নাকৰ এতিয়াৰ বাল্মিকী। সিহঁতে উচিত বিচাৰ বিচৰা কথাটোত যুক্তিও নথকা নহয়, সিহঁবোৰৰ বেছিভাগৰে ওপৰত মদ খাই মাতলামি কৰা গোচৰত  ইতিমধ্যেই ৰাজহুৱা বিচাৰ বহুকেইখন হৈ গৈছে চুবুৰিটোৰ সোমাজতে থকা নামঘৰটোত, গতিকে মাষ্টৰৰ বিচাৰো হ’ব লাগে, এসময়ৰ মাষ্টৰ বুলি এতিয়া এৰি দিব নোৱাৰি।

অৱশেষত চুবুৰিটোৰ প্ৰৱলপ্ৰতাপী তথা মুখিয়াল ব্যক্তি নৰকান্ত শৰ্মাৰ হস্তক্ষেপত মাষ্টৰৰ বিচাৰৰ দিন ধাৰ্য কৰা হ’ল আহিবলগীয়া দেওবাৰটোৰ সন্ধিয়া ছয় বজাত চুবুৰিৰ নামঘৰত। প্ৰতিঘৰ মানুহকে বিচাৰৰ বিষয় উল্লেখ থকা নিমন্ত্ৰণী পত্ৰ একোখন পঠিওৱাৰ দিহা কৰিলে নৰকান্ত শৰ্মাই। মূল অভিযুক্ত মাষ্টৰ যাদৱ কলিতা আৰু চুবুৰিটোৰ ভিতৰতে অঘাইটং বুলি পৰিচিত ৰাতুল। নৰকান্ত শৰ্মা স্থানীয় সমাজখনৰ সকলো কামতে আগভাগ লোৱা তথা আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাবে এনেকুৱা বিচাৰবোৰৰ দায়িত্ব সদায় তেখেতৰ ওপৰতেই পৰে।

গোচৰীয়া পক্ষৰ প্ৰধান হ’ল মাষ্টৰৰ দুয়ো পুতেক সমীন আৰু নবীন। গোচৰীয়া পক্ষৰ মতে মাষ্টৰক এই বুঢ়া বয়সত মদ খুৱাবলৈ শিকালে ৰাতুলে। মাষ্টৰৰ সুখৰ সংসাৰত অশান্তিৰ সৃষ্টি কৰিবলৈ ৰাতুলে মাষ্টৰৰ লগত সদায় সন্ধিয়া মদ্যপান কৰে আৰু ৰাতিলৈকে মাষ্টৰ মদৰ ৰাগিত বেঁহুচ হৈ ঘৰযোৱা ৰাস্তাত তিনি চাৰিবাৰমান অ’ত ত’ত পৰি যাকে তাকে গুৱাল গালি পাৰি ঘৰ সোমায়।

নিৰ্দিষ্ট দিনত এজন এজনকৈ চুবুৰিটোৰ সকলোবোৰ মানুহ আহি নামঘৰত গোট খালে। নৰকান্ত শৰ্মাকে ধৰি বয়সস্থ আৰু মুখিয়াল লোককেইজন এফালে বহিল, আনটো ফালে ৰাইজ।

বিচাৰ আৰম্ভ হ’ল।

ৰাজীৱৰ বাপেকেই প্ৰথম ব্যক্তিগত অভিযোগটো দিলে যে চাইকেলৰ সৈতে বাগৰি মাষ্টৰে পদুলিৰ জেওৰাখন ভাঙিছে। ৰতিকান্ত কেৰানীয়ে ক’লে যে মাষ্টৰে সদায় ৰাতি তেখেতৰ ঘৰৰ সন্মুখত অশ্লীল ভাষাত গালি গালাজ কৰে, নতুনকৈ ঘৰ চপাই অনা বোৱাৰীয়েকৰ সন্মুখত সেইবোৰ গালি শুনিবলগীয়া হোৱাটো কম লাজৰ কথা হৈছে নে তেখেতৰ বাবে।

: মাষ্টৰ, আপোনাৰ কিবা উত্তৰ আছেনে এইবোৰ অভিযোগৰ?

নৰকান্ত শৰ্মাই সুধিলে।

: ৰাইজক কৈ যাব দিয়ক, আৰু কাৰোবাৰ কিবা অভিযোগ থাকিবও পাৰে, মই এবাৰতেই সকলোৰে উত্তৰবোৰ দিম৷

কোনো ধৰণৰ অনুতাপৰ লক্ষণ নোহোৱাকৈ মাষ্টৰ ক’লে। বিভিন্নজনে ভিন ভিন ধৰণৰ অভিযোগ ৰাখিলে অকল মাষ্টৰৰ বিৰুদ্ধে, ৰাতুলৰ বিৰুদ্ধে ৰাইজৰ কোনেও মাতলামি কৰাৰ অভিযোগ দিয়া নাই। এইবাৰ মাষ্টৰৰ বৰপুত্ৰ সমীন থিয় হ’ল ৰাইজৰ মাজত।

: ৰাইজ, দেউতাই মদ্যপান কৰি ৰাতি গুৱালগালি পৰা কথাটো এশ শতাংশ সঁচা, আনকি ঘৰতো গৈ মোক আৰু ভাইটিক গালি পাৰে কিন্তু এইবোৰ কথাৰ গুৰি বেলেগ ক’ৰবাতহে আছে। আপোনালোকে নিশ্চয় জানে যে তিনিবছৰমান আগত দেউতাৰ ডাঙৰ অপাৰেচন এটা হৈ গৈছিল। সেইসময়ত ৰাতুল আৰু তাৰ লগৰ মদাহী দুজন গৈ হস্পিতালত দেউতাক তেজ দি আহিছিল আৰু তাৰপিছত সুস্থ হৈ উঠাৰ পৰাই দেউতাই মদ খাবলৈ আৰম্ভ কৰিলে। সত্তৰ বছৰীয়া দেউতাক কাহানিও মদ খোৱা দেখা নাছিলোঁ আমি ইমানদিনে, এই ৰাতুলৰ তেজ লোৱাৰপৰাহে দেউতা মদাহী হ’ল। মোক ইয়াৰ উচিত বিচাৰ লাগে ৰাইজ, এই ৰাতুলেই মেইন কালপ্ৰিট।

: ৰাতুল, তোৰ কিবা ক’বলগীয়া আছেনে?

নৰকান্ত শৰ্মাই নিজৰ গলগলীয়া মাতটোৰে ৰাতুলক সুধিলে।

: মোক দোষ দিলে কেনেকৈ হ’ব। মাষ্টৰ সৰু ল’ৰা নেকি যে দুধদানীত ভৰাই মদ খুৱাই আছোঁ মই। সন্ধিয়া মাষ্টৰৰ ফোনৰ উৎপাতত ঘৰত সোমাই থাকিব নোৱাৰোঁ মই। এন্ধাৰ হ’লেই মদৰ বটলটো কিনি মোলৈ ফোন কৰি থাকে, লগ্ন পাৰ হৈ যায় বোলে মই আহি পোৱালৈ। মোকহে সদায় মদ খুৱাই মাষ্টৰে, মই চাকৰি বাকৰি নকৰা ল’ৰা এটাই ক’ৰ পৰা মাষ্টৰক মদ খুৱাম।

: ইয়াৰ তেজ নিজৰ দেহত লৈয়েই আমাৰ দেউতা মদাহী হ’ল ৰাইজ, ইয়াৰ উচিত বিচাৰ হ’ব লাগে৷

মাষ্টৰৰ বৰপুত্ৰ সমীনে উত্তেজিতভাৱেই ক’লে।: হয় হয়, ই ৰাতুলে ডাঙৰ সৰু একো নামানে, সকলোৰে লগত মদ খায়৷

সমীনৰ সমৰ্থনত নামঘৰত উপস্থিত থকা একাংশই মাত লগালে।

: ৰাইজ, ক্ষান্ত হওক! বিচাৰ এতিয়াও শেষ হোৱা নাই, এই নৰকান্ত শৰ্মাই আশী বছৰীয়া জীৱনত কেতিয়াও ভুল বিচাৰ কৰা নাই। সেইদিনা ৰাতি মাষ্টৰে মোৰ ঘৰৰ সন্মুখতো মোকেই গালি পাৰিছে। বিনামূলীয়া স্বাস্থ্যসেৱা আৰু শিক্ষাৰ অধিকাৰৰ দাবী তুলি মই ইমানদিনে সমাজত মাত মাতি অহাটো বোলে ভুল।ৰাতি মাষ্টৰে ৰাস্তাত চিঞৰি আছিল সেইদিনা, বিনামূলীয়া স্বাস্থ্যসেৱাৰ বাবে বোলে একমাত্ৰ মদাহীসকলহে উপযোগী, বাকী ৰাইজ এইবোৰ সেৱাৰ উপযুক্ত নহয়েই। মাষ্টৰ তুমিয়েই কোৱাচোন তোমাৰ হৈছে কি? নিজৰ সুখৰ সংসাৰখনৰ পৰা আঁতৰি মদৰ নিচাত কিয় ডুবি থকা হৈছা তুমি?

নৰকান্ত শৰ্মাই প্ৰশ্ন কৰিলে মাষ্টৰক।

: এই সকলোবোৰৰ মূল ৰাতুল, তাক ধৰিব লাগে৷

সমীনে অলপ উষ্মাৰেই ক’লে কথাখিনি।

: ঐ কুকুৰৰ পোৱালি, তোৰ বাপেৰে মদ খাই উৎপাত কৰিছে তাতে মোৰ কি আহে যায়। বাপেৰৰ অপাৰেচনৰ সময়ত তেজ দৰকাৰ হোৱাত দেখোন মোকেই লাগিছিল, এতিয়া মোৰ ওপৰতেই অভিযোগ তহঁতৰ৷ নিদিলি কিয় বাপেৰক তেজ, দম আছিল যদি?আৰু শুনক ৰাইজ, ইয়াৰ বাপেকক তেজৰ দৰকাৰ হওঁতেও ই আমাক ৰক্তদানৰ বিনিময়ত মদ খুওৱাৰ প্ৰলোভন দিছিল৷ এতিয়া ভদ্ৰলোক দেখাব আহিছে৷ নিজৰ বাপেকৰ বাবেও তাৰ দেহত তেজৰ অভাৱ, হাৰামীৰ বাৎচ্ছা চাল্লা। বাপেৰ পুতেৰ মিলি মোক ফচোৱাৰ ধাণ্ডা। এইবোৰ চা, বাপেৰৰ মেছেজ মোৰ মোৱাইলত। এন্ধাৰ হ’বই নিদিয়ে বুঢ়াই, বটলৰ ফটো পঠিয়াই মোৰ তাত, ক্লাৱৰ পিছফাললৈ গৈ নোপোৱালৈকে বুঢ়াই তত নিদিয়ে মোক৷মোবাইল ফোনটো জোকাৰি জোকাৰি ৰাতুলে দিয়া প্ৰত্যুত্তৰত নামঘৰ নিজান পৰিল। যাদৱ মাষ্টৰ লাহে লাহে বহি থকাৰ পৰা উঠিল।

: মই মদ খাবলৈ আৰম্ভ কৰাত ৰাতুলক কিয় জগৰীয়া কৰিছে আপোনালোকে। ত্ৰিশ বছৰীয়া ল’ৰা এটাই সত্তৰ বছৰীয়া মানুহ এজনক জোৰ জবৰদস্তি মদ খুৱাব পাৰে নেকি? মই সজ্ঞানেই মদ খাবলৈ আৰম্ভ কৰিছিলোঁ আজিৰপৰা দুবছৰ আগত। অ’ এটা কথা অৱশ্যেই স্বীকাৰ কৰোঁ যে মদ মই ৰাতুলৰ লগতেই খাওঁ, মদ খোৱা সময়খিনিত তাৰ সঙ্গ মোৰ পচন্দ হয়।আপোনালোকে মোক দোষ দিব পাৰে, মোৰ ভুল হৈছে মদ খাই উঠি আপোনালোকৰ কাৰোবাক গালি পৰা কথাটো, কিন্তু কাক কাক গালি পাৰোঁ মই, কিয় গালি পাৰোঁ মই, সেইটোৰো একোটা কাৰণ নিশ্চয় আছে।

: ৰতিকান্ত কেৰানী মোৰ প্ৰতিৱেশী, কিন্তু মোৰ চাকৰিৰ পেঞ্চনৰ কামখিনি কৰি দিয়াৰ নামত মোৰ পৰা দহ হাজাৰ টকা ঘোচ ল’লে।

যাদৱ মাষ্টৰৰ কথাখিনি শুনি নামঘৰৰ ভিতৰত বহি থকা মানুহখিনিৰ মাজত বু বু বা বা আৰম্ভ হ’ল। বহি থকাৰপৰাই কোনোবা এজনে মাত লগালে, আমাৰ দেউতাৰ পেঞ্চনৰ সময়তো সি পইচা লৈছে, মহা হাৰামী সি।

: এইবোৰ ব্যক্তিগত কথা ৰাজহুৱা মঞ্চত কৈ কি লাভ, মই আপোনাৰ পেঞ্চনৰ কাম কৰি দিছোঁ, আপুনি পইচা দিছে, চিম্পুল কথা৷

ৰতিকান্ত কেৰানী গৰজি উঠিল।

: মই মদ খাই আপোনাক গালি পৰাটোও ব্যক্তিগত কথাই আছিল, সেইটো অভিযোগৰ বিচাৰ ৰাজহুৱা মঞ্চত যদি হ’ব পাৰে, আপুনি ঘোচ লোৱাটোৰো হ’ব লাগে৷

মাষ্টৰৰ কথাত সভাঘৰ কাঁহ পৰি জীন যোৱাৰ দৰে হ’ল।

: মোৰ প্ৰতিৱেশী এজনে মোক সহায় কৰাৰ বিনিময়ত মোৰ পৰা ঘোচ লয়, মোৰ চিকিৎসাৰ সময়ত তেজৰ প্ৰয়োজন হ’লে ওচৰ চুবুৰীয়া সকলোৱেই মোৰ পৰা আঁতৰি যায়, আনকি জীৱনভৰ বিনামূলীয়া চিকিৎসা সেৱাৰ অধিকাৰৰ বাবে মাত মাতি অহা নৰকান্ত শৰ্মাৰ তজবজীয়া স্বাস্থ্যৰ ল’ৰাকেইটাও ভয়তে তেজ দিবলৈ আগবাঢ়ি নাহে। এনেকুৱা সমাজ এখনত জীৱনভৰ কাৰোবাৰ আদৰ্শ হৈ থাকি কি লাভ, য’ত বিপদৰ সময়ত কোনোৱেই আগবাঢ়ি নাহে। মান সন্মানবোৰ মোক লগত লৈ মৰিবলৈহে দিছিল নেকি আপোনালোকে। মদাহী বুলি সকলো কথাতে জগৰীয়া হ’ম আমি আৰু এইফালে ঘোচখোৰ ৰতিকান্তক মূৰত উঠাই ৰাখিব আপোনালোকে। আমি মদহে খাইছোঁ, কিন্তু ৰতিকান্তৰ দৰে মানুহে দেখোন জীৱনভৰ শিক্ষকতা কৰি পেঞ্চনৰ পিছে পিছে দৌৰা শিক্ষকবোৰৰ পইচা হজম কৰি আছে। মোৰ ল’ৰা দুজনৰ কথাও কওঁ অলপমান আপোনালোকক।উচ্চশিক্ষাৰে শিক্ষিত কৰি গঢ়ি আপোনালোকৰ মনত একোজন আদৰ্শ বা উপযুক্ত যুৱক হিচাবে প্ৰতিষ্ঠিত কৰালোঁ, কিন্তু বাপেকক কি ঘেণ্টা দিলে। বাপেকৰ বাবে এবাৰ ৰক্তদান কৰিবলৈ সিহঁতৰো সাহস নহ’ল নৰকান্ত শৰ্মাৰ পুতেকহঁতৰ দৰে আৰু এইবোৰ ল’ৰাই কেতিয়াবা সমাজৰ অন্য মানুহক সহায় কৰিব বুলি ভাবি আছে আপোনালোকে? জীৱনৰ পৰম সত্য বিপদৰ বন্ধুহে৷ আৰু ই ৰাতুল বয়সত মোতকৈ যথেষ্ঠখিনি সৰু হ’লেও তাৰ বাবেই হস্পিতালত সাক্ষাৎ যমৰ লগত কথা পাতি মই উভতি আহিছোঁ, তাৰ দৰে উৎসাহী ল’ৰা কেইজন আছে ইয়াত দেখুৱাই দিয়ক মোক কোনোবাই, তাৰ লগত থাকিলে মই জীয়াই থকাৰ উৎসাহ পাওঁ।

উশাহ নসলোৱাকৈয়ে অনৰ্গল কৈ গ’ল মাষ্টৰে কথাবোৰ।

নৰকান্ত শৰ্মা অলপ অস্বস্তিত পৰিল, কথাবোৰ মাষ্টৰে মিছাও কোৱা নাই৷ সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্যসেৱাৰ অধিকাৰৰ কথা তেওঁ জীৱনভৰ ক’লে কিন্তু নিজৰ ল’ৰাকেইটাক ৰক্তদানৰ প্ৰয়োজনীয়তাৰ কথা এবাৰো নক’লে। উপস্থিত ৰাইজৰ ফালে চকু ফুৰাই পৰিস্থিতিটো অলপ সহজ কৰিবলৈ চেষ্টা চলালে নৰকান্ত শৰ্মাই।

: মাষ্টৰৰ কথাবোৰ মুঠেও মিছা নহয়। আমি সকলোৱে ব্যক্তিগত বিষয়বোৰৰ বিচাৰ কৰিবলৈকেহে নামঘৰলৈ আহোঁ, কেতিয়াও কাৰো বিপদ আপদত সহায় কৰাৰ কথা আলোচনা কৰিবলৈ নামঘৰলৈ নাহোঁ, সমাজত আছোঁ যেতিয়া সমাজখনৰ ভাল বেয়া দুয়োটা দিশৰে দায়িত্ব ল’ব পাৰিব লাগে আমিও। হ’লেও মদ খোৱাটো যিহেতু বেয়া কথা আৰু মাষ্টৰে নিজৰ ভুল স্বীকাৰ কৰিছেই, ৰাজহুৱাভাবে মদ নাখাওঁ বুলি এবাৰ শপত ল’লেই বিচাৰ শেষ কৰিব পাৰোঁ আমি।

নৰকান্ত শৰ্মাই অন্তিম সিদ্ধান্ত দিয়াৰ দৰে কৈ ক’লে।

: হ’ব, আজিৰপৰা মই আৰু মদ নাখাওঁ, আপোনালোকেও নিজৰ নিজৰ বেয়া গুণবোৰ শুধৰাব বুলি আশা কৰিলোঁঁ৷

অনুতপ্ত হোৱাৰ কোনোধৰণৰ অভিব্যক্তি প্ৰকাশ নকৰাকৈয়ে ক’লে মাষ্টৰে।

: হ’লেও মাষ্টৰ, বেয়া নাপাবা, কথা এটা সোধোঁ।

মদ খোৱাটো স্বাস্থ্যৰ বাবে বেয়া, তাতে এই সত্তৰ বছৰ বয়সত আৰু বেয়া, তুমিনো ৰাতুলৰ কি কথাত ইমান উৎসাহ পালা যে এই বুঢ়াকালত এইবিধত ধৰিলা?

মানুহবোৰ ঘৰাঘৰি উভতি যাবলৈ ধৰাৰ সময়তে নৰকান্ত শৰ্মাই মাষ্টৰক সুধিলে।

: “সদায় ভাল বুলি ভাবি থকা মানুহবোৰৰ পৰা কি পালি বে বুঢ়া হস্পিতালত মৰিব ওলোৱা সময়ত, পুতেৰকেইটায়ো তোক মৰিবলৈ এৰি দিলে, আমাৰ দৰে মদাহীৰ তেজ লৈ পুনৰজনম পালি তই, মদ খোৱা কৰ, টেনচন ফ্ৰি হৈ থাকিবি, দেইলি ‘আজ কুছ তুফানী কৰতে হেয়’ লাগি থাকিব মনত”, এইখিনিয়েই কৈছিল ৰাতুলে মোক।

: বয়স হৈছে তোমাৰ মাষ্টৰ, এই তুফান চুফানৰ ধাণ্ডা বাদ দিয়া আৰু ৰাতুল তয়ো এইবোৰ কমাই দে৷

উপদেশমূলক বাক্যশাৰী কৈ নৰকান্ত শৰ্মাও ওলাল নামঘৰৰ পৰা। নামঘৰটোৰ ভিতৰত তেতিয়া মাথো দুজন মানুহ, বহুসময় ধৰি মাতবোল নকৰাকৈ বহি আছে। ৰাতুল আৰু মাষ্টৰ। সময় নিশা ন বাজি ত্ৰিশ মিনিট।

: মোৱাইলটো যে জোকাৰি জোকাৰি মোৰ মেছেজবোৰ দেখুৱাই আছিলা ৰাইজক, মোৰ নামটো কি বুলি চেভ কৰিছা হে তুমি মোৱাইলত, কিবা বেলেগ নাম দেখা যেন লাগিল।

: ল বে বুঢ়া এইটো, নিজেই চাই ল নিজৰ নাম।

ৰাতুলে নিজৰ মোৱাইলটো দলিয়াই দিলে বুঢ়ালৈ। “তুফানি মাষ্টৰ”ৰাতুলৰ মোৱাইলত মাষ্টৰৰ নামটো চেভ কৰা আছে।

: বাইক লৈ আহিছা নে খোজকাঢ়ি আহিছা?

এবাৰ নিজৰ ঘড়ীটোলৈ চাই মাষ্টৰে সুধিলে ৰাতুলক।

: মই আৰু মদ নাখাওঁ বে বুঢ়া তোৰ লগত, কিমানদিন কৈছোঁ বেঁহুচ হোৱাকৈ নাখাবি, তোৰ উৎপাত দিনকদিনে বাঢ়িহে গৈছে।

: দহটা বাজিবলৈ বিশ মিনিট আছে, তুমি আকৌ এবাৰ চিন্তা কৰি চোৱা কথাটো।

: এইমাত্ৰ ৰাইজৰ আগত শপত খাই উঠা নাই তই বুঢ়া, আকৌ মন গ’লেই তোৰ।

: কিমান মানুহে প্ৰতি মিনিটত কিমান শপত খাই আছে এই পৃথিৱীত, কিমানৰ প্ৰতিজ্ঞা ভঙ্গ হৈছে, কোনে হিচাব ৰাখে এইবোৰৰ। ব’লা যাওঁ জল্ডি, নহ’লে অপেন শ্বপ ক্ল’জ হৈ যাব এতিয়া।

দ্বিপাক্ষিক বুজাবুজিৰ এটি উৎসাহভৰা হাঁহি বিৰিঙি গ’ল দুয়োটাৰ মুখত।

: বুজিছা ৰাতুল, আগৰ সেই ভীষ্মও নাই গতিকে সেই প্ৰতিজ্ঞাও নাই।

ৰাতুলৰ বাইকৰ পিছফালে মাষ্টৰ উঠি বহিল, লক্ষ্য অপেন শ্বপ, দহ বাজিবলৈ তেতিয়াও দহ মিনিট বাকী।

 

“জীৱনত অত্যধিক সফলতা হজম কৰাটোও এটা কঠিন কাম”, বাক্যশাৰি ক’ৰবাত পঢ়া যেন মনত পৰিল ৰাতুলৰ।

☆ ★ ☆ ★ ☆

29 Comments

  • খুবেই ভাল লাগিল ৷

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ নিলাক্ষী বা।

      Reply
  • ৰিণ্টু

    ফাটাফাটি লিখিলা হে সঞ্জীব

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ দাদা।

      Reply
  • হেমন্ত কাকতি

    হা হা ভাল লাগিল সঞ্জীৱ

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ কাকতি দা।

      Reply
  • J B

    গীতাবাণী যেন লাগিল। বঢ়িয়া দাদা

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ।

      Reply
  • কৌশিক দাস

    অতি সুন্দৰ সঞ্জীৱদা

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ কৌশিক।

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    তামাম সঞ্জীৱ।

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ ভাস্কৰ দা।

      Reply
  • দীপ বৰা

    সচাঁকৈয়ে তুফানি মাষ্টৰ মজা লাগিল ।আজ কুছ তুফানী কৰতে হেয়???????

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ।

      Reply
  • জিতু

    একদম তুফানী লিখিছে।

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ।

      Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল দাদা ???

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ অভিজিৎ।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    খুব ভাল লাগিল গল্পটো৷

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ দাদা।

      Reply
  • ইন্দ্ৰ মোহন বৰা

    বঢ়িয়া লাগিল।

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ দাদা।

      Reply
  • মৃদুস্মিতা শৰ্মা

    বৰ ভাল লাগিল।

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ বাইদেউ।

      Reply
  • সঞ্জীৱ।

    ধন্যবাদ বাইদেউ।

    Reply
  • মানসী বৰা

    খুব ভাল লাগিল..

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ।

      Reply
  • Anonymous

    লক্ষ্য অপেন শ্বপI হা হা বঢ়িয়া লাগিল সঞ্জীৱI

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *