বিপন্ন সময়ৰ কথোপকথন- উচ্চজিৎ দশগিৰি
– হেৰা বন্ধু, শোকসভা এখন পাতোঁ আহা৷
– কোন মৰিল?
– ৰে’লৰ চেপাত কেইজনমান শ্ৰমিক৷
– আহ মৰ্মান্তিক, আত্মহত্যা নেকি?
– নহয়, ভাগৰত ৰে’লৰ আলিত শুই দিছিল৷
– ধেই, নাপাতোঁ শোকসভা, ৰে’লৰ আলিত শুবলৈ যোৱা সেইকেইটা নিচাখোৰ বুৰ্বক৷
– আহা, তেন্তে অন্য এখন শোকসভা পাতোঁ৷
– আকৌ কোন মৰিল?
– এজন পীতবস্ত্ৰধাৰী সন্ন্যাসী৷
– ধূৰ, নাপাতোঁ শোকসভা, সেইজন কট্টৰ হিন্দু৷
– আহ, কি যে কোৱা, ব’লা অন্য এখন শোকসভা পাতোঁ৷
– কাৰ?
– এজন কৃষ্ণাংগক পুলিচে মাৰিছে৷
– সেইজন আমেৰিকাৰ, আমি শোকসভা পতাৰ একো দৰকাৰ নাই৷
– তেন্তে আন এজন মৰিছে, তাৰে শোকসভা পাতোঁ।
– কোন মৰিল?
– এজন অভিনেতাই আত্মহত্যা কৰিছে।
– নালাগে, এজন পেটীবুৰ্জোৱাৰ মৃত্যুত আকৌ কিহৰ শোক কৰা৷
– আহ, তেন্তে কাৰ শোকসভা পাতোঁ, তেল জ্বলি বন পোৰোঁতে দুজন মানুহ ঢুকাইছে, সিহঁতৰ পাতোঁ আহা৷
– নালাগে, তেলৰ বেপাৰীৰ তাত চাকৰি কৰাবোৰৰ বাবে আকৌ কিহৰ শোকসভা৷
– তোমাৰ লগত নোৱাৰি৷ সীমান্তৰ গাঁৱখনত যে এজন ঢুকাইছে, তেওঁৰ মৃত্যুতে শোক কৰোঁ আহা৷
– কোন ঢুকাইছে?
– এজন D ভোটাৰ ৷
– সেইবোৰ অবৈধ প্ৰব্ৰজনকাৰী, শোক কৰিবলৈ একো নাই৷
– মোৰ মূৰটো নাখাবা, মন্ত্ৰী এগৰাকী মৰিছে, শোক কৰিব পাৰিমনে?
– ৰাষ্ট্ৰযন্ত্ৰৰ হাতোৰা এটাৰ মৃত্যুত আমি মৰ্মাহত হোৱাৰ কি প্ৰয়োজন৷
– বন্ধু, তেন্তে আমি কাৰ মৃত্যুত শোকসভা পাতিম?
– মানুহৰ!
– মানুহ কোন?
– মই আৰু মোৰ অনুগামী৷
– আচ্ছা, তোমাৰ দেউতা মৰিলে পাতিবানে শোকসভা?
– পাতিম, কিয় নাপাতিম?
– কিন্তু তেৱোঁতো এগৰাকী চৰকাৰী বিষয়া অৰ্থাৎ মধ্যবিত্ত বুৰ্জোৱা!
– আহ, তেওঁ মোৰ দেউতা৷
– তোমাৰ দাদাৰ মৃত্যুত?
– পাতিম, পাতিম৷
– কিন্তু তেওঁ চিনেমাৰ অভিনেতা৷
– আহ, বন্ধু, ব’ৰ নকৰিবা৷ তেওঁ মোৰ দাদা৷
– আৰু তোমাৰ মাৰ মৃত্যুত পাতিবানে?
– আহ, ইমান কষ্ট কিয় দিছা, মা মোৰ অতিকে আপোন, কিয় নাপাতিম?
– তোমাৰ মা পিছে বহুৰাষ্ট্ৰীয় কোম্পানীৰ চাকৰিয়াল, তোমাৰ ভাষাত দালাল৷
– বন্ধু, মোৰ মাক লৈ এনেকৈ ক’বলৈ বেয়া নালাগিল তোমাৰ?
– বাৰু বাদ দিয়া, মোৰ মৃত্যুত তুমি শোকসভা পাতিবানে?
– নাপাতোঁ৷
– কিয়?
– তুমি সমালোচক, সমালোচকৰ মৃত্যুত কিহৰ শোকসভা?
– কিন্তু তুমি যে মোক বন্ধু বুলি কোৱা৷
– আন্দোলনকাৰী বিপ্লৱীয়ে বন্ধুু বিয়োগত কান্দি সময় নষ্ট নকৰে৷
– অহ, বুজিলোঁ৷ শেষ প্ৰশ্ন, তোমাৰ মৃত্যুত মই শোকসভা পাতিব পাৰিমনে?
– তোমাৰ যি ইচ্ছা তাকে কৰিবা৷
– বুজিলোঁ, মৃত্যুৰ পিছত তুমি মোৰ ইচ্ছাক মানি ল’বা৷ ক্ষমা কৰিবা, মই সেয়ে তোমাৰ ডিঙিত এই ছুৰীখন বহুৱাই দিলোঁ৷
– আহ, মৰিলোঁ! তুমিও ব্ৰুটাছ্ ………..