ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) কংকনা কলিতা:- ৰঙালাও আঞ্জাত দেখোন হালধী নিদিলে বগা পৰি থাকে তেন্তে ই কিয় ৰঙালাও হ’ল?

উত্তৰঃ- কিয় ভিতৰখন প্ৰায় ৰঙা নহয় জানো? পকিলে বাহিৰখনো ৰঙা হয়। আচলতে ৰঙা নহয়, হেঙুলীয়া বা কমলা হে হয়, ৰঙাৰ ওচৰ পাজৰৰে আৰু। কোনোবা মতা মানুহে এইটো নামাকৰণ কৰিছিল নিশ্চয়।

২) পাৰিজাত ফুকন:- তেজপাত কেইবাদিনো ফালি চালোঁ, তথাপিও অকনো তেজ নোলায় যে?

উত্তৰঃ- ধৰফৰাই থকা জিয়া তেজপাত ফালি চাবচোন এবাৰ, দোকানৰ পৰা অনা খৰখৰীয়া শুকান তেজপাত ফালিলে কিডাল হ’ব।

৩)শান্তনু বৰপূজাৰী:- আগতে মূৰে মূৰে খুন্দা খালে আকৌ এবাৰ খুন্দা মাৰিব কয়, নহলে শিং গজে বোলে।দুবাৰ খুন্দা মাৰিব কিয় কৈছিল, শিং গজা মানুহ দেখিছিল নেকি কোনোবাই?

উত্তৰঃ- ফটহুৰ আজোককাক মিলাৰামৰ পেহীয়েকৰ পুতেকে দেখিছিল বুলি আমাৰ বংশাৱলীত লিখা আছে।

৪)কৃশনা নেওগ:- কি ৰাতি শোৱাৰ আগতে চকুৰ পতাৰ ওপৰত অলপ চেনী দি থ’লে, ৰাতি মিঠা মিঠা সপোন দেখে নেকি বাৰু?

উত্তৰঃ- হয় দেখে, কিন্তু চকুত চেনী দিয়াজনে নহয়;  গুৰি পৰুৱা, পঁইতাচোৰা আদিয়ে হে দেখে।

৫) কমলা দাস:

ডাকৰ বচন–

পঢ়ায়, পঢ়ে, ৰোৱে পাণ,
এই তিনিয়ে নিচিন্তে আন।।
আজিকালিও এই তিনিয়ে আন নিচিন্তে নে?

উত্তৰঃ- আজিকালি এইষাৰ নেচেল, আজিকালি পঢ়িলে চাকৰিৰ চিন্তা, পঢ়ালে দৰমহাৰ চিন্তা, পান ৰুলে পোকে খোৱাৰ চিন্তা আদি নানান চিন্তাই জুমুৰি দি ধৰে।

৬) মিৰাণ্ডা কাকতি:- সোণটো ৰঞ্জন বৰুৱা যদি নাৰী বিশেষজ্ঞ নহয় পুৰুষ বিশেষজ্ঞ হোৱাহেঁতেন,  প্ৰতিদিন পুৱাৰ বাণীবোৰ  কেনে ধৰণৰ হ’লহেঁতেন?

উত্তৰঃ- তেওঁ যিহেতু নিজেই পুৰুষ গতিকে তেওঁ পুৰুষ বিশেষজ্ঞ হোৱাৰ সুবিধাই নাই। নিজে যিটো ফিল্ডত নাই, সেইটোৰ বে বিশেষজ্ঞ হোৱাৰ এটা নিয়ম আছে। এই নদীবান্ধ, বাঘজান, পৰিবেশ সংৰ‍ক্ষণ আদি সম্পৰ্কীয় বিতৰ্কবোৰতে দেখা নাই জানো!

৭) পৰীস্মিতা গগৈ:- ভাত কেৰেলাৰ ভাতবোৰ ক’ত থাকে?

উত্তৰঃ- ভাত বাহিৰত থাকে, কুকাৰ বা চচপেনত। কেৰেলা সেই ভাতখিনিৰ সৈতে সানি খাব লাগে।

৮) কাবেৰী মহন্ত:- জাতিলাওটোৰ জাতি কি?

উত্তৰঃ- জাতি, জনজাতি আৰু জনগোষ্ঠী লৈ এসোপা বিতৰ্ক চলি আছে। নতুন নতুন জনগোষ্ঠী ওলাই আছে। এইবোৰ শাম কাটকচোন, তেতিয়া উত্তৰ দিয়া যাব।

৯)পৰীস্মিতা বৰদলৈ গোস্বামী:-  মানুহে যে “মুখ লগা” বুলি কয় চকু, কাণ,  পোকৰ লগা বুলি নকয় কিয়??

উত্তৰঃ- সেইবোৰ ঠাইত “নেলাগে” বাবে আকৌ।

১০) ববিতা শৰ্মা:- বেলিটোক ৰান্ধনী বেলি বুলি কিয় কয়, বেলিটোৱে ভাত ৰান্ধে নেকি?

উত্তৰঃ- নহয় হে, খৰিৰ জুই ফুৱাই ফুৱাই ভাদমহীয়া গৰমত ভাত ৰন্ধা ৰান্ধনীজনীৰ মুখখন গৰমে খঙে যিটো ৰঙ ধৰে, সেই ৰংটোৰ লগত মিল থকাৰ বাবে সন্ধিয়াৰ বেলিটোক ৰান্ধনী বেলি বোলে।

১১) লক্ষ্য বৰঠাকুৰ:- ‘আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।’ এই ফকৰাটো আজিৰ সময়ৰ লগত ৰজিতা খুৱাবলৈ হ’লে কি হ’ব লাগিব?

উত্তৰঃ- শাহু চাবা কিটি পাৰ্টিত, শহুৰ চাবা বাৰত,
        ফেচবুকতে ছোৱালী চাবা, ভৰি নিদিবা ঘৰত।

        (বি. দ্ৰ. – বৰ্তমান কৰ’নাৰ পৰিস্থিতি সাপেক্ষে ঘৰত ভৰি নিদিয়া অংশ যোগ কৰা হৈছে। আহু আৰু শালিক অপ্ৰাসংগিক বুলি বাদ দিয়া হৈছে)

১২)লখিমী হাজৰিকা:-  মাকবোৰেযে ডাইলগ দিয়ে শোৱাৰ পৰা উঠালৈ শান্তি নাই।
                            তেতিয়াটো আমি শুয়ে থাকোঁ।
                            উঠাৰ পৰা শোৱালৈ বুলি কিয় নকয়?

উত্তৰঃ- মা ই অলৱেইজ ৰাইট। ইয়াত যুক্তি তৰ্ক নেখাটে।

১৩) ভাস্কৰ জ্যোতি দাস:- সেইটো কি যি আহি থাকে ঠিকেই; কিন্তু নেপাইহিহে নেপায়৷

উত্তৰঃ- অহাকালি

১৪) যোগেশ ভট্টাচাৰ্য্য:- যদি দৰাক বিয়া দি কইনা ঘৰলৈ উলিয়াই দিয়া হয় তেনেহলে দৰাই কান্দিব নে নাই? যদি কান্দে কি বুলি কান্দিব?

উত্তৰঃ- নেকান্দে। কাৰণ মৰ্দ কো দৰ্দ নেহী হোতা। আৰু দৰা সাধাৰণতে মতাই হয়।

১৫) মণিকা চাংমাই গগৈ:-   কিবা ভাল খাদ্য খাই টিকাত গোৰ মাৰিলেও নেৰিব বুলি কিয় কয় বাৰু? সঁচাকৈয়ে ঠিয় গোৰ এটা খাই কোনে বাৰু সেইবিধ খাই থাকিব কওকচোন।

উত্তৰঃ- কিছুমানুহ আছে, গোৰ খায়ো নুঠে। তেওলোকক লৈয়ে এইটো প্ৰৱচন ওলাইছে।

১৬) ৰেখা ডেকা:-  ইংৰাজীত বাৰু শব্দটো একেই? কিন্তু অসমীয়াত ল’ৰাৰ হোষ্টেল অৰ্থাৎ ছাত্ৰাবাস আৰু ছোৱালীৰ হোষ্টেল অৰ্থাৎ ছাত্ৰীনিবাস (শুনিবলৈয়ে শুৱলা পায় ) কিয় হ’ল?

উত্তৰঃ- ছাত্ৰীসকল তুলনামূলক ভাৱে অলপ পৰিপাটীকৈ থাকে, তাতে ছাত্ৰী থকা ঠাইৰ নামটো অলপ কাব্যিক, ৰোমাণ্টিক হোৱা প্ৰয়োজন, নহ’লে কবি সাহিত্যিক সকলৰ বৰ অসুবিধা হয়। সেয়ে ছাত্ৰীনিবাস বুলি কোৱা হয়। ছাত্ৰবোৰৰ সেইবোৰ খেল নাই, যেনেতেনে পৰি থাকিব পাৰিলেই হ’ল।

১৭)গীতিমল্লিকা গগৈ:-   “গোৰ মাৰি গঙ্গাতহে পেলালে” বুলি যে কয়…মানে বেয়া কৰিবলৈ বিচাৰোঁতে ভাল‌হে কৰিলে বুজাবলৈ…..জানিব বিচাৰিছোঁ, এতিয়ালৈকে কিমানজননো গঙ্গাত পৰিল?

আৰু অকল গঙ্গাতহে পৰিলে হ’ব নে? ব্ৰহ্মপুত্ৰত পৰিলে নহ’ব নেকি?(মানে গঙ্গা‌লৈ অলপ দূৰ‌ও হয় দিয়কচোন,..)

উত্তৰঃ- গংগাস্নান বুলি ক’লে পিক আপ টো বেছি হয়। লোকবিশ্বাস মতে গংগা সদায়ে পৱিত্ৰ, কিন্তু ব্ৰহ্মপুত্ৰত কেৱল মকৰ সংক্ৰান্তি নে অশোকাষ্টমীৰ দিনাহে স্নান কৰে। তাতে ব্ৰহ্মপুত্ৰ হ’ল পুৰুষ নদী, পুৰুষ সকলে এনেয়ো গা পা কমকৈ ধোৱা, মানে লেতেৰা হৈ থাকে।

আজিলৈকে কিমানজন লোক গোৰ খাই গংগাত পৰিল তাৰ সঠিক হিচাপ উলিয়াবলৈ এখন সমিতি গঠন কৰা হৈছে, সমিতিৰ ৰিপৰ্ট আহিলেই আপোনাক জনোৱা হ’ব।

১৮)অণিমা দাস:- ৰাতি দেখা সপোনবোৰ ৰাতিপুৱা সাৰ পালে বেছিভাগেই মনত নেথাকে কিয়?

উত্তৰঃ- ৰাত গয়ী বাত গয়ী। হেৰি,মনত ৰাখিনো কিডাল কৰিব? তাতকে পুৰণৰ মাজু নেওতাখনকে মনত ৰাখকচোন, কামত আহিব।

১৯)নাৰায়ণী নাৰায়ণী:-  ব্ৰহ্মাদেৱ শুবলৈ কেনেকুৱা ধৰণৰ গাৰু লাগিব বাৰু?

উত্তৰঃ- ওলোটাই থোৱা মুখা এখনৰ দৰে, তাতে আকৌ উশাহ নিশাহ লোৱা ফুটা একোটা থাকিব লাগিব।

২০)দিলীপ আৰ কাকতি:- ডাকৰ বচন “যি পুৰুষৰ চকু লাল হিয়া খাল সেই পুৰুষৰ লক্ষণ ভাল”। গতিকে মদ খাই চকু লাল হৈ থকা পুৰুষ সকলক ভাল পুৰুষ বুলি ক’ব পাৰি নেকি?

উত্তৰঃ- আলবৎ। মদাহীয়ে মিছা নকয়, মদাহীয়ে পত্নীলৈ ভয় কৰে, মদাহীয়ে বন্ধুৰ কাৰণে জান দিব পাৰে, মদাহীয়ে দেশৰ আৰ্থিক সংকটৰ সময়ত মদ কিনি চৰকাৰ বচাই ৰাখে। মদাহী সুপুৰুষ নহ’লে কোন হ’ব?

২১)ভূপালী দেৱী:- প্ৰেমিক আৰু দুৰ্দান্ত প্ৰেমিকৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ- উগ্ৰপন্থী আৰু চৰমপন্থীৰ মাজৰ যিটো পাৰ্থক্য সেইটোৱেই।
২২)জিতু শৰ্মা:- লিক শব্দ টো আমি সকলোৱে জানো আৰু বুজি পাওঁ। যেনে গেছ লিক, ৱাটাৰ লিক, এয়াৰ লিক। এতিয়া মোৰ প্ৰশ্ন টো হ’ল যদি হাৰ্ট্ লিক হয় তেন্তে তাৰ পৰিনাম কি হ’ব?

উত্তৰঃ- হাৰ্টৰ ভাল্ভ লীক হ’লে অপাৰেচন কৰি ভাল কৰিব পাৰি। কিন্তু হাৰ্টৰ পৰা কেনেবাকৈ মৰম চেহেন বেছিকৈ লীক হ’লে পাব্লিক ঢুলাই খোৱাৰ সম্ভাৱনা থাকে।

২৩)দ্বিজেন তামূলী:- মানুহৰ যদি উশাহ নিশাহ প্ৰক্ৰিয়াটো নাথাকিলেহেঁতেন সুবিধা অসুবিধা সমূহ কেনে হ’লহেঁতেন?

উত্তৰঃ- টেটু চেঁপি মাৰ্ডাৰ কৰিব পৰা নগ’লহেঁতেন।

২৪) পিংকু দত্ত:- প্ৰশ্ন এটা সুধিবলৈ ল‌ওঁতেই প্ৰশ্নটো ফাটি থাকিল, কি কৰোঁ?

উত্তৰঃ- সুধি দিয়ক, ইয়াত ফটা প্ৰশ্ন গ্ৰহণ কৰা হয়, কেৱল ২০% কম দাম পাব।

২৫) ত্ৰৈলোক্য হাজৰিকা: –

ধৰা হ’ল পৃথিবীখন  কেৰম বৰ্ডখন।
সূর্য্যটো হ’ল ৰঙা গুটিটো।
তৰাকেইটা হ’ল ক’লা আৰু বগা গুটি কেইটা।
চন্দ্রটো হ’ল “ষ্টাইকাৰ”।
এতিয়া কওক, কেৰম খেলা কেইজন কোন কোন?

উত্তৰঃ- ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু মধ্যাকৰ্ষণ শক্তি।

২৬) অৰুণাভ মহন্ত:- একেলগে দুটাকৈ চিৰি বগোৱা মানুহবোৰ আচলতে কৰ্মী নে এলেহুৱা?

উত্তৰঃ অধৈৰ্য কৰ্মী।

২৭) জিতা ফুকন:-  বাচন কিনিবলৈ গ’লে যে কাপপ্লেটেই হওক বা গিলাচ- বাতিয়েই হওক প্ৰতিটো চেটত ৬ টা বা ছয় যোৰ থাকে ইয়াৰ কম বেছি নহয় কিয়?

উত্তৰঃ- মানে চৰকাৰী হিচাপ মতে প্ৰতিঘৰতে মেক্সিমাম ছজন সদস্য থাকিব লাগে, দুটি সন্তান, বৃদ্ধ পিতৃ মাতৃ, আৰু স্বামী স্ত্ৰী। তেওঁলোকৰ গোটেই কেইজনলে জোৰাকে ছযোৰ বাতি গিলাচ দিয়া হয়। সেইকাৰণেই দহটকীয়া আইনাৰ গিলাচ এটা ভাঙিলেও কামকৰা বাইজনীয়ে লপাথপা খায়, হিচাপ নিমিলা হয় যে।

২৮)পিংকু দত্ত:- “ভাল লাগিলে শ্বেয়াৰ কৰিব”- এই টেগলাইন থকা পষ্টবোৰ ভাল নালাগিলে কি কৰিব লাগে?

উত্তৰঃ- শ্বেয়াৰ নকৰিব। আৰু এনেকৈ লিখি দিলে সাধাৰণতে সেইটো পোষ্ট ভাল নেলাগেই।

২৯)কংকণ ডেকা:- এইবাৰ সূৰ্য্যগ্ৰহণৰ দিনা বাৰু সূৰ্যই N-95 মাস্ক পিন্ধিছিল নেকি?

উত্তৰঃ- Moon-95 মাস্ক পিন্ধা বুলিহে শুনিছিলোঁ, সেয়ে ৯৫% ঢাক খাই গৈছিল।

৩০) দিপ্তী শৰ্মা:- পইচা ধাৰে নিয়াৰ পিচত মানুহ কিছুমানে দিয়া জনক কিয় লাইক, কমেন্ট নকৰা হয় বাৰু?

উত্তৰঃ-সেইটো পইচা ধাৰে নি ঘূৰাই দিব নোখোজা সকলৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ। ফোন অফ কৰা, চিম সলনি কৰা, ভাৰাঘৰ এৰি আন ঠাইলৈ যোৱা, দেখিলেও অচিনাকীৰ ভাও ধৰা আদিও এই অধিকাৰৰ অন্তৰ্গত। গতিকে কাৰোবাৰ পইচা ধাৰলে দিয়াৰ আগতে অলপ পঢ়া শুনা কৰি ল’ব লাগে।

☆ ★ ☆ ★ ☆

2 Comments

  • Anjan

    ২৭ নম্বৰটোৰ উত্তৰ ১০০% ৰ ওপৰত শুদ্ধ হৈছে ৷ ফটহু ফালি দিছা

    Reply
  • দীক্ষিতা

    আটাইবোৰ উত্তৰ এটাতকৈ এটা চৰা যদিও ৩, ৭, ১৮, ২০, ২৭ এইকেইটা যথেষ্ট আপুৰুগীয়া উত্তৰ।
    “দৰা সাধাৰণতে মতাই হয়”, এইটো কম যুক্তি নহয় পাছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *