এইচ কে ক’চিং চেণ্টাৰৰ মাল্টিটেলেণ্টেড ষ্টুডেণ্ট-নয়নজ্যোতি বৰঠাকুৰ
এইচ কে কোচিং চেণ্টাৰ, বেলতলা, গুৱাহাটী, বাইলেন-ন’ লেন। এইচ কে ক’চিং চেণ্টাৰ এটা নাম নহয়, ব্ৰেণ্ড হয় ব্ৰেণ্ড। হয়, আপোনালোকে ঠিকেই ভাবিছে, আমাৰ হেমন্ত কাকতি খুড়াৰ ব্যক্তিগত ক’চিং চেণ্টাৰ। বহুতে হেমন্ত কাকতি ক’চিং চেণ্টাৰ বুলি কয় যদিও প্ৰকৃততে ইয়াৰ নাম Human Knowledge Coaching Centre হে। খুড়াৰ ইয়াত UPSC, APSC ৰ বাবে ষ্টুডেণ্ট আৰু প্ৰাৰ্থীক শিক্ষাদান কৰা হয় বুলি ক’লে ভুল কোৱা হ’ব; কাৰণ খুড়াৰ ঐকান্তিক প্ৰচেষ্টাত ইয়াত UPSC, APSC ৰ বাবে একো একোটা মেটেল তৈয়াৰ কৰা হয়। খুড়াৰ চেণ্টাৰত চিট পোৱাটো একেবাৰে সহজ নহয়, কাৰণ চিটৰ বাবেও একাডেমীক অৰ্হতাৰ লগতে পৰীক্ষাও দিব লগা হয়। ইয়াত কাট অফ মাৰ্ক ৪০% ৰ তলতেই থাকে, আজিলৈকে সৰ্বোচ্চ নম্বৰ পাইছে সঞ্জীৱ ভট্টই ৫১%, কাৰণ খুড়াই প্ৰশ্ন নিজেই কাটে।
বাৰু যি কি নহওক, এইবছৰ কৰ’নাই খুড়াৰ ক’চিং চেণ্টাৰত প্ৰভাৱ পেলাব বুলি সচেতন মহলে মতপোষণ কৰিছিল যদিও খুড়াই বৰ বুদ্ধিৰে প্ৰথম অৱস্থাতেই আধা বছৰৰ ফিজটো লৈ থৈছিল, পিছে পইছাবোৰ ঘূৰাই দিব লাগিব বুলি ভাবি খুড়াৰ মনটো অলপ সেমেকি উঠিছিল যদিও তেওঁৰ মন্দবুদ্ধিৰে তাকো নোহোৱা কৰি তুলিলে। নিজৰ ম’বাইলটো আৰু white board খনকে সাক্ষী কৰি আৰম্ভ কৰি দিলে হোৱাটচ এপ ইউনিভাৰ্চিটিৰ জৰিয়তে ডিজিটেল ক্লাছ। সকলোৰে নম্বৰবোৰ ফৰ্মৰপৰা জুপি জুপি এখিলা কাগজত টুকি নিজৰ ক’চিং চেণ্টাৰৰ নামত এটা গ্ৰুপ খুলি দিলে। ২০২০ চনৰ ২৩ মাৰ্চৰপৰা আৰম্ভ হৈ গ’ল অনলাইন হোৱাটচ এপ ক্লাছ। খুড়াই অলপো দেৰি নকৰি প্ৰতিদিনেই বিভিন্ন বিষয়ত পুংখানুপুংখভাৱে দি গ’ল সম্ভাব্য প্ৰশ্নোত্তৰ । কোনোবাই কিবা নুবুজিলে সুধিবলৈও ক’লে। কিন্তু ব্ৰিলিয়েণ্ট ষ্টুডেণ্টেৰে ভৰপূৰ ক্লাছটোত কোনোৱেই প্ৰশ্নই নুবুজাকৈ নাথাকিল। কোনেও একো নুসুধে। মাত্ৰ সকলোৱে Thank you sir/nice/wow its really important এনেকুৱা কমেণ্টেই দি গ’ল। খুড়াইও পইছা ঘূৰাবলগীয়া নোহোৱাত আনন্দিত মনেৰে দি গ’ল previous years ৰ প্ৰশ্ন আৰু উত্তৰৰ টিপচবোৰ। লাহে লাহে লকডাউন আঁতৰাত খুড়াই ঘোষণা কৰিলে যে অহা সোমবাৰৰ পৰা গ্ল’ভছ, মাস্ক পিন্ধি আৰু এটা চেনিটাইজাৰ লগত লৈ ক্লাছ কৰিব পাৰিব। লগে লগে সকলোৱে Thank you বুলি মেচেজ দিলে।
সোমবাৰৰ দিনা ক’চিং চেণ্টাৰত ল’ৰা-ছোৱালীবোৰ আহি নিজৰ নিজৰ চিট ল’লেহি। খুড়া সোমাই অহাৰ লগে লগে সকলোৱে বহা আসনৰপৰা উঠি সাৱধান মুডত চালাম জনালে। খুড়া মানে কাকতি ছাৰেও প্ৰত্যুত্তৰত চালাম দিলে। কাকতি ছাৰে সকলোকে লকডাউনত পঢ়াশুনা ঠিকেই কৰিছে নে বুলি সোধাৰ লগে লগে সমগ্ৰ ক্লাছটোৱে সমস্বৰে “অ’ ছাৰ, পঢ়িছোঁ” বুলি ক’লে।
কাকতি ছাৰে সকলোকে উদ্দেশ্য কৰি ক’লে, “মই আজি ইতিহাসৰ কিছু কথা তোমালোকক সুধিম, য’ত ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, জ্যোতিষ আদি সকলোৱেই সোমাই থাকিব । Are you ready students?”
সমস্বৰে – “Yes sir, we are.”
ঠিক আছে বুলি কৈ কাকতি ছাৰে আৰম্ভ কৰিলে, “মই প্ৰশ্নবোৰ সুধিম, যি জানা সিয়েই উত্তৰ দিবা। মাত্ৰ মনত ৰাখিবা আজি ক্লাছটোত এজনে এবাৰেই উত্তৰ দিব পাৰিবা।”
সমস্বৰে – “ঠিক আছে ছাৰ।”
কাকতি ছাৰ – “প্ৰথম বিশ্বযুদ্ধ কাৰ কাৰ মাজত হৈছিল?”
কাবেৰী মহন্তই হঠাতে বহাৰপৰা উঠি ক’লে, “ছাৰ, দেৱতা আৰু অসুৰৰ মাজত নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ বাবে।”
কাকতি ছাৰৰ মেলামুখ মেলাতেই ৰ’ল আৰু বাকী সকলোৱে হাত চাপৰিৰে সমৰ্থন জনালে। কাকতি ছাৰে সেপ ঢুকিবলৈ ধৰিলে, ভাবিলে কিহত কিখনে পালে! কিন্তু সমৰ্থকৰ সংখ্যাই তেওঁক ভবাই তুলিলে।
অলপ চিন্তা কৰি হ’ব বাৰু বুলি পাছৰ প্ৰশ্নটো সুধিলে, “আজিলৈকে দীৰ্ঘতম পদযাত্ৰা কৰা ব্যক্তিজন কোন?”
নীলাক্ষি কাকতিয়ে পাছৰ বেঞ্চৰপৰা ঘপহকৈ উঠি ক’লে, “ছাৰ, যুধিষ্ঠিৰ।”
“কি?”
“ছাৰ স্বৰ্গযাত্ৰাত তেওঁৱেই সফল হৈছিল।”
লগে লগে হাত চাপৰিৰ শব্দত চেণ্টাৰটো মুখৰিত হৈ পৰিল। কাকতি ছাৰে এইবাৰো একো ক’ব নোৱাৰিলে। পুনৰ এটা টান প্ৰশ্ন আগবঢ়ালে, “বিশ্বব্ৰহ্মাণ্ডখন ক’ত অৱস্থিত?”
এইবাৰ সকলোকে চমকিত কৰি ৰাজশ্ৰী শৰ্মাই চিঞৰি উঠিল, “ছাৰ, শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰত।”
“কি ক’লা?”
“হয় ছাৰ, এবাৰ যশোদাক আৰু এবাৰ অৰ্জুনক দেখুৱাইছিল।”
লগে লগে ক্লেপ ক্লেপ ক্লেপ। ছাৰৰ মূৰ ঘূৰাই গ’ল।
নিজকে চম্ভালি পুনৰ এটা প্ৰশ্ন, “বিশ্বৰ প্ৰথম গীতিকাৰ, সুৰকাৰ কোন?”
এইবাৰ মৃদুল নাথে চিঞৰি উঠিল, “ছাৰ, নাৰদ।”
লগে লগে পুনৰ ক্লেপ ক্লেপ ক্লেপ।
এইবাৰ ছাৰ কথমপি নপৰাকৈ থাকিল। নিজকে সংযম কৰি পুনৰ এটি প্ৰশ্ন নিক্ষেপ কৰিলে, “বিশ্বৰ প্ৰথম লাইভ টেলিকাষ্ট ক’ত হৈছিল আৰু কোনে কৰিছিল?”
এইবাৰ মাজত বহি থকা ধুজ্জৰ্টি কাকতিয়ে চিঞৰি ক’লে, “ছাৰ, মহাভাৰতৰ যুদ্ধত, সঞ্জয়ে ধৃতৰাষ্টৰ বাবে কৰিছিল।”
এইবাৰ লগে লগে ক্লেপ ক্লেপ শব্দেৰে ৰুমটো ভৰি পৰিল। ছাৰে মূৰটো মোহাৰি ঠাণ্ডা কৰি পুনৰ চিন্তা কৰিলে আৰু সুধিলে, “বাৰু কোৱাচোন, বিশ্বৰ কোনটো খাদ্যই জ্ঞান বৃদ্ধি কৰে?”
এইবাৰ বিজয়ে চিঞৰি ক’লে, “ছাৰ, হাঁহ। হাঁহ ছাৰ।”
“বিজয় অ’, তই এইবোৰ কি কৈছ হয়?”
“সৰস্বতীৰ বাহন যে, গতিকে খালে জ্ঞানী নহৈ পাৰিবনে, মোলৈকে চাওকচোন।”
লগে লগে ক্লেপ ক্লেপ ক্লেপ। এইবাৰ ছাৰে টেবুলৰ ওপৰত থকা বটলটো দাঙি ঘট-ঘটকৈ পানী খাই লাহেকৈ এটা গল-হেকাৰি মাৰি পুনৰ এটা প্ৰশ্ন সুধিলে, “প্ৰথম নাৰীজনিত ঘটনাৰ বিচাৰত মৃত্যু হোৱা ব্যক্তিজন কোন?”
এইবাৰ বহাৰপৰা ঘপহকৈ উঠি একেলগে ডলী তালুকদাৰ আৰু সঞ্জীৱ ভট্টাচাৰ্যই উঠি ক’লে, “ছাৰ ৰাৱণ”, “ছাৰ জলন্ধৰ”। এইবাৰহে বিপদত পৰিল! কোন আচলতে?
শেষত সঞ্জীৱ ভট্টাচাৰ্যই যুক্তি দি ক’লে, “ছাৰ, জলন্ধৰে ভগৱান শিৱৰ পত্নীক ৰাৱণতকৈও বহু হাজাৰ বছৰৰ আগতে কিডনেপ কৰিছিল। যাৰ ফলশ্ৰুতিত জলন্ধৰে শিৱৰ হাতত প্ৰাণ বিসৰ্জন দিছিল।”
এইবাৰ পুনৰ লগে লগে ক্লেপ ক্লেপ ক্লেপ। কাকতি ছাৰৰ অৱস্থা চাবলগীয়া, পুনৰ পানী এঢোক খাই অলপ চিন্তা কৰি এটা কঠিনতকৈও কঠিন প্ৰশ্ন এৰিলে, “কোন চিত্ৰকৰে চিত্ৰ আঁকিয়ে নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ দিবৰ বাবে অগ্নিৰ মুখামুখি হৈছিল?”
এইবাৰ শান্ত শিষ্টকৈ বহি থকা অভিজিত কলিতা উঠি লাহেকৈ ক’লে, “ছাৰ, সীতা।”
“কি?”
“হয় ছাৰ, সীতাই বান্ধৱীক ৰাৱণৰ ৰূপটো মাটিত আঁকি দেখুওৱা দেখি ৰামে ৰাৱনলৈ সন্দেহ কৰাত নিৰ্দোষিতাৰ প্ৰমাণ দিবলৈ অগ্নিৰ মুখামুখি হৈছিল।”
এইবাৰ কাকতি ছাৰ বাকৰুদ্ধ হৈ পৰিল। লগে লগে হাত চাপৰি পৰিল, ক্লেপ ক্লেপ ক্লেপ ক্লেপ। ছাৰে মনতে ভাবিলে ৰহ এইবাৰ তহঁতক শিক্ষা দি আছোঁ। লাহেকৈ নাকটো মোহাৰি প্ৰশ্ন সুধিলে, “বাৰু কোৱাচোন, প্ৰথম গৃহযুদ্ধ কাৰ কাৰ মাজত হৈছিল?”
এইবাৰ অলপো পলম নকৰি অলকেশ ভাগৱতীয়ে চিঞৰি ক’লে, “ছাৰ, কৌৰৱ – পাণ্ডৱৰ মাজত।”
লগে লগে সকলোৱে বেঞ্চত ঢকিয়াই পূৰ্ণ সমৰ্থন আগবঢ়ালে। ছাৰে চিঞৰিব বিচাৰিও মনে মনে ৰ’ল।
এইবাৰ পুনৰ পকেটৰপৰা চফ দুটামান মুখত লৈ সুধিলে, “কোৱাচোন বাৰু, কোনে ক’ত সৰ্বপ্ৰথমে ড্ৰিলিঙৰ কাম আৰম্ভ কৰিছিল?”
এইবাৰ বহাৰপৰা একেজাপে উঠি ৰিণ্টুমণি দত্তই একপ্ৰকাৰ চিঞৰিয়ে দিলে “ছাৰ, দেৱতা আৰু অসুৰে, সমুদ্ৰত।”
“কি ক’লা” – এইবুলি কাকতি ছাৰৰ চকু পাক খাই উঠিল।
“হয় ছাৰ, সমুদ্ৰ মন্থনেই আছিল বিশ্বৰ প্ৰথম ড্ৰিলিং চাইটৰ কাম।”
লগে লগে ক্লেপ ক্লেপ ক্লেপ শব্দৰে ৰজনজনাই গ’ল গোটেই গৃহটো। কাকতি ছাৰে পুনৰ সেপ ঢুকিলে, কিন্তু সমৰ্থকৰ সংখ্যাই পুনৰ এবাৰ তেওঁক ব্যতিব্যস্ত কৰি তুলিলে। এইবাৰ কাকতি ছাৰে পুনৰ সুধিলে, “আটাইতকৈ মূৰ্খ কোন?”
এইবাৰ অভিজিত গোস্বামীয়ে বহাৰপৰা উঠি ঘপহকৈ কৈ দিলে, “ছাৰ, ভস্মাসুৰ। শিৱৰ বৰদান পাইও নাৰীৰ চলনাত পৰি নিজৰ মূৰতে হাত দি নিজেই জ্বলি মৰিলে। তাতকৈ মূৰ্খ কোনোবা হ’ব পাৰেনে!”
লগে লগে ক্লেপ ক্লেপ ক্লেপ। কাকতি ছাৰে হাত ভৰি আচাৰি ইফালৰপৰা সিফাললৈ খোজ দি পুনৰ এটা প্ৰশ্ন সুধিলে, “বৰ্তমানলৈকে হোৱা আটাইতকৈ ডাঙৰ সফলতাপূৰ্ণ অপাৰেচন কোনটো?”
এইবাৰ বাৰ্বী কাকতি আৰু বৰ্ণালী মুদৈ দুয়োজনীয়ে সমস্বৰে চিঞৰি উঠিল, “ছাৰ, গণেশৰ ডিঙিত হাতীৰ মূৰ সংযোগ কৰাটো।”
লগে লগে ক্লেপ ক্লেপ ক্লেপ শব্দত ৰুমটো ফাটি যাওঁ ফুটি যাওঁ হ’ল। কাকতি ছাৰেও ফাটি যাবলৈ বিচৰা নিজৰ মূৰটো হেঁচা মাৰি ধৰি কথমপি সংযম ৰক্ষা কৰিলে।
এইবাৰ ছাৰে এটা কঠিনতকৈও কঠিন প্ৰশ্ন সোধা যাওক বুলি সুধিয়েই দিলে, “সুমেৰু বা কুমেৰু মহাদেশত জন্মগ্ৰহণ কৰা প্ৰথম সন্তানটোৰ নাম কি?”
এইবাৰ সুকুমাৰ গোস্বামীয়ে বেঞ্চত জপিয়াই উঠি হাত দাঙি ক’লে, “ছাৰ এইফালে, ছাৰ এইফালে। মই জানো এইটো।”
“কচোন বাৰু?”
“ছাৰ, কুম্ভকৰ্ণ।”
“তই কি কৈছ হয়নে!”
“ছাৰ, তাতো ছমাহ দিন ছমাহ ৰাতি হয়। কুম্ভকৰ্ণইও ছমাহ খাইছিল, ছমাহ শুইছিল। গতিকে তেওঁৰ ব্যক্তিত্বই তেওঁৰ জন্মপৰিচয় দাঙি ধৰে।”
ইমান দেৰি মনপুতি শুনি থকা সকলোৱে থিয় হৈ হাত চাপৰি মাৰি সমৰ্থন আগবঢ়ালে। তাকে দেখি কাকতি ছাৰৰ মুখ শুকাই চূণৰ টেমিৰ দৰে শেতা পৰি গ’ল। শেষৰ প্ৰশ্নটো সুধিবলৈ আগবাঢ়ি কিছুসময় প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ অলপ চিন্তা কৰি সুধিলে কাকতি ছাৰে, “কোৱাচোন বাৰু, Nepotism ৰ প্ৰথম চিকাৰ কোন হৈছিল?”
এইবাৰ কিন্তু দেৱজিত শৰ্মা ৰৈ নাথাকিল, চিধাই উঠি কৈ দিলে, “ছাৰ অসুৰবোৰ হৈছিল।”
“কেনেকৈহে দেৱজিত?”
“ছাৰ, সমুদ্ৰ মন্থনৰ সময়ত দেৱতা আৰু অসুৰে সমান কষ্ট কৰিছিল কিন্তু ভগৱান বিষ্ণুৱে মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাক অমৃত আৰু অসুৰক গৰল খুৱালে। ইয়াতকৈ আৰু Nepotism কিবা হ’ব পাৰে জানো ছাৰ!”
এইবাৰ কাকতি ছাৰে তলমূৰ কৰি হাঁহিমেই নে কান্দিমেই কৰি থাকোঁতেই গোটেই ৰুমটো ক্লেপ ক্লেপ ক্লেপ শব্দত মুখৰিত হৈ ৰজনজনাই উঠিল।
কাকতি ছাৰে উপায়ন্তৰ হৈ ৰুমটোৰ বাহিৰলৈ ওলাই যাবলৈ লওঁতেই গীতাৰ্থ গোস্বামী বহাৰপৰা উঠি ক’লে, “ছাৰ, আপুনি এতিয়া খং কৰি বা দুখ কৰি লাভ নাই, এইবোৰ নোট আপুনিয়েই আমাক দিছিল। আপুনি গ্ৰুপত চেক কৰি চাব পাৰে।”
কাকতি ছাৰে তলমূৰ কৰি বাহিৰলৈ ওলাই গৈ এটা চিগাৰেট জ্বলাই হুপি থাকোঁতেই দেখিলে, তলত গেট খুলি মিছেছ কাকতি সোমাই আহিছে। কাকতি ছাৰে খৰখেদাকৈ চিগাৰেটটো ফ্ল’ৰত পেলায় জোতাৰে গচকি নুমুৱাই খৰখেদাকৈ ৰুমলৈ আহিবলৈ ঘূৰি দিওঁতেই খুউব জোৰে কাকতিয়নী বাইদেউ মানে পত্নীৰ মূৰত প্ৰচণ্ড জোৰে খুন্দা মাৰিলে। লগে লগে তেওঁ “আই ঔ মৰিলো ঐ” বুলি চিঞৰি দিলে। লগে লগে কোনোবাই গাত হেঁচা মাৰি ধৰি “হেৰি কি হৈছে, কি হৈছে হয়” বুলি কাণৰ কাষতে সজোৰে চিঞৰি উঠিল। কাকতি ছাৰে থতমত খাই লগে লগে চকু মেলি চাই দেখিলে তেওঁ বিচনাত আৰু কাষত তেওঁৰ পত্নী।
কাকতি ছাৰে লাজতে বিচনাৰপৰা উঠি ক’লে, “বৰ ভয় লগা সপোন এটা দেখিলোঁ। কাইলৈ ৰাতিপুৱাই তুলসী তলত পানী ঢালি কোৱাৰ পাছতহে তোমাক ক’ব পাৰিম” বুলি ৰুমত থকা পানী বটলটো হাতত লৈ ঘট-ঘটকৈ মুখত পানী ঢালি দি একে উশাহে খাই শেষ কৰিলে। মনে মনে মুখৰ ভিতৰতে কৈ গ’ল “উস্ ৰক্ষা, এইটো যে সপোনহে আছিল, বাস্তৱত হোৱা হ’লে মোৰ ফালে আধ্যাই পৰিলহেঁতেন। মোৰ চেণ্টাৰত কূপদৃষ্টি নেপেলাবা প্ৰভূ। লক ডাউনত তোমালোকৰেই লীলা, ৰামায়ণ, মহাভাৰত, দেৱো কি দেৱ মহাদেৱ, বিষ্ণু পুৰাণ একান্তমনে চোৱাৰ ফল বিচনাতে দিলা। কিন্তু প্ৰভু মই তোমালোকৰ লীলাক কোনো দিন সমালোচনা কৰা নাই। হে প্ৰভু, যি কৰা মোৰ লগত ঘৰতেই কৰিবা, মোৰ অহংকাৰ, মোৰ গৌৰৱ, মোৰ ক’চিং চেণ্টাৰত হাত নিদিবা প্লিজ।”
লাহে লাহে বিচনাত উঠি তেওঁ গ্ৰুপৰ মেছেজবোৰ এফালৰপৰা চেক কৰি গ’ল। ৰাতিপুৱাই উঠি গা ধুই তুলসী তলত সপোনটোৰ বিষয়ে কৈ ভাত এমুঠি খাই ভয়ে ভয়ে ক’চিং চেণ্টাৰলৈ বুলি ৰাওনা হ’ল।
এনেতে হঠাতে মই মিছেছৰ মাতটো শুনি থতমত খাই গ’লো। “উঠা আৰু। কিমাননো শুই থাকা। এই লক ডাউনে মানুহবোৰক একেবাৰে এলেহুৱা কৰি তুলিলে।” চকু মোহাৰি মোহাৰি ম’বাইলৰ ঘড়ীটো চালো। ৰাতিপুৱা ১১:২৩ মিনিট হৈছে।
9:30 pm
এনেকুৱা ষ্টুডেণ্ট পালে নালাগে আৰু
1:27 am
হয় দেই sukumar দা , নাম ৰৌচন কৰি দিব ।
12:58 pm
হাঃ হাঃ ভাল লাগিল নয়ন৷
8:46 am
ধন্যবাদ দাদা
1:44 pm
সচাই মাল্টিটেলেন্টৈড। বঢ়িয়া।
8:47 am
হাঁ হাঁ হাঁ । ধন্যবাদ দাদা ।
3:57 pm
এনেকুৱা এটা ক্লাছ কৰি চাবৰহে মন গৈছে! ধুনীয়া লিখিছা দেই, ৰসে চৌ চৌ একদম৷
8:49 am
বাইদেউ, কৰিব লাগিব আমি । ধন্যবাদ বাইদেউ ।
4:38 pm
বৰ ভাল লাগিল দেই৷
8:50 am
ধন্যবাদ দাদা
4:47 pm
মজা লাগিল। ??
লিখাজনো এইছ কে ছাৰৰ শিষ্য আছিল নেকি বাৰু?
8:52 am
ধন্যবাদ । মই কাকতি ছাৰৰ প্ৰিয় শিষ্য । সেইদিনা প্ৰশ্নবোৰ মোৰ বাবে out of syllabus হ’ল । হা হা হা
5:01 pm
কাকতি দাৰ ক’চিং চেণ্টাৰৰ স্টুডেণ্ট হ’বলৈ কি কি অৰ্হতা থাকিব লাগিব? এডমিচন ল’ম বুলি ভাবিছোঁ।
8:54 am
নিশ্ছয় জনাম । ফৰ্ম online submit কৰক ।
7:39 pm
খুব ভাল লাগিল। উত্তৰ বঢ়িয়া হৈছে। মাষ্টৰ চুকা ল’ৰা ছোৱালী ক বনাই দিছে।
8:55 am
আন্তৰিক ধন্যবাদ । ছাৰৰ তুলনা নাই
1:33 pm
ইমান চোকা চোকা ষ্টুডেণ্ট থাকিলে আৰু কি লাগে ন?
1:59 pm
হা হা হা । বৌম চোকা অ’ । একো সুধিবই নোৱাৰি ।