নাফ্ৰাশ্ব আৰু কবি- আশ্বিক জামান
সঁচা কথা ক’বলৈ গ’লে শৈশৱত কবিতা আৰু কবিৰ বিষয়ে মোৰ ধাৰণা খুব এটা সুবিধাজনক নাছিল। তাৰ কাৰণ পিছে নথকাও নহয়। আমাৰ সৰু চহৰখনত বঙালীভাষী মানুহৰ সংখ্যা লেখত ল’বলগীয়া আছিল কাৰণেই নেকি প্ৰতি বছৰ ‘ৰবীন্দ্ৰ জয়ন্তী’ অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন অতি ওলহ-মালহৰে উদযাপন কৰা হৈছিল। দিনজোৰা দীৰ্ঘ কাৰ্যসূচী, একেবাৰে শেষত সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক-সন্ধিয়া বুলি কোৱা হয় যদিও কাৰ্যক্ৰম চলে শেষ ৰাতিলৈকে। চহৰৰ আবাল-বৃদ্ধ-বণিতা সকলোয়ে প্ৰতি বছৰ অতি আগ্ৰহৰে অপেক্ষা কৰে ‘ৰবীন্দ্ৰ জয়ন্তী’ৰ। প্ৰায় এমাহ আগৰ পৰাই আৰম্ভ হয় অনুশীলন, সকলো শিল্পীয়ে স্থানীয় আৰু অপেশাদাৰী, গতিকে সম্পূৰ্ণ এমাহ জুৰি চলে নিৰন্তৰ সাধনা- কোনোবাই কণ্ঠৰ ‘ৰিয়াজ’ কৰি আছে যদি কোনোবাই নৃত্য-মুদ্ৰাৰ কচৰৎ কৰি আছে আৰু আন কোনোবাই হঠাত হাঃ-হাঃ-হাঃ বুলি অট্টহাস্যৰে গগণ বিদীৰ্ণ কৰি নাটকৰ চৰিত্ৰৰ ভাও দি আছে। শান্তিনিকেতনত পঢ়াশুনা কৰা আমাৰ বৰদেউতাৰ ঘৰ আছিল এই অনুশীলনৰ কেন্দ্ৰস্থল। কিন্তু এই সাংস্কৃতিক সন্ধিয়া সম্পৰ্কে মোৰ স্মৃতি বৰ বেছি উতসাহজনক নহয় কাৰণ প্ৰতি বছৰে মোক ধৰি-বান্ধি মঞ্চত উঠাই দিয়া হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ ইংৰাজী অনুবাদ আবৃত্তি কৰিবলৈ। এই অত্যাচাৰৰ কাৰণটোও আছিল অতি উদ্ভট – মই ক্লাছৰ ‘ফাৰ্ষ্ট-বয়’ আৰু ইংৰাজীত লেটাৰ পাওঁ! এনেই মই শৈশৱত লাজকুৰীয়া স্বভাৱৰ আছিলোঁ তাৰ ওপৰত মঞ্চৰ ভয়। তদুপৰি আবৃত্তিত মই মুঠেই ভাল নাছিলো। যাৰ ফলত প্ৰতিবছৰ মই লগ-সমনীয়াসকলৰ চকুত হাঁহিৰ পাত্ৰ হ’বলগীয়া হৈছিলোঁ। সেই আবৃত্তিৰ অত্যাচাৰ- অপমানৰ ফলত সৰুৰে পৰা কবিতা বস্তুটোলৈ মোৰ এক ধৰণৰ অৱজ্ঞা আৰু বিতৃষ্ণাৰ সৃষ্টি হ’ল।ৎ
কৈশোৰত আহি অৱশ্যে কবিতাৰ প্ৰতি বিশেষ আগ্ৰহৰ সৃষ্টি নহ’লেও, কবিসকলৰ প্ৰতি কিন্তু এক আচৰিত উৎসুকতাৰ সৃষ্টি হ’ল। তাৰ কাৰণ হ’ল, আমাৰ দেউতা স্থানীয় এখন সাহিত্য আলোচনীৰ সম্পাদক আছিল। বছৰত দুৰ্গা-পূজাৰ সময়ত কেতিয়াবা এখন সংখ্যা প্ৰকাশিত হয়, কোনো বছৰত এখনো নহয়, তথাপি সেই আলোচনীৰ সুবাদত আমাৰ ঘৰত স্থানীয় কবি-সাহিত্যিকসকলৰ সঘন আহ-যাহ-আড্ডা আছিল। কিন্তু তাৰ ভিতৰত তিনিজন কবি আছিল সম্পূৰ্ণ ব্যতিক্ৰম। প্ৰথমজন আছিল গোপন কবি। ৰাতি চুপি-চুপি আহে আমাৰ ঘৰলৈ, আগতীয়াকৈ টেলিফোন যোগে জনায় তেওঁৰ আগমনৰ বাৰ্তা আৰু তেওঁ আহি আছে বুলি খবৰ পোৱাৰ লগে লগে আমাৰ পদূলিমুখৰ লাইটকেইটা নুমোৱাই দিয়া হয়। কবি হাতত সাৰে ভৰিত সাৰে প্ৰায় গেৰিলা যোদ্ধাৰ শৈলীৰে, চুচৰি-বাগৰি কাৰো চকুত নপৰাকৈ আমাৰ ড্ৰয়িং ৰূমত সোমায়। আপুনি হয়তো ভাবিছে এজন কবিৰ ইমান গোপনীয়তা ৰক্ষা কৰাৰ প্ৰয়োজন কি? আচলতে এই গোপনীয়তা তেওঁৰ কবিতাৰ বাবে নহয়, তেওঁৰ জীৱিকাৰ বাবে। এইজন কবি এজন শিখ ধৰ্মী চৰ্দাৰজী। আমাৰ সৰু চহৰখনৰ একমাত্ৰ শিখ পৰিয়াল – চিংজী আৰু তেখেতৰ ঘৈণীয়েক। চিংজীৰ আন এটা পৰিচয়ো আছে, আমাৰ সৰু চহৰখনৰ একমাত্ৰ বিলাতী সুৰাৰ দোকানখনৰ ম্যানেজাৰ কাম মালিক। ইংৰাজী সাহিত্যৰ স্নাতক চিংজী পাঞ্জাৱৰ পৰা কেতিয়া আৰু কিয় আহি এই সৰু ঠাইখনত থিতাপি ল’লে সেয়া সকলোৰে কাৰণে ৰহস্য, কিন্তু নিঃসন্তান চিংজী আৰু তেখেতৰ পৰিবাৰ বহু দশকৰ পৰাই এই চহৰত বসবাস কৰি আছে। বিলাতী সুৰাৰ দোকানত দিনটো অতিবাহিত কৰা চিংজীৰ সৈতে স্বাভাৱিকতে স্থানীয় মানুহৰ খুব বেছি সখ্যতা গঢ়ি উঠা নাই – কাৰণ মদ খোৱাসকলৰ সৈতে তেওঁ নিজেই বন্ধুত্ব গঢ়া নাই ব্যৱসায়ৰ স্বাৰ্থত আৰু মদ নোখোৱাসকলে তেওঁৰ সৈতে বন্ধুত্ব কৰিবলৈ আগ্ৰহ কৰা নাই। গতিকে আমাৰ ঘৰত চিংজীৰ সঘন আহ-জাহে আমাৰ দেউতাৰ আকৌ সেই বিধৰ প্ৰতি কিবা আসক্তি আছে নেকি বুলি গঞাৰ মনত সন্দেহৰ উদ্ৰেক ঘটাব পাৰে বুলি ভাবিয়েই দেউতাই সাধাৰণ ভাবে আহিবলৈ অনুৰোধ কৰাৰ পাছতো তেওঁ গোপনীয়তা ৰক্ষা কৰি সেই গেৰিলা কায়দাৰে আমাৰ ঘৰলৈ আহিছিল। কবি হোৱা যে মুখৰ কথা নহয়, কষ্ট আছে, সেই কথা কৈশোৰতে বুজি পাইছিলোঁ। যি কি নহওক, এবাৰ ঘৰৰ ভিতৰত প্ৰবেশ কৰাৰ পাছত কিন্তু চিংজী সম্পূৰ্ণ বেলেগ এজন ব্যক্তিলৈ ৰূপান্তৰিত হয়। কবিতাৰ ডায়েৰীখন কোৰ্টৰ ভিতৰৰ পকেটৰ পৰা আনি তেওঁ যেতিয়া স্বৰচিত ইংৰাজী কবিতা আবৃত্তি কৰি দেউতাক শুনায়, তেতিয়া তেওঁৰ সমগ্ৰ মুখত এক অদ্ভুত শান্তি বিৰাজ কৰে। চিংজীয়ে কবিতা লিখে কম, কবিতাৰ বিষয়ে আলোচনা কৰে বেছি। মোৰ বোধেৰে নিজেই নিজকে নিৰ্বাসন দিয়া প্ৰবাসী বন্ধুহীন এই মানুহজন কেৱল কবিতা বা তাৰ আলোচনাৰ কাৰণে ৰাতি চুপিচুপি আমাৰ ঘৰলৈ অহা নাছিল, আহিছিল আমাৰ দেউতাৰ মাজত এজন বন্ধুক বিচাৰি। তেওঁৰ নিঃসংগ দ্বীপ যেন সেই প্ৰবাসী জীৱনত হয়তো আন মানুহৰ সংস্পৰ্শত অহাৰ আঁহিলা আছিল তেওঁৰ কবিতা।
দ্বিতীয়জন কবি একধৰণৰ ৰিক’ভাৰি এজেণ্টহে আছিল, ঋণৰ টকাৰ কিস্তি ল’বলৈ অহা – কাবুলিচাচা। আমি স্কুলত থকা দিনলৈ অসমৰ প্ৰায় প্ৰতিটো চহৰতে একো একোজন কাবুলিৱালা আছিল। আফগানিস্তানৰ পৰা অহা এই মানুহবোৰৰ মূল ব্যৱসায় আছিল সূতত টকা ধাৰত দিয়া। ৰঙা বুলেট মটৰচাইকেলত উঠি গাৱে-ভূঞে পাঠানী সাজপাৰ পিন্ধি এই কাবুলিৱালাসকলে ধাৰত দিয়া টকাৰ সূত সংগ্ৰহ কৰি ফুৰে। বেংক ব্যৱস্থাৰ সম্প্ৰসাৰণ নোহোৱাৰ বাবে এই কাবুলিৱালাসকলে গাঁঁৱৰ মানুহৰ সহজ ঋণৰ এক নিৰ্ভৰযোগ্য উৎস আছিল। অৱশ্যে কিমানখিনি নিৰ্ভৰযোগ্য সেই বিষয়ে বিতৰ্ক আছে, কাৰণ চক্ৰবৃদ্ধিত দিয়া ধাৰৰ মূলতকৈ এওঁলোকৰ সূত বেছি আছিল। গতিকে এবাৰ কাবুলিৱালাৰ পৰা ধাৰ লোৱা মানে বহু বছৰলৈ সেই ঋণ পৰোশোধ কৰি থাকিব লাগিছিল। যি কি নহওক, আমাৰ দেউতা কিবা প্ৰয়োজনত কাবুলিচাচাৰ পৰা টকা ধাৰ লৈছিল, সূতৰ টকা ল’বলৈ আহি এদিন কাবুলিঅচাচাই দেউতাক স্থানীয় সাহিত্য আলোচনীৰ কামত ব্যস্ত থকা দেখি গম পালে যে দেউতাই কবিতা আদি লিখা-মেলা কৰে। বচ, সেইদিনাৰ পৰা আমাৰ ঘৰলৈ কাবুলিচাচাৰ সঘন অহা-যোৱা আৰম্ভ হ’ল – সূতৰ টকাৰ লেনদেন পাছে-পৰে হৈ থাকিব। প্ৰায়ে আখৰোট, বাদাম আদি উপহাৰো দেউতাৰ কাৰণে আনে। বহু দেৰি তেওঁ দেউতাৰ সৈতে বহি আফগানিস্তান, তেওঁৰ গাঁঁৱৰ, পৰিয়ালৰ কথা পাতে। আফগানিস্তানত তেতিয়া যুদ্ধ চলি আছে, ঘূৰি যোৱাৰ কোনো উপায় নাই, প্ৰিয়জনৰ কাৰণে তেওঁৰ অন্তৰ কান্দি উঠে, কিন্তু সেই কান্দোন তেওঁ প্ৰকাশ কৰিব নোৱাৰে, প্ৰকাশ কৰিলেও কোনেও নুবুজে। কাবুলিচাচাই কবিতা নিলিখে, মুখে মুখে কবিতাৰ সৃষ্টি কৰে। পাস্তো ভাষাৰ সেই কবিতা দেউতাই বুজি নেপায়, চুকত চুপ-চাপ বহি থকা ময়ো নুবুজো, কিন্তু তেওঁৰ মৰ্মবেদনা, তেওঁৰ একাকিত্ব, তেওঁৰ অন্ধ উপায়হীনতাই আমাক চুই যায়। কবিতা তেওঁ সুৰ লগাই গায়, আবৃত্তি নকৰে, সেই সুৰিলা কবিতা যেতিয়া শেষ হয়, সমগ্ৰ কোঠালীটো আবেগৰে উথলি উঠে, বহু দেৰি কোনেও কথা নাপাতে, নিশব্দতাত তেঁওৰ কষ্ট অধিক বাঙ্ময় হয়। দেউতাৰ সহযোগত সেই কবিতাৰ অনুবাদ হয়, অনুবাদৰ আলোচনা হয় আৰু সেই আলোচনাত তাছকুৰগান চহৰৰ ডালিমৰ নিচিনা ধুনীয়া সৰু ছোৱালী এজনীৰ ছবি ভাহি উঠে বাৰে বাৰে। যুদ্ধ শেষ হোৱাৰ পাছত কাবুলিচাচা নিজৰ দেশলৈ ঘূৰি গৈছিল। উভতি অহা নাই। নাজানো কাবুলিচাচা এতিয়া ক’ত। নাজানো সেই পাঠান কবিয়ে তেওঁৰ ডালিমৰ নিচিনা ধুনীয়া ছোৱালীজনীক লগ পালে নে নাই যুদ্ধৰ শেষত।
কিন্তু সৰুতে যিজন কবিয়ে মোক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল, কবিসকলৰ প্ৰতি মোৰ ধাৰণা সলনি কৰি দিছিল, তেওঁ আছিল এজন গৃহত্যাগী সন্ন্যাসী কবি। এদিন সন্ধিয়া দেউতাৰ আড্ডাত হঠাৎ এজন গেৰুৱা বসনধাৰী যুৱ-সন্ন্যাসীৰ আগমন ঘটিল। ‘আনন্দমাৰ্গ’ সংস্থাৰ দ্বাৰা আমাৰ চহৰৰ দাঁতিতে নতুনকৈ স্থাপন কৰা স্কুলখনৰ তেঁও সন্ন্যাসী-শিক্ষক। দেহাত গেৰুৱা বসন, মূৰত গেৰুৱা পাগুৰী আৰু কান্ধত এখন ‘ঝোলা’ লৈ এই যুৱ সন্ন্যাসীজনে প্ৰায়ে সন্ধিয়া দেউতাৰ কাষলৈ আহিছিল আৰু বহু দেৰি লৈ সাহিত্য-আধ্যাত্মিকতাৰ ওপৰত দুয়ো বিভিন্ন আলোচনা কৰিছিল। প্ৰায়ে তেওঁ গম্ভীৰ কন্ঠৰে স্বৰচিত বাংলা কবিতা আবৃত্তি কৰিছিল। সঘনাই আবৃত্তি কৰা তেওঁৰ কবিতাৰ এটি পংক্তি এতিয়াও মোৰ মনত আছে – “কথাতো আৰ এ ছিলনা বন্ধু, কথা ছিল অন্যৰকম।” (কথাটো এয়া নাছিল বন্ধু, কথা আছিল আন কিবাহে) মুঠতে, সেই সন্ন্যাসী-কবি, তেওঁৰ ‘ঝোলা’, তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ ’বহেমিয়ান’ জীৱন-শৈলী মোৰ মনত ইমানেই দ-কৈ সাঁচ পেলাইছিল যে, মই মনে মনে থিৰ কৰিছিলোঁ যে ডাঙৰ হৈ এজন সন্ন্যাসী হ’ম আৰু কবিতা লিখি ঘূৰি ফুৰিম পৃথিৱীৰ পথে পথে। ডাঙৰ হৈ অৱশ্যে সন্ন্যাসী হ’ব নোৱাৰিলো কিন্তু ‘সন্ন্যাসী’ ছদ্মনামত কটন কলেজৰ হোষ্টেলৰ প্ৰাচীৰ পত্ৰিকাত দুই-এটা কবিতা লিখাৰ চেষ্টা কৰিছিলোঁঁ।
কটন কলেজত পঢ়িবলৈ আহি দেখোঁ কবি-কবিতাৰ মহামাৰী কাণ্ড। কটনত তেতিয়া বৰ্তমানৰ অসমীয়া কবিতা জগতৰ শ্ৰেষ্ঠ যুৱ-কবিসকলৰ ৰমৰমীয়া অৱস্থা- প্ৰাণজিত বৰা, প্ৰণৱ বৰ্মন, বিজয় শংকৰ বৰ্মন, কমল কুমাৰ মেধি, কমল তাঁতি, আবেদুৰ ৰহমান, ৰূপম বড়ো, হিমাংশু প্ৰসাদ দাস, দিগন্ত শইকীয়া, শিৱ বড়া, ধ্ৰুৱাৰ্ক চৌধুৰী, মানবেন্দ্ৰ ডেকা। ‘বনলতা সেন’ ৰ স্ৰষ্টা, প্ৰখ্যাত বঙালী কবি জীৱনানন্দ দাসে কৈছিল- “সকলে কবি নয়, কেউ কেউ কবি”, কিন্তু কটনত তেতিয়া বেলেগ পৰিস্থিতি, যিফালে চকু যায় কেৱল কবি আৰু কবি। প্ৰণৱদাৰ ‘সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ’ বহুল জনপ্ৰিয়তা পোৱাৰ পাছত কটনত আৰম্ভ হৈ গৈছিল চমকদাৰ পংক্তিৰে আন কবিক টেক্কা মৰাৰ এক ভয়ঙ্কৰ প্ৰতিযোগিতা। যেন যিয়ে যিমান বেছি চমক দিব পাৰে সিমান ডাঙৰ কবি। ধৰ্ষণৰ বিৰুদ্ধে তেনেকুৱা এজন কবিয়ে লিখিলে- ‘হে ঈশ্বৰ, নাৰীৰ যোনী তুমি কংক্ৰিটৰ কৰি দিয়া’। মুঠতে যা-তা। আন এচামে আকৌ হোষ্টেলৰ ভাষাত ‘ইনটেল কবি’ হোৱাৰ প্ৰয়াস কৰিলে। ইনটেল কবি হ’বলৈ এনেকুৱা দুৰ্বোধ্য কবিতা লিখিব লাগিব যে তাৰ অৰ্থ যাতে কোনেও উলিয়াব নোৱাৰে, আনকি স্বয়ং কবি নিজেও। পাঠকে পঢ়ি বাঃ বাঃঃ দিয়ে- দাদাই এনেকুৱা ধুনীয়া কবিতা লিখে, এনেকুৱা ধুনীয়া কবিতা লিখে, কি ক’ম, একো বুজিয়ে পোৱা নাযায়। কবিতাৰ মাথা-মুণ্ড বুজি নোপোৱা কিছুমানে আকৌ এনেকুৱা এৱষ্ট্ৰাক্ট কবিতাক সমূলি নস্যাৎ কৰিলে। দুৰ্বোধ্য কিবা লিখিলেই যদি কবিতা হয় তেন্তে কবিতা লিখা ‘বাঁও-হাত কি খেল’ বুলিও বহু বেৰসিকে দাবী কৰিলে। এই কথা লৈ আমাৰ আবাসৰ এজন জেষ্ঠ আবাসী শ্ৰীমান উত্তম পেগু (ইঞ্জিনিয়াৰ আৰু ব্লগাৰ, বৰ্তমান উদয়পুৰত কৰ্মৰত)ৰ সৈতে এজন ‘ইন্টেল কবি’ৰ তৰ্কাতৰ্কি হ’ল আৰু কবিয়ে উত্তম পেগুক ইমানেই সহজ যদি নিজে লিখি দেখুৱাওক বুলি প্ৰত্যাহ্বান দিলে। প্ৰত্যাহ্বান গ্ৰহণ কৰি হোষ্টেলৰ আদৰণি সভা উপলক্ষে আয়োজন কৰা স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত উত্তম পেগুয়ে আন দুই-এজন বেৰসিকৰ সৈতে লগলাগি ’নাফ্ৰাশ্ব’ শীৰ্ষক এক কবিতা লিখি পঠিয়ালে- “উফ, কি ভয়ানক আন্ধাৰ এই পুৰ্ণিমা-ৰাতি। লাজ পাই বগলীজনী উৰি গুচি গ’ল… হে মৃতক, আছা নে তুমি জীয়াই? কবৰৰ ভিতৰত আঠুৱা, আঠুৱাৰ ভিতৰত মহ…নাফ্ৰাশ্ব নালাগে মোক, লাগে মাথো এযোৰ ৰঙীন চশমা…চশমাৰ মাজেদি গ্ৰহ, নক্ষত্ৰ, বিশ্বব্ৰহ্মাণ্ড”। আৰু সকলোকে আচৰিত কৰি বিশিষ্ঠ বিচাৰক মণ্ডলীয়ে উত্তমদাৰ এই ‘নাফ্ৰাশ্ব’ কবিতাটোকে শ্ৰেষ্ঠ বুলি বিবেচিত কৰিলে। বঁটা বিতৰণীৰ সময়ত বিচাৰক মণ্ডলীৰ এজনে উত্তমদাক লাহেকৈ সুধিলে- ভাইটি, তোমাৰ কবিতাটো বৰ ধুনীয়া হৈছে, কিন্তু ‘নাফ্ৰাশ্ব’ শব্দটো ক’তো শুনা মনত নপৰে। অৰ্থটো কি কোৱাচোন। উত্তম দাই ক’লে- ছাৰ, মইয়ো নাজানো।
ইমানখিনি হোৱাৰ পিছতো কিন্তু কবিৰ উপদ্ৰপ বন্ধ নহ’ল। কাৰবাক অকলে পালেই ‘পাকৰাও’ কৰি তেনেকুৱা নতুন কবিয়ে ক্লাছৰ বহীত লিখা অবোধ্য কবিতা পাঠ কৰি শুনায়। মুঠতে কবিৰ অত্যাচাৰত চাৰিও ফালে ত্ৰাহি মধূসুদন অৱস্থা। আৰু এই কবি হোৱাৰ বেমাৰ ইমানেই মহামাৰীৰ আকাৰ ধাৰণ কৰিলে যে, এই অধমেও পূৰ্ণোদ্যমে কলম চলাবলৈ আৰম্ভ কৰিলে – ডায়েৰীৰ পাত, ইতিহাসৰ নোটবহী, ক্লাছৰ ডেস্ক, কেণ্টিনৰ টেবুল, মূত্ৰাগাৰৰ দেৱাল- একো বাচি নগ’ল। যেতিয়াই তেতিয়াই, য’তে-ত’তে ’জলফাই ৰঙৰ সপো্ন’, ‘বিষন্ন সময়’, ‘এপিটাফ’, ‘নষ্টালজিক গধুলি’, আৰু ‘হৃদয় ৰঙৰ জুই’ কলমৰ আগেৰে ধাৰাষাৰ ওলাবলৈ ধৰিলে। পাণবজাৰৰ পৰা এখন ‘ঝোলা’ও কিনি আনিলোঁঁ। জিন্সৰ ওপৰত কুৰ্তা পিন্ধি, দীঘল চুলি আৰু মুখত তিনি-চাৰিদিনৰ দাড়ি লৈ বেচ এটা ‘কবি-কবি’ ইমেজ গঢ়ি তোলাৰ চেষ্টা কৰিলোঁঁ। কিন্তু এদিন কলেজত আন এজন ন-কবিৰ পৰা শুনিলোঁঁ বোলে কবি আৰু অবোধ্য কবিতাৰ অত্যাচাৰত অতিষ্ঠ হৈ কিছুমান ‘বে-ৰসিক’ ছাত্ৰয়ে দেখা মাত্ৰেই ‘কবি-বধ’ কৰাৰ কাৰণে উদগ্ৰীব হৈ আছে। কবিতা শুনাই হাৰাশাস্তি কৰিলে, সিহঁতেও যে শুদাই নেৰে, হেস্ত-নেস্ত কিবা এটা যে কৰিব এই কথা চাৰিওফালে প্ৰচাৰ হ’ল। দুদিন পিছতে কেণ্টিনত তেনেকুৱা এজন কবিক এচাম অতিষ্ঠ ছাত্ৰয়ে প্ৰায় মাৰো মাৰো অৱস্থা নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁঁ। প্ৰাণৰ মায়াত কবি পলাই পত্ৰং দিয়াও দেখিলোঁঁ। বুজি পালোঁ যে কবি হোৱাৰ মোৰ বাসনা এই জীৱনত আৰু সাৰ্থক নহ’ল, কাজলদাৰ ছেলুনলৈ গৈ দাড়ি-চুলি খুৰোৱাই কবি জীৱন ত্যাগ কৰিলোঁঁ।
কবি জীৱন ত্যাগ কৰিলেও কবি আৰু কবিতাৰ সঙ্গই কিন্তু লগ নেৰিলে বৰং কটনৰ হোষ্টেলৰ কোঠালিৰ পৰাই দেশ-বিদেশৰ বিভিন্ন কবি আৰু সিহঁতৰ কবিতাৰ সৈতে এক আত্মীক সম্পৰ্ক গঢ়ি উঠিবলৈ ধৰিলে। প্ৰকৃতিয়ে ৰূপ সলনি কৰাৰ দৰে মোৰ প্ৰিয় কবিতাসমূহও সলনি হ’বলৈ ধৰিলে। প্ৰথম যৌৱনত সুকান্তৰ ‘ক্ষুধাৰ ৰাজ্যে পৃথিৱী গদ্যময়, চাঁদ কেও লাগে ঝলসানো ৰুটিৰ মতো’ৰ নিচিনা বিপ্লবী কবিতাৰ পৰা কলেজীয়া প্ৰেমৰ ফুৰফুৰীয়া আমেজত হীৰুদাৰ ‘প্ৰেম হয়তো এনেকুৱাই, আৱৰণ খুলি হৃদয় জুৰাই’, কলেজীয়া জীৱন শেষ হোৱাৰ লগে লগে শেষ হোৱা প্ৰেমৰ হুমুনিয়াহত মায়াক’ভস্কীৰ ‘and, as they say, the incident is closed. Love’s boat has smashed against the daily grind’ ৰ পৰা নিবনুৱা জীৱনৰ অনিশ্চয়তাত চৈয়দ ৰাজীৰ ‘কোয়ি আহাট, না ইশ্বাৰা, না চাৰাব, কেইচা বিৰান হ্যায় ইয়েহ দাস্ত-এ-ইনকাম’ (না শব্দ, না সংকেত না কোনো মৰুদ্যান, কিমান মৰুময় এই সম্ভাৱনাৰ মৰুভূমি) আদি জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কবি আৰু কবিতা প্ৰিয় সঙ্গী হৈ থাকিল। বৰ্তমান আকৌ লক্ষ্য কৰিছোঁঁ যে ৰুমি, খৈয়াম, বুল্লেহ শ্বাহ, কবীৰ, মীৰাবাঈ, লালন আদিৰ দৰে চুফী-ভক্তি কবিসকলৰ কবিতাহে বেছি ভাল লগা হৈছে। সন্ন্যাসী হ’ব বিচৰা মানুহজন সংসাৰী হ’লোঁ, তাৰেই প্ৰভাৱ হ’বলা।
(এই লিখনিটো লেখকৰ ‘আনপ্লাগড’ নামৰ কিতাপৰ এটি লিখনিৰ অংশ বিশেষ)
☆ ★ ☆ ★ ☆
12:30 pm
খুব ভাল লাগিল
1:11 pm
বৰ ভাল পালো পঢ়ি। হাঁহিলোঁও জোৰ জোৰকৈ কেইবাবাৰমান?
আপুনি নাম উল্লেখ কৰা কবিসকলৰ ভিতৰৰ শিৱ বড়া মোৰ ঘৰুৱা মানুহ।
1:12 pm
বহুত ভাল লাগিল৷