সম্পাদকীয়–সুকুমাৰ গোস্বামী
এই সম্পাদকীয় লিখি থকা মুহূৰ্তত অসম তথা ভাৰতবৰ্ষত আগতকৈ ব্যাপক ৰূপত ক’ৰনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। সম্পূৰ্ণ লকডাউনে আনি দিয়া অৰ্থনৈতিক অচলাবস্থা ৰোধ কৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ হাতত পৰ্যায়ক্ৰমে লকডাউন শিথিল কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। মানৱ সমাজলৈ হঠাতে আহি পৰা এই বিভীষিকাই চিকিৎসা আন্তঃগাঁথনিৰ ক্ষেত্ৰত পূৰ্বৰে পৰা সবল দেশসমূহকে বাৰুকৈ ধৰাশায়ী কৰিছে, ভাৰতবৰ্ষৰ দৰে আন আন তৃতীয় বিশ্বৰ উন্নয়নশীল দেশসমূহৰ কথা নক’লোঁৱেই বাৰু।
বিশ্বৰ বিভিন্ন দেশত প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণা প্ৰক্ৰিয়া বিভিন্ন স্তৰত আছে। কিছুমান পৰীক্ষাগাৰে মানৱ শৰীৰত পৰীক্ষাও আৰম্ভ কৰাৰ খবৰ আহিছে যদিও বৰ্তমান সময়ত ই এক ফৰ্মুলাৰ ৰূপতহে আছে। ব্যৱসায়িকভাবে উৎপাদন আৰম্ভ হ’বলৈ আনুমানিক কিমান সময় লাগিব তাৰ নিশ্চয়তা কাৰো হাতত নাই।গতিকে এইটো নিশ্চিত যে জীৱন জীৱিকাৰ বাবে অনাগত সময়ত এই মহামাৰীৰ লগত সহাৱস্থান কৰাৰ বাহিৰে আমাৰ হাতত আন কোনো গত্যন্তৰ নাই। লকডাউনৰ সময়ত জনপ্ৰাণীহীন হৈ পৰা চহৰ-নগৰৰ ৰাস্তা-ঘাট, হাট-বজাৰবোৰত পুনৰ জনসমাগম বৃদ্ধি পাইছে। বাস্তৱ সত্য এয়াই যে মহামাৰীৰ লগত সন্মুখ সমৰত লিপ্ত হৈয়েই আমি জীয়াই থাকিব লাগিব। ক’ৰনা আৰু পেটৰ ভোকৰ বিৰুদ্ধে অনাগত দিনবোৰত যে আমি কঠিন আৰু দিঘলীয়া সংগ্ৰাম কৰিব লাগিব সেইটো ধ্ৰুৱ সত্য। ইয়াৰ বাবে আমি আগতকৈও অধিক সচেতন হৈ আমাৰ দৈনন্দিন কামকাজৰ মাজত সন্তুলন বজাই ৰাখিব লাগিব৷ নিজৰ পেচাগত দায়িত্ব পালন কৰিবলৈ যাওঁতে শাৰীৰিক দূৰত্ব তথা পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ ওপৰত পূৰ্ব্বতকৈও অধিক মনোযোগী হৈ তথা আমাৰ শৰীৰক ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন কৰি তুলি নিজৰ আৰু পৰিয়াল-পৰিজনৰ সুৰক্ষা নিশ্চিত কৰি নতুন উদ্যমেৰে আগবঢ়াৰ বাহিৰে আন গত্যন্তৰ নাই।
ক’ৰনাৰ পিছৰ পৃথিৱীখন হয়তো আমাৰ বাবে এখন নতুন পৃথিৱী হ’ব আৰু এই নতুন পৃথিৱীখনক হয়তো আমি এক নতুন দৃষ্টিভংগীৰে চাবলৈ ইতিমধ্যেই আৰম্ভ কৰিছোঁ। ধৰ্ম, ৰাজনীতি বা সামৰিক শক্তিৰ উৰ্ধত যে বিজ্ঞান-প্ৰযুক্তি আৰু বিজ্ঞানমনস্কতা সেইটো এই মহামাৰীয়ে পুনৰ প্ৰমাণ কৰিলে। যি সময়ত সমগ্ৰ বিশ্বৰ ভিন্ন ধৰ্মৰ উপাসনা আৰু অৰ্চনাথলীসমূহ অৱধাৰিতভাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিল আৰু ধৰ্মগুৰুসকলে ধৰ্মীয় ৰীতি-নীতিসমূহ ভাৰ্চুৱেল মাধ্যমেৰে চলাই নিবলৈ আহ্বান কৰিলে সেই সময়ত অবিৰতভাবে কাম কৰি গ’ল কেৱল চিকিৎসালয় আৰু চিকিৎসা গৱেষণা কেন্দ্ৰসমূহে৷ বিশ্বৰ অৰ্থনৈতিক বা সামৰিকভাবে শক্তিশালী দেশসমূহো এই মহামাৰীৰ আগত দিশহাৰা হোৱা দেখা গ’ল৷ ডলাৰ, ইউৰো বা পেট্ৰো ডলাৰেৰে ধনী ধনবন্তসকল বা আনবিক শক্তিৰে বলিয়ান সেনা বাহিনী নিজৰ বেৰেকৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগাত পৰিল আৰু তাৰ বিপৰীতে সন্মুখ সমৰত থাকিল চিকিৎসাকৰ্মী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তিসকলহে। অনাগত দিনবোৰতো ক’ৰনাৰ বিৰুদ্ধে এই যুদ্ধৰ সফলতা নিৰ্ভৰ কৰিব ঘাইকৈ বিজ্ঞান প্ৰযুক্তিৰ সফল প্ৰয়োগ আৰু এইসকল সেনানীৰ অক্লান্ত পৰিশ্ৰমৰ ওপৰত।
ইতিহাসত লিপিবদ্ধ বিভিন্ন মহামাৰীৰ বিষয়ে অধ্যয়ন কৰিলে আমি দেখোঁ যে খ্ৰীষ্টপূৰ্ব বাৰশ শতিকাত বেবিলনত আৰম্ভ হৈ ক্ৰমে মধ্যপ্ৰাচ্য, মধ্য এচিয়া, আফ্ৰিকা মহাদেশৰ অংশবিশেষ আৰু দক্ষিণ এচিয়াত সংহাৰী ৰূপ লোৱা ইনফ্লুয়েঞ্জা মহামাৰীৰ পৰা বৰ্তমানৰ বিশ্বত্ৰাস ক’ৰনা মহামাৰীয়ে বিভিন্ন সময়ত বিভিন্ন মহামাৰীয়ে মানৱজাতিৰ ওপৰত মাধমাৰ সোধাই আহিছে। কিন্তু এইটোও প্ৰণিধানযোগ্য যে এই সংকতৰ বিৰুদ্ধে উমৈহতীয়া সংগ্ৰাম কৰি পুনৰ শক্তিশালী ৰূপত আমি থিয় হৈছোঁ। আগৰ হাজাৰটা মহামাৰীৰ দৰে এদিন নিশ্চিত ভাবে ক’ৰনা মহামাৰীয়েও আমাৰ ওচৰত হাৰ মানিব বুলি আমি নিশ্চিত। হয়তো ছয় মাহ বছৰ দিয়েক পিছত পৃথিৱীখন পুনৰ আগৰ ৰূপলৈ ঘূৰি যাব৷ আমি আকৌ আগৰ দৰে স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ কৰিম৷ কিন্তু এই সংকতকালত আমি অৰ্জন কৰা অভিজ্ঞতা তথা উপলব্ধিসমূহৰ ভিত্তিত কি দৰে ভৱিষ্যত কাৰ্য্যপন্থা গ্ৰহণ কৰিম সেইটোৱেই সুনিশ্চিত কৰিব আমাৰ ভবিষ্যত প্ৰজন্মৰ ভাগ্য। আমি বা আমাৰ পূৰ্বৰ প্ৰজন্মই কৰি অহা ভুলবোৰৰ পৰা শিক্ষা নলৈ তাৰ পুনৰাবৃত্তি কৰিলে হয়তো অনাগত সময়ত ইয়াতকৈও ভয়ংকৰ সংকটে আমাৰ সন্মুখত গা কৰি উঠিব পাৰে৷ আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত থকা কিছুমান বিষয় যেনে পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য ৰক্ষা তথা প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি আমি আমাৰ উত্তৰ পুৰুষৰ বাবে এখন সুৰক্ষিত পৃথিৱী উপহাৰ দি যাব পাৰোঁ। আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ক’ৰনা মহামাৰীৰ দৰে অদৃশ্য শত্ৰুৰ মোকাবিলা কৰিবলৈ বিস্তৃত পৰিকল্পনা আৰু পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত পুনৰ বিচাৰৰ সময় আহি পৰিছে৷ নিজৰ মাজত থকা মতবিৰোধসমূহ আঁতৰাই ভবিষ্যতে আহিব পৰা সংকটসমূহৰ বিৰুদ্ধে সংঘবদ্ধ ভাবে যুঁজিবলৈ ৰাষ্ট্ৰসংঘ বা বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে এজেঞ্চিসমূহৰ কাম কৰাৰ পদ্ধতি সলনি কৰাৰ সময় আহি পৰিছে। আমি আশাবাদী যে এই সংকট সামকটাৰ পিছত বিশ্বনেতাসমূূহ একত্ৰিত হৈ সমগ্ৰ মানৱজাতিৰ কল্যাণৰ বাবে এক উমৈহতীয়া কল্যাণকামী সিদ্ধান্তত উপনীত হ’ব৷
ক’ৰনাৰ পিছৰ পৃথিৱীয়ে সন্মুখীন হ’বলগীয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল বিধ্বস্ত অৰ্থনীতিৰ পুনৰুত্থানৰ ব্যৱস্থা৷ বিভিন্ন উন্নত তথা উন্নয়নশীল দেশসমূহে ক’ৰনাই বিধ্বস্ত কৰা অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ শক্তিশালী আৰু সাহসী অৰ্থনৈতিক পেকেজৰ ঘোষণা কৰিছে। ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেশৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশলাখ কোটি টকাৰ এটা ৰিভাইভেল পেকেজ ঘোষণা কৰিছে। বিশলাখ কোটি টকাৰ এই পৰিমাণটো দেশৰ মুঠ ঘৰুৱা আয়ৰ প্ৰায় দহ শতাংশ। তাৎক্ষণিকভাবে নাগৰিকৰ জীৱন আৰু জীৱিকাৰ ৰক্ষণাবেক্ষণৰ বাবেই এই শক্তিশালী পেকেজ আগবঢ়োৱা হৈছে৷ কিন্তু চৰকাৰৰ এই পেকেজ বা আঁচনিৰ অৰ্থনৈতিক দিশটোৰ সফলতা ঘাইকৈ নিৰ্ভৰ কৰিব আমাৰ ব্যক্তিগত উদ্যম আৰু সাহসৰ ওপৰত। এই সংকটকালত নিজৰ অৰ্থনীতি নিজে গঢ়িবলৈ সংকল্পবদ্ধ হোৱাটো সময়ৰ আহ্বান৷ প্ৰায় আশী শতাংশ অসংগঠিত খণ্ডৰ শ্ৰমিক থকা আমাৰ দৰে এখন দেশত ক’ৰনাই সৃষ্টি কৰা কৰ্মহীনতাৰ হাৰ উৰ্ধমুখি হোৱাটো স্বাভাৱিক৷ ইতিমধ্যে দেশৰ বিভিন্ন ডাঙৰ ডাঙৰ চহৰৰ পৰা গ্ৰাম্যমুখী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দুখ দুৰ্দশাৰ দৃশ্য বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ। যথেষ্ট ঘাট প্ৰতিঘাটৰ মাজেৰে পাৰ হোৱা এই ওভতনি যাত্ৰা সমাপ্ত কৰি গৰিষ্ঠ সংখ্যক শ্ৰমজিৱী যুৱক ইতিমধ্যে নিজৰ গৃহভূমিত উপস্থিত হৈছে যদিও ই একপ্ৰকাৰৰ সাময়িক সকাহহে৷ প্ৰকৃত সংগ্ৰামখন দিঘলীয়া হ’ব৷ হয়তো পৰিস্থিতি উন্নত হ’লে ইয়াৰে কিছুসংখ্যক যুৱক পূৰ্বে কৰ্মৰত স্থানলৈ উভতি যাব কিন্তু কেতিয়া সেই সময় আহিব সেইটো অনুমান কৰাটো বৰ্তমান সময়ত অসম্ভৱ। বিপৰীত পৰিস্থিতিত নিজ ৰাজ্যলৈ উভতি অহা এই যুৱকসকলক আমাৰ সম্পদ হিচাপে ব্যৱহাৰ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰিব দেশ তথা ৰাজ্যৰ অৰ্থনৈতিক ভবিষ্যত। এই যুৱকসকলে বহিঃৰাজ্যত লাভ কৰি অহা বৃত্তিগত কাৰ্যকুশলতাৰ সঠিক প্ৰয়োগ কৰি ৰাজ্য তথা দেশক সমৃদ্ধিৰ দিশত আগুৱাই নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে, প্ৰয়োজন কেৱল ধৈৰ্য্য আৰু যুঁজাৰু মানসিকতাৰ৷ এইক্ষেত্ৰত চৰকাৰৰো নিশ্চয় যথেষ্ট কৰণীয় আছে, চৰকাৰী ব্যৱস্থাত থকা ৰঙাফিটাৰ মেৰপেছ আৰু মধ্যভোগীসকলক আঁতৰাই প্ৰকৃত হিতাধিকাৰীক আঁচনিসমূহৰ লাভালাভ হস্তান্তৰিত কৰিব পাৰিলে ভাঙোনমুখী অৰ্থনীতি পুনৰ উৰ্ধমুখি হ’ব৷ চৰকাৰে শেহতীয়া ভাবে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱকসকলৰ বাবে MNREGA আঁচনিৰ অধিনত জৱকাৰ্ড প্ৰদান কৰি কৰ্মসংস্থাপন দিয়াৰ ঘোষণা কৰিছে যদিও এইটো দীৰ্ঘকালীন সমাধান সূত্ৰ বুলি মনে নধৰে৷ গ্ৰাম্য অৰ্থনীতিৰ সৱলীকৰণে আমাক এই অৰ্থনৈতিক সংকটৰ পৰা ৰক্ষা কৰিব পাৰিব।বৰ্তমান পৰিস্থিতিত অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ স্বাৱলম্বনৰ বিকল্প নাই৷ গাখীৰ, কণী, মাছ, মাংস, শাক-পাচলিকে ধৰি দৈনন্দিন ব্যৱহাৰ হোৱা সকলো সামগ্ৰী ব্যৱসায়িকভাবে উৎপাদনত মনোনিৱেশ কৰিবই লাগিব৷ এইক্ষেত্ৰত আমি উপভোক্তা সকলো সচেতন হ’ব লাগিব আৰু এইটো নিশ্চত কৰিব লাগিব যে আমি যথাসম্ভৱ স্থানীয় ভাবে উৎপাদিত সামগ্ৰীহে ব্যৱহাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাম৷ আমাৰ টকা আমাৰেই কোনোবা থলুৱা ব্যৱসায়ীৰ ওচৰত থাকক।
বৰ্তমান সময়ত সঘনাই চৰ্চিত হৈ থকা এটা বিষয় হ’ল “ক’ৰনা কালৰ মানসিক স্বাস্থ্য”। দীৰ্ঘদিনীয়া লকডাউন আছিল আমাৰ সকলোৰে বাবে এক অভাৱনীয় অভিজ্ঞতা৷ এতিয়া পৰ্যায়ক্ৰমে লকডাউন শিথিল কৰা হৈছে যদিও ইতিমধ্যে দীৰ্ঘদিনীয়া লকডাউনে সৃষ্টি কৰা এশ-এবুৰি সমস্যাৰ বাবে মগজুত নানান দুঃচিন্তাই বাহ লোৱাটো স্বাভাৱিক। অনিশ্চিত ভবিষ্যতৰ চিন্তাই মানসিক চাপ সৃষ্টি কৰাটো অস্বাভাবিক নহয়। কিন্তু আমি কি দৰে মানসিক চাপ নিয়ন্ত্ৰণ কৰি ভবিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰোঁ! অতিমাত্ৰা মানসিক চাপে আমাক ক্ষতি কৰে যদিও সুনিয়ন্ত্ৰিত মানসিক চাপে নতুন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুতো কৰে। চাপ নিয়ন্ত্ৰণৰ বাবে সুখী হৰমন যেনে এল্ড্ৰফিন, ছে’ৰটনিন, ড’পামাইন ইত্যাদিৰ নিঃসৰণ জৰুৰী। কিন্তু সুখী হৰমন কিদৰে নিঃসৰণ হ’ব! সুস্থ মন, সুস্থ শৰীৰতহে বসবাস কৰে৷ গতিকে সুখী হৈ থকাৰ প্ৰথম চৰ্ত হ’ল সু-স্বাস্থ্য। গতিকে নিয়মীয়া শাৰীৰিক ব্যায়ামে মানসিক চাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰে। নিসংগতা মানসিক চাপৰ আন এটা কাৰক হ’ব পাৰে। নিসংগতা দূৰ কৰিবলৈ কিতাপ পঢ়ক, নিজে ভালপোৱা কামবোৰ যেনে কবিতা লিখা, গীত গোৱা, ছবি অঁকা আদি আনন্দচিত্তে কৰক আৰু আঙুলিৰ টিপতে কৰিব পৰা কামটো হ’ল ফেচবুকৰ জড়িয়তে আনন্দ বিলাওক আৰু আনন্দ লওক। বিচাৰ-খোঁচাৰ নকৰাকৈ ফেচবুকৰ ৰাজনৈতিক বিতৰ্ক, ক’ৰনা সম্পৰ্কীয় উৰাবাতৰিবোৰৰ লগত জড়িত হৈ বা পঢ়ি মনটো ভাড়ক্ৰান্ত কৰাতকৈ দেখোন বিভিন্ন সাহিত্য গ্ৰুপত প্ৰকাশ হোৱা মৌলিক লেখাসমূহৰ আনন্দ ল’ব পাৰে! আৰু এই দুৰ্যোগৰ সময়ত সুখী হৰমন নিঃসৰণ কৰিবলৈ ব্যংগ সাহিত্যতকৈ মহৌষধ কি হ’ব পাৰে বাৰু! চাওকচোন এই দুঃসময়তো কিদৰে ব্যংগ সাহিত্যই আপোনাৰ মানসিক চাপ আৰু অৱসাদ দূৰ কৰি ভবিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে কিঞ্চিত হ’লেও সহায় কৰিব পাৰে৷ ডিজিটেল প্লেটফৰ্মত ব্যংগ সাহিত্যৰ বাটকটীয়া বুলিলেই নাম ল’ব লাগিব আমাৰ অদ্বিতীয় গোট ফটাঢোলৰ। গতিকে এই দুঃসময়ত ফটাঢোল ই-আলোচনী পঢ়ক আৰু নিজকে মানসিক চাপ আৰু অৱসাদৰ পৰা মুক্ত ৰাখক।
সুকুমাৰ গোস্বামী
সম্পাদক
ফটাঢোল
জুলাই, ২০২০
(তৃতীয় বৰ্ষ, দ্বাদশ সংখ্যা )
☆★☆★☆
10:47 am
সময়োপযোগী সম্পাদকীয় ৷ পঢ়ি ভাল পালোঁ ৷
11:34 am
ধন্যবাদ
10:49 am
সম্পাদকীয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কথাৰে সজাই পৰাই আগবঢ়াই দিলে। অকনমান দীঘলীয়া হ’লেও সুখপাঠ্য।
11:35 am
ধন্যবাদ
11:13 am
সুন্দৰ সম্পাদকীয়। কঠিন সময়ৰ জীৱন যুদ্ধ হাঁহিৰে সহনীয় কৰিবলৈ আমি চেষ্টা কৰিবই লাগিব।
4:13 pm
ধন্যবাদ
11:16 am
ভাল লাগিল দাদা ? ? ? সময়উপযোগী সম্পাদকীয়
11:20 am
সুন্দৰ সম্পাদকীয়, একেবাৰে সময় সাপেক্ষিক। খুব ভাল লাগিল সুকুমাৰ
11:21 am
সুন্দৰ সম্পাদকীয় । পঢ়ি বহুত ভাল লাগিল ।
11:26 am
সুন্দৰ সম্পাদকীয় সুকুমাৰ৷ বহুত ভাল লাগিল৷
11:32 am
সুন্দৰ সম্পাদকীয়
11:38 am
পঢ়িলোঁ। সুন্দৰ সম্পাদকীয়
11:39 am
সময়োপযোগী সম্পাদকীয়।
12:10 pm
ভাল লাগিল সম্পাদকীয়। সময়োপযোগী
12:17 pm
সুন্দৰ সম্পাদকীয়। সাম্প্ৰতিক সময়ৰ একেঘেয়ামীৰ পৰা হাত সাৰিবলৈ অন্যান্য মাধ্যম সমূহৰ দৰে ফটাঢোলেও খুউৱ ধুনীয়াকৈ নিজৰ কাম কৰি গৈছে ।
12:36 pm
ভাল হৈছে সম্পাদকীয়টো৷
12:47 pm
সময়োপযোগী সম্পাদকীয়।
1:35 pm
সুন্দৰ ও সময়োপযোগী ; ভাল লাগিল পঢ়ি । ধন্যবাদ
1:35 pm
সুন্দৰ ও সময়োপযোগী ; ভাল লাগিল পঢ়ি । ধন্যবাদ
1:36 pm
লিখনশৈলী সুন্দৰ ও কথাবোৰ গুৰুত্বপূৰ্ণ। ভাল লাগিলে
2:51 pm
সাম্প্ৰতিক কালৰ এক সুপাঠ্য সম্পাদকীয়।
7:07 pm
সময়োপযোগী তথ্যসমৃদ্ধ সম্পাদকীয়। ভাল লাগিল ্
7:15 pm
তথ্যসমৃদ্ধ সম্পাদকীয়টি খুবেই ভাল লাগিল..সময়োপযোগী হৈছে..
8:10 pm
ভাল লাগিল পঢ়ি, সাম্প্ৰতিক সময়খিনিক ধুনীয়াকৈ তুলি ধৰিছে৷
9:03 pm
সুন্দৰ প্ৰবন্ধ
8:51 am
যুক্তিপূৰ্ণ বিশ্লেষণ। ভাল লাগিল।
কাকতলৈ পঠাই দিয়কচোন, ই-আলোচনী নপঢ়াসকলৰ কামত আহিব।
1:58 pm
সম্পাদকীয়টো ভালদৰে পঢ়িলো।বত’মান সময়ৰ এক সুন্দৰ অৱলোকন
হৈছে। বাস্তৱ ছবি এখন ফুটি উঠিছে ।সুন্দৰ হৈছে।।
5:25 pm
বৰ সুন্দৰ সম্পাদকীয়৷ সময়োপযোগী৷ সচাকৈয়ে সু স্বাস্থ্যৰ বাবে হাহিৰ বিকল্প নাই আৰু এই হাহিৰ বাবে মহাষৌধ হল “ফটাধোল”৷
6:48 pm
সুন্দৰ সময়োপযোগী সম্পাদকীয়I
3:37 pm
সুন্দৰ সম্পাদকীয়, ভাল লাগিল।
4:25 pm
ভাল লাগিল।
7:20 am
নমস্কাৰ !
সম্পাদকীয়টো পঢ়িলো। বাস্তৱৰ পটভূমিত লিখনিত সঁচাই প্ৰয়োজনীয় আৰু প্ৰশংনীয় বক্তব্য আগবঢ়ালে। এনে লিখনিৰে চিন্তাৰ উদ্ৰেগ ঘটায়। আতংকৰ মাজটো পোহৰৰ আশা দেখুৱাই। আমি প্ৰত্যাহ্বান ল’বই লাগিব। আমি জীয়াই থাকিবই লাগিব। আহক ভেদা-ভেদ পাহৰি মতান্তৰ পাহৰি কৰ’নাক প্ৰতিহত কৰি আমাৰ মৰমৰ পৃথিৱীখন উভোটাই আনো….!!
11:45 am
অশেষ ধন্যবাদ