বৰ্ণিতা বৰুৱা, তুমি মোৰ মাধুৰী দীক্ষিত’-দিগন্ত কুমাৰ ভট্টাচাৰ্য
কথাটো ইকাণ-সিকাণকৈ বাগৰি গ’ল। বহুজন আশ্চৰ্য্যান্বিত হ’ল। “কোন অ’ এই ধৰ্ম বৰুৱা?” বুলি বহুকেইজন এক সাঁথৰত ডুবি ককবকালে।
আচৰিত হ’বৰে কথা। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ চায়েন্সৰ ধৰ্ম বৰুৱা তেনেই এটি সাধাৰণ প্ৰাণী। তাৰ এনে কি আছে, যিটোৱে তাক আনৰপৰা পৃথক কৰিব পাৰে? নাই, একোৱেইতো নাই। আনকি আচৰিত হোৱাটো বাদেই দিলোঁ মই ধৰ্ম বৰুৱাই নিজেই আচৰিত হ’লোঁ কথাটোত। কি আছে মোৰ!
মই চাপৰ। কলেজ ফিল্ডত ফুটবল খেল চলি থাকিলে দ্বিতীয় শাৰীত থিয় হ’ব লগাত পৰিলে খেলুৱৈৰ ভৰিবোৰ মই কষ্ট কৰিও দেখা নাপাওঁ। সন্মুখৰ দুজনৰ গাৰ মাজৰ ফাঁকটোৰে বা কেতিয়াবা দুভৰিৰ মাজেৰে মই উত্তেজনাপূৰ্ণ মুহূৰ্তবোৰত দুচকুৰ দৃষ্টিক আগুৱাই দি খেলপথাৰৰ মাজত প্ৰৱেশ কৰাওঁ। চেষ্টা কৰোঁ, সফল নহওঁ বহুসময়ত। মোৰ চকু দুটাও বেলেগ ধৰণৰ। তিনিআলিত মাছ কিনিবলৈ গ’লে “চকু দুটা চাই কিন্তু এসপ্তাহ আগতে বৰালিটো মৰা যেন লাগিছে” বুলি ক’লে মাছ বেচা বেপাৰীয়েও মোক ক’বলৈ নাপাহৰে, “হৌৰা ভাইটি, চকু চাই নক’বা হে…তোমাৰ চকু দুটা চালে তাতকৈও আগতে….!”
পিন্ধন-উৰণতো মই চকুত লগা নহয়। আচলতে এতিয়াহে ভাবিছোঁ, কি পিন্ধিব লাগে, কেনেদৰে পিন্ধিব লাগে এইবোৰ দেখোন মই ইমানদিনে ভবাই নাছিলোঁ। কলেজত এডমিশ্যন লোৱাৰ আগতে পুৰণি টান হোৱা লংপেণ্টবোৰ গাঁৱৰ চাৰিআলিৰ হৰেণ দৰ্জীয়ে ওপৰৰ পিছ অংশৰ চিলাইটো খুলি অলপ বহল কৰি নতুনকৈ চিলাই কৰি দিছিল। সেইবোৰেইতো পিন্ধি আহোঁ।চিলাই কৰাৰ পাছত চিলাইটোৰ দুয়োকাষে পিছ অংশৰ ভিতৰৰ পৰা উলিয়াই অনা কাপোৰৰ অংশটোত লংপেণ্টটোৰ আচল ৰঙটো ওলাই পৰে। “এবাৰ ধুই ইষ্ট্ৰি মাৰি দিলে মিলি যাব ৰ”- হৰেণ দৰ্জীয়ে কৈছিল। পিছে নিমিলিল। তাক লৈ মোৰ গুৰুত্বও নাছিল।
দুভৰিত মোৰ জোতাও নাথাকে। নাথাকে নতুন ডিজাইনৰ ফিটা মৰা চেণ্ডেল। বাটাৰ দোকানলৈ গৈ “চামৰাৰ চেণ্ডেল এযোৰ দিব হে” বুলি ক’লে দোকানিয়ে ধূলি-মাকতি জাৰি-জোকাৰি যিযোৰ মটীয়া-ৰঙচুৱা চেণ্ডেল গ্ৰাহকলৈ আগবঢ়ায়, তেনে এযোৰ চেণ্ডেল পিতায়ে কলেজত ভৰি দিয়াৰ আগতে কিনি দিছিল। সেইযোৰকে দুভৰিত সোমাই মই কলেজৰ চৌহদত ঘূৰি ফুৰোঁ।
তেনেহ’লে মোৰ কি গুণ আছে? পঢ়াতো মই ষ্টেণ্ড কৰা নাই। ষ্টাৰ পাই আহিছোঁ। গাঁৱত মোক মেধাৱী ল’ৰা বুলিয়ে জানে সকলোৱে। ইয়াৰ কলেজতো মোক বহুতে হয়তো অলপ চোকা বুলিয়ে ভাবে। মেধাৱী বা চোকা হ’লেও বৰ্মন ছাৰৰ ক্লাছটোৰ পৰা মই পলাই গৈ কলেজ চ’কত চাহ-গজা খাওঁ। বৰ্মন ছাৰে যাকে তাকে আঙুলি টোঁৱাই থিয় কৰাই প্ৰশ্ন সোধে, তাকো ইংৰাজীত। মই নুবুজোঁ। সকলোৰে আগত ইংৰাজীতে সোধা প্ৰশ্নত অস্বস্তি পাওঁ যদিও মই ইংৰাজী বিষয়ত নব্বৈ পায়েই আহিছোঁ।
স্বাভাৱিকতেই সকলো সেয়েহে আচৰিত হ’ল। সকলোৱে ধৰ্ম বৰুৱাৰ চৰিত্ৰ, ব্যক্তিত্বত এটা গুণ বিচাৰি উলিয়াবলৈ উঠি-পৰি লাগিল যিটোৰ কাৰণে বৰ্ণিতা বৰুৱাই লগৰ আটাইকেইজনীৰ আগত ক’বলৈ দ্বিধাবোধ নকৰিলে যে তাই ধৰ্ম বৰুৱাৰ কাৰণে পাগল! আৰু মই নিজেও আচৰিত সেই কাৰণেই!
: পাৰ্টি দিব লাগিব কিন্তু তই..দেওবাৰে মাংস আনিম এপোৱা। তই পইচা দিব লাগিব৷
আলু কাটি কাটি অমৰে মোলৈ চাই ক’লে। অমৰ আৰু মই একেলগে সৰু ৰূম এটাত ভাৰা কৰি থাকোঁ। কলেজৰ ওচৰতে।
: কিয় পাৰ্টি?
আচৰিত হ’লোঁ।
: অজলা টাইপৰ ভাও নধৰিবি। বৰ্ণিতা বৰুৱাৰ কাৰণে গোটেই কলেজৰ ল’ৰাবোৰ পাগল। ল’ৰা কি, দুজনমান প্ৰফেচৰো হেনো বলিয়া হৈছেই। আৰু সেই বৰ্ণিতাই ভাল পায় তোক! কম ডাঙৰ কথা নে!
: ধেই, উল্টা-পুল্টা নবকিবি। তাই মোক আজিলৈ মাতিয়ে পোৱা নাই। এবাৰেই চাইছিল ঘূৰি৷ বচ তেনেকৈ কোন প্ৰেমত পৰে ও?
: তই পৰিছ নে? সঁচা ক’বি…..
মই “ধুৰৰ এইডাল, আলু কাটি শেষ কৰ” বুলি ক’লোঁ যদিও ভাবিবলৈ ধৰিলোঁ বৰ্ণিতা বৰুৱাৰ কথা। তাইৰ মুখখনি, তাইৰ হাঁহি…উফ, এইজনী দেখোন মাধুৰী দীক্ষিত মোৰ কাৰণে। সপোন যেন হে লাগে ভাবিলে। কিন্তু বুকুখনত যেন কোনোবাই নামঘৰৰ ডবাটোহে কোবালে। গধুৰ অনুভৱ মনত! এয়াই প্ৰেম নেকি বাৰু!
লাহে লাহে বৰ্ণিতা বৰুৱা যে মোৰ প্ৰেমত সেয়া কলেজত প্ৰচাৰ হৈ গ’ল। বহুতে বেলেগ ধৰণেৰে উলিয়ালে কথাবোৰ। এদিন ফিজিক্সৰ নতুন ছাৰ অৰ্ণৱ দত্তই “হু ইজ ধৰ্ম বৰুৱা” বুলি ক্লাছতে সুধিলে। মই থিয় হ’লোঁ। তেওঁ আচৰিত হৈ বৰ্ণিতাৰ ফালে এবাৰ চাই বজ্ৰপাত পৰা মানুহৰ দৰে কিছুপৰ ৰৈ থাকিল। তাৰ পাছত ক্লাছৰপৰা ওলাই গ’ল। শুনা মতে, ক্লাছৰপৰা ওলাই কলেজ চ’কত হেনো একে লেথাৰিয়ে পাঁচটা চিগাৰেট হুপিছিল তেওঁ।
বৰ্ণিতা বৰুৱাই মোক দেখিলে হাঁহে। তলমূৰকৈ আঁতৰি যায়। লগত যোৱা কেইজনীয়ে ফিচিক-ফাচাককৈ হাঁহে। মোলৈ ঘূৰি ঘূৰি চায়। আগতে প্ৰেমত নপৰা মানুহ মই! কি প্ৰতিক্ৰিয়া দেখুৱাম বুজিয়ে নাপাওঁ। কিন্তু বৰ্ণিতা বৰুৱাক দেখিলে মোৰ বুকুখনত ‘ধক’কৈ মাৰে কিহবাই, যদিও তাই মোৰ কাৰণে সপোন ৰাজ্যৰ মাধুৰী! এই যে ‘ধক ধক’ বিধ, সেইবিধেই হেনো প্ৰেম। ৰুমমেট অমৰক কওঁতে সি মোক কৈছিল।
এদিন মাজতে ল’ৰা এজন আহিল আমাৰ ভাৰাঘৰলৈ। লগত আৰু দুজনমানে আশে-পাশে। হোন্দা চিটিত আহিছে কাৰণে কাষৰ ভাৰাঘৰৰ মানুহকেইজনেও জুমি জুমি চালে।
: বৰুৱা নে কি? কোন সেইজন?
দুৱাৰ খোলাৰ লগে লগে সেইজনে সুধিলে মোক।
: ধৰ্ম বৰুৱাৰ কথা সুধিছে যদি সেইজন ময়েই৷
অত্যন্ত বিনয়েৰে উত্তৰ দিলোঁ।
: তই? সঁচাকৈ তই?
মোৰ মূৰৰপৰা ভৰিলৈ দহবাৰ মান চাই চিঞৰিলে সেইজনে।
: হয়, ময়েই। কওকচোন৷
বহুদেৰি সেইজনে মোলৈ চাই ৰ’ল। খং নে কিবা দুখতেই জানো, তেওঁৰ দেখো চকু দুটা চলচলীয়া হ’ল। এক হতাশা, কিবা বেদনাই যেন মনটোক আগুৰি ধৰিলে তেওঁৰ। নিশব্দে আঁতৰি গ’ল তেওঁ। পিছে পিছে লগত অহা ব’ডি বিল্ডাৰ টাইপ কেইজনো।
পাছদিনা অমৰে খবৰ উলিয়ালে। সেই ল’ৰাজন হেনো বৰ্ণিতা বৰুৱাৰ ককায়েক বিক্ৰম বৰুৱা আছিল। দুবছৰ আগতে এই কলেজৰ পৰাই বি.এ পাছ কৰিছে। এতিয়া শ্বপিং মল এখন খুলিব হেনো। আৰম্ভ কৰিছে।কিয় মোক লগ কৰিবলৈ আহিছিল? বৰ্ণিতাৰ কাৰণে মোক চাবলৈ আহিছিল নেকি? নে মোক মাৰ-পিট কৰি ভনীয়েকৰ পৰা দূৰত থাকিবলৈ হুমকি দিবলৈ আহিছিল? কিয় মোক একোৱেই নক’লে তেওঁ? নে মোক পচন্দ কৰি গ’ল? যদি পচন্দ হৈছে, চকু কিয় চলচলীয়া হৈ গ’ল তেওঁৰ? হাজাৰটা প্ৰশ্নই মোক এদিন শুবলৈ নিদিলে। এইবোৰ ভাবিলেই মোৰ বুকুত ডবাৰ কোব পৰে। মোৰো মন আছে, হৃদয় আছে। মোৰ হৃদয়ত প্ৰেমৰ পোখা মেলিবলৈ এইবোৰ যথেষ্ট নহয়! উজাগৰী নিশাই বৰ্ণিতাৰ কথাবোৰ মনলৈ টানি আনে। বৰ্ণিতা এতিয়াও মোৰ কাৰণে মাধুৰী দিক্ষিত!
“লাহে লাহে ফ্ৰী হ’ব চাবি” অমৰে মোক অভয় বাণী দিয়ে। মই সপোন ৰাজ্যৰ মাধুৰী দীক্ষিতৰ গাল দুখন আলফুলকৈ চুই চাওঁ! তাই চকু দুটা মুদি দিয়ে। মই চকু দুটা চুই চাওঁ। তাইৰ উশাহ ঘন হয়। ‘ধক ধক’! একেই শব্দ। তাইৰ ঘন উশাহৰ শব্দ তাইৰ বুকুৰ পৰাই পাওঁ -‘ধক ধক’! মোৰো একেই শব্দ বুকুৰপৰা বতাহত বিয়পে। তাই মোৰ মাধুৰী। তায়েইতো গাইছিল, বুকুৱে ‘ধক ধক’ কৰিলে, সেয়া প্ৰেম!
তাৰে এদিন পাছত। ক্লাছ শেষ হোৱাৰ পাছত বৰ্ণিতা মোৰ ওচৰলৈ আহিল। ক্লাছৰূমত ফুচফুচনিৰ সৃষ্টি হ’ল।
: তোমাক আমাৰ মাম্মী মানে মায়ে লগ কৰিব বিচাৰিছে। আজি আবেলি আহিবা ঘৰলৈ। টাউনৰ সোঁমাজতে এডভোকেট ৰঞ্জন বৰুৱাৰ ঘৰটো বিচাৰিলে পাই যাবা।
কথাখিনি কৈ তাই গুচি গ’ল। ওচৰৰ কেইজনে “কি ক’লে, কি ক’লে?” বুলি হেঁচুকিলে মোক। শিহৰণ আৰু সৰ্বশৰীৰৰ কঁপনিত মই বোবা হৈ পৰি ৰ’লোঁ বহু দেৰি!
আবেলি বৰ্ণিতা বৰুৱাৰ ঘৰৰ কলিংবেলটো টিপাৰ লগে লগে চাৰি-পাঁচটামান কুকুৰে ভূকি উঠিল ভিতৰৰপৰা। মই সঁচকিত হ’লোঁ। দুৱাৰ খুলিলে বৰ্ণিতাই। ভিতৰলৈ মাতিলে। মই অমৰৰ জোতাযোৰ পিন্ধি আহিছিলোঁ। তাৰ নতুন জোতা। সি এদিনেই পিন্ধিছে। চিকচিকাই আছে। খুলিলোঁ বাহিৰতে। মোজা নাছিল। অমৰৰো মোজা নাই। মোৰতো নায়েই!অলপ পৰ পাছত মহিলা এগৰাকী ওলাই আহিল।
: তুমি ধৰ্ম?
বৰ্ণিতাৰ ককায়েকে যেনেকৈ যি সুৰত মোক সুধিছিল, একেই সুৰ তেওঁৰো।
: হয়, নমস্কাৰ৷
মই থিয় হৈ নমস্কাৰ দিলোঁ। তেওঁ দুইমিনিটমান মোলৈ চাই থাকিল একেথৰে। তাৰ পাছত উঠিল বহাৰপৰা।
: চিকেন চাওমিন খাই যাবা৷
তেওঁ ভিতৰলৈ গ’ল।
: চোৱা মম, এই ধৰ্ম বোলাজন পঢ়াত ভাল। চৰিত্ৰ-স্বভাৱ চব ভাল। চিগাৰেট নাখায়। ড্ৰিংকচ্ নকৰে। ছোৱালী নোজোকায়। মুঠতে এক ভাল ল’ৰা। ‘ছানী’ক মই ভাল পাওঁ। তোমালোকে কোৱা ছানী ল’ৰাটো ভাল নহয়। মোৰ কাৰণে ভাল ল’ৰা বিচাৰিবা হেনো সময় হ’লে। জাত-পাত সকলো মিলাকৈ। কেনেকুৱা ভাল? এই ধৰ্ম টাইপৰ এজনেই ন? তাক চাই বুজিলা নহয় এতিয়া? যদি ছানীৰ ওচৰৰপৰা মই আঁতৰি আহিব লাগে, মই কিন্তু এই ধৰ্মজনৰ পাছতেই পৰি যাম। পাছত নক’বা।…এতিয়া ডিচিছন তোমালোকে লোৱা৷
ওচৰৰ ৰূমটোত বৰ্ণিতাই মাকক কৈ থকা কথাবোৰ মোৰ কাণত পৰিল। মাক হয়তো নিমাত।
মই উঠি আহি জোতাযোৰ পিন্ধিলোঁ। বৰ্ণিতাৰ মাক ওলাই আহি চিকেন চাওমিনৰ কথা কৈছিল। মোৰ কাণত নোসোমাল। অমৰে আজি স্পেচিয়েল কণী-আলুপিটিকা কৰিব, ভোট জলকীয়া সানি। মোৰ বৰ প্ৰিয়!
☆ ★ ☆ ★ ☆
12:25 pm
খুব ভাল লাগিল দিগন্ত৷
12:32 pm
বঢ়িয়া লাগিল দিগন্ত
12:43 pm
সঁচাকৈ বৰ ভাল পালো পঢ়ি দাদা
12:49 pm
বঢ়িয়া লাগিল দিগন্ত দা।
1:49 pm
ভাল লাগিল পঢ়ি৷
1:57 pm
ভাল লাগিল দাদা ?
2:49 pm
সুন্দৰ ৷
পিছে ব্ৰহ্মাইও নুবুজে যাক ; ধৰ্মই বুজিবলৈ পাবনো ক’ত ফাঁক ? ?
6:01 pm
তোমাৰ সকলো গল্পৰে swag থাকে! এইটোও মজা লাগিল!
7:47 pm
ট্ৰেজেডি আৰু হাস্যৰসৰ অপূৰ্ব সংমিশ্ৰণ।
11:10 pm
মজা লাগিল দিগন্ত৷
1:21 am
সাংঘাতিক দাদা। শেষৰকণ পঢ়ি অকন দুখো লাগিছে?
1:44 am
ভাল লাগিল
8:44 am
খুব ভাল লাগিল দাদা। হাঁহিৰ মাজতে বিষাদৰ ভাৱ এতিয়েও চুই গ’ল ।
9:37 am
তামাম মজা লাগিল ।
11:32 pm
খুব ভাল লাগিল দিগন্ত। এটা ফোন কৰিবাচোন কাইলৈ । নাম্বাৰ তোমাৰ বাৰ ওচৰত পাবা।
নহ’লে
[email protected]
এইটো মোৰ মেইল অাই ডি।ইয়াত তোমাৰ নাম্বাৰ দিলে ময়ো কৰিব পাৰোঁ। ফটাঢোলক কেন্দ্ৰ কৰি কাম এটা কৰি অাছোঁ। অলপ কথা পাতিম।
11:32 pm
খুব ভাল লাগিল দিগন্ত। এটা ফোন কৰিবাচোন কাইলৈ । নাম্বাৰ তোমাৰ বাৰ ওচৰত পাবা।
নহ’লে
[email protected]
এইটো মোৰ মেইল অাই ডি।ইয়াত তোমাৰ নাম্বাৰ দিলে ময়ো কৰিব পাৰোঁ। ফটাঢোলক কেন্দ্ৰ কৰি কাম এটা কৰি অাছোঁ। অলপ কথা পাতিম।
9:57 am
ভাল লাগিল দিগন্ত। তুমি মোৰ মেইলত তোমাৰ ফোন নাম্বাৰটো দিয়াচোন। ফটাঢোলক কেন্দ্ৰ কৰি কাম এটা কৰি অাছোঁ। কথা পাতিব খুজিছোঁ।
[email protected]