ফটাঢোল

কৌতুক – সোমকান্ত শইকীয়া

দুজন বন্ধু এবছৰ মানৰ পিছত হঠাত্ ৰাস্তাত লগা লগি হ’ল।

১ম বন্ধু: : কেনেকুৱা খবৰ? ভালে আছা?
২য় বন্ধু: : ভাল ভাল৷ তুমি ভালে আছা?
১ম বঃ (হঠাৎ কিবা এটা মনত পৰাৰ দৰে): : ৰ’বা চোন, তোমাৰ পৰাই সন্দেহটো মাৰি লওঁ —- যোৱা বছৰ যে ঢুকাইছিল — তুমি নে তোমাৰ ভাইটি আছিল?
২য় বঃ: : মই নহয়, মোৰ ভাইটোহে ঢুকাল৷
১ম বঃ: : এৰা, মই ঠিকেই ভাবিছিলোঁ৷ পিছে কি হৈ ঢুকাল নো?
২য় বঃ: : সাপে খুটিলে৷
১ম বঃ: : কোন খিনিত খুটিলে?
২য় বঃ: : চকুৰ একে বাৰে ওচৰতে, কপালত৷
১ম বঃ: : ইচ্, হওক তেওঁ, চকুটো যে বাচিলে! ! পিছে ক’ত সৎকাৰ কৰিলা শৱটো?
২য় বঃ: : বাৰীৰ সৈৰা গছ জোপাৰ তলতে৷
১ম বঃ: : বৰ ভাল কৰিলা- বৰ ভাল কৰিলা, ছাঁ পাই থাকিব সদায়!
দুয়ো বন্ধুৱে বিদায়লৈ নিজৰ নিজৰ বাটেদি গুছি গ’লগৈ ॥

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *